অংকুৰণ আৰ্ফ
পুৰণি হ’বলৈ দিয়া কথাবোৰ যিদৰে পুৰণি হয় নদী 
যিদৰে পুৰণি হয় 
পাতৰ সেউজীয়া
ফুলৰ সুৱাস
পুৰণি হ’বলৈ দিয়া কাহিনীবোৰ যিদৰে পুৰণি হয়
 নৃত্যৰতা চৰাইবোৰ
 উৰণীয়া বতাহবোৰ
পুৰণি হ’বলৈ দিয়া সকলো
 বাজি থকা গানবোৰ 
প্রিয় বাঁহীৰ সুৰবোৰ 
প্ৰিয় নাৰীৰ ওঁঠৰ ভাষাবোৰ পুৰণি হ’বলৈ দিয়া বুকুত থকা বন্ধুত্বৰ হাতবোৰ
পুৰণি হ’বলৈ দিয়া এই প্রিয় চহৰ প্রতিটো  পথ৷
প্রতিজোপা গছ, প্রতিটো ঘৰ, প্রতিখন দুৱাৰ-খিৰিকী৷
পুৰণি হ’বলৈ দিয়া সকলো
যিদৰে পুৰণি হয় সময়
পুৰণি হ’লেহে ভাল লাগে সকলো
পুৰণি মানেই প্রেম
পুৰণি মানেই পাহৰণিৰ সৰু সুৰুঙায়েদি নামি অহা এচেৰেঙা স্মৃতিৰ ৰʼদালি
পুৰণি হ’লেহে হাতে মোহাৰি উশাহত উজাৰি ভাল লাগে বকুল এপাঁহি
পুৰণি হ’লেহে চাই ভাল লাগে এলবামৰ ধুনীয়া যৌবনৰ ছবি
পুৰণি হ’লেহে নতুনকৈ শুনি ভাল লাগে তাহানিৰ প্রিয় গানৰ
গুণগুণণি
পুৰণি হ’লেহে সঁচায়ে ভাল লাগে এৰি অহা বাটৰ সোণালী
স্মৃতিৰ ধুলি
ল’ৰালিৰ ধেমালি
এৰি অহা নদীৰ এটি পাৰ
পুৰণি হ’লেহে ভাল লাগে
পুৰণি হ’লেহে হাতেৰে আলফুলে মোহাৰি অনুভৱ কৰি ভাল লাগে 
এটুকুৰা কলিজাৰ পুৰণি যন্ত্ৰণাৰ ঘাঁ
পুৰণি হ’লেহে বেছি আমেজ লগা হয় তোমাৰ মোৰ এই প্রেম কাহিনী
পুৰণি মৌৰ আঠা বেছি
পুৰণি জালুকৰ পোৰণি বেছি
পুৰণি হ’লেহে সকলো সঁচাকৈ নতুনকৈ ভাল লাগে কিজানি....
হয়তো পুৰণিৰ বুকুতেই আছে 
জীৱনক আকৌ এবাৰ নতুনকৈ ভালপোৱাৰ অযুত অজুহাত
সেয়ে চাগে কেতিয়াবা ককাদেউতাইও গোপনে খামুচি ধৰে শোতোৰা পৰা আইতাৰ হাত।
 
 

 
 
 
