অন্যযুগ/


নীল সাগৰৰ শংখধ্বনি - এক অমৃতকথা

 পৰিস্মিতা বৰদলৈ

 

‘ভালপোৱা’ এনে এক অমৃত যি জীৱনৰ সমস্ত গৰল শুহি ল’ব পাৰে,যি জীৱনৰ সমস্ত যাতনাক তু্চ্ছ কৰি পেলাব পাৰে, যি খোজবিহীন দুভৰিক আকাশত উৰুৱাৰ দুঃসাহস কৰিব পাৰে,ভালপোৱাই জীয়াতুক জীৱনলৈ ৰূপান্তৰিত কৰিব পাৰে৷ শক্তিশালী কথক শৰ্মিষ্ঠা প্ৰীতমৰ সদ্যপ্ৰকাশিত উপন্যাস ‘নীল সাগৰৰ শংখধ্বনি’ পঢ়ি ওপৰত ব্যক্ত কৰা অনুভৱখিনি দৃঢ়তাৰে খোপনি পুতি ৰ’ল বুকুত৷ 

উপন্যাসখনৰ ‘আৰোহী’ চৰিত্ৰটোৰ মাজেৰে এক অদম্য সাহসী,শক্তিশালী সত্তাক ঔপন্যাসিকে পঢ়ুৱৈৰ আগত তুলি ধৰিছে; যি এক জটিল মাংসপেশীৰ ৰোগত আক্ৰান্ত হোৱা সত্ত্বেও মনৰ উদ্যমেৰে জী উঠিব বিচাৰে,যি কেতিয়াও নিজৰ দুৰ্বলতাক আনৰ আগত প্ৰকাশ কৰি সহমৰ্মিতা আদায় কৰিব নিবিচাৰে৷ সাংঘাতিক জেদী, আত্মবিশ্বাসী এই চৰিত্ৰটোৱেই উপন্যাসখনৰ মূল চৰিত্ৰ৷ যিটো চৰিত্ৰ উপস্থাপন কৰিবলৈ যাওঁতে ঔপন্যাসিকে ক’তো তিলমানো খুঁত এৰা নাই৷ আৰোহীৰ অন্তৰ্দ্বন্দ্ব, দিনপঞ্জী, অন্তৰৰ ক্ষতবোৰ, তাৰ উপশমৰ বাবে নিজে বাচি লোৱা পথবোৰক আমাৰ আগত ঔপন্যাসিকে এইদৰে তুলি ধৰিছে যে আমি যেন চকুৰ আগত এনে এক সত্তাক দেখি আছোঁ, যাৰ খোজবিহীন ভৰিত আছে দুৰন্ত আকাংক্ষা যিয়েই মনক দিয়ে উৰণ৷ আৰোহীৰ পৰিয়ালৰ প্ৰতিটো চৰিত্ৰৰ বিষয়ে পঢ়ি যাওঁতে এনে লাগে যেন তেওঁলোককো সমুখত দেখি আছোঁ৷ অমলপ্ৰাণ কলিতা গুৰুগম্ভীৰ কথা, আচৰণ, আৰোহীৰ স্নেহময়ী মাতৃৰ মমতাৰ লগতে আকোৰগোঁজ, মদগৰ্বী স্বভাৱৰ পুত্ৰৰ প্ৰতি থকা দৰদ, আৰোহীৰ ককায়েকৰ অহেতুক অহংকাৰ (নে হীনমন্যতা!), উৰ্মীৰ জীৱনৰ প্ৰতি সমৰ্পণ এই সকলোবোৰ খুব স্পষ্টৰূপত প্ৰতিফলিত হৈ উঠিছে৷ আনহাতে,সেই সত্তা যিয়েই আৰোহীক জীপাল কৰি তুলিলে, যিয়েই শুষ্ক মৰুভূমি হেন হৈ পৰা আৰোহীৰ প্ৰাণত সিঁচি দিলে বৃষ্টিকণা, যিয়েই আৰোহীৰ সমগ্ৰ সত্তাৰ মাজত উপস্থিত থকা শক্তিৰ সৈতে তেওঁক পৰিচয় কৰোৱাই দিলে, যি সত্তাৰ বৰ্তমানত আৰোহীয়ে উপলব্ধি কৰিলে তাইৰো এক অস্তিত্ব আছে যাৰ সবল উপস্থিতিত কোনোবা হৈ উঠে পৃথিৱীৰ সবাতোকৈ সুখী মানুহজন৷ সেই সত্তাৰ নাম ৰিভূ, যি নিজৰ হাতৰ মুঠিত আৰোহীৰ বাবে কেৱল ভালপোৱাৰ প্ৰতিশ্ৰুতিয়েই কঢ়িয়াই নানে, আনে জীৱনক জিনাৰ মহামন্ত্ৰ, যি মন্ত্ৰ আওঁৰাই তাইৰ ভাললগা হয়৷ মৃত্যুকেই অন্তঃকৰণেৰে আৱাহন জনোৱা আৰোহীয়ে যাৰ বাৰম্বাৰ প্ৰচেষ্টাত থিয় দিয়ে জীৱনৰ সপক্ষে, জীৱনৰ হকে৷ প্ৰতিবাৰেই আৰোহীয়ে কৰা প্ৰত্যাখ্যানকো প্ৰত্যাহ্বান হিচাপে লৈ ৰিভূৱে আৰোহীৰ বাবে ভালপোৱাৰ সেই সূৰ্য হৈ উঠে, যি চিৰন্তন, শাশ্বত৷ 

কাহিনীভাগৰ মূল উপজীৱ্য আৰোহীৰ মাংসপেশীৰ সেই দুৰাৰোগ্য ৰোগ, যাৰ সুস্থ হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য হ’লেও এক ঔষধৰ কৃপাত উপশম পোৱা যায়৷ পিছে সেই ঔষধ যথেষ্ট ব্যয়বহুল ৷ এনে ৰোগৰ সৈতে নিৰন্তৰে যুঁজ দি থকা যোদ্ধাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা পাবলগীয়া সহযোগিতাৰ বিষয়ে অলপমান কাহিনীৰ জৰিয়তে উল্লেখ কৰাৰ প্ৰয়োজনীয়তা আছিল যেন এগৰাকী সচেতন পঢ়ুৱৈ হিচাপে আমাৰ অনুভৱ হয়৷ 

উপন্যাসখনৰ কাহিনীৰ গতি অতি সুষম আৰু ভাষা সাৱলীল৷ অত্যধিক মেদ ক’তোৱেই নাই বাবে সুখপাঠ্য হৈছে৷ কোনো ঘটনাক অতিৰঞ্জিত কৰা হোৱা নাই৷ কোনো কোনো অংশ পঢ়ি যাওঁতে এনে অনুভৱ হয় যেন ঔপন্যাসিকে প্ৰকাশ কৰোঁতে আৱেগক যথেষ্ট নিয়ন্ত্ৰণ কৰিছে৷ সাধাৰণ ঘৰুৱা কথা-বতৰাবোৰৰ বিষয়ে উল্লেখ কৰাৰ ক্ষেত্ৰতো ঔপন্যাসিক সংযমী৷ উপন্যাসখনিৰ পাতে পাতে জীৱন উদযাপনৰ কলা তথা জীৱনমুখী এক চেতনাৰ স্ৰোত প্ৰৱাহিত হৈ থকা পৰিলক্ষিত হয়৷ 

কিছুমান কাহিনীৰ শেষ নাথাকে, আন কিছু কাহিনীকো বুকুত বহন কৰি ফুৰিব পৰাকৈ শক্তি থাকে৷ ‘নীল সাগৰৰ শংখধ্বনি’ ও এনে এক কাহিনী যাৰ কোনো শেষ নাই, ইয়াৰ সোঁত প্ৰৱাহমান, বুকুত অহৰহ অনুৰণন তুলি ৰাখিব পৰা ই এক পৱিত্ৰ ঘণ্টাধ্বনি৷ 

এই সুখপাঠ্য উপন্যাসখন লিখি উলিয়াইছে স্ব-প্ৰতিভাৰে প্ৰৌজ্জ্বল লেখক শৰ্মিষ্ঠা প্ৰীতমে৷ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে আলিবাট প্ৰকাশনে৷ উপন্যাসখনৰ মূল্য ৪০০ টকা মাত্ৰ৷

***

ভ্ৰাম্যভাষ-৯৬১৩৭৯৩০৭৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ