মনজিত বৰা
নদীৰ জন্মৰ কথা নক’লোৱে যেনিবা
কিনো ক্ষতি নদীৰ
নদীৰ বীৰ্য বুটলিবলৈ বালিচৰৰ গৰ্ভত
নদীয়াল মানুহবোৰৰ জন্ম
আমি
নদীয়াল মানুহ
চিনাকী নদীৰ সোঁতত আমাৰ জীৱনৰ সুৰ ভাহে
মাছৰ পেটত ওপজে আমাৰ সুখ
ৰূপালী ঢৌত দেও দি ফুৰে খিলখিল হাঁহি
জোন
হেৰোৱাৰ সময়ত নদীৰ কথা শুনি পাৰ কৰোঁ সময়
সেই সময়কে কাণি-মুনি গধূলি বজাৰত বেচি
জীৱনক জীয়ন দিয়াৰ আখৰা কৰোঁ
নদীয়ে
গোৱা গানত পেট নভৰে
টিপ চাকিৰ চিকমিক পোহৰত প্ৰজন্মই ভৱিষ্যত গঢ়াৰ
নেওতা পঢ়ে
বহু
নদীয়ালৰ মৃত্যু দেখা মানুহ আমি
আকালৰ কালত পেটত আমাৰ চিনাকী গান
বালি চাপৰিত ভোক সিচা সপোন
কত
যন্ত্ৰণাৰ সাক্ষী
আমাৰ উশাহ নদী আৰু শিলৰ চেপাত বন্দী
বুকু কঁপাই যোৱা মৰুভূমিহেন চাপৰিৰ বালি
শুকাই শুকাই জী থকা জন্মজাত কাউৰী আমি
নদীয়াল
মানুহ আমি
তথাপি ইমানৰ পাছতো সুখী
জোনাকী পৰুৱাৰ পোহৰত ল’ৰালি বুটলি…!!
ই-মেইল: kaliabormonjit@gmail.com
ভ্ৰাম্যভাষ : ৬০০০৫৪১৭৯৬