বন্দনা কৌশিক বৰদলৈ
শোকৰ নিৰ্যাতন সহি-সহিও তোমাক ভালপোৱাৰ যি শান্তি
সেইয়া ঠিক, সূৰ্য্যৰ চাৰিওকাষৰ পৃথিৱীৰ প্ৰদক্ষিণ
কক্ষপথত কিমান ৰোগ সহি
কিমান জৰাৰ সন্মুখীন হৈও ভাৱিছোঁ
মই জীয়াই থকা নাই ক’তো, গৌতম
তোমাক বাদ দি
তুমি উভতি অহাৰ দিনা মই তোমাক সুধিছিলো বুদ্ধত্ব মানে কি
তুমি কৈছিলা, জ্ঞানৰ আলোকেৰে আলোকিত যি
মই বুজিছিলোঁ, তুমি যেতিয়া নক্ষত্ৰমণ্ডলীত খোজকাঢ়ি আছিলা
মই তেতিয়া এটা চক্ৰাকাৰ বৃত্তত ঘূৰি আছিলোঁ
বুদ্ধত্ব ময়ো পালোঁ
দেখিলোঁ, বৃত্তৰ ভিতৰৰ নাৰীবোৰ লগ লাগিয়েই আকাশত সৃষ্টি হয় বিশাল শূন্যতাৰ নাৰী
যাৰ সৰি পৰা চকুপানীত গঢ়ি উঠে
একো-একোজন পুৰুষ ‘বুদ্ধ’!
ভ্ৰাম্যভাষ : ৯৪০১০৯২৯৬৫
