পঙ্কজ নয়ন
নষ্টালজিয়াৰ গোপন হেঙুলত
জীৱন এক অচিনাকী মেঘ
প্ৰেমহীন এক নিৰ্বাক সন্ধ্যা
তোমাৰ নামেৰে এদিন মানস সৰোবৰ জ্বলি উঠিছিল
কুঁহিপাতত অনুতাপৰ ভস্ম
চিৰবেদনাতে অক্ষয় হয় প্ৰেম
আমি দেখিছিলোঁ পাৰ্থিৱ সূৰ্যৰ আঁচলত ঈশ্বৰৰ ছাঁ উলটি গৈছে,
আৰু আমি পাতিছিলোঁ
সংযমৰ নামত আত্ম-প্ৰবঞ্চনাৰ কথা৷
মোহৰ বুকুতেই জন্ম লয় তপস্যাৰ গীত
প্ৰতিটো ভুলৰে আছে একোটি সৌন্দৰ্য
জন্ম হয় আত্মজ্ঞান৷
আহত প্ৰেমবোৰ হৈ পৰে তপস্যাৰ বিন্দু,
অশ্ৰুৱে পূজা কৰে ঈশ্বৰক৷
মই- এজন মৌন কৰি,
গঢ়িছোঁ এই নিৰ্বৰ্ণ অধ্যায়৷
ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮