জোনমণি দাস
১.
নোকোৱাকৈ নোৱাৰি
স্বমেহনত স্খলিত বীৰ্যৰ শেষ টোপালটোতো
সেয়া ময়েই,
শত শতাব্দীৰ মাজেদি পাৰ হৈ আহিছোঁ
অনন্ত কোটি ব্ৰহ্মাণ্ড৷
চিৰকালৰ চেঁচাই কোনো অৱজ্ঞা নকৰাকৈ
চেঁচা কৰি থৈছে মোৰ চেতনা৷
নোকোৱাকৈ নোৱাৰি,
যি ভ্ৰম আৰু ভাবনাত মই তন্ময়
সেই ভ্ৰান্তিৰ লগ্নই লিখি আছে জগতৰ জন্ম কাহিনী৷
ইমান সহজতে মই জীৱনৰ পৰা নপলাওঁ
কালৰ কৱচত ময়েইতো বাছি আছোঁ
বৈকুণ্ঠৰ আটাইবোৰ ফুল৷
২.
সকলো প্ৰশ্নই অবান্তৰ
প্ৰশ্নবোৰক মই ত্যাগ কৰিছোঁ৷
আনকি মোৰ হাতঘড়ীটোৱেও অযথা অপচয় কৰিছে
অনাগত দিনৰ সময়৷
কোনেও মোক আমনি নকৰিবা,
দূবৰি বনত ধূলি ধুই থকা নিয়ৰৰ টোপালটোতো
সেয়া ময়েই৷
মোক কোনো উত্তৰ নালাগে…
৩.
কোনো কাৰণ নোহোৱাকৈ জগতত একো ঘটনাই নঘটে
মই জীয়াই থকাটোও এটা দুৰ্ঘটনা৷
কোনেও কাৰণ নুসুধিবা৷
উকা কাগজত মই লিখি থোৱা শব্দবোৰে এদিন
কালক কাহিনী ক’ব৷
৪.
মোৰ গোপনত এজোপা গছ গজি আছে
শিপাই শুহি আছে মোৰ ধমনীৰ তেজ৷
অ’ মোৰ ভাগৰৰ নিৰন্তৰ টোপনি
এতিয়াই কাষ চাপি নাহিবি,
মোৰ তেজেৰেই গছজোপাই প্ৰাণ পুহি আছে৷
কোনেও অভ্যন্তৰ নেদেখা মোৰ অন্তৰ
তাতেই কত কথাৰ কবৰ
সহস্ৰ শব্দৰ গোপন গহ্বৰ৷
মোৰ বাহিৰে আন কোনেও
মোৰ অশান্ত মনটোত মলম সানিব নোৱাৰে৷
৫.
অ’ হালধীয়া চৰাই শুনিছানে নাই
মোৰ হ’লে বাওধান নাই,
সাউদৰ কোঁৱৰে মোৰ সপোনতহে
নাও মেলি যায়৷
ভ্ৰমৰ অলিগলিত নিচুকণি গাই
মনে কি বিচাৰি ফুৰে!
কেশৱৰ কাণত জিলিকা নৰা-জাংফাই?
ধেৎ নাপায়, নেৱালি ফুলেহে মোক জগায়--
যাওঁগৈ ব’লা চাওঁগৈ-
হেজাৰ ফুলেও গুচাব নোৱৰা এজাৰ গছৰ বেজাৰ৷