অন্যযুগ/


ভোগালী

 হৰেকৃষ্ণ ডেকা


 

 

পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷

সকলোৱে ভোগালীৰ এসাজ

লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত

ভিজা নৰানিৰ চেঁচাৰ লগতে

মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷

দিহিঙে-দিপাঙে যিসকলে কিবা বিচাৰি আছা

সকলো আহা,

জ্ঞাতি-গঞাই বিচাৰে,

তোমালোকেও এসাজ লগে-ভাগে খোৱা,

গঞাৰ লগতে৷

উকমুক বিচাৰি  নেযায় গঞাই৷ বিচাৰে প্রীতি, সমূহৰ শকতি৷

ছন পৰাৰ আগতে পথাৰখন চহালে

অহা আঘোণতো জিলিকিব সোণগুটি৷

মেজিৰ মূধৰ জুইকুৰাৰ সেক

লওঁ একেলগে আহা৷

গঞাই-জ্ঞাতিয়ে সমস্বৰে মাতিলে

পথাৰৰ লখিমী আকৌ জাগিব।

-----

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ