হেমচন্দ্ৰ কছাৰী
ন-মাহ ন-দিনৰ সপোন এটাক
বহুবাৰ চেষ্টা কৰিও দিঠকৰ ৰূপ দিব নোৱাৰি
অন্ধকূপত সোমাল দম্পতী
অন্ধকূপেই ৰোহঘৰ
ৰোহঘৰ নিৰাপদ
বাহিৰলৈ গ’লেই যেন
বেলিয়ে থুৱায় বতাহে কোবায়
নেপথ্যৰ পৰা গুম্গুমাই আহে
‘‘শুভকামত গ’লে বাঁজী তিৰোতা দেখিব নাপায়
যাত্ৰা নষ্ট হয়’’
‘‘সকামে-নিকামে মাতিব নালাগে
নাখাটে’’
চুলিক’লা এন্ধাৰত শেলবোৰ ঘূৰি ফুৰে
বেৰত ঠেকা খাই বুকুত উপৰ্যুপৰি খোঁচ মাৰে
নাৰিত্বত কালিমা
পুৰুষত্বত কালিমা
ক’ত লুকাল ক’ত পলাল নামঘৰৰ ডাঙৰীয়া,
ঈশ্বৰ, আল্লা ইত্যাদি ভগৱানমখা
বেজ-কবিৰাজৰ মাহাত্ম্যবোৰ ভেঁকো-ভাওনা হৈ গ’ল
শূন্য হৈ ৰ’ল বিজ্ঞানৰ জয়-জয়কাৰ
দুৱাৰডলিত আবেলি বেলিৰ কৰুণ সুৰ
সুখ আহিব আহিব বুলি ক্ষণ গণি গণি
ভাগৰুৱা উশাহ!
ফুলিব জানো অনুৰ্বৰ চোতালত শেৱালি কিম্বা
হাছনাহানা
এওঁলোক যে নহয় গকুলৰ নন্দ-যশোদা৷
শ্ৰব্য ৰূপ