অন্যযুগ/


পাঠাগাৰ



জাতি চন্দনৰ টোকাৰী

বব ডিলানৰ গীতিকবিতা৷

 অনুবাদ : অনুভৱ তুলসী৷ 

পাঞ্চজন্য৷ গুৱাহাটী, ২০২০

কবি অনুভৱ তুলসীয়ে ইতিমধ্যে ভালেকেইটা লেখৰ অনুবাদ কৰ্মও সম্পাদন কৰি অসমীয়া সাহিত্যৰ জগতখন সমৃদ্ধ কৰি আহিছে৷ বিশ্বৰ সঙ্গীত জগতত যিসকল মহাপ্ৰতিভা হিচাপে চিহ্নিত হৈছে তেওঁলোকৰে অন্যতম বব্‌ ডিলানক ২০১৬ চনৰ সাহিত্যৰ ন’বেল পুৰস্কাৰৰ বাবে নিৰ্বচিত কৰাটো এটা গুৰুত্বপূৰ্ণ ঘটনা হিচাপে চিহ্নিত হৈ ৰ’ব৷ কাৰণ বিশুদ্ধ সঙ্গীতৰ মানুহ এজনে সাহিত্যৰ ক্ষেত্ৰত এনে পুৰস্কাৰ পোৱাৰ নজিৰ প্ৰায় নায়েই৷ এইজন বব্‌ ডিলানৰ কৃতিত্ব হৈছে সঙ্গীতক মানুহৰ বুকুৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰাত৷ ডিলানৰ ছয়সত্তৰটা গীতিকবিতাৰ অসমীয়া অনুবাদ এই পুথিত সংকলিত হৈছে৷ তদুপৰি ডিলানে পৰিৱেশন কৰা আন ছটা কবিতাও ইয়াত সন্নিৱিষ্ট যাৰে শেষৰটো এটা জাৰ্মান লোকগীত৷ কুৰি পৃষ্ঠাৰ এখন সুদীৰ্ঘ পাতনিত অনুবাদকে বব্‌ ডিলানৰ পৰিচয় আগ বঢ়োৱাৰ উপৰি তেওঁৰ ৰচনাৱলীৰ প্ৰেক্ষাপট নিৰ্ণয় কৰিবলৈ যত্ন কৰিছে আৰু তেওঁৰ সৃষ্টিৰ মাজত থকা চিৰন্তন সম্ভাৱনাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ অসমীয়া কবিতাৰ জগতত এইখন পুথিক এক মূল্যৱান সংযোজন বুলি দ্বিধাহীনভাৱে ক’ব পাৰি৷




মই ভাল দেউতা হ’ব নোৱাৰিলোঁ

মইনা গোস্বামী৷ 

আঁক-বাক৷ গুৱাহাটী, ২০২০

‘মই ভাল শিক্ষক হ’ব নোৱাৰিলোঁ’ (২০১৩) শীৰ্ষক  অগতানুগতিক  গ্ৰন্থৰে সচেতন অসমীয়া পাঠক সমাজত পৰিচিতি লাভ কৰা মইনা গোস্বামীৰ দ্বিতীয়খন গ্ৰন্থ ‘মই ভাল দেউতা হ’ব নোৱাৰিলোঁ৷ গ্ৰন্থখন এখন উপন্যাস য’ত সামগ্ৰিকভাৱে মানুহৰ জীৱনৰে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ডচিত্ৰক অৱলম্বন কৰি সত্যৰ সন্ধান কৰিব খোজা হৈছে৷ সত্য সকলোৰে কাৰণে একক নহয়, ই আপেক্ষিক৷ আপেক্ষিকতাৰ মাজতো পিছে কিছুমান সিদ্ধান্তক সত্য বুলি সকলোৱে গ্ৰহণ কৰে৷ লেখকে এই সকলোৱে মানি লোৱা ধৰণৰ বহু সত্যৰ ওপৰতো যুক্তি আৰু আৱেগৰ পোহৰ পেলাইছে আৰু উদ্ভাৱন কৰিছে বহু নতুন প্ৰশ্ন৷ এনে প্ৰশ্নৰ ভিতৰত মানুহৰ ‘সুখ’-ৰ সপোন মূল৷ সুখনো প্ৰকৃততে কি? মানুহ কেতিয়া সুখী হয়? কৰ্তব্য বা অকৰ্তব্য কি? কৰ্তব্য বা অকৰ্তব্য জানো সকলোৰে কাৰণে একে? একেজন মানুহেই একে সময়তে কিমান ব্যক্তিত্ব কঢ়িয়াই ফুৰিবলগীয়া হয় অথচ আনক দেখুৱাবলগীয়া হয় কেৱল এটা দিশ? এনে বহু যুক্তি-প্ৰতিযুক্তিৰে ভৰা এক সুদীৰ্ঘ আলোচনাৰ উপন্যাস ৰূপ ‘মই ভাল দেউতা হ’ব নোৱাৰিলোঁ’৷ আগ্ৰহী পাঠকে পুথিখন পঢ়ি নতুন সোৱাদ লাভ কৰাৰ লগতে জীৱন জড়িত বহু কথা নতুনকৈ লক্ষ্য কৰিবলৈ আৰম্ভ কৰিব বুলি দৃঢ়ভাৱে উপলব্ধি কৰিছোঁ৷


ফৰিং ফুল

ঋষভ নাথ৷ 

পাঞ্চজন্য৷ গুৱাহাটী, ২০২০

ঋষভ নাথৰ নৱতম কবিতাপুথি ‘ফৰিং ফুল’৷ অতি সাধাৰণ দুটা বহুল প্ৰচলিত শব্দৰ চয়নেৰে পুথিখনৰ যি নামকৰণ কৰা হৈছে তাতেই কবিজনৰ কাব্যভাষাৰ নৈপুণ্য ফুটি উঠিছে৷ কবি হিচাপে তেওঁৰ সফলতা নিজৰ ক্ষমতা তথা অধিকাৰৰ সীমাৱদ্ধতা আৰু নিজৰ  অৱস্থিতিজনিত দোদুল্যমানতা উপলব্ধি কৰাত৷ ঘাইকৈ অসমৰ গ্ৰাম্যজীৱনৰ বিভিন্ন সৰু-বৰ উপাদান তেওঁৰ কবিতাৰ কেন্দ্ৰীয় ভাবনাৰ আধাৰ৷ ঋষভে ব্যক্তিগত অভিজ্ঞতাক ব্যক্তিগত আৱেগেৰে বন্দী কৰিব নুখুজি তাক বস্তুনিষ্ঠ সাৰ্বজনীন অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিবলৈ যত্ন কৰিছে৷ সেয়ে বহু সময়ত তেওঁৰ কবিতাৰ কথকজন যন্ত্ৰৰ দৰে হৈ পৰা দেখা যায়৷ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ কৰা যত্নক তেওঁৰ মাতৃভাষাৰ কথিত শব্দ কিছুমানে সহায় কৰিছে৷ মন কৰিছোঁ, সাধাৰণতে পূৰ্বৰ বা সমসাময়িক কবিসকলে ব্যৱহাৰ নকৰা ভালেখিনি কথিত শব্দক তেওঁ নিজৰ কবিতাৰ বাবে উপযুক্ত কৰি তুলিছে৷ কেইবাটাও দীঘল কবিতা তেওঁ ৰচনা কৰিছে যদিও দীঘল কবিতাই ভাবনাৰ যি বিস্তৃতি দাবী কৰে সেই পৰ্যন্ত অৱশ্যেই তেওঁ আগ বাঢ়িব পৰা নাই৷ তথাপি সততাৰে নিৰন্তৰ অনুশীলনৰ পৰিচয় তেওঁ দি আহিছে ৷ এই পুথিৰ কবিতাসমূহেই এই মন্তব্যৰ প্ৰমাণ৷ 


কোনে কয় চৰাইৰ ৰাতিবোৰ অন্ধ

সুকুমাৰ চেতিয়া৷ পূৰ্বায়ন৷ গুৱাহাটী, ২০২১

বহু বছৰজোৰা কাব্যলক্ষ্মীৰ সাধনাৰ পাছতো কবিতাপুথি এখন প্ৰকাশ কৰিবলৈ বহু কবিয়ে সাহস নকৰে৷ নিজৰ সৃষ্টি সম্পৰ্কত এক ধৰণৰ হীনমন্যতাই বহু কবিকে লুকুৱাই ৰাখে৷ তেনে এজন কবি সুকুমাৰ চেতিয়া৷ কমেও তিনিটা দশক কবিতাৰ চৰ্চা কৰি অহা সুকুমাৰ চেতিয়াৰ প্ৰথমখন কবিতাপুথি ‘কোনে কয় চৰাইৰ ৰাতিবোৰ অন্ধ’৷ জগত প্ৰপঞ্চৰ বিবিধ বিষয় আৰু ঘটনাই মনোজগতত সৃষ্টি কৰা অভিঘাত যেতিয়া সহ্যাতীত বুলি অনুভৱ কৰিছে তেতিয়াই কবিয়ে সেই পীড়াৰ পৰা মুক্তি পাবলৈ কৰা যত্নৰ ফলস্বৰূপেই এই কবিতাখিনিৰ সৃষ্টি৷ তেওঁৰ কবিতাত ঘাইকৈ মানুহৰ মনস্তত্ত্ব, সমাজবোধ আৰু সমাজবোধৰ ৰোগগ্ৰস্ততাই সৃষ্টি কৰা মানৱীয় মনস্তাত্ত্বিক সমস্যা, নৈসৰ্গিক প্ৰকৃতিৰ শোভা আৰু ঋতু পৰিৱৰ্তন আদিকে কবিতাৰ ভাবনাৰ কেন্দ্ৰস্থলত ৰাখিছে৷ নিৰ্মাণ কৌশলৰ ক্ষেত্ৰত তেওঁ আকৰ্ষণীয় অথবা শ্ৰুতিমধুৰতাৰ দিশত গুৰুত্ব দিছে বেছিকৈ৷ তেওঁৰ ভাষাত জটিল নিৰ্মিতিৰ নাম-গোন্ধ নাই, কেৱল নিজৰ মাটি, প্ৰকৃতি আৰু মানুহৰ প্ৰতি থকা আন্তৰিকতাৰেহে এই ভাষাটো ৰসাল৷  কবিতা জটিল কলাৰূপ৷ বহু বিশ্ববিশ্ৰুত কবিয়ে স্পষ্টকৈ কৈছে শ্ৰেষ্ঠ কাব্যৰ উপলব্ধিৰ বাবে যি নিৰৱচ্ছি‍ন্ন জীৱন জিজ্ঞাসাৰ প্ৰয়োজন সেইখিনি আহৰণ কৰাৰ সুবিধা মানুহৰ দৰে সীমাৱদ্ধ জীৱই লাভ নকৰে৷ এই কথাৰ সত্যতা স্বীকাৰ কৰিও ক’ব পাৰি, সীমাৱদ্ধতা আছে বাবেই তাক অতিক্ৰম কৰিবৰ যত্ন মানুহে কৰি আহিছে৷ কবিসকলৰ এনে যত্নৰ ফলতে বহু ভাল কবিতা সৃষ্টি হৈছে৷ এইখন পুথিৰ কবিতাসমূহেও পাঠকক ভাল কবিতা পঢ়াৰ অভিজ্ঞতা প্ৰদান কৰিব৷ 


লিহিৰিপতীয়া অ’ বনৰীয়া বাঁহী

ধ্ৰুৱজ্যোতি দাস৷ 

পাঞ্চজন্য৷ গুৱাহাটী, ২০২১

বহুতে খবৰ নাৰাখিলেও কবি ধ্ৰুৱজ্যোতি দাস অসমীয়া সাহিত্যত অন্ততঃ এটা দিশত প্ৰথম৷ সেয়া হৈছে অসমীয়া ভাষাত ট্ৰায়’লেট শৈলীৰ কবিতা তেৱেঁই প্ৰথম লিখিছিল আৰু এতিয়ালৈকে আন কোনেও লিখিবলৈ যত্নও কৰা নাই৷ অসমীয়া ভাষাত লিখা ট্ৰায়’লেটৰ প্ৰথম আৰু একমাত্ৰ পুথিখনো কবি দাসৰে৷ অসমীয়া আখৰ-জোঁটনি সম্পৰ্কীয় একাধিক পুথি ৰচনা কৰা বহুমুখী প্ৰতিভাসম্পন্ন কবিজনৰ শেহতীয়া কবিতাপুথি হৈছে ‘লিহিৰিপতীয়া অ’ বনৰীয়া বাঁহী’৷ কেৱল লোক কবিতাৰ ভাষাভঙ্গীক কেৱল লোককবিতাৰ লোকমনোধৰ্মিতাক আধুনিক কবিতাৰ প্ৰকাশভঙ্গীলৈ আনিব পৰাটো কবি দাসৰ অন্যতম উল্লেখযোগ্য কৃতিত্ব বুলিবই লাগিব৷ এনেয়েও তেওঁৰ কাব্যভাষা মলমলীয়া আৰু স্বয়ংসম্পূৰ্ণ৷ এই গোটেই পুথিখনক আচলতে এটা কবিতা হিচাপে লৈ পঢ়িলে পঠনৰ আচল সোৱাদটো পোৱা যায়৷ সৰ্বমুঠ একচল্লিছটা অংশত কবিতাটো বিভাজিত হৈ আগ বাঢ়িছে৷ দ্ৰুত ভাবনাসঞ্চাৰ কৰাত লোককবিতাৰ সমান সক্ষমতা আন কাৰো নাই৷ এই কবিতাৰ মাজত ব্যঞ্জনাঘন চিত্ৰ কিছুমানেৰে কবিয়ে তুলি ধৰিবলৈ যত্ন কৰিছে প্ৰকৃতিনিয়ন্ত্ৰিত মানুহৰ ভাবানুভূতিৰ বৈচিত্ৰ্যক৷ পুথিখনৰ কবিতাই পাঠকক ধ্ৰুৱজ্যোতি দাসৰ আন আন কবিতা পঠনৰ বাবে আগ্ৰহী কৰি তুলিব৷


কুকুহা ডেউকা

ডo বিজিত তালুকদাৰ৷

 ডঁৰিয়লি প্ৰকাশ৷ গুৱাহাটী, ২০২০

সাম্প্ৰতিক সময়ৰ খুব একাগ্ৰতাৰে কাব্য চৰ্চা কৰি থকা অসমীয়া কবিসকলৰ ভিতৰত ড° বিজিত তালুকদাৰ অন্যতম৷ তেওঁৰ প্ৰথমখন কবিতাপুথি প্ৰকাশ পাইছে ‘কুকুহা ডেউকা’ শিৰোনামেৰে৷ প্ৰায় তিনিকুৰি কবিতাৰ পুথিখনত কবি তালুকদাৰৰ আনুভূতিক জগতৰ সৈতে চৌপাশৰ বাস্তৱৰ সম্পৰ্ক আৰু দ্বন্দ্ব, প্ৰকৃতিনিৰ্দিষ্ট মানুহৰ প্ৰবৃত্তি-নিবৃত্তিৰ সৈতে কৃত্ৰিমভাৱে শিক্ষিত হৈ উঠা যান্ত্ৰিক মাহনুহৰ সম্পৰ্ক আৰু দ্বন্দ্বৰ প্ৰকাশ অনুভৱযোগ্য৷ কবিতাসমূহে কবিৰ সূক্ষ্ম শিল্পবোধৰ স্বাক্ষৰো বহন কৰিছে৷ তেওঁৰ কাব্যভাষাও সমৃদ্ধ, একে আষাৰে ভাবানুগত বুলিব নোৱাৰিলেও সংহত আৰু শৃঙ্খলিত৷ ব্যঞ্জনাৰে ভাবনাক দাঙি ধৰাত তেওঁ সিদ্ধহস্ততা প্ৰকাশ কৰিছে৷ একেদৰেই চিত্ৰকল্প ৰচনাতো তেওঁ বিভিন্ন ইন্দ্ৰিয়ৰ দ্বাৰা উপলব্ধ অভিজ্ঞতাৰ সহায় লৈছে৷ সহজভাৱেও বহু জটিল বিষয় দাঙি ধৰিব পাৰি— যিটো ভাল শিক্ষকৰ বিশেষত্ব, কবি তালুকদাৰৰ কবিতাতো ফুটি উঠিছে৷ জাগতিক পৃথিৱীক বাদ দি কোনো কলাকৰ্ম কল্পনা কৰিব নোৱাৰি৷ তাৰ মাজে মাজেও বহু অপাৰ্থিৱ অভিজ্ঞতাৰ সোৱাদ আমি পাওঁ৷ কবি তালুকদাৰৰ কবিমনটোক তেনে অভিজ্ঞতায়ো সমৃদ্ধ কৰা বুলি অনুভৱ হয়৷ পুথিখনৰ কবিতাসমূহে সুষম কাব্যপাঠৰ সোৱাদ দিব পাৰিছে৷ 


জ্যোতিপ্ৰসাদ শইকীয়াৰ নিৰ্বাচিত গল্প

প্ৰথম খণ্ড

সম্পাদক মৃদুল ফুকন৷ 

বনলতা৷ ডিব্ৰুগড়, ২০২০

সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত সদ্যহতে অধিষ্ঠিত হোৱা শিক্ষাৱিদ অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া এজন প্ৰৱীণ নাট্যকাৰ-পৰিচালক তথা গদ্যশিল্পীও৷ এতিয়ালৈকে তেখেতৰ হাজাৰৰো অধিক চুটিগল্প প্ৰকাশ পাইছে৷ পুথিৰ ৰূপত প্ৰকাশিত গল্পৰ সংখ্যাটোও মন কৰিবলগীয়া৷ তেখেতৰ নিৰ্বাচিত গল্পৰ প্ৰথমটো খণ্ড প্ৰকাশ পাইছে এখন বুজন কলেৱৰৰ পুথি হিচাপে৷ সাতশ আঠাৱন পৃষ্ঠাৰ এই পুথিখন সম্পাদনা কৰিছে মৃদুল ফুকনে৷ প্ৰৱল মানৱ প্ৰেম শইকীয়াৰ গল্পৰ বিষয়বস্তুত সদায়ে প্ৰচ্ছন্ন হৈ থাকে৷ মানুহৰ জীৱন চৰ্যাৰ বৈচিত্ৰ্যৰ সমানেই তেখেতৰ গল্পত মানুহৰ মনস্তাত্ত্বিক জীৱনৰো বৈচিত্ৰ্য প্ৰকাশ পায়৷ নাৰী আৰু পুৰুষৰ মনস্তত্ত্বৰ প্ৰাকৃতিক পাৰ্থক্য, ধনতন্ত্ৰই জন্ম দিয়া মানুহৰ বস্তুনিৰ্ভৰ কৃত্ৰিম স্বভাৱ আৰু কৃত্ৰিম দ্বন্দ্ব, সৰল বৰ্ণনা, গভীৰতাবিশিষ্ট  বক্তব্য আদিৰে তেখেতৰ গল্প সমৃদ্ধ৷ সৰ্বোপৰি তেওঁৰ গল্পকথনত কিছুমান নাটকীয় মোৰ লক্ষ্য কৰা যায় যি পাঠকক মোহাৱিষ্ট কৰি ৰাখে৷ বিভিন্ন সময়ত তেখেতে চিত্ৰাভাসৰ যোগেদিও জীৱনৰ বিভিন্ন সত্য ব্যঞ্জিত কৰি তোলে৷ বৌদ্ধিক চিন্তাৰ জগতখনক আলোড়িত কৰি তুলিব পৰাকৈ তেখেতৰ গল্পৰ বিষয় গম্ভীৰ আৰু সুসংহত৷ সমাহিত ভদ্ৰজনোচিত ভাষাৰ ব্যৱহাৰত তেখেত সিদ্ধহস্ত যদিও প্ৰয়োজনবোধে বিভিন্ন আৰ্থ-সামাজিক তথা সাংস্কৃতিক পৰিমণ্ডলত প্ৰয়োগ হোৱা ভাষাকো তেখেতে চৰিত্ৰৰ সংলাপত ব্যৱহাৰ কৰিছে৷ এই গ্ৰন্থৰ পঠনে নিশ্চিতভাৱে পাঠক সমাজক সমৃদ্ধ কৰিব৷


হা-চৰি

(বিহুৰ উৎপত্তি কথন আৰু সোনোৱাল কছাৰী সমাজৰ গীত-মাত)

সংকলক লোহিত চন্দ্ৰ বাগলাৰী আৰু ডাঃ গিৰিন্দ্ৰ মোহন বাগলাৰী

সম্পাদনা: লক্ষীনন্দন বৰগোহাঞি আদি৷ 

জে এছ পাব্লিকেশ্বনছ্‌৷ গুৱাহাটী, ২০২০

অসমৰ জনগোষ্ঠীয় সমাজখন লোকসাহিত্যৰ মেটমৰা সম্ভাৰেৰে ওপচ খাই আছে৷ ইতিমধ্যে তাৰে বহুতো হয়তো কালৰ গৰ্ভত হেৰাই গৈছে, বহুতক মানুহে পাহৰিয়ে পেলাইছে৷ তাৰে মাজৰ পৰা যি সামান্য অংশ উদ্ধাৰ হৈছে সেইখিনিৰো চৰ্চা আশাপ্ৰদভাৱে হোৱা বুলি ক’ব নোৱাৰি৷ উজনি অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী সোনোৱালসকলৰ সমাজত প্ৰচলিত বহু গীত-মাত সংগ্ৰহ কৰিছিল প্ৰয়াত লোহিতচন্দ্ৰ বাগলাৰী আৰু ডাঃ গিৰিন্দ্ৰ মোহন বাগলাৰীয়ে৷ পিছে তেখেতলোকে সেই সংগ্ৰহখিনি গ্ৰন্থ হিচাপে প্ৰকাশ কৰিব নোৱাৰিলে৷ সম্প্ৰতি সেই সংগৃহীত গীত-মাতখিনিক গ্ৰন্থৰূপত প্ৰকাশ কৰি উলিওৱা হৈছে ‘হা-চৰি’ নামেৰে৷ সম্পাদনা কৰিছে ক্ৰমে লক্ষীনন্দন বৰগোহাঞি, জিতা বাগলাৰী ফুকন আৰু ভাস্কৰ বাগলাৰীয়ে৷ গ্ৰন্থখনত ঘাইকৈ ডিব্ৰুগড় জিলাৰ ধমলগাঁও অঞ্চলৰ সোনোৱাল কছাৰী লোকসকলৰ মাজত প্ৰচলিত গীত-মাতখিনি অবিকৃত ৰূপত ধৰি ৰাখিবলৈ যত্ন কৰা হৈছে৷ সংকলকদ্বয়ৰ অন্যতম গিৰিন্দ্ৰমোহন বাগলাৰীয়ে ২০১২ চনতে লিখি যোৱা টোকাত আছে— ‘‘বৰদেউতা লোহিত চন্দ্ৰ বাগলাৰীয়ে ‘তই এইখন প্ৰকাশ কৰিবি’ বুলি এই গ্ৰন্থখনৰ পাণ্ডুলিপিটো মোলৈ এৰি যোৱা প্ৰায় বহু বছৰেই হ’ল৷ ... আজি মৌ মিঠা ৰঙালী বিহুৰ দিনা বৰদেউতাৰ পুথিখন পাণ্ডুলিপি অৱস্থাত আগবঢ়ালো জামিৰা ধমল গাঁৱৰ বিহুৱা ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোলৈ— শ্ৰদ্ধাৰ বৰদেউতাৰ হৈ৷’’ এই কথাখিনিয়েই পুথিখনৰ অন্তৰালত নিহিত অনেক সত্যৰ অনুমানৰ বাবে যথেষ্ট৷ পুথিখনত সোনোৱাল কছাৰী সমাজত বিহু উৎসৱৰ উৎপত্তি সম্পৰ্কে প্ৰচলিত কিম্বদন্তিৰ লগতে বিভিন্ন গীত-মাত সংকলিত হৈছে৷ সমাজ-জীৱনৰ গৱেষকসকলৰ বাবে এইখন এখন লেখৰ পুথি৷ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ