অন্যযুগ/


একুঁকি কবিতা

প্ৰাণজিৎ মহন্ত


(১)

সকলো কথাৰে

এটা সীমা আছে

তোমাক কওঁতে

তুমি ক’লা

একমাত্ৰ প্ৰেমৰ কথাক বাদ দি কিন্তু

(২)

শৰতত দিনে-নিশাই

বৰষুণ দি থাকিলেও

বাৰিষা বুলি কোনেও নকয়

(৩)

হেমন্ত আৰম্ভ হোৱাই নাই

মনটো পাহাৰটোৰ নামনিত গৈ

কুঁৱলীবোৰৰ মাজত হেৰাই থাকিল

(৪)

পাহাৰটোলৈ গৈছিলোঁ

মেঘবোৰৰ মাজত

কি ধুনীয়া

শাৰী শাৰীকৈ মেঘৰ ঘৰবোৰত

সাজি-কাচি ৰৈ আছিল

বৰষুণৰ কইনাবোৰ

(৫)

অকলে আছিলোঁ

ভাবিছিলোঁ মোৰ লগত কোনো নাই

পাহৰি যাওঁ বুলি

দুখবোৰে মনত পেলাই দিছিল তোমাক

(৬)

তোমাতকৈ

বেছি ভালকৈ বুজি পায়

উঁইচিৰিঙাবোৰে জাপানী কবিতাবোৰ

(৭)

ফুলবোৰে কথা ক’ব নোৱাৰে সঁচা

অথচ এপাহ ফুলেই

এখন অন্তৰক আন এখন অন্তৰৰ কথা

যি বুজায়

 

ভ্ৰাম্যভাষ: ৮০১১৩০১৩১৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ