অন্যযুগ/


লতা এডাল হৈ এন্ধাৰত বগুৱা বাই

অৰুণ গগৈ

                                      

নিয়ন লাইটৰ পোহৰত 

চকমকাই থকা চহৰখনে

কোনেও নেদেখাকৈ কঢ়িয়াই ফুৰে বিষণ্ণতা

 

বেলিয়ে বিদায় পৰত দি যোৱা

এন্ধাৰৰ চাদৰ পিন্ধি

মৌন হৈ বহি থাকে চহৰৰ গাতে লাগি থকা

পুৰণি পাহাৰখন

 

পদপথৰ চাহৰ দোকানত

দিনটোৰ অৱসাদবোৰ দলিয়াই দি

বিষণ্ণ ওঁঠৰ ফাঁকেৰে সৰকি যায়

একাপ ধূমায়িত চাহ

 

কোনোবা ষোড়শী গাভৰুৰ 

ডাঠ কাজলৰ তলত লুকাই থাকে

বিচ্ছেদ আৰু প্ৰতাৰণাৰ বিষণ্ণতা

 

একো একোখন বহুৰঙী মুখা পিন্ধি

প্ৰতিজন মানুহে ৰাতিৰ চহৰত ডুব যায়

কঢ়িয়াই লৈ ফুৰে কোনেও নেদেখাকৈ

একাকিত্বৰ এখন ওখ পাহাৰ

 

এন্ধাৰবোৰক খেদি খেদি

নিয়ন লাইটোবোৰে কঢ়িয়াই ফুৰে

ৰাতিৰ পাছত ৰাতি

বিষণ্ণ চহৰৰ চকামকা কাহিনী

 

এই চহৰত কোনো সুখী নহয় ৰাতি

এই চহৰত ৰাতি নাথাকে সুখৰ ছাটি

 

আচলতে কিছুমান কথা

কাকো খুলি ক’ব নোৱাৰৰ অজুহাততে

এই চহৰত সুখী নহয় কোনোজন

 

বিষণ্ণতাৰ মালিতা আওৰাই

এই চহৰত প্ৰত্যেকে ৰাতিৰ এন্ধাৰত ডুব যায়

 

ওখ ওখ অট্টালিকাৰ দেৱালবোৰ

ৰাতি হ’লেই এন্ধাৰ হয়

মানুহবোৰৰ মনবোৰো এন্ধাৰ হয়

বিষণ্ণ হয় 

বিপন্ন হয়

ক্ৰমশঃ একাকীকত্বই গিলি পেলাই

লতা এডাল হৈ এন্ধাৰত বগুৱাবাই৷

 

ভ্ৰাম্যভাষ: ৯৭০৭৩৯০৫৪০

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ