অন্যযুগ/


ডুখৰীয়া

 নিকু দুৱৰা


মই অকলে কোঠাটোত বহি আছিলোঁ

মোৰ চাৰিওফালে ওপঙি আছিল কেৱল নিৰৱতাৰে ভৰি থকা কিছুমান

ডোখৰাডোখৰ সময়।

সময়বোৰক ভাগ কৰা হৈছে সৰু সৰু মুহূৰ্তত

আৰু সেই প্রতিটো মুহূৰ্তই ভৰি আছে চাৰিওফালৰ অনেক কথকতাৰে।

হয়তো কোনোবাটো মুহূৰ্ত বজাৰৰ দৰ-দামৰ

আৰু তাৰ ঠিক পাছৰটো মুহূৰ্তত চিৎকাৰ কৰি উঠিছে

এজন নতুন কবিয়ে।

আমাৰ ভাল লগা মুহূৰ্তবোৰ টানি আনিছোঁ

ঠিক মাউছে ড্ৰেগ কৰাৰ দৰেই টানি টানি বহলাইছো

মুহূৰ্তবোৰৰ দীঘ আৰু প্ৰস্থ

আৰু বেয়া লগা মুহূৰ্তবোৰ?

সেইবোৰ মুহূৰ্তক আমি অভিশাপ দিছোঁ অন্তৰৰ সমস্ত ঘৃণাৰে।

বজাৰত এজন নক্সালবাদী ঘূৰি ফুৰিছে

নক্সালবাদীজনে আলু কিনিছে, বিলাহী কিনিছে

আৰু দৰ-দাম কৰি কিনিছে এক কিলো গাহৰিৰ মঙহ

নক্সালবাদীজনৰ পিছে পিছে ঘূৰি ফুৰিছে বাৰ্গাৰ কিঙৰ এটা জীৱন্ত মেক্সট

মেস্কটটোৱে পিন্ধিছে ৰজাৰ সাজ

আৰু নক্সালবাদীজনে পিন্ধিছে ঋণৰ বোজাত আত্মহত্যা কৰা এজন কৃষকে

চকুলোৰে গুঠি দিয়া এযোৰ পোছাক।

আজিৰ নিশালৈ নক্সালবাদীজনক আমি লুকুৱাই পঠিয়াব লাগিব

আমেৰিকান ড্রীমত অভ্যস্ত হৈ থকা এখন মহানগৰলৈ।

আমাৰ মৃত্যুৰ ঠিক পাছতেই

আমি ক'লৈ গুচি যাম?

কোনে দেখিছে চকুৰে নেদেখা ঈশ্বৰক?

কেৱল এজন মানুহে হেনো দেখিছিল ঈশ্বৰৰ উঁৱলি যোৱা মৃতদেহটো।

অৱশ্যে এয়াও তেওঁৰ এটা হাইপথেছিছহে।

আমি জীয়াই আছো বিশুদ্ধ চেতনাৰ জগতত

চেতনাৰ মাজেৰেই আমি কল্পনা কৰিছো শস্য, কাপোৰ, ঘৰ

আৰু অৱশ্যেই যৌনতা।

চেতনা আৰু অৱচেনতৰ দ্বিধাগ্রস্ততাৰ মাজেৰেই

আমাৰ শৈশৱ, কৈশোৰ, যৌৱন আৰু বৃদ্ধাৱস্থা পাৰ হৈ গৈছে

ঠিক এইকণতে এটা তাত্ত্বিক কৌতুক কৈ পেলাব পাৰি।

কৌতুকটো মার্ক্সৰ,

অৱশ্যেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কৌতুকটো

পৰিৱেশন কৰিবলৈ অনুমতি দি থৈছে।

আগলৈ খোজবোৰ লাহেকৈ দিছোঁ

পিছলৈ উভতি চোৱাৰ হিচাপ কিছু বাঢ়িছে।

(এয়া বোলে বয়সৰে দোষ)

এজন নতুন সমালোচকে ইয়াকে লৈ তত্ত্বৰ জগতত সন্ধান কৰি ফুৰিছে

আলংকাৰিক শব্দৰ।

আমি সেই প্রতিটো অলংকাৰ আৰু অভিধাকে শিৰত ৰাখি আগবাঢ়িছোঁ

অযথাকৈ জটিল কৰি তোলা সাহিত্য পাঠ এটালৈ।

...

আজি দেশত কিমান মৰিছে?

মৃতদেহৰ হিচাপ বিচাৰি অস্থিৰ হৈ উঠিছে পুলিচ কমিচনাৰ বৰুৱা

(বেচেৰা বৰুৱা হাই প্ৰেছাৰৰ ৰোগী)

আমি শাৰী পাতি শুই আছোঁ মৃতকৰ শাৰীত

কমিছনাৰ বৰুৱা গুচি গ'লেই আমি অভিনয়ৰ জগতৰ পৰা ওলাই আহিম


অৱশ্যেই উচিত মাননিৰ বিনিময়ত।

 ***

ভ্ৰাম্যভাষ: ৬৯০১৫০৪০৫২

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ