জোনমণি দাস
অকলে থাকিলে নৈখনে ৰিং মাৰি মাতে,
বাটে বাটে বগৰীৰ জেং …
আবতৰত বৰতি সলাই বুলনি ছেৱত মই কাক কাষলৈ মাতোঁ
কাৰ বাবে ছিটিকা পাতোঁ ফুলৰ বিছনাত
আলি নমনা এন্ধাৰে বুজালেও নুবুজে
মোৰ মাটি-মাহী মনৰ কেঃচকলি কথা
আহুধানে অসময়ত আঁহ ফালি কুটকুটাই থাকে
মোৰ বিহুৱা বুকুৰ ফুলপানীছিগা
তেওজবেলি ধনকাই ঢুকোৱাৰ পৰা
ঢোলটোৱে তোলা নাই ধল
জেৰেঙাতে সেৰেঙা বহাগ৷
গচকত মৰা বনে সোঁৱৰাই ঘনে ঘনে
ৰতনপুৰলৈ বহুদূৰ বাট …
মাৰকঢ়া সূতাৰ গোন্ধৰ
চ’ততে গাঁওখন মহমহাই আছিল৷
আইৰ তাঁতত ফুলা মৰুৱা ফুলৰ মাতটো চিনিছিল বনৰ ফৰিঙে…
চতাই পৰ্বতত চতুৱা চৰায়ে চিৰিক চিৰিক কৰোঁতে
নিজানেও জানিছিল চকুলোৰে পানী দি জীয়াইছিল কোনে
ধানেও নোগোৱা গানবোৰ
কথাৰ কঁৰাল ভাঙি মোক নুসুধিবা সখি
নৈৰ ৰিং নেওচা দি কাক মই কাষলৈ মাতোঁ
কাৰ বাবে ফুলৰ বিছনাত ছিটিকা পাতোঁ
পিয়াহত সেপ ঢুকি ঢুকি কিয় মই
শালিধানৰ সপোনত উজাগৰে থাকোঁ
