লক্ষী প্ৰসাদ ৰেগন
ঘৰ্ষণত ক্ষয় যায় শিলো
হাতুৰীৰ কোব নালাগে কথাৰ কোবত চূচুৰ্মৈ হৃদয়
যুগ যুগ ধৰি মানুহবোৰ জয়ী হৈ আহিছে
হিংসুক জন্তুবোৰ হেনো হাবিত থাকে
তল ওপৰ কৰি যুঁজিছে নিজৰ মাজতে নিজে
উস্ বৰ গৰম।
এতিয়া কবিতাৰো জ্বৰ উঠিছে
শব্দবোৰ গলিছে শিখৰত
কবি কবিতাত গছ ৰোৱাত ব্যস্ত, উকা কাগজত পাগ উঠিছে কবিতাৰ ব্যঞ্জন
কবিতাৰ আঁহ এৰোৱা কবিৰ
ঊৰ্ধ্বমুখী যাত্ৰা
পঁইতা ভাত খোৱা চিকুণ পুৱা এহালি শালিকাৰ
চিকাৰমুখী চিন্তা
দিনক দিনে দুঃচিন্তাত ভুগিছে পৃথিৱীৰ সমুদায় প্ৰাণী
দিকচৌ বাটত
জীৱ শ্ৰেষ্ঠৰ হুমুনিয়াহ
ইয়াত কেনেবাকৈ এজোপা গছ থকা হ’লে