অৰ্চনা ঠাকুৰীয়া
এক
কবিতা
এক জটিল চৰিত্ৰ
প্ৰতীক, চিত্ৰকল্প পাঠকেহে বিচাৰি উলিয়াই
কবিয়েতো সহজভাৱেই কয় মনৰ কথা
সেয়ে, কবি মোৰ মনৰ মানুহ
দুই
অসীমক মই তোমাৰ কথা কলোঁ
ভালপোৱাৰ কি ৰং তেওঁৰ পৰাই বুজিলোঁ
এতিয়া,
থাউকতে তোমাক কথাটো কওঁ শুনা
এইবাৰ আহোঁতে মোলৈ চৰাই এটি আনিবা - সখিয়তী
যাৰ সৈতে গান গা়ম
নিতৌ গধূলি
তিনি
শুনিছোঁ
চকুৰ পানী হেনো বৰ সাৰুৱা
এইবেলি মাটিডৰা ভালকৈ চহাবা
উপহাৰ হিচাপে ময়েই পঠাম
এআকাশ সাৰুৱা পানী
চাৰি
টায়াৰ জ্বলালে, চৰাইবোৰ মৰিব
আগলৈ নুশুনিম চৰায়ে গোৱা গধূলিৰ প্ৰাৰ্থনা
কোন ক'ত আছা ওলাই আহা
সময়ৰ মেজিক বঞ্চনাক নিৰ্বাসন দিওঁ
সময় - শীতল নে গৰমৰ প্ৰবাহ
পাঁচ
সিদিনা বগা চাৰ্ট আৰু নীলা জিন্স পিন্ধোতে
তোমাক বৰ ভাল লাগিছিল
পলকত অনুৰাগে টানি বান্ধিলে
কি নাম এই প্ৰেমৰ
সখিয়তী
মধুমালতী
নে কানায়ে বজোৱা মোহন-বাঁহী
ছয়
তোমাৰ কুশল বাৰ্তাত মই কুশলে থাকোঁ
চহৰলৈ আহিছা যেতিয়া
সাৱধানে থাকিবা
সময় বৰ গম্ভীৰ
আৰু ৰাতিবোৰ বিভাৱৰী
সাত
মই নাজানো
মোৰ শেষ ক্ষণটোৰ কথা
তুমি আগত নে তোমাৰ আগত মই
হাতখন মোলৈ দিয়া
অলপ স্পৰ্শ লওঁ
একেলগে থাকিম অনুভৱেৰে