লক্ষী প্ৰসাদ ৰেগন
পৰে কথাবোৰ ৰমলিয়াইছে
মই বুজাই নাছিলোঁ। মোৰ কথাৰ ইমানকৈ পাগ উঠে বুলি
জাৱৰ পুৰি পেটৰ কথা ভাবিছোঁ। কৃষকৰ পুতেক যে মই
পথাৰ আমাৰ প্ৰিয়
এতিয়া দেখিছোঁ শাওণৰো শুকান জিভা
সেপ টুকি গলত কথা ৰাখিছোঁ
পাৰৰ বাহলৈ কপৌ নাহে কেতিয়াবা কাউৰী আহে উদৰ পূৰাবলৈ
মোট সলোৱা জিঞাৰ ভোক আৰু টোপনি
কলমৌৰ ঠাৰিত দীঘলীয়া সময়ৰ হিচাপ নিকাচ
মোৰ পেটত আকালৰ ভোক
সনা পিটিকা
চাপৰিয়ে সুহুৰি বজায়
কাৰ গৰু ক’ত আছে। পলসত নপৰিলেই ৰক্ষা। পলসৰো ভোক আছে
আমাৰ এসেৰ গাখীৰ নিজৰ মুখ ঢাকি
আনৰ মুখত দিওঁ। দুপইচা পালেই সুখ কিনো। মন আৰু চকুৰ জোখাৰে
কুণ্ডলি পকাই এজাক টুনি চৰাই
বহুদিন আহুধানৰ ৰং দেখা নাই। আহুধানৰ ফাঁকে ফাঁকে পকমৌৰ মিঠা বৰণীয়া হাঁহি
এতিয়া তেতিয়াৰ কথাবোৰেই ভবাই তুলিলে
এন্ধাৰৰ জিলী এটাই জোনাকী এটাক
ক’লে ফৰিঙৰ সাধু
মিছা কথাৰ ঠেং চুটি
দীঘল ঠেঙৰ জপং জপং খোজ
লাহনীত পুঠী মাছৰ উজান দেখি বুঢ়া কণুৱাৰ পৰম সুখ
চবকা ৰোগত বুঢ়া গৰুৰ সমানেই গৃহস্থৰো দুখ
হালৰ গৰু আওমৰণে মৰিলে
কেলেইনো নাথাকিব দুখ- অ মনেশ্বৰীৰ মাক
জানাইচোন-আকালৰ ভোক
ঘনাই কাষচপা
