পৰাগজ্যোতি মহন্ত
অকস্মাৎ-
চহৰৰ চৰাইখানাত এদিন লাগিল হট্টগোল ৷
সোঁৱে-বাঁৱে –
ঈষাণে-নৈঋতে, আকাশে-বতাহে বিয়পি
পৰিছিল এখিনি শুভ্ৰতা
চহৰখনৰ চকুহালি হৈ পৰিছিল ঈষৎ শেঁতা
যি শঙ্খৰ শুভ্ৰখিনিৰ নিচিনা
সিদিনা শেঁতা পৰি যোৱা চহৰখনৰ
বুকুলৈ অহা নাছিল ৰ’দ
হাতত তুলিকা লৈ পোহৰৰ
হঠাৎ শীতে কোবাইছিল চাবুকেৰে চহৰখনক
যেন প্ৰতিটো প্ৰহাৰত আটাহ পাৰিছিল
আৰু নিৰ্বাক হৈ পৰিছিল চহৰখন
পুৱা এটা পুৱাবৰ বাবেই বেলিৰ অত আয়োজন
এন্ধাৰ মথি মথি পোহৰৰ অমৃত
চহৰখনৰ স্নায়ুৱেদি প্ৰৱাহিত প্ৰতিটো
আটাহ আৰ্তি চিটিকি পৰিছিল চৌদিশে
চহৰখনৰ
কথাবোৰ কেতিয়াবা বতাহে লাৰি দিওঁতে
খোল খাই যায় কথাৰ কপাট
অৰ্গল খুলি বতাহে কঢ়িয়াই লৈ যায় দূৰলৈ
একোখন হাত
চহৰখনৰ কনক্ৰীট্ বৰ্ম
হট্টগোল লাগি চহৰখন চেঁচা পৰিছিল
বৰফৰ বেহুত বন্দী হৈ
যেন চহৰখনৰ স্নেপশ্বট্
কেমেৰাৰ আপোনক্ষম চকুবোৰে বন্দী কৰিছিল
এখন চহৰৰ স্নেপশ্বট্
গলি যোৱা দুখ নে
বন্ধ্যা শোক
মাথোঁ আঁতৰৰ আঁৰৰ উচুপনিৰে
শিয়ালী-জিয়ালীকৈ মানুহৰ মনবোৰ তিতিছিল নীৰৱে
ভাবৰ ডুবি একোটাত ডুব গৈ থকা পৰিস্থিতি
এটাৰ দাসত্ত্ব স্বীকাৰৰ চিকাৰ আমি
এই যে কাৰবাৰটো--
ভাবৰ পৰিমণ্ডলত পৰি ককবকাই থকা কিমান যে কষ্টকৰ !
***
ভ্ৰাম্যভাষ - ৯১০১০৫১৯৬৭
