অন্যযুগ/


শূন্যতা

 অৰ্চনা ঠাকুৰীয়া 

 


নয়নতৰা মোৰ বৰ মৰমৰ আছিল৷ 

ভাবিছিলোঁ তেওঁ যেতিয়া মৰিব ময়ো মৰিম৷ 

আজি তেওঁৰ মৃত্যু হোৱাৰ পোন্ধৰদিন হ'ল ...আৰু মই মাছে- মঙহে উদৰ পুৰাই খাইছোঁ৷ 

 

আঠশ পচপন্নজন ছহিদ হোৱাৰ পাছত 

সময় নিৰৱে বৈছিল 

আকাশৰ চকুপানী শুকাইছিল 

পথাৰত চিৰাল ফাট মেলিছিল 

দদাইদেউৰ গাভিনী গাইজনীয়ে 

এটি মৃত পোৱালি প্ৰসৱ কৰিছিল

আৰু মই যুদ্ধত পৰাজিত সৈনিকৰ দৰে উভতি আহিছোঁ হেৰাই যোৱা বাটটো বিচাৰি৷ 

 

দিনে দিনে আপোনবোৰ আঁতৰি যায় 

চাপি আহে অচিনাকি বহুতো নতুন মুখ 

সান্ধ্যভ্ৰমণৰ সুখকণ সামৰি যেতিয়া ঘৰলৈ উভতো 

শূন্যতাত বাদে একোৱেই নেদেখোঁ 

 

নয়নতৰা, তুমি গুচি যোৱাৰ পিছতো মই ৰাখি থৈছো তোমাৰ টিপচহী মোৰ কলিজাত৷

তুমি মোৰ যাযাবৰী সময়ৰ এনিশাৰ ঠিকনা৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ