ভাস্কৰ জে নাথ
১
এইবেলি দেওলগা দুপৰীয়া এটাৰ কথা ভাবি থাকোঁতে দুটি সোণালী মাছে কুটকুটাইছে
মোৰ দুয়োখনি গাল আৰু মই ভাস্কৰ্য এটাৰ দৰে থৰ হৈ ৰৈছো আৰু মনলৈ আহিছে শুকাই যোৱা
ওঁঠৰ নদী
২
থুনুক-থানাকে নতুনকৈ উচ্চাৰণ কৰিবলৈ শিকিছে ছেপ্টেম্বৰ, থুপুক থাপাক চোলাৰ
খোজেৰে কৈ আছে আহিব আহিন আহিব আহিন ফুলিব শেৱালি নেৱালি গুটিমালী জাত জাত
৩
মই এই মুহূৰ্তত বুৰ যাব পাৰোঁ কবিতাৰ মাজৰ নিৰ্জনতাত
নিৰ্জনতা নিৰ্জনতা
আস্ এইখিনিয়েই কবিতা, তোমাক ক’ব নোৱৰাখিনিয়েই তোমাৰ প্ৰতি থকা ভালপোৱা
৪
তেনে আহাঁ আমি নিৰ্জনতাত বুৰ মাৰোঁ
নিৰ্জনতাকে পি খাওঁ