অৰুণ গগৈ
গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত
জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে
বকুল সৰা পদূলিটো পোহৰাইছিল
গহীন হৈ পৰা সন্ধিয়াটো
শিয়ালৰ মাতত জয়াল হৈছিল
ভয়াল হৈছিল উদং পথাৰ
শিল হোৱা সময়ৰ যাতনাক সাবটি
জুপুৰিবোৰত ভোকৰ সাধুকথা এটা
চৰি ফুৰে
বধিৰ হোৱা কাণ দুখনে নুশুনে
ভোকাতুৰ কেঁচুৱাৰ কেঁচা কান্দোন
আন্ধাৰত আঙুলি বোলাই
কলা হোৱা হাতৰ তলুৱাত
মনিব নোৱাৰোঁ তেজৰ চেঁকুৰা
ৰাতিৰ চৰাইবোৰে দুখৰ ঘৰ এটা ঘেৰি
কুটি কুটি খাই থাকে সুখৰ অৱশেষ
চেপা যন্ত্ৰণা এটা বুকুত বান্ধি
ওৰে ৰাতি গছবোৰে আকাশলৈ মূৰ তুলি চাই
শিলবোৰ বুকুত সাবটি নৈখন বৈ যায়
অবোধ শিশুৰ কান্দোনত
নৈয়ে নোহোৱা কৰা ঘৰবোৰ শুই থাকে
শুই থকা ঘৰবোৰ মৰিশালি
বলি থকা বতাহত নামি আহে গধূলি
ৰাতি ৰাতি গাঁওখনৰ জুপৰিবোৰত
কামিহাড় ওলোৱা বেৰৰ জলঙাৰে বগুৱা বাই
ভোকৰ সাধুকথা এটা চৰি থাকে
ক্ৰমান্বয়ে ভোকৰ উচুপনিত
ৰাতিটো জয়াল হৈ পৰে ৷
ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০