নীলাভ সৌৰভ
মোক তোমাৰ সপোনৰ পৰা তুলি দিয়াঁ
দি দিয়াঁ সেই সোণালী বুটামকেইটা
যিকেইটা খুলি দিলে মই এটা ৰাতিলৈ প্ৰৱেশ কৰোঁ
দি দিয়াঁ সেই অগোচৰ টোপনিটো
য’ত তোমাক শুই থকা দেখোঁ নিষ্পাপ নাওখনৰ দৰে
দিয়াঁ দিয়াঁ, ৰাতিৰ পাছত সকলো মিছা
ৰাতিপুৱা ফ্লাছ কৰিবলৈ মোৰ একো নাই
মৃদু বতাহৰ লয়লাস দিয়াঁ
বৰফ নিজৰ পানীতেই গলাৰ দৰে
মোক গলিবলৈ দিয়াঁ
গাঁৱত কি হৈ আছে কি হৈ আছে
মোৰ টোপনি অহা নাই
জেপৰ জুনুকাই নিশব্দে খোজ কাঢ়িছে
ভাও ধৰা চকু খুলি চালেও ৰাতিৰ এটাই গুণ
আন্ধাৰ
শব্দ ভেদি অহা অচিন্তাৰ দুৱাৰ বন্ধ নহৈছে
ৰ’দ পৰা চোতালখনতেই বৰষুণো পৰিব
সেই বুলি ডবা শংখ লৈ দিন ৰৈ আছে
দিয়া মাধৱী মুকুতা দিয়াঁ
দিয়াঁ সোণৰ হৰিণ
দিয়াঁ ধপধপনি দিয়াঁ
অন্ন দিয়া বস্ত্ৰ দিয়াঁ ভোক দিয়া চখ দিয়াঁ
জীৱন দিয়া যৌৱন দিয়াঁ
খুচুৰা নাথাকিলে এনেই দিব নোৱৰা অভিলেখ ধনৰ
মন থাকিলেও দিব নোৱৰা অলেখ মনৰ
দৰদ মই বুজি পাওঁ
কালিকা লগা ৰুটী দৰে ঘূৰণীয়া ঘড়ীৰ পৰা
মোক দিয়া উত্তাপৰ সবিশেষ থকা পেইণ্টিং এখন
তুলি থ’বলৈ নথকা ইজেলৰ
ছবি হৈ নুঠা ৰঙৰ অৱশেষ
একো নাই
ফ্লাছ কৰি পুৱাই যাবগৈ লাগে ক্ৰমানুসাৰ
ধৰফৰণি লাগি যায় মোৰ
বেয়া বাতৰিৰ বেয়াখিনি কাৰ কাৰ বুকুৰ পৰা মই বুটলি ফুৰিম
কোনে মোক দিব শেলাইৰ পৰিৱৰ্তে
জোনাকী আকাশ ফ্লাছ কৰিবলৈ
দিলেও সেয়া থৈ দিম তোমালৈ
কালি পুৱাই মানুহে মোক মেছেজ কৰিব
চাহ খালোঁ নে
দুপৰীয়া সুধিব ভাতৰ খবৰ
ৰাতিলৈ শুভৰাত্ৰি বুলি কৈ শুই থাকিব
দিয়াঁ মোক জাবৰৰ পৰা তুলি সেউজীয়া দিয়াঁ
চুমা নিদিবা, নিদিবা মৰম
বিষৰ বড়ি শেষ হৈছে
বিষবিহীনভাৱেই আমি আকৌ পাৰ কৰিম কেতিয়াবা
আগৰ দৰেই মধুযামিনী
দিয়াঁ মাধৱী দিয়াঁ ৰাতিৰ আটাইবোৰ
অমলিন মলিনতা
অশালীন শালীনতা