অন্যযুগ/


দিশহাৰা

মৃদুল শৰ্মা


(উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ)


নাহৰৰ তোৰণ

ওপৰত ৰ’দৰ নৈ

তাৰো ওপৰত স্বৰনক্ষত্ৰ


পাতৰ ফাঁকে ফাঁকে সৰকি পৰিছে

পোহৰৰ ছিটিকণি

মায়া মায়াবিনী


দিন নে ৰাতি এয়া

হাঁহি নে কান্দোন

সঙ্গীত নে উচুপনি


আৰে! আৰে!

শুকুলা ডাৱৰবোৰক

শিয়া মেলি আৱৰি ধৰিছে 

আন্ধাৰে


সুৰটো যেন বুকুৰ ক’ৰবাত পোত খাইছে


মানুহৰ মনবোৰ জুবিন 

দেহৰ ভৰসা নাই বুলি কোৱাটোও অতীত হৈছে

থকা আৰু নথকাৰ মাজত এতিয়া আৰু একো চিন নাই


তেজ-মঙহৰ পৃথিৱীক কিয় পাহৰে সুৰে

দহি দহি ছাই হৈ মনবোৰে

কুকুহা হৈ স্মৃতিবোৰে


বিষণ্ণতাৰ পতাকা কঢ়িয়াইছে


মুগ্ধ হৃদয়ত অন্ধ সময় স্তব্ধ 

দিশহাৰা এই সম্বন্ধ


কাক বুজাওঁ কি বুজাওঁ মই  নিজেনো বুজিছোঁ  কি

কতনো পুতি থওঁ নিজকে

মোৰ বুকুৰ ভৰ সহিব নোৱৰা চকুহালৰ পৰা বচাই


সঙ্গীতৰ চিৰন্তন নিনাদ

নিদাঘৰ নৈ হৈ বৈ গৈছে

মই ৰৈ গৈছোঁ জঠৰ হৈ


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ