(জুবিন গাৰ্গক সুঁৱৰি)
উদয় কুমাৰ বৰুৱা
চৰ্চিত কোনো নেৰেটিভে
সামৰিব পৰা নাছিল সাগৰৰ দৰে
বিশাল সেই প্ৰতিভাক
দেখা-অদেখাতে
সংবেদনৰ তীব্ৰতাই সন্তৰ্পণে
লৈ গৈছিল এটা নুশুনা সুৰৰ গৰ্ভমূললৈ
প্ৰচণ্ড আকস্মিকতাত হিম হ’ব খুজিছিল উদ্বেলিত অনুভৱৰ
স্বৰবোৰো
যন্ত্ৰণাৰ কীট এটাই বুকুৰ এচুকত
সংগোপনে কুটি আছিল
আৱেগৰ কুঁহিপাতবোৰ
বাকৰুদ্ধ মানুহবোৰৰ আতুৰ কণ্ঠত
উন্মোচিত হৈছিল নীৰৱতাৰ
অনন্ত কবিতা
যাওঁ বুলি নোকোৱাকৈয়ে গুচি গৈছিল
দুপৰৰ বিষণ্ণ বেলি
ৰাতি দোভাগতো সাৰে থকা গান এটা
হঠাৎ নামি গৈছিল
সাগৰতলিত শুবলৈ
ভালপোৱাৰ সহজ মৌনতাই
এই যেন কৈ গৈছিল
মৃত্যুও জীৱনৰে নান্দনিক নিৰ্মাণ
ক্ৰমাগত বাঢ়ি আহিছিল
এন্ধাৰৰ উতৰোল কলৰৱ
আপাততঃ সঁচা আৰু মিছাৰ সীমাৰেখাত দোদুল্যমান শূন্যতাত বিদ্ধ
মায়াৰ আকাশ
“কম্পন কাতৰ”...
