চন্দ্ৰাৱলী বৰঠাকুৰ
গানে কি আনে
ফুলত প্ৰাণ, প্ৰকৃতিত সাহ
সেউজীয়াত আশাৰ বীজ
সৃষ্টিশীল নৱ বাসনা।
গানে কি আনে
পৰাজয়ত জয়,বেদনাত প্ৰেৰণা
অসুখীক নিৰোগ
অঘৰীক স্থায়ী নিৰাপত্তাৰ ঠিকনা।।
গানে কি আনে
হিলদল ভাঙি আনে অজস্ৰ শ্ৰোতা
জীৱনত বাৰে বাৰে গাই
জীয়াই থকাৰ গান।
আঁউসীৰ নিদ্ৰাহীন ৰাতিত
সাৰথি হৈ সাহ দিয়া সেই কণ্ঠটি
ক'ৰবাত বাজি উঠে বাঁহীটিত
জুবিন মানেই জীৱন, জীৱন মানেই
জুবিন।
জীৱনৰ আন এক অৰ্থই গান
উদাসীলৈ আশা, ভাগৰুৱাৰ শক্তি আৰু
তপস্যাৰ মন্ত্ৰ
হেৰাই যোৱাৰ পাছতো অমৰ হোৱাৰ
মহামন্ত্ৰ
জীৱন জীয়াৰ গান।
***
ঠিকনা :
স্নাতক দ্বিতীয় বৰ্ষ, FYIMP, সমাজতত্ত্ব বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়