হৰেকৃষ্ণ ডেকা
পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷
সকলোৱে ভোগালীৰ এসাজ
লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত
ভিজা নৰানিৰ চেঁচাৰ লগতে
মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷
দিহিঙে-দিপাঙে যিসকলে কিবা বিচাৰি আছা
সকলো আহা,
জ্ঞাতি-গঞাই বিচাৰে,
তোমালোকেও এসাজ লগে-ভাগে খোৱা,
গঞাৰ লগতে৷
উকমুক বিচাৰি নেযায় গঞাই৷ বিচাৰে
প্রীতি, সমূহৰ শকতি৷
ছন পৰাৰ আগতে পথাৰখন চহালে
অহা আঘোণতো জিলিকিব সোণগুটি৷
মেজিৰ মূধৰ জুইকুৰাৰ সেক
লওঁ একেলগে আহা৷
গঞাই-জ্ঞাতিয়ে সমস্বৰে মাতিলে
পথাৰৰ লখিমী আকৌ জাগিব।
-----
