গিৰিজা শৰ্মা
পৰিৱৰ্তনৰ পদাঘাতে পংগু কৰা
মোৰ সৰু চহৰখনৰ জনজীৱন
য’ত গেলি-পচি জী থাকে অনেক যৌৱন
শ্ৰমহীন শ্ৰমিকৰ অনাহাৰী দিন
কিছু অনাখৰী শিশুৰ অনৰ্থক কল্লোল
নিবনুৱা যুৱকৰ
ভগ্ন মন
ভগা সপোন
অৱহেলিত মোৰ সৰু চহৰখন
মাজে-সময়ে জকমকায়
উন্নাসিক উন্নয়নৰ কাণ তাল মাৰি ধৰা আতজবাজী
বজাৰ, বিজ্ঞাপন
বুকুতে ছাইনব’ৰ্ড, বেনাৰ
চুকে-কোণে পোহৰৰ পূৰ্ণ পয়োভৰ
চাৰিআলি, চ’কত অহৰ্নিশ আড্ডা
এচামৰ অনৰ্থক ব্যস্ততা
এটা সময়ত উন্নয়নৰ সকলো প্ৰক্ৰিয়া স্থবিৰ হয়
চহৰখনলৈ আগৰ জৰাজীৰ্ণ অৱস্থা ঘূৰি আহে
সেই একেই
ৰাতি দুপৰতো ওখনা-উখনি, উচ্চ -বাচ্য
কেতিয়াবা হতাহতি , কেতিয়াবা গতিয়াগতি
ৰঙীণ ৰাগিয়ে পাহৰাই ৰাখে আপোন অস্তিত্ব
প্ৰাপ্য পৰমুখ
পাহৰাই ৰাখে যুঁজ দিয়াৰ মন্ত্ৰ
পৰিৱৰ্তনৰ পদাঘাতে পংগু কৰা মোৰ চহৰৰ জনজীৱন
য’ত গলিয়ে গলিয়ে গিজগিজাই আছে
স্খলিত যৌৱন।