অন্যযুগ/


শৰীৰে যেতিয়া নিজৰ নাম পাহৰে

 ৰিপুঞ্জয় বৰুৱা ঋমন

 

 

বিশ্বজুৰি ওফন্দি উঠিছে গ্ল’ৱেল ৱাৰ্মিং !

শ্ৰীলংকাৰ গধূলিৰ পৰা 

এণ্টাৰ্কটিকাৰ বৰফমালালৈকে,

এটি নিশ্বাস নীৰৱে গলি যায়

দেখা নাপায়, 

শুনা নাপায়,

শব্দহীন ধোঁৱাৰ দৰে হেৰায়৷

 

দিল্লীৰ গৰমত এজন বৃদ্ধই হাঁহে,

পেৰিছৰ ৰাজপথত 

শিশু এটাই নিস্তব্ধতাত শোৱে৷

মৃত্যুৰ নাই সীমা, 

বৰ্ণ কিম্বা জাতি 

কেৱল এক শূন্য ঠাই 

থৈ যায় এৰি৷

 

নে পাছপ’ৰ্টৰ প্ৰয়োজন, 

নে মুদ্ৰাৰ,

বতাহৰ দৰে আহে 

বৰ নীৰৱে আৰু উৰা মাৰে 

এই নীৰৱতাতেই এটি সত্য লুকাই থাকে

যেন বৰষুণৰ প্রতিধ্বনি৷

 

শৰীৰে যেতিয়া নিজৰ নাম পাহৰে

 

সন্ন্যাসীয়ে স্ত্ৰোত্ৰ পঢ়িব, ঘণ্টা বাজিব

আত্মাবোৰৰ বাবে সাগৰে উচুপিব 

আৰু ইয়াৰ সমান্তৰালকৈ, 

তৰা ভৰা আকাশৰ তলত আমিও কান্দিম

মৃতকৰ বাবে নহয়-

তেওঁ কেনেকৈ মৰিল তাৰ বাবে৷

----

 

 

ভ্ৰাম্যভাষ - ৬৯০১৮৫৬০৮৫

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ