পঙ্কজ নয়ন
(অনুভৱ তুলসীলৈ শ্ৰদ্ধাৰে)
নৈ নহয়, শব্দ-সাগৰত সমাহিত মন
দৰ্শনৰ ছাঁ পিন্ধি অহা দীপ্ত সপোন।
সাধাৰণত অসাধাৰণ
বিষণ্ণ ফাগুনত ৰচা হেমন্তৰ দৰ্শন।
নৈৰ থাকে এশ বছৰীয়া কথা
তেওঁ শুনে বোৱঁতী সুৰৰ আঁৰৰ নিশ্চুপতা
চকু নোহোৱা শব্দবোৰত জগত দৃষ্টি
কলমেৰে প্ৰাণ পায় ব্যাপ্ত সৃষ্টি
সমকাল সময়ৰে তেওঁ কবি নহয়
মানুহৰ হৃদয় আৰু আত্মাৰ প্ৰত্যয়
বতাহৰ গোপন সংগীত
অশ্ৰুময় দৰ্শনৰ পংক্তি
শব্দবোৰে উশাহ লয়
নিৰ্বাচিত নিঃশব্দত,
আত্মাৰ ঐন্দ্ৰজালিক ছাঁত।