অন্যযুগ/


যুদ্ধ বিষয়ক

বিকিয়ান বাইলুং



ন- কৈ জগা চেঁউৰী পোৱালিটো 

পথাৰত এদল কুকুৰে অকলে পাই কামুৰি মাৰিছে


আমি চাই আছোঁ 

দূৰৰ পৰা 


চকুত কমৰেড 

বুকুত তপ্ত তৃষা বৈ যোৱা জীৱন যুদ্ধ 


তথাপি হিংস্ৰ চকু চাব নোৱাৰি , 

খেদিব নোৱাৰি 

প্ৰত্যাক্ৰমণৰ ভয় 


হাঁহিব নোৱাৰি, কান্দিব নোৱাৰি 

মৰিছে মৰক 

দুৰ্বলীৰ ভৰ গুলীৰে জুখিব খোজা 

নিৰ্দোষীৰ মাত তলাবন্ধ 


প্ৰজ্ঞাৰ পোহৰতকৈ নিৰক্ষৰ আন্ধাৰেই ভাল বিস্ফোৰণত পংগু জীৱন

আকাশ ভেদি নমা যুদ্ধ বিষয়ক কথাবোৰ 

তেজ হৈ বাগৰে চকুৰে


যদি মৃত্যুৰ সংখ্যাই বিজয়ী নিচান দেশৰ

তেনেহ’লে দেশ কিয় লাগে বেশ ধৰি বলি দিবলে’ 

জীয়া জীৱনক 


দেশে নুশুনা কথাবোৰ 

মগজুৰে জুখিব নোৱাৰি 


চিঞৰত শান্তি শান্তি !

মাটিৰ বাহিৰে আন কোনোৱেও নুশুনে বিননি


আই 

অ’ আই !

পুনৰ জনম নিবিচাৰোঁ যুদ্ধৰ পৃথিৱীত ।

***


ঠিকনা :

ৰূপাই মিলন-তীৰ্থ 

ফোন-7896350015

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ