অন্যযুগ/


আৱেগিক মানুহবোৰ ফেৰীৱালা

ৰিপুঞ্জয় বৰুৱা ঋমন

 

যোৱাটো এপ্ৰিলৰ

অপূৰ্ণ শব্দবোৰ উটুৱাই থৈ

উভতি অহাৰ পৰত

নখদীঘল নৈখনে কৈছিল

 

হাত সাৰিবলৈকে

কিছুমান কথা নোকোৱাই ভাল

হাত সাৰিবলৈকে

কিছুমান স্মৃতি নোহোৱাই ভাল

হাত সাৰিবলৈকে

কিছুমান দুখ সাঁচি ৰখা ভাল

হাত সাৰিবলৈকে

কিছুমান পথ সলাই পেলোৱা ভাল

হাত সাৰিবলৈকে

লতাগোলাপ কাঁইটৰ মাজত থকাটোৱেই ভাল

 

গান্ধীপোকে বিন্ধা কৰ্কটে

বলীয়া বৈৰাগীক ভালপোৱাৰ ভৰসা নিদিয়াই ভাল

 

 লিপ-লকৰ ৰঙা সুহুৰিটো আততায়ী হোৱাই ভাল

হাত সাৰিবলৈকে কৰা ভাল নামৰ ভুলবোৰ

পখৰা-চিখৰা হৈ নাথাকিব চিৰকাল !

 

দুচকুত কুলিৰ ক’লা সনা

এই দুই নম্বৰী শটোত

এযোৰ কাপোৰৰ বাহিৰে

সত্য বুলিবলৈ অইন একো নাই !

 

অসত্যই সত্য

সত্যই অসত্য

ক’ব জানিলে কথা ।

 

সোঁ চকু লৰোঁতে বিমোৰত পৰা

এনে দাৰ্শনিকৰ

প্ৰতিটো সন্ধিয়াই আধামৰা

প্ৰতিটো শব্দই একাবেঁকা

আৱেগিক মানুহবোৰ ফেৰীৱালা

 

 প্ৰতিবাদী হ’লেই ভূতনাথৰ জঁটা

 

ভূতনাথে চিলিমত উৰুৱায়

ছেনিটাইজড্ ভালপোৱা

ছেনিটাইজড্ বাসনা

ছেনিটাইজড্ নগ্নতা ।

 

আউল গীতৰ বাউল মূৰ্ছনা

গোপন সূত্ৰৰ পম খেদি

জি মেইলৰ ইনবক্সত ছিটিকি পৰিল

ঘৰে ঘৰে জুই,

মোট সলোৱা সাপৰ

দিয়াচলাই বাকচত লাগিছে হুৱাদুৱা ।

 

ঘৰে-বাহিৰে জুই লগোৱা ৰঙা ৰঙা কথাবোৰ

মেড ইন চাইনা !

আৱেগিক মানুহবোৰ ফেৰীৱালা

মানুহবোৰে হেৰুৱাব

ফাগুনত চিলা উৰুওৱাৰ স্বাধীনতা ।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ