কৌস্তুভ বেজবৰুৱা
ৰাস্তাৰ কাষত মই পৰি আছোঁ
চকুৰ সন্মুখত আকাশখন কঁপিছে।
এটা মুহূৰ্ত আগতে মই দৌৰি আছিলোঁ —
মোৰ পুচ্ছ নাচিছিল,
জীৱনটো সহজ যেন লাগিছিল।
হঠাৎ
এটা ভয়ংকৰ শব্দ
এটা উজ্জ্বল আলোক
আৰু তাৰ পিছত—
অসহ্য যন্ত্ৰণা।
মোৰ দেহটোৱে আৰু মোৰ কথা নুশুনে।
মোৰ উশাহ ল’বলৈ কষ্ট হৈছে,
মই কান্দিবও নোৱাৰা হৈছোঁ
কাৰণ মই কুকুৰ—
মোৰ কান্দোন নিঃশব্দ।
মোৰ মনত ঘূৰি ফুৰে
সেই মানুহজন—
যিজনে মোক এদিন
এটা বিস্কুট দিছিল।
সেই শিশুটো—
যিয়ে মোৰ মূৰত হাত বুলাই হাঁহিছিল।
মইটো একো বেয়া কৰা নাছিলোঁ।
মাথোঁ জীয়াই থাকিব বিচাৰিছিলোঁ।
মাথোঁ ভাল পাব জানিছিলোঁ।
ৰাস্তাৰ ওপৰেৰে মানুহবোৰ যায়
কেউৰে এবাৰো ঘূৰি চোৱাৰ
হাবিয়াসকণো নেদেখিলোঁ।
মই লাহে লাহে ঠাণ্ডা হৈ পৰিছোঁ,
মোৰ হৃদয়খনে
এতিয়াও অপেক্ষা কৰি আছে
এটি স্পৰ্শ মৰমৰ।
যদি এইটো মোৰ শেষ নিশ্বাস হয়—
তেতিয়া ঈশ্বৰেহে জানিব
মই এটি কুকুৰ আছিলোঁ,
কিন্তু মোৰ মনটো
মানুহতকৈও অধিক
ভালপোৱাৰে ভৰপূৰ আছিল।
