ৰুদ্ৰ সিংহ মটক
জুবিন জুবিন জুবিন !
ৰাইজৰ মাজত থাকিও ৰজাৰ দৰেই আছিলা তুমি
সকলোৰে সুখ-দুখ হাঁহি-কান্দোনৰ ভাগ লৈছিলা
আৰু কি আচৰিত, কেৰ্কেটুৱাই বাৰীৰ তামোলথোকা খোৱা,
কলথোকাত বাদুলী পৰা কথাটোও উদাসীন গঞাৰ কাণে কাণে
কৈছিলা তুমি
কোনে নাজানে হে মোৰ মানুহৰ শিল্পী !
তোমাৰ কাণত নিনাদিত হৈছিল মুহুৰ্মুহু
আশাহত পৃথিৱীৰ ভগা বুকুৰ হুমুনিয়াহ আৰু আৰ্তনাদৰ
হাহাধ্বনি : “the
still, sad music of humanity”....
তুমি আছিলা মনেৰে, হৃদয়েৰে চহকী মানুহ;
মুক্ত দুহাতেৰে তুমি দান কৰিছিলা ৰোগগ্ৰস্ত,
দুস্থ-দুৰ্গত
দৰিদ্ৰনাৰায়ণক
ভোগবাদী পৃথিৱীৰ অহঙ্কাৰী দৈত্যহঁতৰ সেয়া সহ্য হোৱা নাছিল
নে ডাৰ্টি ৰাজনীতিৰ ৰঙা চকুৰ ৰোষত পৰিছিলা তুমি ?
জুবিন!
ইতিহাস কলঙ্কিত কৰা
ব্ৰুটাছহঁতক, হত্যাকাৰীহঁতক আমি দেখিলোঁ
কিন্তু বিচাৰৰ কাঠগড়াত হত্যাকাৰীহঁতে শাস্তি পাব নে নাপায়
সেয়া হয়তো সময়েহে ক'ব
তুমি আজি নাই; সকলোৱে বুকু ঢকিয়াই কান্দিছে
এনেকি গছ ফুল প্ৰভাতৰ
পৃথিৱীৰ গান গোৱা চৰাইবোৰেও
জুবিন! তুমি “নিজানত শেষ হ’ব গান মোৰ” বুলি গাইছিলা
এদিন
কিন্তু তোমাৰ গান শেষ নহয়, স্তব্ধ নহয় কোনোকালে
তোমাৰ গানৰ বুকুত বিস্ফোৰিত প্ৰতিটো শব্দই
আমানুহৰ বিৰুদ্ধে জগাই তুলিব জন্মভূমিৰ প্ৰতিজন প্ৰেমৰ
মানুহ, বুকুত ৰ’দৰ আকাশ গজা সূৰ্যসম প্ৰতিজন
অকুতোভয় যোদ্ধা
০০০
ঠিকনা :
অম্বিকাগিৰি নগৰ, হাউছ নং তিনি,
ত্ৰিবেণী পথ, গুৱাহাটী -৭৮১০২৪