নৱ ৰাজন
যেন অন্য এক ৰামায়ণ।
পদ্মাৱতী। ইতিহাসৰ কোনো এপৃষ্ঠা সেমেকাই চকুলোৰ জুইত আজিও দাও দাওকৈ জ্বলি থকা পতিব্ৰতা নাৰী। সৌন্দৰ্যৰ পৰী। চিত্ত'ৰৰ ৰাণী । ৰজা ৰাৱণ ৰতন সিঙৰ দ্বিতীয় পত্নী।
পদ্মাৱতীৰ দেহত ৰূপৰ জুই; যি জুয়েই সামৰি ল'লে তাইক। তায়ো হয়তো ভবা নাছিল। এটি ফিৰিঙতিয়ে ৰূ-ৰুৱাই জ্বলালে ৰাঘৱ চেতনৰ কামনাৰ জুই। ৰজাৰ দ্বাৰা নিৰ্বাসিত হৈ, ৰাঘৱে প্ৰতিশোধৰ জুইক নাৰীখাদক দিল্লীৰ চুলতান আল্লাউদ্দিন খিলিজীৰ দিলত কামনাৰ জুইলৈ তৰ্জমা কৰিলে। খিলিজী লৌৰি আহিল চিত্ত'ৰলৈ, উঠাই নিবলৈ পদ্মাৱতীক ।
কেইবাসপ্তাহো বাহৰ পাতি ৰাজপুতৰ বীৰত্বত সেও মানি ঘূৰি যাবলৈ ওলোৱা খিলিজীয়ে খেলিলে চক্রান্তৰ খেল । অনীতিৰে, ৰজা ৰতন সিঙক ধৰি লৈ গ'ল দিল্লীলৈ।
ইমানলৈ যেন ৰামায়ণৰ দৰেই কাহিনী। যেন সীতাৰ ভাৱত পদ্মাৱতী। ৰাৱণৰ ভাৱত আল্লাউদ্দিন। শূৰ্পনখাৰ পৰিৱৰ্তে ৰতন সিঙৰ পৰামৰ্শদাতা,সংগীতকাৰ ৰাঘৱ ।
ৰাম হ'বগৈ পাৰিলেনে ৰতন সিং ?
কাহিনীৰ দৃশ্যপট সলনি হ'ল । আল্লাউদ্দিনে বিচৰাৰ দৰে পদ্মাৱতী দিল্লী পালেগৈ। আল্লাউদ্দিনৰ পত্নী হ'বলৈ নহয় । কূটনৈতিক চাতুৰ্যৰে ৰজাক ঘূৰাইআনিলে। সমূখ সমৰত ননমাকৈয়ে চিত্ত'ৰ পোৱালেহি ৰাঘৱ চেতনৰো মূৰ।
পদ্মাৱতীৰ দেহত জুই। কামনাৰ জুই।য'ত দহিবলৈ আল্লাউদ্দিন দুনাই লৱৰি আহিল চিত্ত'ৰলৈ অধিক আক্রমণাত্মক হৈ।
ৰাম হ'বগৈ পাৰিলেনে ৰতন সিং ?
তুমুল যুঁজ । যেন ৰাম-ৰাৱণৰ যুঁজ। ৰাৱণ নমৰিল।মৰিল ৰাম।
অনীতিৰ ৰণত পৰিল ৰতন সিং । এইবাৰ আল্লাউদ্দিন ছোঁ মাৰি গ'ল পদ্মাৱতীৰ বুকুলৈ।
শ শ দাসীৰে উপায়হীন পদ্মাৱতী,সতীত্ব ৰক্ষা কৰি, পতিব্ৰতা ধৰ্ম আৰু নীতিৰ নিচান উৰুৱাই, জাহ গ'ল জ'হৰত।
ৰতন সিং, ৰাজপুতৰ গৌৰৱময় ইতিহাস হ'ল। সতী পদ্মাৱতী, চিৰকাললৈ চকুলোৰ জুইত জ্বলি ৰ'ল।
যেন অন্য এক ৰামায়ণ।
***
টোকা :
জ'হৰ : ৰাজপুতসকল যেতিয়া যুঁজত পৰাজিত হয়, তেতিয়া তেওঁলোকৰ মহিলাসকলে নিজৰ লজ্জা ৰক্ষাৰ বাবে জুইত একেলগে নিজৰ প্ৰাণ ত্যাগ কৰে- এই প্ৰথাকে জ'হৰ বোলে। এনে এক হৃদয়বিদাৰক ঘটনাৰ বাবে পদ্মাৱতীৰ নাম ইতিহাসত খোদিত হৈ ৰ'ল।
