অংগনা ভট্টাচাৰ্য্য
তুমি তুমি বুলি
খেপিয়াই-ঘুৰ্মুটিয়াই ফুৰাৰ
উদাস একাদশীত
এবাৰ বিষণ্ণ বতাহ এজাক বলিছিল৷
মই ক্ষন্তেক ৰৈছিলোঁ৷
চাইছিলোঁ
ভাবিছিলোঁ
কিছুপৰ পাছত
এহাতেৰে বুকুৰ বাওঁফালে
হাতখন লগাই
চকুদুটা মুদি দিছিলোঁ৷
ভিতৰৰ পৰা কোনোবাই কৈছিল—
“সকলো অহা-যোৱাৰ খেল৷”
মই তথাপি হাঁহিব খুজিছিলোঁ৷
জানিছিলোঁ—
হৃদয়ৰ ঘৰলৈ এবাৰ অহাজনে
বিচাৰি পায় জানো ওভতাৰ বাট?
ইমানৰ পাছতো
অজুহাতৰ অতনু পৰিসীমাৰ পিছল বাটত
যদি হঠাতে কেতিয়াবা খহি পৰে তোমাৰ উদাসীনতা?
আৰু যদি মই তোমাৰ ঔদাস্যক
দুহাতেৰে বুটলি
দেখুৱাব বিচাৰোঁ এটা নতুন বাট?
তুমি আদৰি ল’বানে
অনুভৱৰ সেই নতুন সুৰভিক?
নে ঐচ্ছিক অনুভৱৰ পাপৰি বিলাই
মিলি যাবা বতাহৰ সৈতে?
কৰ্পূৰৰ দৰে?
মই ৰৈ যাম নেকি
সুবিশাল ইৰাৱানৰ মাজত
দিশ হেৰুওৱা এখন
কল-নাও হৈ?
ক’বলৈ ৰৈ যোৱাখিনি :
অ’ত বছৰৰ নীৰৱতাৰ পাছতো
তুমি-তুমি লগা ভাললগাটো দেখোন
আঁতৰিয়েই নগ’ল৷
হয়তো উন্নাসিক বতাহজাকে
মোক উৰুৱাই নিনিলে
মই থাকি গ’লোঁ
বিচাৰি উলিয়ালোঁ
জীৱনৰ ঐচ্ছিক ঘাট৷
আৰু এতিয়া!
জীৱনৰ আদৃত পংকৰ
জটিল নাচ নেওচি
উজলি উঠা মই এপাহ জলজাত৷