অন্যযুগ/


ভাৰস্তকথা

মিণ্টুল হাজৰিকা


কালঘুমটিৰ প্ৰসাধনখিনিৰে

ছালৰ সৌন্দৰ্যক বিশ্ৰাম দি

উশাহক ফুলদানী কৰি চ’ৰাঘৰ শুৱনি

যি তপস্বিনী বিড়াল

মোৰ ভাৰস্তৰ আলহী কৰি নমতা বাবেই

কমণ্ডলুৰ পৰা সময় ছটিয়াই

হাহাকাৰৰ হাটখনকে

মোৰ ডিঙিৰ মাদলী কৰি দিলে

দৰদামৰ দগা-পাল্লাত জোখে

আৰু কান কাটে

মোৰ ভূগোলত উৎপাদিত ফুল চৰাই

আৰু সেউজীয়া

 

কপৌ ছেলোৱা ঋতুৰ দেশত পৰি থাকে

মোৰ ডিঙিৰ নিৰ্যাতিত ৰগ

আৰু মোৰ বাউলী চুলিৰ আদহীয়া যৌৱন

সোঁৱে-বাঁৱে চাব নোৱৰাৰ দুখে সুঁতি সলাই

চেলেকা চৰায়ে চেলেকি চেলেকি নিঃশেষ কৰে

আইৰ জেউতি গঢ়ৰ দৰে সাইলাখ

মোৰ মুখমণ্ডলৰ ঔ-ফুলীয়া পুৱা

 

চৌ চৌ কৈ পানীৰ মৰণ শব্দ শুনি

পানীৰ সংসাৰত জুই

পাখিৰ বৰণে পানী আৰু কাউৰীক

এঘৰীয়া কৰে

শোকৰ সতৰঞ্চিয়ে বৰণৰ মোট সলায়

গাজাৰ শিশু এটিৰ চকুত চকু থৈ

মূৰ্চ্ছা যায় মোৰ অনাখৰী চৈতন্য চেতনা

চকুৰ দৃষ্টিত উদ্ভাসিত হয়

কেভিন কাৰ্টাৰৰ অনুশোচনাৰ শৰীৰ

কাণৰ ফুটাত খবৰৰ এয়াৰিং গুজি শুনো

শোকত খহিছে শগুনৰ চকুৰ মিনাৰ

সিয়ো খাটিছে আহুজ জ্ঞাতিৰ দুৰ্ভিক্ষ মৰণত

 

শগুণেও লোণৰ মোল বুজেহে কবি

 

দৃশ্যপটৰ কীটে ভকতগাঁঠি দি

বাৰে বাৰে মোৰ বয়সৰ লাঙি বান্ধে 

সীমাভাঙি খলিহনাই জোকাৰি দিয়ে

প্ৰাৰ্থনাৰ কোৰাছ

আৰু কলমৌফুলৰ পবিত্ৰতাৰ ভূৱলোক

খিৰিকীৰে যিখিনি দেখি

যি ছৰতীয়া যৌৱন-বিলাসৰ ভূমি

বাৰেপৈয়াঁতী বানে মৰাহী-পূৰ্ণিমাত লুটে

ধানগছৰ সাতখোৱা নামতি বেলি

 

বতাহে ফিৰফিৰকৈ স্বাধীনতাৰ বাট কাটে

বেৰৰ পৰা খহি পৰে মাটিৰ আত্ৰাণি

সোলোক-ধোলোক তামৰাঙা তমালৰ বান্ধ

সৌৱা কোনে উতলাইছে,

উধান পাতি চৌকাৰ চৰুত ৰবাৰটেঙাৰ ল’ৰালি

 

ইয়াৰ মাজতে শুনিছোঁ

জহাপনাৰ চকুৰ পাৱাৰ কমিছে

প্ৰতিসাঁজে চোবাইছে মাছৰ মূৰ

দেহিঐ সেইদেখি গৰ্জনবিলত বৈধৱ্যৰ ছাঁ !

 

ইমানৰ পাছতো

পিৰিকটিৰ পিৰিতিত পৰে ভাইৰেল বৰষুণ

তিতি জুৰুলিজুপুৰি ওঁঠ বগাকৈ মালতী

যি ‘লেংটি নোহোৱা গৰু, ঢাকান নোহোৱা চৰু’

মুখখনকে চাবপৰাকে ঘৰত নাই

এটোপো কেৰাচিন

তথাপি মালতী ওঁঠত চিঁচুমালতিৰ কেৰামতি

 

বদনামৰ চৰাতে মোৰ গা ডাকিলেও

আন্ধাৰৰ কথাবোৰ আন্ধাৰতে থৈ

মুখৰ বাজত জেওৰা দি হ’ব নোৱাৰোঁ চহকী

ৰ’দত কথা শুকুৱাৰ দায়ত কাটিলেও কাটক

মোৰ নাকে চুলি জপাই জহাপনাৰ চন্তৰী ৷

 

ফোন নং : ৮৬৩৮২৫৯০৭৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ