অন্যযুগ/


নেগুৰ

 দিগন্ত শইকীয়া

 

ৰাজহাড়ৰ শেষত

গুহ্যদ্বাৰ ঢাকি

বেছিভাগ জন্তুৰে পিছফাল শুৱাই

একোডাল নেগুৰ

 

মল ঢিলা হ’লে

নেগুৰ লেতেৰা হয়

 

চঞ্চল

স্বতন্ত্ৰ দেখাত

 

গৰাকীয়ে লৰায়

গৰাকীক লৰোৱাৰ শক্তি নাই

 

মহ মাখি চেৰেপা খেদিবলৈ

নেগুৰৰ প্ৰয়োজন বৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ