দিলীপ ফুকন
ৰাইজ মই যাবলৈ ওলালোঁ৷
আপোনালোকৰ হালোৱা হাত,
হাবি ভঙা, কোৰ মৰা, ঢোল-খোল বজোৱা হাতবোৰ
মোৰ শিৰৰ ওপৰত থওক৷
যাবলৈ অকণো সত যোৱা নাই
তেও মই যাবলৈ ওলালোঁ৷
এচলু পানী খাবৰ মন গৈছে,
বোৱতী নৈৰ অপৰিশোধিত পানী
যি পানীয়ে চাপৰিত কহুঁৱা গজায়
নল-ইকৰা-খাগৰি,
যি পানী পান কৰি শিমলু ৰঙা হৈ ফুলে৷
আজি পৰিধান কৰিম বতাহৰ চেলেং
নীলকান্ত আকাশে ছত্ৰ ধৰি মোক লৈ যাব,
সৃষ্টিকালৰ মহানাদে শংখধ্বনি হৈ ওলগ জনাব৷
উদং ভৰিৰেই যাম জোঙা জোঙা শিলবোৰ গচকি,
মই যাম তালৈ, য’ত বৃদ্ধ পৰ্বতে প্ৰাচীন পিয়লাৰ দৰে
তুলি লয় নীল নিস্তৰঙ্গ মৌন জলাধাৰ আলফুলকৈ
মোৰ মন গৈছে তাতে সাঁতুৰিবলৈ এটি সুৱৰ্ণ হাঁহ হৈ৷
পানী গোট নমৰালৈকে মই তাত থাকিম৷
হিমবাহ ভাগি যেতিয়া ন-পানী ব’ব
মাটি মিহলি শিলৰ গুড়ি আৰি পঁচা পাতৰ সৈতে
এসূঁতি হৈ মই নামি আহিম আপোনালোকৰ চৰণ চুবলৈ৷
ৰাইজ মই শইচ হৈ গজিম৷
আপোনালোকৰ ঘৰ্মাক্ত হাতবোৰ
মোৰ শিৰৰ ওপৰত থওক৷
