জয়ন্ত মাধৱ বৰা
৷৷ দহ৷৷
ছোৱালীবোৰক চাকৰি
দিম বুলি দালাল কিছুমানে ফুচুলাই নি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়াক লৈযে ধুপধৰাত
কেইদিনমান হুলস্থূল হৈ আছিল, এতিয়া সেইবোৰ তল পৰিল৷ এতিয়া ৰাস্তাৰ
কাষৰ গছবোৰ কটাক লৈ হুলস্থূল লাগি আছে৷ গোৱালপাৰাৰ পৰা একেবাৰে গুৱাহাটীলৈকে
ৰাস্তাটো ‘ফ’ৰ লেন’ হ’ব৷ ৰাস্তাটো বহল কৰিবলৈকে ৰাস্তাৰ কাষৰ ডাঙৰ ডাঙৰ শাল গছবোৰ
কাটি পেলাবলগা হৈছে৷ দেখিলেই বেয়া লাগে, ডাঙৰ ডাঙৰ গছৰ কুন্দাবোৰ মাটিত পৰি আছে৷
কাটি পেলোৱা গছৰ মূঢ়াটোৱে বিষাদকাতৰ হৈ যেন আকাশলৈ চাই আছে৷ প্ৰকৃতিপ্ৰেমী
সংগঠনকেইটামানে ইয়াকে লৈ আন্দোলন আৰম্ভ কৰিছে৷ তেওঁলোকৰ মতে উন্নয়নৰ নামত এটা
সভ্যতাক ধ্বংস কৰা হৈছে৷ এই গছবোৰ এই অৱস্থা পাবলৈ এশ বছৰ লাগিছে৷ নতুনকৈ এতিয়া গছ
ৰুলেও এশ বছৰৰ পাছতহে এনেকুৱা অৱস্থা পাবগৈ৷ তেতিয়ালৈ দুটা প্ৰজন্ম শেষ হৈ যাব৷
কিছুমানৰ মতে কিবা পাবলৈ কিবা এটা হেৰুৱাবই লাগিব৷ গোৱালপাৰাৰ পৰা একেবাৰে
গুৱাহাটীলৈকে ৰাস্তাটো ইমান ঠেক, প্ৰতি বছৰেই কিমান দূৰ্ঘটনা হয় হিচাপ
নাই৷ তীব্ৰ গতিৰে গাড়ীবোৰে কিমান মানুহ মাৰিলে হিচাপ নাই৷ ‘ফ’ৰ লেন’ হ’লে অন্ততঃ
দুৰ্ঘটনাৰ মাত্ৰা কমিব৷ ‘ফ’ৰ লেন’ হ’লে ঠাইবোৰৰ উন্নয়ন হ’ব৷ সেই যে এল পি স্কুলৰ
শিক্ষক নিমাই, তাৰ কথাবোৰ আকৌ সকলোতকৈ বেলেগ৷ তাৰ মতে কেইটা ৰাস্তা পকা হ’ল,
কেইখন
পকী দলং হ’ল, কিমান অট্টালিকা নিৰ্মাণ হ’ল সেইটোৱে এখন ঠাইৰ উন্নয়ন নুবুজায়৷
মানুহৰ বৌদ্ধিক উন্নয়ন হ’ব লাগিব, মানুহৰ বাসযোগ্য এখন সমাজ গঢ়াৰ বাবে
সপোন থাকিব লাগিব, সেইটোহে প্ৰকৃত উন্নয়ন৷ গণেশে এইবোৰ কথা বুজি নাপায়৷ সি এটা কথাই
বুজি পায়– সকলো সুবিধা পাব লাগে, ৰাস্তা-ঘাট ভাল হ’ব লাগে, ব্যৱসায়-বাণিজ্য
ভাল হ’ব লাগে, ইনকাম বেছি হ’ব লাগে, সেইটোৱেই উন্নয়ন৷ তাৰ দৰে সাধাৰণ
মানুহবোৰে কথাবোৰ তেনেদৰেই ভাবে৷
দৈনিক বজাৰলৈ
সোমাই যোৱা ৰাস্তাটোৰ কাষতে গণেশে তাৰ নতুন চাহৰ দোকানখন আৰম্ভ কৰিছে৷ চাহ,
বিস্কুট,
তামোল-পাণ৷
প্ৰথম দুদিনমান গ্ৰাহক নাহিলেই৷ কোনেও গমেই নাপায় সেইখিনিত যে চাহৰ দোকান এখন
আৰম্ভ হৈছে৷ লাহে লাহে দুই-এজন আহিবলৈ লৈছে৷ ব্যৱসায় ভাল বুলি ক’ব নোৱাৰি৷
দুদিনমান বিক্ৰী নোহোৱাকৈ থাকি গ’লেই বিস্কুটবোৰ সেমেকি যায়৷ সেমেকা বিস্কুটবোৰ
কোনে খাব? সেইবোৰ লোকচান৷ বিক্ৰী কম বাবে সৰহকৈ ভাল বিস্কুট ৰাখিবও নোৱাৰি৷
সৰহকৈ নল’লে লাভ নহয়৷ মুঠতে সৰু সৰু ব্যৱসায়ীবোৰৰ সমস্যাৰ অন্ত নাই৷সি মন ভাঙি
পেলোৱা নাই৷ কিবা এটা কৰিব লাগিব বুলি মন ডাঠ কৰি লৈছে যেতিয়া কৰিবই৷ প্ৰতিদিনেই
দোকান বন্ধ কৰি ঘৰলৈ গৈ দিনটোৰ বিক্ৰীৰ হিচাপ কৰে, বিকালী উন্নয়ন
কমিটিৰ পৰা ধাৰে লোৱা টকাৰ হিচাপ কৰে, সুদৰ টকাৰ পৰিমাণ হিচাপ কৰে, অলপ
সময়ৰ বাবে হতাশা আৰু অসহায়বোধে তাক অৱস কৰি তোলে, পাছ মুহূৰ্ততে আকৌ
মন ডাঠ কৰে– সকলো ঠিক হ’ব৷ এদিন তাৰ জীৱনলৈও ভাল দিন আহিব৷ ভাল দিন আহিব বুলি ভবাৰ
লগে লগেই সি উৎসাহী হৈ উঠে৷ অনিবাৰ্যভাৱে অন্তৰ্লীন হৈ যায় নৈৰাশ্যবোধ৷ দেহলৈ ঘূৰি
আহে স্বাভাৱিক মাধুৰিমা আৰু সেই অব্যক্ত সুখানুভূতি লৈয়ে পাছদিনা সি দোকান আৰম্ভ
কৰে৷
ৰাতিপুৱাটো বৰ
ব্যস্ততাৰে পাৰ হয়৷ কিবা এটা ৰান্ধি খাই আহিব লাগে৷ দোকানৰ বস্তুবোৰ ঠিকমতে বেগত
ভৰাব লাগে, যাতে একো থাকি নাযায়৷ কেইদিনমান তাৰ তেনেকুৱা হৈছে৷ টেবুলখনত দোকানৰ
সৰঞ্জামখিনি নিদিৰ্ষ্ট স্থানত থ’বলৈ লওঁতেহে গম পায় চেনীৰ টেমাটো এৰি থৈ আহিল৷
চাহপাতৰ টেমাটো এৰি থৈ আহিল৷ সেইবোৰ আকৌ কিনিব লগা হয়৷ এনেকুৱা অৱস্থাত বৰ
দৌৰাদৌৰি হয়৷ গ্ৰাহক ঘূৰি যায়৷ আজিকালি সেই কাৰণে বেগটোত বস্তুখিনি ভৰাওঁতে সি খুব
সাৱধান হয়৷ দোকানখন সজাওঁতেও সময় লাগে৷ টেবুলখনৰ সৈতে গেছৰ ষ্ট’ভ আৰু ছিলিণ্ডাৰটো
থয় হৰি বিশ্বাসৰ ঘৰত৷ ঘৰটো একেবাৰে ওচৰতো নহয়৷ তাৰপৰা সেইবোৰ আনি ঠিক্-ঠাক্ কৰিব
লাগে৷ সকলোবোৰতো অকলেই কৰিব লাগে৷ কেতিয়াবা হৰি বিশ্বাসে তাৰ ঠেলাখনতে বস্তুকেইটা
আনি থৈ যায়হি৷ কাম থাকিলে নোৱাৰে৷ হৰি বিশ্বাসে ঠেলা চলায়৷
হৰি বিশ্বাসৰ ককাক
প্ৰথমতে ইয়াত থাকিবলৈ লৈছিল৷ সেয়া বহুদিনৰ আগৰ কথা৷ তেতিয়া হেনো ভাৰত স্বাধীন
হোৱাই নাছিল৷ তেতিয়া এই ঠাইখনৰ নাম আছিল ৰংপুৰ৷ ১৮২২ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে
ৰংপুৰ জিলাৰ পৰা ফালি এখন নতুন জিলা গঠন কৰি নাম দিয়ে ‘উত্তৰ-পূব ৰংপুৰ’৷ সেই সময়ত
ইয়াত চলি আছিল জমিদাৰী প্ৰথা৷ সাধাৰণ মানুহে জমিদাৰক ‘ৰজা’ বুলি মানি লৈছিল৷ তাৰ
দুবছৰমানৰ পাছতহে এই ঠাইখনৰ নাম গোৱালপাৰা হয়৷ ১৮২৫ চনত গোৱালপাৰাত প্ৰথম জিলা
উপায়ুক্তৰ কাৰ্যালয় স্থাপন হৈছিল৷ তেতিয়া জিলাখনৰ চাৰিসীমা আছিল– উত্তৰে বিজনী,
ছিদলি,
চিৰাং
আৰু গোমা দুৱাৰ অঞ্চল, পূবে মানস আৰু শিংৰা, দক্ষিণে গাৰোপাহাৰ আৰু পশ্চিমে ৰংপুৰ আৰু
কোচবিহাৰ৷ সেই তেতিয়াই হৰি বিশ্বাসৰ ককাক
আগিয়ালৈ আহিছিল৷ হৰি বিশ্বাসৰ ককাকে আগিয়াত আৰম্ভ কৰিছিল মিঠাতেলৰ ব্যৱসায়৷ আগিয়া
তেতিয়া হাবি-জংঘলেৰে ভৰা এখন ঠাই৷ তাত তেওঁৰ ব্যৱসায় ভাল নহ’ল৷ কিছুদিনৰ পাছত তেওঁ
কৃষ্ণাইলৈ উঠি আহিল৷ তাত তেওঁ মিঠাতেলৰ লগতে কলৰ ব্যৱসায় আৰম্ভ কৰিলে৷ ব্যৱসায়
ভালেই চলিছিল৷ কিন্তু কলেৰা হৈ এদিন মানুহটো মৰি থাকিল৷ সেই সময়ত হৰি বিশ্বাসৰ
দেউতাকৰ বয়স আছিল মাত্ৰ পোন্ধৰ বছৰ৷ ঘৰৰ ডাঙৰ ল’ৰা৷ কঠোৰ পৰিশ্ৰমেৰে তেওঁ ঘৰখন
ধৰিলে৷ ৰংজুলিৰ পৰা ছোৱালী এজনীও বিয়া পাতি নি সংসাৰ আৰম্ভ কৰিলে৷ তাৰ পাছতেই
ককায়েক-ভায়েকৰ মাজত কাজিয়া লাগিল৷ হৰি বিশ্বাসৰ দেউতাক ধুপধৰালৈ উঠি আহিল৷ ইটোৰ
পাছত সিটো ব্যৱসায় কৰিলে৷ মিঠাতেলৰ ব্যৱসায় কৰিলে, কলৰ ব্যৱসায় কৰিলে,
বিস্কুটৰ
ব্যৱসায় কৰিলে৷ এটাতো কিন্তু মানুহটো সফল নহ’ল৷ চিন্তা, দৰিদ্ৰতা, হতাশাই
মানুহটোক চেপি ধৰিলে৷ মানুহটোও বেমাৰী হ’ল, ঘৈণীয়েকজনীও
বেমাৰী হ’ল আৰু এবছৰৰ অগা-পিছাকৈ দুয়োটা মৰি থাকিল৷
সেই তেতিয়াৰ পৰা
হৰি বিশ্বাসৰ জীৱন সংগ্ৰাম৷ পৰিয়ালটো পোহপাল দিবলৈ সি নকৰে কি? ঠেলা
চলায়, দিন-হাজিৰা কৰে, মুঠতে কোনোবাই কাম কৰিবলৈ মাতিলেই হ’ল,
সময়মতেই
হাজিৰ হয়গৈ৷ সকলোৱে সেই কাৰণে তাক ভালো পায়৷ আনতকৈ দুটা টকা বেছিকৈ দিয়ে৷ এই হৰি
বিশ্বাসৰ ঘৰতে গণেশে টেবুলখন, ছিলিণ্ডাৰটো আৰু গেছ ষ্ট’ভটো থয়৷ সেইবোৰ
থ’বলৈ যোৱা, আনিবলৈ যোৱাটোও এটা ডাঙৰ কাম৷ তাৰ মাজতো সি কামবোৰ কৰি আছে৷ সিযে
আলচিয়া নহয়, সেইটো দেখুৱাই দিব৷ সিও যে সন্মান লৈ জীয়াই থাকিব পাৰে, দেখুৱাই
দিব৷ তেনেকুৱা সময়বোৰত তাৰ মাকলৈ মনত পৰে৷ মাকলৈ মনত পৰিলেই তাৰ সাহস বাঢ়ি যায়৷
মনলৈ নতুন উদ্যম আহে৷
সাপ্তাহিক বজাৰৰ
দিনা গ্ৰাহক অলপ বাঢ়ে৷ অকলে চম্ভালিব নোৱাৰা হৈ যায় কেতিয়াবা৷ সাপ্তাহিক বজাৰৰ
দিন এটাত অতি ব্যস্ত হৈ থকা সময়তে দেখিলে চুচুক-চামাকৈ ডেনিছ ওচৰতে থিয় হৈ আছে৷
ডেনিছক দেখাৰ লগে লগে খঙে তাৰ মূৰৰ চুলিৰ আগ পালেগৈ৷ চাল্লা নিকম্মা, ককায়েৰে
ইমান অপমান কৰিলে, মুখেৰে মাত এষাৰ নামাতিলি৷ এতিয়া কিয় আহিছ? গণেশৰ যে খং উঠিছে
ডেনিছে ধৰিব পাৰিছে৷ কাষ চাপিবলৈ সাহ কৰা নাই৷ লাহে লাহে গ্ৰাহকৰ ভিৰ বাঢ়ি গ’ল৷
কাৰোবাক তামোল লাগে, কাৰোবাক চাহ লাগে৷ চাহৰো আকৌ ভাগ ভাগ৷ কোনোবাই চেনী খায়, কোনোবাই
নাখায়৷ কোনোবাই গাখীৰ দিয়া চাহ বিচাৰে, কোনোবাই বিচাৰে লাল চাহ৷ মানে কোনোবা
সময়ত চম্ভালাই টান হৈ পৰে৷ চাহ খাই তামোল বিচাৰে৷ কটা তামোল নাপালেই গ্ৰাহক
অসন্তুষ্ট হৈ পৰে৷ তামোল এগাল কাটি থ’লেও দিগদাৰ৷ শুকাই যায়৷ মানে অকলে চম্ভালাই
দিগদাৰ৷ তেনেকুৱা এটা অৱস্থাৰ মাজতে গণেশে মন কৰিলে ডেনিছে উপযাচি আহি কামবোৰত
লাগি-ভাগি দিছেহি৷ তাৰ চাৎকৈ চন্দ্ৰলৈ মনত পৰি গ’ল৷ সিও এনেকৈয়ে এদিন চন্দ্ৰৰ
দোকানলৈ আহিছিল আৰু চন্দ্ৰক সহায় কৰি দিছিল৷ তাৰ পাছৰ পৰা চন্দ্ৰৰ লগ এৰিব পৰা
নাছিল৷ শেষলৈকে চন্দ্ৰৰ লগতেই থাকি গ’ল৷ এতিয়া ডেনিছো একেদৰেই তাৰ কাষ চাপিছে৷ সি
মাজে মাজে ডেনিছলৈ আঁৰ চকুৰে চায়৷ চন্দ্ৰৰ মুখখন তাৰ চকুৰ আগত ভাহি উঠে৷ তাৰ গাটো
জিকাৰ খাই উঠে৷ ডেনিছে নিজে নিজে কামবোৰ কৰি আছে৷ গণেশে মাত এষাৰো দিয়া নাই৷
দুপৰীয়া গ্ৰাহক নথকাত সি ডেনিছক সুধিলে–
‘ভাত খাই আহিছ না নাই? মুই ভাত খাই আহং৷ ইয়াত নাখাং৷’
: খাই আহিছুং৷ –ডেনিছে লাহেকৈ ক’লে৷
বহিবলৈ একো
ব্যৱস্থা নাই৷ ওচৰতে শিলৰ দ’ম এটা আছিল৷ গণেশে তাতে বহি বিড়ি এটা জ্বলালে৷ পুতলা
থিয়েটাৰ কৰোঁতে চিগাৰেট খাইছিল৷ তেতিয়া হাতলৈ দুই-এটকা পইচা আহিছিল৷ জেপত পইচা
থাকিলে সাহস থাকে৷ ডেমাকিত কথা ক’ব পাৰি৷ মনে যি বিচাৰে তাকে কৰিব পাৰি৷ পইচা
নাথাকিলে সকলো মিছা৷ পুতলা থিয়েটাৰখন ভাগি যোৱাৰ পাছত সি চিগাৰেট খাবলৈ বাধ্য হৈয়ে
এৰি দিছিল৷ ফাউকতে পালে ভাং খাবলৈ লৈছিল, গেলা খাবলৈ লৈছিল৷ চাহৰ দোকানখন দিবলৈ
লোৱাৰ পৰা বিড়ি খাবলৈ ল’লে৷ কেতিয়াবা বিক্ৰী কৰিবলৈ অনা ৰজনীগন্ধা এপেকেটো খায়৷
অভ্যাসটো বেয়া হৈছে৷ হাতলৈ টকা আহিলে হেনো অভ্যাস বেয়া হয়৷ চন্দ্ৰই কৈছিল৷
: সিদিনাৰ কথাটাকে
লৈ তুই মোক বেয়া পাই নাথাক্বি৷
গণেশে মূৰ তুলি
চালে৷ ডেনিছ তাৰ সন্মুখত থিয় হৈ আছে৷ মুখত জিলিকি উঠিছে অপৰাধবোধ৷ গণেশে তাৰ মুখলৈ
একেথৰে অলপ সময় চাই থাকিল৷ ‘খাবি নাকি’? – সি বিড়িটো ডেনিছৰ ফালে আগবঢ়াই দিলে৷
ডেনিছে বিড়িটো দুবাৰমান জোৰে জোৰে হুপিলে৷ তাৰ পাছত আঙুলিৰ মূৰলৈ টুটি অহা
বিড়িটো গণেশৰ ফালে আগবঢ়াই দিলে৷
: ফেলা? দি৷
–গনেশে বিৰক্তিৰে ক’লে৷
: সিদিনাৰ কাৰ্ণে
মোক ক্ষমা কুৰি দি৷ দাদা মোক সদায়ে ঠাট্টা
কৰে৷ তিৰীটাৰ ওচৰত মেলা লাজ লাগে৷ তিৰীটাও মোক খং উঠি কয়– তোৰ লাজ-চৰম নাই নাকি’৷
– বিষাদ আৰু যন্ত্ৰণাৰ যুগলবন্দীত ডেনিছ কাতৰ হৈ পৰিছে৷ চাৰিওফালে বজাৰৰ বিশৃংখল
কোলাহল৷ এই কোলাহলকো হেঁচা মাৰি থৈ অটল গহ্বৰৰ পৰা যেন ওলাই আহিছে ডেনিছৰ মাতটো,
গণেশৰ
তেনেকুৱা লাগিল৷ বিষন্ন ভাবত সি আকৌ ক’লে– ‘মুই একো কামৰে নাহ’লো’৷
: কেইদিনমান পাছতে
সূৰ্য পাহাৰত মেলা হ’ব৷ তাত দোকান দিলে মেলা লাভ হয়৷ মুই কুমিটিৰ লগত কথা পাতিছুং৷
যাবি নাকি? –গণেশে সুধিলে৷ অকণো
চিন্তা নকৰাকৈ ডেনিছে কৈ দিলে– ‘যাম’৷
সূৰ্য পাহাৰত মাঘী
পূৰ্ণিমাক কেন্দ্ৰ কৰি নদিনীয়াকৈ কিহৰ মেলা হয়, গণেশ আৰু ডেনিছ
এটায়ো ভালকৈ নাজানে৷ এটা কথাই জানে, বহুত ডাঙৰ মেলা হয় আৰু বহুত মানুহ মেলালৈ
আহে৷ হৰেক কিচিমৰ দোকানবোৰ আহে৷ আনন্দমেলা বহে৷ হোটেলবোৰ বহে৷ কাপোৰৰ দোকানৰ পৰা
কাঠৰ দোকানলৈকে মেলাখন ভৰি পৰে৷ দূৰ-দূৰণিৰ পৰা মানুহবোৰ আহে আৰু যাওঁতে ডুবাপাৰাৰ
পাটী এটা আৰু মাটিৰ সামগ্ৰী লৈ যায়৷ ডুবাপাৰাৰ পাটী আৰু মাটিৰ সামগ্ৰী কিনিবলৈ
বেপাৰীবোৰো আহে গাড়ী লৈ৷ বেতৰ পাটী আৰু মাটিৰ সামগ্ৰীৰ বাবে ডুবাপাৰা অঞ্চলটোৰ
নাম আছে৷ বহুতে কয় ঢেৰ ডোবা আছে কাৰণে অঞ্চলটোৰ নাম ডোবাপাৰা হ’ল৷ কিছুমানে আকৌ
কয়– হেই নহয়৷ ঠাইখনৰ নাম ডুবাপাৰাহে৷ ডোবাপাৰা নহয়৷ ডুবাপাৰা কেনেকৈ হ’ল কওঁ শুনা৷
বহু দিনৰ আগতে ডুব্বা নামৰ এজন এজন ব্ৰিটিছ চাহাব এই অঞ্চলটোত উপস্থিত হৈছিল৷ সাত
সাগৰ তেৰ নদী পাৰ হৈ অহা ব্ৰিটিছসকল কিমান দূৰদৰ্শী সেইটোতো সকলোৱে জনা কথা৷
ডুব্বা চাহাবে দেখিলে এই অঞ্চলটোত কুঁহিয়াৰ খেতি ভাল হ’ব৷ তেওঁ কুঁহিয়াৰ খেতি
আৰম্ভ কৰিলে৷ চেনীকল এটাও স্থাপন কৰিলে৷ এই ডুব্বা চাহাবৰ নামৰ পৰাই এই অঞ্চলটোৰ
নাম ডুবাপাৰা হয়৷
এইখনতো আগতে অটব্য
হাবি আছিল৷ মানুহবোৰ ক’ৰ পৰা আহিল? ইয়াত গাঁও পাতিলে কেনেকৈ?
বুজিছা, প্ৰতিখন
ঠাইৰ উৎপত্তিৰ পিছফালে একো একোটা কাহিনী জড়িত হৈ থাকে৷ ঠাইবোৰে কাহিনীবোৰ সাবটি
ধৰি থাকে৷ লাহে লাহে ঠাইখনৰ মানুহবোৰে কাহিনীবোৰ পাহৰি যায়৷ কাহিনীবোৰ হেৰাই যায়৷
কিন্তু ঠাইবোৰে, অঞ্চলবোৰে কাহিনীবোৰক নাপাহৰে৷ সেই কাহিনীবোৰেই যে ঠাইখনৰ পৰিচয়৷
ডুবাপাৰাৰ উৎপত্তিৰ কাহিনী মানুহবোৰে পাহৰিলেও ডুবাপাৰাই পাহৰা নাই৷ ডুবাপাৰাই
এতিয়াও ডুব্বা চাহাবক সাৱটি ধৰি আছে৷
সেইটো বাৰু
বুজিলোঁ৷ হাবি ভাঙি ইয়াত গাঁও পাতি বহিবলৈ লোৱা মানুহবোৰৰ কথা কোৱাচোন৷
শুনা৷ মানৰ
আক্ৰমণৰ কথা শুনিছাই৷ কি ভয়ংকৰ আছিল সেই দিনবোৰ৷ প্ৰাণটো বচাবলৈ ক’ৰ মানুহ ক’লৈ
ঢপলিয়াব লগা হৈছিল, তাৰ ইয়ত্তা নাই৷ সেই মানৰ আক্ৰমণৰ সময়তে উজনিৰ গোলাঘাটৰ পৰা, হাদিৰাচকীৰ
পৰা, মইনগুৰিৰ পৰা মানুহ আহি এই ডুবাপাৰাতে হাবি ভাঙি থিতাপি ল’লেহি৷ সেই
মানুহখিনিৰ সৰহ সংখ্যকেই আছিল হীৰা সম্প্ৰদায়ৰ৷ তেওঁলোকৰ মূল জীৱিকাই আছিল মাটিৰ
সামগ্ৰী নিৰ্মাণ কৰা৷ ডুবাপাৰাৰ নদী কাষৰীয়া মাটি আনি মাটিৰ সামগ্ৰী নিৰ্মাণ কৰি
তাতেই স্থায়ীভাৱে থাকিবলৈ ল’লে৷ তেনেদৰেই তাত মৃৎশিল্পই গা কৰি উঠিল৷
মৃৎশিল্পৰ কথা
বাৰু বুজিলোঁ৷ পাটী শিল্প ইয়াত কেনেকৈ আৰম্ভ হ’ল?
দেশ বিভাজনৰ আগতেই
পূৰ্ব বংগৰ পৰা কিছু বঙালী হিন্দু পৰিয়াল ইয়ালৈ প্ৰব্ৰজিত হৈ আহিছিল৷ তেওঁলোক
কিছুমান মৃৎশিল্পৰ লগত জড়িত হ’ল৷ কিছুমানে পাটী-দৈৰ খেতি কৰি পাটী-শিল্পৰ লগত
জড়িত হৈ পৰিল৷
এটা কথা কিন্তু
স্বীকাৰ কৰিবই লাগিব৷
কি কথা?
মৰনৈ গাঁৱৰ
মৃৎশিল্পৰ কিন্তু কদৰ বেলেগ৷ বেপাৰীবোৰেও মৰনৈ গাঁৱৰ মাটিৰ সামগ্ৰী বেছিকৈ বিচাৰে৷
তাৰ মাটিৰ সামগ্ৰী
নিৰ্মাণৰ পদ্ধতিটো অলপ বেলেগ৷ পৰম্পৰাগত ‘ঢাক’ ব্যৱহাৰ কৰি তাত সামগ্ৰীবোৰ তৈয়াৰ
নকৰে৷ সেই কাৰণেই সামগ্ৰীবোৰৰ মান আনতকৈ বেলেগ হয়৷
অ’ এইটোতো বৰ
গুৰুত্বপূৰ্ণ কথা৷ জানিবলৈ মন গৈছে দেই কথাবোৰ৷
শুনা৷ মানৰ
আক্ৰমণৰ পাছতে আমাৰ ইয়াত এটা ডাঙৰ ভূমিকম্প হৈছিল৷ তাৰ পাছৰ পৰাই ব্ৰহ্মপুত্ৰৰ গৰা
খহনীয়া আৰম্ভ হ’ল৷ নদী কাষৰীয়া গাঁওবোৰ খহি খহি নিশ্চিহ্ন হ’বলৈ ধৰিছিল৷ তেতিয়াই
বৰপেটা, বাঘবৰ, কনৰা, সৰভোগ আদি ঠাইৰ পৰা খহনীয়াত আক্ৰান্ত মানুহবোৰ মৰনৈলৈ আহি তাতে
থাকিবলৈ ল’লে৷ এই ভগনীয়াসকলৰ বেছিভাগেই আছিল হীৰা সম্প্ৰদায়ৰ৷ মাটিৰ সামগ্ৰী
নিৰ্মাণ তেওঁলোকৰ অতীজৰে পৰা চলি অহা বৃত্তি৷ হীৰা সম্প্ৰদায়ক লৈ প্ৰবাদ এটা আছে৷
শুনিবা নেকি?
কোৱাঁচোন কোৱাঁ৷
প্ৰবাদ মতে নীলাচল
পাহাৰত বাস কৰা হীৰা নামৰ দেৱী এগৰাকীৰ পৰাই হেনো হীৰা সম্প্ৰদায়ৰ জন্ম হৈছিল৷
নীলাচল পাহাৰৰ পাণ্ডু ঘাটৰ ওচৰৰ এটুকুৰা আঠালেতীয়া মাটিৰ পৰাই হেনো এই হীৰা মাটিৰ
সৃষ্টি হৈছিল৷ হীৰা মাটিৰ পাত্ৰ তৈয়াৰ কৌশলটো হেনো হীৰা সম্প্ৰদায়ক এই হীৰা
দেৱীয়েই শিকাই গৈছিল৷
বৰ আমোদজনক কথা৷
মানে তেওঁলোকে অলপ বেলেগ ধৰণেৰে মাটিৰ পাত্ৰবোৰ তৈয়াৰ কৰে?
অলপ বেলেগ নহয়,
বহুত
বেলেগ৷ প্ৰথমে আঠালেতীয়া হীৰামাটিখিনি খাল খান্দি পুতি থয়৷ খালটোত তলৰ ফালে কলপাত
পাৰি দিয়ে৷ তাৰ ওপৰত মাটিখিনি থৈ আকৌ কলপাতেৰে ঢাকি দিয়ে৷ মাটিখিনি দুদিনমান পানীত
ভিজাই ৰখা হয়৷ তাৰ পাছত এই কোমল মাটিখিনি নৈৰ মিহি বালিৰ লগত মিহলাই গাইনেৰে মানে
খুন্দনাৰে খুন্দি পাত্ৰৰ আকাৰ দিব পৰা অৱস্থা কৰি লয়৷ পাত্ৰ প্ৰস্তুত কৰাৰ পাছত
বাঁহৰ জেকনিৰে গঢ়া চোচঁনি মাৰিৰে চুঁচি চঁচি পাত্ৰবোৰ মিহি কৰে৷ তাৰ পাছত ৰ’দত
শুকুওৱা হয়৷ তাৰ পাছতহে ভাটাত পোৰা হয়৷
বাপ্ৰে বহুত
মেহনতি কৰিব লগা হয়৷
সেই কাৰণেইতো
মৰনৈৰ মাটিৰ পাত্ৰৰ কদৰ আছে৷ সূৰ্য পাহাৰৰ এই মেলালৈ বেপাৰীবোৰ গাড়ী লৈ আহে এইবোৰ
কিনিবলৈ৷
মেলালৈ যাবলৈ গণেশৰ
প্ৰস্তুতি আৰম্ভ হ’ল৷ যিমানে প্ৰস্তুতি চলাইছে, এটা এটাকৈ
সপোনবোৰে তাৰ বুকুত বাহ সাজিবলৈ ল’লে৷ সি সপোন দেখিলে, মেলাত ইমান ভীৰ
হ’ল, ইমান বিক্ৰী হ’ল যে তাৰ লাভেৰেই বিকালী উন্নয়ন সমিতিৰ পৰা লোৱা গোটেই
ধাৰখিনি পৰিশোধ কৰিব পাৰিলে৷ সপোনতে সি ধুনীয়া ঘৰ এটা সজাও দেখিলে৷ সপোনতে সি
নতুনকৈ ছোৱালী এজনীৰ লগত সংসাৰ কৰাও দেখিলে৷ সপোানতে সঁজা ঘৰটো সি স্পষ্টকৈ দেখে,
কিন্তু
সপোনতে সি যিজনী ছোৱালীৰ লগত সংসাৰ আৰম্ভ কৰাৰ সপোন দেখে, সেই ছোৱালীজনীৰ
মুখখন নেদেখে৷ খুব চেষ্টা কৰে সি, কিন্তু স্পষ্ট নহয়৷ এটা কথা পিছে সি
অনুভৱ কৰিছে, সপোন দেখিবলৈ লোৱাৰ পৰা তাৰ মনলৈ উদ্যম আহিছে৷ মনটো ভাল লাগি থকা
হৈছে৷ জীৱনটোক নতুনকৈ সজাবলৈ মন যোৱা হৈছে৷
টেম্পো এখনত
দোকানৰ সামগ্ৰীবোৰ লৈ গণেশ আৰু ডেনিছ সূৰ্য পাহাৰ পোৱাৰ পাছত দুয়োটাৰে চকু থৰ হৈ
পৰিল৷ পথৰ দুয়োকাষে, পূৱ আৰু পশ্চিমপালৰ ফিল্ডখনত দোকান ঘৰ সাজিবলৈ দোকানীবোৰৰ ভীৰ৷ মেলা
আৰম্ভ হ’বলৈ এতিয়াও এটা দিন বাকী, অথচ এতিয়াই ভীৰ হ’লেই৷ কিছুমান দোকানী
কেতিয়াবাই আহিল নেকি, দোকান সঁজা সম্পূৰ্ণ কৰি বিক্ৰীও আৰম্ভ কৰি দিছে৷ স্থায়ীভাৱে যিকেইখন
হোটেল আছে, তাতো ভিৰ৷ গাড়ী লৈ লৈ দৰ্শনাৰ্থী আহিছে৷ কাইলৈ পৰা ইয়াত গাড়ী
সোমাবলৈ নিদিব৷ কমিটিৰ কাৰ্যালয়লৈ গৈ গনেশে তাৰ বাবে নিদিৰ্ষ্ট কৰা ঠাইটুকুৰাৰ
সন্ধান কৰিলে আৰু ডেনিছৰ সৈতে দোকানখন সজালে৷ ডেনিছ কামত ভাল নহয়৷ বৰ লেধা৷ গণেশৰ
কেতিয়াবা খং উঠি যায়৷ খঙতে গালি দুটামানো দিয়ে৷ ডেনিছে সেমেনা-সেমেনি কৰে৷
গণেশে বাৰু
দোকানখন সাজি থাকক, এইটো চেগতে সূৰ্যপাহাৰৰ এই মহাপীঠস্থানৰ বিষয়ে কোৱাচোন৷ জানিবলৈ মন
গৈছে৷
ঠিক আছে, তেতিয়াহ’লে
শুনা৷ শ্ৰীসূৰ্য বিগ্ৰহৰ পূজা-অৰ্চনা হোৱা বাবে এই মহাপীঠ স্থানক শ্ৰীশ্ৰী
সূৰ্যপাহাৰ মহাপীঠস্থান বুলি কোৱা হয়৷ ‘ৰবিক্ষেত্ৰ’, ‘ভাস্কৰ পাহাৰ’ আৰু
‘সাতালী পাহাৰ’ বুলিও এই মহাপীঠস্থানখনক কোৱা হয়৷ সূৰ্য বিগ্ৰহৰ উপৰিও ইয়াত গণপতি,
হনুমান,
শিৱ,
দ্বাদশ
বিষ্ণুৰ শৈল মূৰ্তি, কামাখ্যাৰ মূৰ্তিও আছে৷ মহাপীঠস্থানৰ উত্তৰ প্ৰান্তত বৌদ্ধ ধৰ্মৰ
স্বাক্ষৰ বহন কৰি আছে প্ৰায় পঁশিচটা শৈল বৌদ্ধ স্তুপ আৰু বৌদ্ধ মন্দিৰৰ
ভগ্নাৱশেষে৷ দক্ষিণপ্ৰান্তত আছে জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থাংকৰ ঋষভনাথৰ পদ্মাসনত ধ্যানমগ্ন
অৱস্থাত থকা শৈল মূৰ্তি৷ নামনিত ঋষভনাথৰ প্ৰথমজন শিষ্য নেমি মূৰ্তি পোৱালৈ চাই এই
মহাপীঠস্থান জৈন ধৰ্মৰ দিগম্বৰ পন্থীসকলৰ পৱিত্ৰ স্থান বুলিও অনুমান কৰিব পাৰি৷
আচৰিত! সনাতন ধৰ্ম,
বৌদ্ধ
ধৰ্ম, জৈন ধৰ্ম তিনিওটাৰে মিলনভূমি এই পাহাৰ! কেনেকৈ সম্ভৱ হ’ল?
তাৰ তথ্য অন্ততঃ
মোৰ হাতত নাই৷ কিছুমানৰ মতে প্ৰাগজ্যোতিষপুৰৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে
প্ৰাগজ্যোতিষপুৰৰ পশ্চিমত দ্বিতীয়খন এখন ৰাজধানী স্থাপন কৰিব বিচাৰিছিল৷ সূৰ্য
পাহাৰত পোৱা ভগ্নাৱশেষসমূহৰ পৰা বহুতে এইখনকেই সেই ঠাই বুলি ক’ব খোজে৷ কিছুমানৰ
মতে আকৌ অসম আক্ৰমণৰ সময়ত নৰনাৰায়ণৰ ভাতৃ শুক্লধ্বজ মানে চিলাৰায়ে শ্ৰীসূৰ্য
পাহাৰৰ পাদদেশত সূৰ্য মূৰ্তিটো পৰি থকা দেখা পাই মূৰ্তিটো স্থাপন কৰি পূজা-অৰ্চনা
কৰিছিল৷ তাৰ পৰৱৰ্তী সময়ত বিজনীৰ ৰজা ভৈৰবেন্দ্ৰই এই মহাপীঠস্থানত ঘৰ সাঁজি দি
ৰাজপুৰোহিতৰ দ্বাৰা পূজা-অৰ্চনা কৰিছিল৷ পুৰোহিত থাকিবলৈ গৃহ এটিও নিৰ্মান কৰি
দিছিল৷ সেই গৃহটিৰ নাম ‘ধুনী গৃহ’৷ এতিয়াও আছে৷ তাতেই প্ৰথম পূজাভাগ হয়৷
এই মেলাখন কেতিয়াৰ
পৰা আৰম্ভ হ’ল?
ৰজাৰ দিনৰে পৰা
চলি আছে৷ মাঘী পূৰ্ণিমাত নদিনীয়াকৈ বিষ্ণু যজ্ঞসহ মেলা হয়৷ প্ৰতিখন ঠাইৰে নিজা
নিজা ঐতিহ্য আছে৷ পৰম্পৰা আছে৷ কোনোবাই এইবোৰক নামানিব পাৰে, কিন্তু
অস্বীকাৰ কৰিব নোৱাৰে৷
হয়, হয়,
ঠিকেই
কৈছা৷ মেলাখন দিনে দিনে ডাঙৰ হৈয়ো আহিছে৷
গণেশেও সেই
কথাটোৱেই ভাবি আছে– ইমান
ডাঙৰ মেলা! কেউফালে মানুহেই মানুহ৷ বিৰ দি বাট পাবলৈ নোপোৱাৰ নিচিনা হৈছে৷ তাৰ
চাহৰ দোকানতো ভীৰ৷ কেটলীৰ পিছত কেটলী চাহ প্ৰস্তুত কৰিও গ্ৰাহকৰ ভীৰ কমা নাই৷
বিস্কুট শেষ হৈ গৈছে৷ কিনি আনিবলৈ সি যাব পৰা নাই৷ ডেনিছক পঠাই লাভ নাই৷ মূৰ্খটোৱে
বিস্কুট কিনিবলৈ দোকানকে বিচাৰি নাপায়৷ দোকানখনো তাৰ হাতত এৰি যাব নোৱাৰি৷ মুঠতে
বাচন ধোৱাৰ বাদে সি একো কৰিব নোৱাৰে৷ খঙতে এবাৰ কৈয়েই দিলে– ‘তুই এটা জধম৷ একো
কামৰ নোহায়৷
(আগলৈ)