যশোৱন্ত নিপুণ
বহু হাজাৰ আমৰ বীজৰ
কেইটামান মাত্ৰ গজিল
আৰু মাত্ৰ এটা গৈ ডাল-পাতেৰে
বৰ এজোপা গছ হ’ল আৰু
ছাঁ দি ফল দি এদিন খৰি হৈ গ’ল,
বোধহয় সেয়াই যথেষ্ট আছিল।
নিযুত নিযুত কীটৰ এটাই মাথোঁ
সেই ডিম্বাণুৰ ওচৰ পাইছিল
আৰু গৈ গৈ এটা ভ্ৰুণৰ সৃষ্টি হ’ল,
কিন্তু সেইটোৱে হ'ব লগা আছিল
আৰু সেইটোৱে যথেষ্ট আছিল।
আমাৰ দুখ আছিল - কোটিৰ মাজত
মাত্ৰ এজন বুদ্ধ এজন আইনষ্টাইন
এজন কলাগুৰু এজন ৰূপকোঁৱৰ
জুবিন, ভূপেন, ভেন গঘ মাত্ৰ এজন,
কিন্তু বন্ধুৱে এদিন কৈছিল-
নিশ্চয় সেয়াই যথেষ্ট, সেয়াই যথেষ্ট।