সাগৰ সৌৰভ
ইৰাণী কেফেখনত বহি আপোনাৰ সৈতে চাহ খাই আছিলোঁ৷ সেই ঠাইখিনিতে দুদিন আগতে
উত্তেজিত জনতাই মানুহজনক কোবাই কোবাই
মাৰি পেলালে৷
সেই কথা পাতি আৰু কি লাভ!
আপোনাৰ চকুৰ গুৰি ক’লা পৰিছে৷ ৰাতি চাগৈ নোশোৱে৷
হয়তো বিচাৰি ফুৰে উত্তৰ৷ উত্তৰ বিচাৰি কি লাভ!
আঙুলিত স্পৰ্শ পাওঁতে বুজিলোঁ আপোনাৰ শৰীৰত লুকাই আছে
সাগৰৰ উন্মাদ ঢৌ৷ সেই ঢৌত মই উটি যাব খোজোঁ এখন্তেক।
সেই কথা ভাবি কি লাভ!
যাবৰ পৰত আপুনি মোক সাবট মাৰি ধৰিলে৷ পুনৰ লগ পাম নে নাপাম৷
ওঁঠত গুজি দিওঁতে ওঁঠ অনুভৱ কৰিলোঁ আপোনাকো এক সংগৰ প্ৰয়োজন৷ আছেই দেখোন
ইমানবোৰ মানুহ।
এই চহৰ৷
সেই কথা ভাবি কি লাভ!
অলপ আগতে আপুনি কৈ আছিল
ৰিগেলত চিনেমা চোৱাৰ কথা৷ ...
আঃ! সেই কথা ভাবিনো কি লাভ!
একো কথাই ভাবি লাভ নাই৷ তথাপি মই ভাবি থাকোঁ আপোনাৰ কথা৷
চাই থাকোঁ সন্ধিয়াৰ লোকেল ট্ৰেইনত ঘৰমুৱা মানুহবোৰৰ মুখ