অত্ৰেয়ী গোস্বামী
জন্ম, জন্মান্তৰ, পূৰ্বজন্ম
বিশ্বাস-অবিশ্বাসৰ পেণ্ডুলামত
দোলক হৈ দুলি থাকে অহৰহ৷
আকৌ এটা জনম হ’বনে?
সেই জন্মত মনুষ্যৰ আকৃতি থাকিবনে?
ইয়াৰ আগতেও জন্ম হৈছিল নেকি?
তাই নাজানে৷ তাই জাতিস্মৰ নহয়৷
তথাপি তাই পুনৰ্জন্মৰ কথা ভাবে
এইবাৰ তাই তেজীমলা হ’ব৷
কথাটো বৰ সহজ নহয়,
তাইৰ আয়েকে সতীয়া ভাত খাব
নে তাই অকালতে মাউৰী হ’ব?
কথাবোৰ পাকলগা
তাই দেউতাকৰ জীয়েক হোৱাৰ সপোন দেখে,
হাতৰ মুঠিৰ তামোলৰ চুবা খাই
তেজীমলা হোৱা শালিকীজনী হ’ব তাই৷
সদাগৰ পিতাকৰ চেনেহৰ বাঘজৰী পিন্ধি
উলাহত উন্মনা হ’ব তাই,
তাইৰো থাকিব বান্ধৱী, বিয়ালৈ যাওঁতে
স্বইচ্ছাই বিচাৰিব আয়েকৰ পাটৰ সাজ৷
নিগনিয়ে নুকুটা পাটকাপোৰত
তায়ো বাছিব সপোনৰ বুটা,
ঢেঁকীৰ চাবত হ’ব গা উজনি-ভাটি
সেইটোও এক সুন্দৰ কলা৷
অহা জনমত তাই তেজীমলা হ’ব
এই জনমৰ সকলো বান্ধ খুলি,
এই জনমৰ সকলো ঘৃণা পখালি,
অহা জনমত তাই কেৱল
দেউতাকৰ আদৰৰ জীয়েকহে হ’ব৷
***