লোকনাথ গোস্বামী
মন দাপোণত-১৩
(১)
তেজপুৰৰ পৰা বিদায় লোৱাৰ সময় :
তেজপুৰ একাডেমীত চাকৰিটো পাই সাময়িকভবে ভালেই সকাহ পাইছিল, যদিও একেঠাইতে থকাৰ বৰ এটা ইচ্ছা মুঠেও নাছিল ৷ একমাত্ৰ ঘৰখনৰ কথা ভাবিয়েই অধিক পঢ়া-শুনা কৰাৰ বাসনা বিসৰ্জন দি চাকৰি কৰাৰ সিদ্ধান্তটো ল’বলৈ বাধ্য হৈছিলোঁ ৷ স্কুলৰ চাকৰিটো কৰি থাকিয়েই বেলেগ বেলেগ চাকৰিৰ অনুসন্ধান কৰি আছিলোঁ ৷ সেই মতে পঢ়া-শুনাও কৰিছিলোঁ যথেষ্ট ৷ Competition Master, General Knwoledgeৰ কিতাপ-পত্ৰ কিনি আনি খুব পঢ়িছিলোঁ ৷ Assam Tribune-ৰ দ্বিতীয় পৃষ্ঠাটো আমাৰ সময়ত বহুতৰে কাৰণে বৰ দৰ্কাৰী আছিল, কিয়নো বেচিভাগ চৰকাৰী চাকৰিৰ বিজ্ঞপন সেই পৃষ্ঠাটোতে ওলাইছিল ৷ য’ৰেই পৰা সাক্ষাতৰ বাবে চিঠি পাইছিলো, ত’তে গৈ পৰীক্ষা দিছিলোঁ ৷ তেনেকৈ এবাৰ S S B-ৰ চাকৰিৰ সাক্ষাতৰ চিঠি পাই পৰীক্ষা দি ACIO-2 (Assistant Central Inteligent Officer-2)-ৰ চাকৰি পায়েই গৈছিলোঁ ৷ সেই সময়তে দৰ্মহাৰ নিৰিখ আছিল ৪২৫/- টকা(Basic) ৷ সেয়া বহুত টকা আছিল তেতিয় ৷ চাকৰিৰ নিয়োগপত্ৰ পাই তেজপুৰৰ সমীপৱৰ্তী ’দেবেন্দ্ৰ নগৰ’(ন কৈ গঢ়ি তোলা)ত যোগ দিবলৈ গৈছিলোৱেই ৷ কিন্তু তালৈ গৈ চাকৰি কৰি থকা চাকৰিয়াল বিলাকৰ বেৰেকলৈ গৈ তাৰ পৰিৱেশটো মুঠেও ভাল নেপালো ৷ সেই সময়ত মোৰ মাজুদাদায়ো S S B-ত চাকৰি কৰিছিল ৷ দাদাই মোক তাত যোগ দিয়াৰ বাবে বৰকৈ উৎসাহিত কৰা নাছিল ৷ তাতো গৈ পোৱাৰ পাছত দাদক চিনি পোৱা দুজন মানে ক’লে যে মোৰ দৰে কলা-সংস্কৃতিৰ সৈতে সৰুৰে পৰা জড়িত আৰু অনুৰাগী ল’ৰাৰ বাবে সেইটো চাকৰি বৰ ভাল নহ’ব ৷ তেনে চাকৰিত যোগদান কৰিলে টকা আহিব ঠিকেই, কিন্তু গান-বাজনা নেথাকিব ৷ জীৱনৰ গতিয়েই সলনি হৈ যাব পাৰে ৷ কথা বিলাক শুনি তাতেই সিদ্ধান্ত সলনি কৰি ঘৰৰ ল’ৰা ঘৰ পালোহি ৷ আকৌ স্কুলতে থকাৰ কথা ভাবিলোঁ ৷
ইয়াৰ
পাছত অসম চৰকাৰৰ বিজ্ঞাপন এটা পালোঁ যে চৰকাৰে চৰকাৰী ভঁৰালৰ বাবে বজাৰৰ পৰা ধান
ক্ৰয়ৰ এক নতুন আচনিৰে মাৰ্কেটিং বিভাগ এটা
খুলি তাৰ কাৰণে ’মাৰ্কেটিং অফিচাৰ’ নিয়োগ কৰিব ৷
বিজ্ঞাপন পাই লগে লগে আবেদন কৰিলোঁ ৷ আবেদন কৰাৰ পিছত ডাকত চিঠি পালো ৷ কেইদিন মানৰ পাছত সাক্ষাৎকাৰৰ চিঠি পাই গলোঁ ৷ চিঠি পাই গুৱাহাটীলৈ গৈ
সাক্ষাৎকাৰ দিলোঁগৈ ৷ পোন্ধৰদিন মানৰ ভিতৰতে নিয়োগপত্ৰ আহি গ’ল ৷ নিয়োগপত্ৰখন পাই
বৰ ভাল লাগিল ৷
পাছদিনা স্কুলৰ চাকৰিলৈ যাওঁতে সহকৰ্মী
দুজনমানক নিয়োগপত্ৰখন দেখুৱাওঁতে তাৰে দুজনমানে অভিনন্দন জনালে যদিও
দুজনমানে বৰ ভাল নাপালে ৷ সেইসকলৰ ভিতৰত এগৰাকী আছিল জ্যেষ্ঠ শিক্ষক অতুল চন্দ্ৰ
হাজৰিকা (বৰ্তমান প্ৰয়াত) ৷ তেখেতে মোক সেই
চাকৰিটোত যোগদান নকৰিবৰ বাবে পৰামৰ্শ
দিলেঁ ৷ তেখেতৰ মতে চাকৰিটো মোৰ বাবে বৰ সুবিধাজনক নহ’ব ৷ ইয়াত দুৰ্নীতি চলিবই ৷
মোৰ দৰে মানুহে বোলে তাত টিকিব নোৱাৰিম ৷ আৰু দুজনমানে তেনেকৈয়ে ক’লে ৷ তেওঁবিলাকৰ
মতে মই তাতকৈও ভাল চাকৰি পাম ৷ গতিকে ’মাৰ্কেটিং অফিচাৰ’ হোৱা নহ’ল ৷ কিন্তু
চাকৰিৰ আবেদন প্ৰক্ৰিয়া নিৰন্তৰ চলি থাকিল ৷ একেসময়তে একাডেমীত চাকৰি চলি থাকিল ৷
ইয়াৰ পিছতে আকৌ আহিল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চাকৰিৰ সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ আহিল ৷ সেয়া ১৯৭৬ চনৰ মাৰ্চ মাহৰ কথা ৷ বিদ্যুৎ পৰিষদত নতুনকৈ কেতবোৰ কেমিষ্টৰ পদ সৃ্ষ্টি কৰা হৈছিল য’ত নিয়োগৰ বাট মুকলি হৈছিল ৷ মই নিজকে প্ৰস্তুত কৰিলোঁ সাক্ষাৎকাৰ দিবৰ বাবে ৷ কেমিষ্টৰ চাকৰিটো মোৰ নিজৰ পচন্দৰ বিষয়ৰে আছিল ৷ অন্ততঃ কলেজীয়া অধ্যয়নৰ জ্ঞানখিনি কামত লগাব পাৰিম ৷ তেজপুৰৰ পৰা গৈ গুৱাহাটী পালোগৈ ৷ তেতিয়া বিদ্যুৎ পৰিষদৰ কাৰ্যালয় চিলঙৰ পৰা গুৱাহাটীলৈ উঠি আহিছে ৷ ইতিমধ্যে মেঘালয় চৰকাৰ যিহেতু গঠন হৈছে, গতিকে তাত অসম চৰকাৰৰ অধীনষ্ঠ অফিচ বিলাকৰ কাম নোহোৱা হ’ল ৷ ’অ ৰা বি প’ৰ অস্থায়ী কাৰ্যালয় পতা হৈছিল বামুণী ময়দামৰ এটা ভাড়ালৈ লোৱা বিল্ডিঙত ৷ মই তেতিয়া তেজপুৰৰ পৰা গৈছিলোঁ সাক্ষাৎকাৰ দিবৰ কাৰণে ৷ গুৱাহাটী পাই দেখিলো ফাগুনমহীয়া বিৰাট বতাহ ৷ ধুলিৰে বাট নমনা অৱস্থা ৷ কোনোমতে বামুণীমৈদামৰ অফিচটো বিচাৰি উলিয়ালোঁ ৷ যথেষ্ট আৱেদনকাৰী আহিছিল সাক্ষাৎকাৰ দিবৰ কাৰণে ৷ পুৱা দহ বজাৰ পৰা সাক্ষাৎকাৰ লোৱা আৰম্ভ হৈছিল ৷ মোৰ পাল নপৰেহে নপৰে ৷ এটা সময়ত ভিতৰলৈ মাতিলে ৷ হাতৰ ঘড়ী চাই দেখিলোঁ দুই বাজিছে ৷ মই পাৰিলে তেজপুৰলৈ ঘূৰি যোৱাৰ কথা ৷ ভিতৰলৈ সোমাই গৈ দেখিলোঁ চাৰিজনমান মানুহ বহি আছে ৷ পাছতহে জানিছিলো সেইসকলৰ ভিতৰত এজন ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ আছিল ৷ মোৰ কলেজৰ চাৰ্টিফিকেটৰ লগতে সঙ্গীতৰ চাৰ্টিফিকেটো আছিল৷ সেইবিলাক চাই অঁটাই কেমিষ্ট্ৰীৰ দুটামান প্ৰশ্ন সুধিলে ৷ চাকৰিটো যিহেতু কেমিষ্ট্ৰী বিষয়ক আছিল, গতিকে কিছুমান কথা মই যাওঁতেই চাই গৈছিলোঁ ৷ যি কেইটা প্ৰশ্ন সুধিছিল, প্ৰায় কেইটাৰে যথা সম্ভৱ উত্তৰ দিবলৈ চেষ্টা কৰিছিল ৷ তাৰ পাছত সঙ্গীতৰো কথা সুধিলে ৷ দৰং কলেজৰ বেষ্ট ছিংগাৰৰ চাৰ্টিফিকেটখন দেখি সেই বিষয়তো দুটামান প্ৰশ্ন সুধিলে ৷ এটা সময়ত মোক বিদায় দিলে ৷ ময়ো এক অনিশ্চয়তাৰ মাজেদি ওলাই আহিলোঁ ৷ সাক্ষাতকাৰ ভালেই হৈছিল বুলি ভাবিছিলো ৷ সাক্ষাৎ দিবলৈ যোৱা দুজনমানে মোৰ অনাৰ্ছৰ চাৰ্টিফিকেট দেখি চাকৰি পোৱাটো নিশ্চিত বুলিয়েই কৈছিল ৷
সাক্ষাৎকাৰ দি অহাৰ এমাহমানৰ পাছত এখন নিয়োগ পত্ৰ পালোঁ বিদ্যুৎ
পৰিষদৰ পৰা ৷ মোক এইবাৰ নিয়োজিত কৰিছে গাৰোপাহৰৰ নাঙলবীব্ৰাত, য’ত বিদ্যুৎ পৰিষদৰ এটা বিদ্যুৎ উৎপাদন কেন্দ্ৰ
আছে ৷ তাতে কেমিষ্টৰ পোষ্ট এটা খালী আছিল সাক্ষাতৰ সময়ত ৷
নিয়োগ পত্ৰখন পাই ভাল লগাত কৈ বেয়াহে লাগিছিল
মোৰ, কিয়নো গাৰোপাহাৰৰ দুৰ্গম
অঞ্চলত চাকৰি কৰাৰ অকণো মন নাছিল মোৰ ৷ সকলোৱে তালৈ নেযাবলৈকে পৰামৰ্শ দিলে ৷
দুজনমানে মোক বিদ্যুৎ পৰিষদৰ মুখ্য কাৰ্যালয়লৈ গৈ সংশ্লিষ্ট বিভাগৰ কোনো বিষয়াক এবাৰ লগ ধৰাৰ পৰামৰ্শ দিলে ৷ সেই পৰামৰ্শ মতে মই এদিন তেজপুৰৰ পৰা পুনৰ পৰিষদৰ মুখ্য
কাৰ্যালয়লৈ গ’লোঁ ৷ কাৰ্যালয়লৈ গৈ তাৰ মানুহক সুধি এগৰাকী বিষয়া, পাৰ্ছনেল মেনেজাৰ যতীন শইকীয়াৰ ওচৰলৈ গ’লোঁ ৷ মই
অনুমতি সাপেক্ষে ভিতৰলৈ সোমাই মোৰ কথাটো কওঁতেই তেখেতে লগে লগে ক’লে- আপুনি এতিয়া
আৰু গাৰোপাহাৰলৈ যাব নালাগে ৷ আপুনি নামৰূপলৈ যাব লাগিব, তাত এটা এছিষ্টেণ্ট কেমিষ্টৰ পোষ্ট আছে ৷ আমি
আপোনালৈ Appointment Letter পঠাই আছোঁ,পোৱাৰ পাছতেই গৈ যোগদান কৰিবগৈ ৷ তেখেতৰ কথাবিলাক শুনি বৰ ভাল লাগিল ৷ নামৰূপৰ প্ৰতি মোৰ আগৰে পৰাই দুৰ্বলতা আছিল ৷ ঔদ্যোগিক
নগৰীখন চোৱাৰ হেঁপাহ আগৰে পৰাই আছিল ৷ আনন্দ মনেৰে গুৱাহাটীৰ পৰা ঘূৰি আহি ঘৰ
পালোঁহি ৷ বাট চাই ৰ’লোঁ নিয়োগ পত্ৰলৈ ৷
আশা পালি আছিলোঁ যদিও কোনো ইতিবাচক সঁহাৰি বহু
দিনলৈকে পোৱা নাছিলোঁ ৷ ১৯৭৬ চনৰ জুন মাহত
হঠাৎ এখন নিয়োগপত্ৰ আহিল বিদ্যুৎ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা ৷ এছিষ্টেণ্ট
কেমিষ্টৰ পদৰ বাবে নিয়োগ পত্ৰ ৷ চাকৰিৰ
স্থান নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ ৷ নিয়োগ
পত্ৰখন পাই মোৰ আনন্দৰ পাৰাপাৰ নাই ৷ মোৰ ইচ্ছাও আছিল তেজপুৰৰ পৰা ওলাই বাহিৰলৈ
যোৱাৰ ৷ এতিয়াৰ দৰে মুম্বাই, দিল্লীৰ সপোন
নাছিল তেতিয়া ৷ সেয়া আমাৰ বাবে অলীক সপোন আছিল সেই সময়ত ৷ কিন্ত আজিকালি আমাৰ ল’ৰা-ছোৱালীৰ
কাৰণে তেনেই সহজ সাধ্য হৈ পৰিল ৷
নিয়োগ পত্ৰখন পাইছিলোঁ ১৯৭৬ চনৰ জুন মাহত ৷ সেই বছৰৰ সেই নিৰ্দিষ্ট মাহটোত অতি ব্যস্ত হৈ আছিলোঁ বিষ্ণু
ৰাভা দিৱস উদযাপনৰ কামত ৷ যিহেতু উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক আছিলোঁ মই,
গতিকে তৎক্ষণাত তেজপুৰ
এৰি যোৱাটো মোৰ কাৰণে সম্ভৱ নাছিল একেবাৰে ৷ ইতিমধ্যে একাডেমীৰ উপাধ্যক্ষ ভাৰত শৰ্মা ছাৰক কথাটো কলোগৈ ৷ তেখেতেও
অৱশ্যে না নকৰিলে ৷ কিন্তু জুন মাহৰ
দৰ্মহাটো লৈ যোৱাৰ সজ পৰামৰ্শটো দিলে ৷
তেখেতে অৱশ্যে মোক আৰু এটা ভাল পৰামৰ্শ দিলে, সেইটো হ’ল চাকৰিটো ইস্তফা নিদি, ছমাহৰ লিয়েন (Lien)ত যোৱাৰ কথা ক’লে, যাতে নতুন চাকৰিটো কিবা কাৰণত ভাল নাপালে আকৌ
সেই চাকৰিটোলৈ ঘূৰি আহিব পাৰোঁ ৷ ভাৰত শৰ্মা ছাৰৰ পৰামৰ্শটো বৰ ভাল পালোঁ ৷ ’লিয়েন’ত যোৱাৰ খবৰটো মোৰ
কলেজীয়া বন্ধু বৰঝাৰ গাঁৱৰ ৰাণা হাজৰিকাক জনালোঁ ৷ ৰাণা আহি ভাৰত শৰ্মা ছাৰক লগ ধৰিলেহি মোৰ পৰামৰ্শ মতে ৷ তেওঁ তেতিয়া
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কেমিষ্ট্ৰিত এম এছ চি পাছ কৰি ঘৰতে আছিল ৷ তেওঁ আহি
ভাৰত শৰ্মা ছাৰক লগ ধৰাত তেওঁক মোৰ ঠাইত নিয়োগ কৰাৰ সিদ্ধান্ত ল’লে ৷ মই জুন মাহটো
চাকৰি কৰি মাহৰ দৰ্মহাটো পকেটত ভৰাই জুলাই মাহৰ চাৰি তাৰিখে নামৰূপ অভিমুখে ৰাওনা
হবলৈ নিজকে প্ৰস্তুত কৰিলো ৷
(২)
তেজপুৰ এৰোঁ বুলিও এৰিব পৰা অৱস্থা এটা নাছিল সেই মুহূৰ্তত ৷ তেজপুৰ একাডেমীত চাকৰিত সোমায়েই এটা গধূৰ দায়িত্ব নিজেই মূৰ পাতি লব লগীয়া হৈছিল ৷ ডাঙৰৰ দাদা (নৰেন গোস্বামী)ৰ বিয়াখন তেতিয়ালৈ হৈ গৈছিল যদিও মাজু দাদা, সৰু দাদাৰ বিয়া পতাই হোৱা নাছিল ৷ ডাঙৰ দাদাৰ বিয়াৰ পাছতেই দেউতাৰ মৃত্যু ঘটে ৷ তেতিয়ালৈ নৰেনদাই উপায়ুক্তৰ অফিচত কেৰাণীৰ চাকৰি এটা যোগাৰ কৰি ল’বলৈ সক্ষম হৈছিল ৷ মাজুদাদায়ো প্ৰাক-বিশ্ববিদ্যালয়তে উচ্চ শিক্ষাৰ সপোন ত্যাগ কৰি ’এছ এছ বি’ত চাকৰি এটা পাই তাতে যোগদান কৰি তেজপুৰৰ পৰা বাহিৰলৈ যাবলগীয়া হ’ল ৷ ডাঙৰ দাদাৰো সেই সময়খিনত এটাৰ পাছত এটাকৈ অসুখ-বিসুখ হৈ আছিল ৷ এবাৰতো গাঁৱৰ ঘৰত থাকোঁতে এনেকুৱা কঁকালৰ বিষ হ’ল যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিব লগীয়া পৰিস্থিতি হৈছিল ৷ তেতিয়াও ময়েই দাদাক ডিব্ৰুগড়লৈ নিবলগীয়া হৈছিল ৷ সেয়াও এক ভিন্ন অধ্যায়, সেই অধ্যায় পাছত আগ বঢ়োৱাৰ চেষ্টা কৰিম ৷ তদুপৰি দাদাৰ প্ৰথম কন্যা সন্তানটি জন্মৰে পৰা শাৰীৰিকভাবে সক্ষম নাছিল ৷ এটা সময়ত গাঁৱৰ ঘৰখনৰ পৰা আমাৰ আটাইৰে চলা-ফুৰা কৰাটোও টান হৈ পৰিছিল ৷ ভনী ৰেণুৱে দৰং কলেজত পঢ়িবৰ সময়ত একমাত্ৰ যাতায়াতৰ অসুবিধাৰ কাৰণেই হোষ্টেলত থাকি ল’ব লগীয়া হৈছিল, যিটো কাৰণে দাদাহঁতৰ খৰচৰ মাত্ৰ বাঢ়ি গৈছিল ৷ বিয়াৰ পাছত দাদাৰ পৰিয়ালটোৰো অসুস্থ সন্তানটি লৈ ফুৰা-চকা কৰা বা টাউনলৈ আহি চিকিৎসাৰ ব্যৱস্থা কৰাটো লাহে লাহে জটিল হৈ পৰিছিল ৷ তেতিয়ালৈ মাৰো স্বাস্থ্য পৰি আহিছিল ৷
সমস্যাৰ অন্ত নাছিল ৷ দেউতাহঁতৰ দিনৰ গাঁৱৰ ঘৰখন চকুৰ আগত প্ৰায় জহি-খহি যাবলৈ ধৰিছিল৷ বতাহ-বৰষুণ,
ধুমুহা আহিলেই ৰাতি টোপনি
নাহে ৷ পানী পৰা ঠাইত বাল্টিং পাতিব লাগে লৰালৰিকৈ ৷ সেই ঘৰখনো প্ৰায় নতুন কৈ থিয়
কৰাবলগীয়া হৈছিল দাদাহঁতে ৷ দেউতাৰ দিনৰ পুৰণি ঘৰটো একেবাৰে ভাঙি পেলোৱা হৈছিল ৷
গতিকে নতুনকৈ ইমান ডাঙৰ পৰিয়াল এটাৰ বাবে ঘৰ এখন থিয় কৰোৱা কথাটোও ধেমালি কথা
নাছিল ৷ তাৰ মাজতে বিয়া-বাৰু, পঢ়া-শুনা,
বেমাৰ-আজাৰ আদি কথাবিলাকতো আছিলেই ৷ এশ-এবুৰি সমস্যাৰ মাজতে ঘৰখন দাদাহঁতে কোনোমতে পৰিয়ালটো থাকিব
পৰাকৈ সজাই-পৰাই তুলিছিল ৷ সেই সংকটৰ মাজতো কিন্তু ঘৰখনৰ পৰিয়ালৰ প্ৰায় কেউজনে
সাংস্কৃতিক ক্ষেত্ৰখনত নিজকে বিলীন কৰি ৰাখিব পৰাটো কম কথা নাছিল ৷ ঘৰুৱা তথা
পাৰিবাৰিক জঞ্জালৰ মাজতো নৰেনদাই পুৱা-গধূলি আজৰি সময় উলিয়াই প্ৰাইভেটকৈ প্ৰথমে
’বি এ’ ডিগ্ৰী আহৰণ কৰে, পাছত ’এম এ’,
একেবাৰে শেষত আইনৰ স্নাতক
ডিগ্ৰী অৰ্জন কৰে ৷
এইবিলাক ঘৰুৱা সমস্যাৰ বাহিৰেও আৰু এটা গুৰুতৰ সমস্যা হৈছিল তেজপুৰ টাউনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে প্ৰয়োজনানুসাৰে তাল-মিল বজাই ৰখাটো ৷ বাৰিষা হ’লে বোকা-বৰষুণ, পিচল বাট-ঘাট আৰু খৰালি হ’লে ধূলিময় ৰাস্তা-পদূলী, ঠাণ্ডা, কুৱঁলিয়ে আৱৰা বাট-ঘাটেৰে অহা-যোৱা কৰাটো বিপদজনক হৈ পৰিছিল ৷ ৰাতি ৰাতি মুকলি পথাৰত, হাবিতলীয়া বাটত জন্তু-জানোৱাৰেও ভুমুকি মৰা চকুত পৰিছিল ৷ মুঠতে গাঁৱৰ পৰা দিনে-ৰাতিয়ে চাইকেল মাৰি কামবিলাক কৰাটো অসম্ভে হৈ পৰিছিল আমাৰ আটাইৰে বাবে ৷ সেয়ে টাউনত কিবা প্ৰকাৰে স্থিতি এটা ল’বৰ বাবে চিন্তা কৰিবলগীয়া হৈছিল ৷ ইতিমধ্যে নৰেনদাই বন্ধু তীৰ্থ শৰ্মাৰ সৈতে মাটি এডোখৰৰ কথা লৈ আলাপ-আলোচনা কৰোতে তীৰ্থ শৰ্মাই তেওঁলোকৰ চান্দমাৰি (হজৰাপাৰ) ঘৰৰ পিছফালৰ পৰত্যক্ত মাটি এডোখৰ দেখুৱাই দিলে ৷ পৰত্যক্ত হ’লেও টাউনৰ মাটি হিচাপে চিকুণাই ল’লে ভাল হ’ব বুলি ভাবি মাটিডোখৰ লোৱাৰ সিদ্ধান্ত লোৱা হ’ল ৷ মূল্যও বেছি কোৱা নাছিল ৷ কিন্তু সেইখিনি মূল্য দিব পৰা অৱস্থা আমাৰ কাৰো নাছিল ৷ ডাঙৰ দাদাই এটা নকৰিবলগীয়া কাম কৰিলে ৷ শহুৰেকৰ কাষ চাপিল ৷ বিশ্বনাথ চাৰিআলিৰ শহুৰেক ইন্দ্ৰেশ্বৰ বৰঠাকুৰ অৱস্থাপন্ন মানুহ আছিল ৷ তেখেতে ডাঙৰ জীয়ৰীক দাদালৈ বিয়া দিছিল দাদৰ শিক্ষা-দীক্ষাৰ লগতে আমাৰ পৰিয়ালটো চাই ৷ কিন্ত আমাৰ ঘৰখন আছিল ঘোকোট গাঁৱত, ঘৰৰ অৱস্থাও তেতিয়া শোচনীয় ৷ বাৰিষা হ’লেই বোকা-পানী খচকি অহা-যোৱা কৰিব লাগে ৷ বিপদে-আপদে ওচৰত ডাক্তৰ এজনো পাবলৈ নাই ৷ সেই ভয়তে প্ৰথম সন্তানটো প্ৰসৱৰ আগে আগে নবৌক নি চাৰিআলিৰ ঘৰত ৰাখিছিল, যাতে সময়ত বিপদত নপৰে ৷ কিন্তু বিপদ আহিলে কোনে ৰাখিব পাৰে ? মূৰামূৰি সময়ত আকৌ খৰধৰ কৰি নিজৰ এম্বেছেডৰ গাড়ীত এসোপামান মনুহ লৈ তেজপুৰ মিছন হস্পতাললৈ আনিবলগীয়া অৱস্থা এটা আহি পৰিল ৷ তেনেকৈ আনি হস্পতালত ভৰ্তি কৰালে হয়, পিছে সন্তানটো ঘূণীয়া হ’ল ৷ জন্মতে কিবা এটা ডাঙৰ বেমাৰ লাগি আহিল ৷ দাদাহঁতৰ নতুন সংসাৰখনলৈ এন্ধাৰ নামি অহাৰ দৰে হ’ল ৷ সন্তানটি উঠিব-বহিব নোৱাৰে, দিনে-ৰাতিয়ে কান্দি থকাত ঘৰখনৰ মানুহ কোনোৱেই শান্তিৰে কটাব নোৱাৰা হ’ল ৷ ৰাতি হ’লে টোপনিৰ ঔষধ খুৱাই থ’ব লগীয়া হয় ৷ ককাৱকে এইবিলাক চকুৰ আগত দেখি আছিল ৷ ৰাতি কেতিয়াবা কোলাত লৈ নিজে বহি বহি কটাবলগীয়া হয় ৷ দাদাই তাৰ মাজতে প্ৰাইভেটকৈ এম এ’ পৰীক্ষা দিয়াৰ চিন্তা কৰি পঢ়া-শুনা আৰম্ভ কৰিছিল ৷ আমি যিমান পাৰোঁ ঘৰুৱা কামবিলাকৰ দায়িত্ব লৈ দাদাক যিমান পাৰোঁ লকাহ দিছিলো সিবিলাকৰ পৰা ৷ দাদাই চাইকেল মাৰি কছাৰীত কেৰাণীৰ চাকৰি কৰি আছিল যদিও চাইকেল মাৰি এটা সময়ত অসুখীয়াও হৈ পৰিছিল ৷ দাদাৰ বাবে টাউনত আশ্ৰয় হিচাপে ঘৰ এখনৰ বৰ প্ৰয়োজন হৈ পৰিছিল ৷ এবাৰ কাষলতি তলত ডাঙৰ টেমুনা এটা হৈ ঘৰৰ ভিতৰৰ পৰা ওলাব-সোমাব নোৱৰা হৈ পৰিছিল ৷ চাকৰিতো বাদেই, অসুস্থ ছোৱালীজনীকো চোৱা-চিতা কৰিব পৰা নাছিল ৷ পাছত তেজপুৰ চিভিল হাস্পিতালত ৰাখি অপাৰেচন কৰাবলগীয়া হৈছিল ৷
এনে বহু কাৰণত তেজপুৰ টাউনৰ আশে-পাশে এডোখৰ মাটি যোগাৰ কৰাটো জৰুৰী হৈ পৰিছিল আমাৰ বাবে ৷ হজৰাপাৰৰ ৰে’ল গে’ট (আজি-কালি ৰে’ল গে’ট উঠি গ’ল)ৰ সমীপত তীৰ্থ শৰ্মাৰ বাৰীৰ পিছফালৰ সেই পৰিত্যক্ত মাটি একঠামানকে দাদাই লোৱাৰ কথা ভাবিলে ৷ তেতিয়াই পইচাৰ জোৰা মাৰিবৰ কাৰণে শহুৰেক ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ ওচৰ চাপিল দাদা ৷ তেখেতেতো আমাৰ ঘৰখনৰ কথা বাৰুকৈয়ে বুজি পাইছিল ৷ গতিকে দাদাক ঘৰৰ ধান বেচা টকাৰে দুহেজাৰ টকা ধাৰলৈ দিলে ৷ দাদাই সেইখিনি টকাকে মূলধন হিচাপে লৈ বাকীখিনি যি লাগে যা-যগাৰ কৰি মাটিকণ হাত কৰি ল’লে ৷ আমি কথাবিলাক ইমান দ কৈ তেতিয়া চিন্তাৰা নাছিলোঁ, আমি মাথোঁ মাটি এটুকুৰা টাউনত লোৱাৰ কথাটোত জোৰ দি আছিলোঁ । মাটি টুকুৰা হ’লেই আমি হাতে-পাতে লাগি ঘৰ এখন থিয় কৰিম । কিয়নো তেজপুৰ টাউনত মাটি যোগাৰ কৰা কথাটো আমাৰ বাবে বৰ ডাঙৰ কথা আছিল ৷ মাটিডোখৰ তীৰ্থদাই চমজাই দিয়াৰ পাছত আমাৰ উলাহৰ অন্ত নাছিল, বিশেষকৈ সৰুদাদা (কুমুদ গোস্বামী) আৰু মোৰ ৷ নৰেনদাই মাটিকণ যোগাৰ কৰিলে হয়, কিন্তু ঘৰ সাজিবলৈ পইচা ক’ত ? মাজুদাদা (মোহিনী গোস্বামী) এই কথা-বাৰ্তাবিলাকত বৰ সুখী নাছিল ৷ ডাঙৰ দাদাই শহুৰেকৰ ঘৰৰ পৰা টকা ধাৰে অনা কথাটো সি সমূলি ভাল পোৱা নাছিল ৷ সেয়ে সি বিষয়টো এৰাই চলিছিল ৷ তদুপৰি চাকৰিসূত্ৰে ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে বৰ এটা অসুবিধাৰ সমুখীনো হোৱা নাছিল সি, বিয়া-বাৰুও যিহেতু সি কৰোৱা নাছিল তেতিয়া ৷ কিন্তু বিয়া পতাৰ সময়ত তাৰে বেছি খদমদম লাগিছিল টাউনলৈ গাঁৱৰ পৰা উঠি অহাৰ ৷ সৰুদাদা উৎফুল্লিত হৈছিল যদিও তাৰ হাত-ভৰি বন্ধা আছিল তেতিয়া, যিহেতু তাৰ চাকৰি নাছিল তেতিয়ালৈকে ৷
(ক্ৰমশঃ)
