অৰ্চনা ঠাকুৰীয়া
ব’ৰাগীৰ বীণে বিনালে
সৰুজুৱে উচুপি উঠে
মেঘবোৰে পাহাৰখন সাৱটি
জীৱনৰ ৰচনা পঢ়ে
গোকুলৰ বকুলে কাৰবাবে মালা গুঠে
গন্ধৰ্বৰ গণপতি-গপচত পুলকিত হয়নে
বাটৰুৱাৰ গাভিনী- হৃদয়...
কথাবোৰ আচৰিত যদিও চিন্তনীয়!
কবিতা প্ৰসৱিত হোৱাৰ ঠিক পাছতেই হেনো
মৰি থাকে কবিজন
বেমাৰ – অহংকাৰ
কবিতা কবিৰ তাড়না
ঢোল বজোৱাটোহে স্ব-প্ৰতাৰণা
মোক বাৰু এতিয়া কোনে মাতিছে
শুনাচোন !
বেৰখন মজবুতকৈ বন্ধা যদিও
কোলাহলবোৰ বাঢ়ি আহিছে
ব’ৰাগী অ’, তোৰ খোজৰ চিনত দেখোন
অলেখ খোজৰ চাকনৈয়া
তই বীণ নবজালেও বিৰহৰ বেণুৱে
মোৰ বুকুত সিচে বৈষ্ণৱী- মায়া
একো নহয় দে
টোকোৰাই দেচোন তোৰ ভগা বীণৰ বিনয়ী তাঁৰ
বীণে বিনালে
সৰুজুৱে উচুপিব
মেঘবোৰে পাহাৰখন সাৱটি
জীৱনৰ ৰচনা পঢ়িব
