অৰ্চনা ঠাকুৰীয়া
ছাইমদৰ ৰাগিত
দুলি আছে সময়
বেলকনিত
জোনৰ জোনাকী
আন্ধাৰ পথৰ ৰঙীন ৰাগিত
তই অচিন বাটৰুৱা
মিচিকি হাঁহিৰে যাৱগৈনো কেনি!
দূৰৈৰ পৰাই শুনিছোঁ
তোৰ সুহুৰি…
জোন যদি শীতলতাৰ প্ৰতীক
তেন্তে জোনৰ সৈতে চিনাকি মোৰ বহু যুগৰ।
শান্ত মন,
শান্ত বতাহ,
শান্ত সুৱাস…
শেৱালিজোপাই খুলি ক'ব নোৱৰাৰ দৰেই
ময়ো ক'ব নোৱাৰোঁ
মনৰ গোপন কথা...
বাটৰুৱা বান্ধৈ অ'
লাহে লাহে বাট ল,
অপেক্ষা কৰ মোলৈ,
সন্মুখত আমাৰ
সুগন্ধি আকাশ!
য'ত হেৰাই যা়ম দুয়ো
ঐকান্তিক প্ৰেমৰ শাশ্বত ৰাগিত।
