(পাৰিপার্শ্বিক কবিতা )
মানস প্রতিম দত্ত
কোন ক’লৈ গ’ল
মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী
পৃথিৱীৰ ভৰিৰ তলত
মানুহৰ ছাঁ আছেনে ?
চৰাইবোৰ ক’লৈ গ’ল?
পুৱাৰ গান অথবা নিশাৰ আৱহ সংগীত
স্মৃতিৰ ডেউকাত বতাহ ভেদি দোল খায়।
নদন-বদন খেতি ক’লৈ গ’ল
পোকে ভৰা পথাৰত বিষৰ গোন্ধ এৰি
সেউজীয়া সপোন
নিশাৰ চাকৈ-চকোৱা হ’ল।
গছবোৰ ক’লৈ গ’ল?
খিলখিল শিশুৰ হাঁহি
মিচিকীয়া প্রেমিক-প্রেমিকাৰ
শীতল ছাঁ
বতাহ ধৰি ধৰি পাতবোৰ সৰি গ’লনে?
পাতবোৰ নাই!
উষ্ণ অট্টালিকা
উষ্ণ মৰুভূমিৰ নীৰৱতা।
নদীখন ক’লৈ গ’ল?
জোন-বেলিয়ে নিতে সাজোন কাচোন কৰি
আইনা সজা নদীখন ক’লৈ গ’ল?
পানীবোৰো ক’তোৱে নাই?
মাছৰ সোণালী ফিছাৰ সপোন খেদি
বালিৰ বিশাল সমাধিত
মৰা মাছৰ হাঁহিৰ ফচিল।
হাঁহি-তামাচেৰে গুচি যায় সময়
পেটত ভোক
সমুখত খৰাং।
চিঞৰ-বাখৰ, উপদেশ, অনুনয়
সকলো বতাহত মিলি যায়
মাটিৰ পৰা উৰা ধূলি
আকাশত হেৰায়নে আজি।
হাতে-কামে কৰিবলৈ আমি ব্যস্ত
চুলিৰ সমান সময়ৰো অভাৱ
মাটি নাই, পানী নাই, গছ নাই, চৰাই নাই।
আমি জানো আছোঁ ?
সৌৱা মৰুৰ ওপৰত
দিনে দিনে ডাঙৰ হৈ অহা
অপৰাধবোধৰ ছাঁ
পৃথিৱীৰ শেষ মানুহজনে বিশাল অট্টালিকাত বহি
শেষ উশাহকণ লৈ চাই আছে
আজিৰ মানুহৰ পৃথিৱী।
