অন্যযুগ/


পানীহিলৈ

 গোবিন কুমাৰ খাউণ্ড


(এক) 

ৰত্ন ছাৰ বহা  চকীখনত  ʼদ লৈ বহি আছে মিলিটেৰী৷ গাত ঊণৰ ডাঠ জেকেটটো৷ ডিঙিত এখন গামোচা৷ ভৰিত খৰম৷ কঁকালত এডাল চামৰাৰ বেল্ট৷ সীমান্তৰ যুদ্ধত‌ কোনোমতে  নমৰাকৈ বাচি অহা খগেন মিলিটেৰী একালত অসমৰ পৰা বিদেশী খেদা আন্দোলনৰো চুবুৰীয়া নেতা আছিল৷ পাছতহে মনৰ জোৰত একে জাপে গৈ মিলিটেৰী কেম্প পালেগৈ৷ আন্দোলনৰ সময়ত মিলিটেৰী চেঙেলীয়া ডেকা আছিল৷ ছাত্ৰ সন্থাৰ জৰিগুৰি আঞ্চলিক সমিতিৰ সভাপতিও আছিল৷ অৱশ্যে এতিয়া কিছুমান কথা ক’বলৈ লাজ কৰে তেওঁ৷ বিদেশী খেদাৰ নামত ভবামতে একোৰে একোটো নোহোৱাৰ দুখ এটাই চোবাই মাৰে তেওঁৰ ষাঠী বছৰীয়া মনটোক৷ চাকৰি ইস্তফা দি ঘৰলৈ গুচি অহাৰ সময়ত মানুহবোৰে ভাবিছিল যে মনৰ দুখতে মিলিটেৰীয়ে চাকৰি এৰি গুচি আহিল; কিন্তু সেয়া সঁচা নহয়৷ চাকৰিৰ পৰা আহিয়েই গাঁৱৰ ল’ৰাবোৰক কৈছিল- ‘লেকিন এইবাৰ মই পঞ্চায়তৰ মেম্বাৰ উঠিম, তহঁতক পুথিভঁৰাল বনাই দিম, ফুটবল কিনি দিম৷ গাঁৱৰ পথটো পকা হ’ব, ল’ৰাবোৰৰ বাবে ক্লাবঘৰ হ’ব৷’’ কিন্তু মিলিটেৰী এবাৰো ভোটত নিজিকিল৷ ভাবিছিল গাঁৱৰ মানুহবোৰ সেই আগৰ দৰেই সৰল হৈ আছে৷ সেয়ে দুজনমানে উচটাই দিয়াত প্ৰথমবাৰ নিৰ্দলীয় হৈ পঞ্চায়ত  নিৰ্বাচন খেলিছিল৷ পিছে সেইবাৰ পঁয়ত্ৰিছটা ভোটত হাৰিছিল মিলিটেৰী৷ দ্বিতীয়বাৰ বিদেশী খেদিম বুলি গাদীত বহা দলটোৰ হৈ খেলি ৱাৰ্ডটোৰ এশ বিছটা ভোটৰ ভিতৰত মিলিটেৰীয়ে মাত্ৰ এঘাৰটা ভোটহে পাইছিল৷ ভোট কোনে কোনে দিছিল গোট গোটকৈ হিচাপ কৰি যেতিয়া দহটা ভোটৰ  হিচাপ ওলাল তেতিয়া এঘাৰ  নম্বৰৰ ভোটটো কোনে দিলে সেই লৈ বহুতেই অংক কৰি আছিল৷ ঘোৰ কংগ্ৰেছী ৰত্নছাৰৰ ঘৰৰ মানুহে আঞ্চলিক দলত যে ভোট দিব মনে-ঘৰেও ভবা নাছিল মানুহবোৰে৷ মিলিটেৰীয়ে কিন্তু জানিছিল এঘাৰ নম্বৰৰ ভোটটো কাৰ আছিল৷

মিলিটেৰী যেতিয়া ছুটীত ঘৰলৈ আহিছিল গোটেই অঞ্চলটোৱে গম পাইছিল৷ কাপোৰত চাৰ্লি ছেণ্ট ছটিয়াই হাম্বাৰ চাইকেল এখনত উঠি মিটিৰ-কুটুম্ব সকলোৰে ঘৰত পংপঙাই ফুৰিছিল৷ বগা টি চাৰ্টৰ পকেটত জিলিকি আছিল চাৰমিনাৰ চিগাৰেটৰ পেকেট৷ জেপত উইংচাং কলম এটা৷ চাইকেলৰ কেৰিয়াৰত কাপোৰৰ মোনা এখন থাকিবই থাকিব৷ মোচৰ পাকেই ভয় লগা ধৰণৰ৷ চিকচিকিয়া দাঁত৷ কিচকিচকৈ ক’লা চুটি চুটি চুলি৷ মসৃণ, তুলবুলীয়া গাল-মুখ৷ মাতটো গলগলীয়া৷ মাংসপেশীবোৰ পালোৱানৰ দৰে আটিল৷ বুকখন ডাঠ আধা কেঁচা নোমেৰে ভৰা৷ ডাঠ চেলাউৰিৰে মূৰত এটা পুৰণি মিলিটেৰী টুপী৷ চকুদুটা বৰ একোটা৷ মিলিটেৰীক দেখিলেই মানুহে সমীহ কৰে৷ মিছা-বেশ্যা একেবাৰে বেয়া পায়৷ গাঁৱৰ দুই-চাৰিটা সমনীয়ালৈ মিলিটেৰীয়ে কাপোৰ-কানিৰ লগতে কাঠৰ বাকচৰ তলীত ভৰাই ৰমৰ বটল লৈ আহে৷ তাৰ ভাগ সকলোৱে নাপায়৷ কাশ্মীৰত থকা সময়ত গছৰ পৰা আপেল ছিঙি আনি গাঁৱৰ মানুহক খুৱাইছিলহি৷ সেই কথা হিমানী আইতাৰ বাহিৰে গাঁৱৰ বাকীবোৰে অৱশ্যে পাহৰিলে৷ কাশ্মীৰৰ আপেল, নাচিকৰ আঙুৰ খাবলৈ নাপালেও আইতাৰ কিন্তু কথাবোৰ বালিয়া আপেলৰ দৰেই মনত আছে৷

চকীখনত বহি পদূলিৰ ফালে চাই আছে মিলিটেৰীয়ে৷ সম্মুখত মুখলৈ চাই বহি থকা কুকুৰটো চক খাই উঠাত মিলিটেৰীয়ে দেখিলে হিমানী আইতাহঁতৰ ভঁৰালৰ কাষতে থকা অমিতাজোপাত বান্দৰ এটা উঠি আছে৷ কুকুৰটোৱে ‘ভুক ভুক’ কৰি আগবাঢ়ি গ’ল যদিও একোবত উভতি আহি চকীখনৰ তলত নেগুৰ পেলাই শুই পৰিলহি৷ সেই সময়তে হাতত চাহৰ ট্ৰেখন লৈ হিমানী আইতা ওলাই আহিল৷

মিলিটেৰীয়ে আইতাৰ ভৰিৰ পৰা মূৰলৈ চাই পঠিয়ালে৷ সেই একেই আছে হিমানী আইতা৷ ‘আহ ঐ আহ, খেদ ঐ খেদ’ বুলি চিঞৰা হিমানী আইতাক সেই সময়ত সকলোৱে জৰিগুৰিৰ কনকলতা বুলি মাতিছিল৷ মিলেটেৰীৰ হৃদয় কঁপাই হিমানী আইতাই ক’লে –‘চাহ খাবা৷’

‘খাম৷ পোনা নাই নেকি?’

‘বিলৰ পাৰত ডাঙৰি বান্ধিবলৈ গৈছে৷’ কথাষাৰ কৈয়ে হিমানী আইতাই দেখিলে অমিতা জোপাত দুই-তিনিটা বান্দৰ৷ ভঁৰাল ঘৰটোতো কেইবাটাও বান্দৰ৷ ‘ধৰ, ধৰ... ঔচ ঔচ...’ কৈ কুকুৰটোক মতাত মিলিটেৰীৰ চকীৰ তলৰ পৰা কুকুৰটো ভুক-ভুকাই দুখোজমান গৈ আকৌ আহি শুই পৰিলহি৷ চাহৰ কাপটোত সোহা মাৰি মিলিটেৰীয়ে ক’লে,  ‘তোমাৰ মনত আছেনে ?’

‘কি ?’

‘এবাৰ নে দুবাৰ মই যে গাঁৱৰ ল’ৰাবোৰক লগত লৈ এনলীয়া বন্দুকেৰে বাৰীয়ে বাৰীয়ে যে বান্দৰ খেদি ফুৰিছিলোঁ৷ আহি আহি যে তোমালোকৰ বাৰী ওলাইছিলোঁহি৷ তুমি যে ঢকুৱাৰ বেৰ দিয়া গা-ধোৱা ঘৰটোত সোমাই  গা ধুই আছিলা...৷’

‘হ’ব হ’ব৷ চাহ খোৱাঁ৷ মই বান্দৰকেইটা খেদি থৈ আহোঁ৷’

হিমানীয়ে ফলা খৰি এছলা বান্দৰটোলৈ মাৰি পঠিওৱাত বান্দৰটোৱে মুখতে অমিতা এটা লৈ খেদা মাৰিহে আহিল৷ হিমানী আইতা একেলৰে আহি মিলিটেৰীৰৰ ওচৰ পালেহি৷

‘তুমি বান্দৰকেইটাক খেদি দিব পৰা নাই!’ হিমানী আইতাই সহজভাৱে ক’লে৷ মিলিটেৰীয়ে গোফৰ তলতে হাঁহি লং নে ইলাচী কিবা এটা মুখত ভৰাই চকীখন দাঙি লৈ বান্দৰকেইটালৈ খেদা মাৰি যাওঁতেই আইতাই চকীখনত থাপ মাৰি ধৰি ক’লে, ‘কি কৰাঁ, কি কৰাঁ!  এইখন তেখেত বহা চকী৷’’

চকীখন  মূৰৰ ওপৰত দাঙি ধৰিয়েই মিলিটেৰীয়ে হিমানী আইতাৰ মুখলৈ সবিস্ময়ে চাই থাকিল৷ সেই চাৱনিত হিমানী আইতাৰ বিধবা দেহটো এফালৰ পৰা পুৰি-ডেই যোৱাৰ দৰে লাগিল৷

**

 ডাঠ কুঁৱলীয়ে পথাৰখন ঢাকি ৰাখিছে৷ কুঁৱলী ফালি জাক জাক বগলী, হাড়গিলা, আঁকুহি বগ পথাৰৰ কাষৰ বিলৰ পানীত নামিছেহি৷ মেটেকা-দলপাৰে ভৰি থকা বিলৰ পাৰতে হিমানী আইতাহঁতৰ মাটি৷ আঘোণ সোমোৱাৰ লগে লগে মানুহবোৰ হাউচ মাৰি যেনেকৈ পথাৰত নামিব লাগিছিল পথাৰত তেনেকৈ দাৱনীৰ ভিৰ নাই৷ আজিকালি গাঁৱৰ জীয়ৰী-বোৱাৰীৰ বেছিভাগেই গোটৰ কামত ব্যস্ত৷ ৰাজনৈতিক মহুৰা হৈ নাচি থকা জীয়ৰী-বোৱাৰীয়ে সেয়ে পথাৰতকৈ গোটত বেছি সময় দিব লগা হয়৷ আজি অ’ত মিটিং, কাইলৈ ত’ত মিটিং৷ মুঠতে চৰকাৰী আঁচনিৰ লোভত দৌৰি ফুৰোঁতে বেছিভাগৰে খেতি-খোলাত মন নাই৷ সেয়ে পথাৰবোৰ এতিয়া কাকতি ফৰিঙে গৰকা মাৰি ধৰিছে৷ আঁচনিয়ে ঘেৰি ধৰা অসমীয়াৰ গৃহস্থালি ঘৰ উদং হোৱাৰ সময়ত বেছিভাগ মানুহেই আধি খেতি কৰে৷ আহাৰ-শাওনত টেক্টৰে মাটি চহাই খেতি কৰিও লাভ নহয়গৈ৷ সুলভ মূল্যৰ চাউল খাই খাই মানুহবোৰে পথাৰলৈ বৰকৈ মন-কাণ নিদিয়ে৷ টেক্টৰেৰে হাল বোৱা, কঠিয়া পৰা, ৰোৱনীক দিয়া ধনকেইটাও মূৰকত নোলায়গৈ৷ উদং গোহালিত গৰুবিহু আয়োজন কৰা অসমীয়াৰ বহুতৰে ঘৰত এতিয়া গৰু, গোহালি একো নাই৷ বহুতে আকৌ বান্দৰৰ অতপালিত খেতি-খোলাও একেবাৰে বাদ দিলে৷ আধিয়াৰে ধান দাই ভঁৰালত ডাঙৰি থৈ আহেগৈ৷ কিছুমানে পথাৰতে  মেচিনেৰে ধান মাৰি গুটি উলিয়াই মাটিৰ গৰাকীৰ ভাগ ঘৰত দি যায়হি৷ দূৰ-দূৰণিৰ পৰা ই-ৰিক্সাত অহা দাৱনীবোৰ খাই-বৈ দিনটিয়াকৈ পথাৰলৈ আহে বাবেই পথাৰখন এতিয়াও উকা হৈ আছে৷ নিজান পথাৰখনত পুৱাৰ কুমলীয়া ৰ’দ কাটি কাটি হাতৰ মুঠিত হিমানী আইতাই ভোকৰ ভাত বান্ধিছে যদিও মাজে মাজে ফেঁকুৰি আছে৷ ৰিহাৰ আঁচলেৰে চকুপানী টুকি আছে তিনিকুৰি বছৰীয়া আইতাই৷ 

ঘৰত কামৰ মাজত সোমাই থাকোঁতে মানুহটোলৈ মনত নপৰে যদিও পথাৰখনলৈ আহিলে আইতাৰ মুখৰ মাত হৰে৷ বুকু উদং কৰি গুচি যোৱা ৰত্নককালৈ চেৰেং-চেৰেংকৈ মনত পৰে৷ ৰত্ন ককাৰ সৈতে এম. ভি স্কুলৰ পৰাই চিনাকি আছিল আইতাৰ৷ ককা  দুশ্ৰেণী ওপৰৰ আছিল আইতা তলৰ আছিল৷ আইতাহঁতৰ লগতে পঢ়িছিল খগেন, মোহন আৰু নীল৷ ককাই মেট্ৰিকৰ দেওনা পাৰ হৈয়ে গাঁৱৰে মাইনৰ স্কুলত চাকৰিটো পালে যদিও হিমানী আইতাই ৰোৱা-তোলাৰ মাজেৰে সাত মাইল আঁতৰৰ হাইস্কুলত নাম লগাইছিলগৈ৷ পিছে বোকা-পানী খচকি স্কুললৈ অহা-যোৱা কৰি থকাতকৈ দেউতাকৰ কথা মতে জৰিগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী সোমাইছিল৷ শেষত চাকৰি নকৰি বিশ বছৰমান বয়সতে বিয়াত বহিল ৰত্ন ছাৰৰ  সৈতে৷ হিমানী আইতাৰ মান ধুনীয়া ছোৱালী এই অঞ্চলত সেইকালত নাছিল বুলিবই পাৰি৷ বগা ঢকঢকীয়া গোটেইজনী৷ কেছকেছকৈ ক’লা চুলিকোছা ঔ বীজেৰে ধুই হিমানী আইতা যেতিয়া পিৰালিত চুলি মেলি বহিছিল সাইলাখ অপেশ্বৰীজনীয়েই আৰু৷ সেই কালত গাঁৱৰ ছোৱালীবোৰে বেণী গোঁঠা নাছিল যদিও আইতাই দুডলীয়া বেণী গাঁঠি জৰিগুৰিৰ বতাহ গৰম কৰি ৰাখিছিল৷ সইত কথা ক’বলৈ হ’লে একেবাৰে  মোহ যোৱা বিধৰ চেহেৰা আছিল আইতাৰ৷ নোৱাই তোলনী হোৱাৰে পৰা ৰত্ন ককাৰ চকুৰ আগতে ডাঙৰ  হোৱা  আইতাহঁতৰ ডাঙৰজনী ছোৱালী মালতীও কম ধুনীয়া নাছিল৷ মালতী যি মালতী আছিল৷ দেউতাক দধীৰাম খাউণ্ডে মালতীকে ৰত্নছাৰক সোধাব খুজিছিল যদিও বেছেৰীৰ পঢ়া-শুনা বুলিবলৈ একো নাছিল৷ মাজু জীয়েক হিমানীক ৰত্ন মাষ্টৰৰ মনে খোৱাত মালতী ঘৰত থাকোঁতেই জোৰোণ পিন্ধাই ঘৰ সুমুৱাইছিলহি৷ আজি দুবছৰমানৰ আগতে ৰত্নছাৰ ঢুকাই থাকিল৷ ছাৰে চিন হিচাপে থৈ গৈছিল অঞ্জনা,অঞ্জলি, ধ্ৰুৱ আৰু অতুলক৷ অতুলক ঘৰৰ সকলোৱে পোনা বুলি মাতে৷ লেখৰ হিচাপত কৰতীয়াল পোনাই এতিয়া হিমানী আইতাৰ সাৰথি৷ ছোৱালীকেইজনী কাহানিবাই বিয়া-বাৰু হৈ গ’ল৷ ধ্ৰুৱ চৰকাৰী চাকৰিয়াল৷ ঘৰলৈ আহিবলৈ একেবাৰেই সময় নাপায় সি৷ বছৰেক-ছমাহৰ মূৰত লৰা-ঢপৰাকৈ আহে যদিও হিমানী আইতাই মনৰ জোখাৰে ভাত এমুঠি জুতি-বুধি লগাই খুৱাবলৈকো আহৰিকে নাপায়৷ নোপোৱাৰ কাৰণটো আকৌ ধ্ৰুৱৰ মানুহজনী৷ ঘৰখনত ভৰি থোৱাৰ পাছতে অলৈ যাওঁ, তলৈ যাওঁ বুলি ওলাই গৈ মাকৰ ঘৰত মাছে-মঙহে খাই-বৈ শুই থাকেগৈ৷ হিমানী আইতাই কলমটিয়াই কলমটিয়াই বহি থাকে ধ্ৰুৱ আহিব বুলি৷ পিছে সি নাহে৷ পোনাইহে বিছনাৰ পৰা কয়, ‘শুই থাক, নাহে আৰু সি ৷’

ধান দাই থকাৰ পৰাই আইতাই এবাৰ পথৰুৱা ৰাস্তাটোলৈ ডিঙি মেলি চালে৷ জৰিগুৰি অঞ্চলৰ এইটোৱেই একমাত্ৰ পকী পথ৷ লক্ষেশ্বৰ মাষ্টৰে লাগি-ভাগি প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনত পকী পথটো অনোৱাইছিল৷ সেই পথৰ দাঁতিতে ৰত্নমাষ্টৰৰ মৰিশালিটো হ’ল৷ মৰিশালিটোত ভেলেউ গছৰ পুলি এটা গজি আছে৷ ধ্ৰুৱই মৰিশালিটো পকী কৰাৰ কথা কৈ আছিল যদিও যোৱা দুবছৰে সময়েই নোলাল৷ ইটোৰ-পাছত সিটোকৈ লোন লৈ লৈ ঘৰ সজাওঁতেই মানুহটো কিবা আঁৰিকুজা হোৱাদি হ’ল৷ হাঁহিবলৈ সময়েই নাপালে সি৷ শুনামতে মৰাৰ দিনাও চৰকাৰী ঋণৰ পৰা সি মুক্ত নহয় বোলে৷

পথাৰলৈ অহা-যোৱা কৰোঁতে সেইখিনিতে আইতাৰ গাটো জিকাৰ খাই উঠে৷ বুকুখনত ৰমৰমকৈ পোৰণি-দেৱনি উঠে৷ এক জয়াল পৰিৱেশ৷ নাচাওঁ নাচাওঁ বুলিও মৰিশালিটোলৈ বাৰে বাৰে চকু যায়৷ মাটি ফালি যেন ককা ওলাই আহি ‘শুনাচোন’ বুলি কৈ আইতাৰ হাঁচতিৰ পৰা তামোল এখন খুজিবহি! ‘পোনাৰ মাক’ বুলি যেন আগভেটিহে ধৰিবহি! 

আজিও মৰিশালিটোৰ ওচৰ পাই তেনেকুৱাই ভাব হৈছিল আইতাৰ৷ দূৰৈৰ পৰাই দেখিছিল বান্দৰৰ জাক এটা মৰিশালিটোত বহি আছিল৷ মৰিশালিৰ বাঁহৰ ঘেৰটোৰ ভিতৰত থকা মাটি কলহটোত হাত সুমুৱাই বান্দৰমখাই কিবা বিচাৰি ফুৰিছিল৷ মাজে মাজে পোৱালি বান্দৰ কেইটামান টেকেলিটোত উঠিব খুজিও বাৰে বাৰে বাগৰি পৰিছিল৷ দৃশ্যটো দেখি আইতাৰ বুকুখন হমহমাই গৈছিল৷ হাতৰ কাঁচিখনেৰেই বান্দৰমখাক খেদা মাৰি গৈছিল যদিও মলুৱাটোৰ খেদাত হিমানী আইতা একেলৰে আহি প্ৰফুল্লৰ মাটিৰ ওচৰ পালেহি৷ দৌৰি আহোঁতে কাঁচিখনো তেওঁৰ হাতৰ পৰা সৰি পৰিল৷ বান্দৰৰ জাকটো সেইখিনিৰ পৰা আঁতৰি যোৱালৈ ভালেখিনি পৰ গ’ল৷ গাঁৱৰে বুদ্ধিৰামেহে বান্দৰৰ জাকটো খেদাই কাঁচিখন আনি দিলেহি৷ 

সেই তেতিয়াৰে পৰা আইতাই দুকুৰি-ডেৰকুৰি মুঠি দালে৷ কথাবোৰ ভাবি-গুণি ধান দাই থাকোঁতেই দেখিলে বান্দৰ দুটামান আহি পথাৰ পালেহি৷ এফালৰ পৰা ধানৰ মুঠিবোৰ ফঁহিয়াই পেলাইছে সিহঁতে৷ আইতাই ইফালে-সিফালে চাই ‘ধৰ ধৰ’ ‘কুৰ কুৰ’কৈ কুকুৰমখা মাতিলে যদিও বান্দৰকেইটা গছজোপাৰ ফালে গৈ আইতাই  কাঁহৰ বাটিত গামোচাৰে বান্ধি অনা ভাতৰ টোপোলাটো লৈ সিহঁত গছত উঠিলগৈ৷ আইতা একেবাৰে বিমোৰত পৰিল৷ একোবাৰ বান্দৰটোক খেদা মাৰি যায় যদিও মলুৱাটোৱে খেদা মাৰি আহে৷ মালৰী বান্দৰজনীয়ে গছৰ ফেৰেঙণিত লৈ ভাতৰ টোপোলাৰ গাঁঠিটো কামুৰি কামুৰি খুলিব বিচাৰিছে৷ কেইদিনমানৰ আগতে ক’ৰবাত বান্দৰে মানুহ কামুৰি মৰা বুলি শুনাৰ পাছৰে পৰা হিমানী আইতাৰ বান্দৰলৈ ভয়টো বেছি হ’ল৷ 

আইতাহঁতৰ গাঁৱতেই নহয় বান্দৰৰ অতিপালিত গাঁওবোৰ উছন হোৱাৰ দৰে হৈছে৷ এসপ্তাহমানৰ আগতে পোনাহঁতে বান্দৰ মাৰিবলৈ জাপ এখন পাতিছিল৷ গাত এটা খান্দি বাঁহৰ জপনাত ফৰিঙা লগাই জাপখনৰ মূৰত কাঠ এডাল বান্ধি ভীমকল ওলোমাই থ’লেহে থ’লে বান্দৰ নাহিল৷ তাৰো আগতে পোনা-প্ৰফুল্লহঁতে গাঁৱৰ ল’ৰাবোৰ লগত লৈ বান্দৰৰ জাকটো খেদিছিল যদিও লৰচৰেই নহ’ল৷ ওখ গছবোৰৰ ডালে-পাতে লুকাই বান্দৰজাক নিতাল মাৰিলে৷ আজিকালিৰ বান্দৰে কেটকুটেই নকৰে৷ কোনেও জলকীয়া এজোপাও বাৰীত কৰি খাব নোৱাৰে৷ অমিতাৰ আগটো ভাঙি, মুচৰি খায়৷ মুঠতে গাঁওবোৰত বান্দৰে যিধৰণে অতপালি কৰিছে এনেকৈ থাকিলে গাঁৱৰ মানুহ ভিকহুত পৰিণত হ’বগৈ৷ ইফালে ৰাতি এডোখৰলৈকে বান্দৰজাকে মাজে মাজে ঘৰৰ ভিতৰত সোমাই টহিলং কৰি ফুৰে৷ কেতিয়াবা আকৌ টিনৰ ওপৰত ইফালৰ পৰা সিফালে ঢমঢমাই দৌৰি ভূমিকম্পৰ সৃষ্টি কৰে৷ ৰত্নককা জীয়াই থকালৈকে দিনটোৰ বেছিভাগ সময় বান্দৰ খেদি ফুৰোঁতেই গৈছিল৷ মাছৰ টোপোলা, ভাতৰ কেঁৰাহী-বটুৱাৰ পৰা আৰম্ভ কৰি আলু-পিঁয়াজ একোৰে একোতে নাথাকিছিল৷ এবাৰ মিলিটেৰীয়ে বান্দৰবোৰক গৰু-ছাগলী বন্ধোৱাৰ দৰে বন্ধ্যাকৰণ কৰাৰ বাবে বন বিভাগক আৱেদন জনাইছিল৷ বন বিভাগৰ মানুহ নাহিলে নহয় বাবে হিমানী আইতাহঁতৰ গাঁৱলৈ এবাৰ আহিছিল৷ নামঘৰতে ৰাইজখন বহিছিল৷ বান্দৰ খেদা-মৰাক লৈয়ে নামঘৰ তল-ওপৰ হৈছিল৷ কিছুমানে কৈছিল বোলে বান্দৰ মাৰিব লাগে৷ আন কিছুমানৰ মতে আকৌ বান্দৰজাকক খেদিবহে লাগে৷ কেইটামানৰ মতে আকৌ বান্দৰ মাৰিব নাপায়৷ বান্দৰ বোলে হনুমানৰ বংশ, ভগৱান শ্ৰীৰামচন্দ্ৰৰ ভক্ত!

ৰামভক্ত বান্দৰ মাৰিলে মহাপাপ হয় বুলিও কৈছিল সিহঁতে৷ বন বিভাগৰ মানুহে মানুহবোৰৰ তৰ্কাতৰ্কি শুনি ফিকা চাহ একোবাটি খাই হাবিত সোমালগৈ৷ বন্দুক ফুটাই ফুটাই মানুহজাক ভাগৰি পৰিল যদিও এটা বান্দৰৰো ৰঙা টিকাত এটাও গুলী লগাব নোৱাৰিলে৷ গাঁৱৰ কুকুৰজাকৰো সেইদিনা জঁক উঠাৰ দৰে হৈছিল৷ একোটাহঁত গৈ একেবাৰে গছতে উঠোঁ যেন কৰিছিল৷ পিছে কুকুৰবোৰে বান্দৰৰ চৰ খাই খাই একেবাৰে সাৰ-সুৰ নাইকিয়াৰ দৰে হৈছিল৷ বান্দৰ দেখি ৰৌ ৰৌকৈ খেদা মাৰি যায় যদিও মালৰী বান্দৰ একোজনীয়ে ঠাঁচকৈ চৰ একোটা মাৰি খক-খকাই গছত উঠেগৈ৷ কুকুৰজাক তলমূৰ কৰি গা-মূখ চেলেকি চেলেকি আহি ঘৰ পায়হি৷ কুকুৰ-বান্দৰৰ খেদাখেদি তাতেই অন্ত পৰা দেখি মিলিটেৰীয়ে কয়,- ‘লেকিন অসমত এতিয়া বান্দৰেই বান্দৰ৷ ৰাজনীতি, সমাজনীতি, সাহিত্য-সংস্কৃতি, গীত-মাত সকলোতে বনৰ বান্দৰৰ দৰেই অতিপালি হ’ল৷ হাবিৰ বান্দৰ মাৰিব নোৱাৰিলেও জাতিটোক কামুৰি খোৱা বান্দৰজাক চ্যুট কৰিব লাগিব৷ নহ’লে অসমীয়া জাতিটো নাবাচেগৈ৷’

হিমানী আইতাৰ সৈতে একেলগে পঢ়া মিলেটেৰীয়ে পঞ্জাৱত থাকোঁতেই বিয়া পতা বুলি গাঁৱৰ মানুহে শুনিছিল যদিও কইনা হ’লে কোনেও দেখা নাপালে৷ কিছুমানে কয় পাঞ্জাবী ছোৱালী এজনী বিয়া পাতিছিল। আন কিছুমানে কয় কথাটো মিছা৷ গাঁৱত যেতিয়া ঘুনুক-ঘানাককৈ কথাটো ওলাইছিল, হিমানী আইতাই দুদিন ধৰি ভাতকে খোৱা নাছিল৷ গাঁৱৰ সকলোৱে গম পাইছিল হিমানী আৰু মিলিটেৰী খগেনৰ কথা৷ খগেনে কামৰ ঠাইৰ পৰা গোট গোট আখৰেৰে মাহেকত একোখনকৈ চিঠি দিছিল৷ এবাৰ চিঠি এখন হিমানী আইতাই চুবুৰীয়া ভনীক পঢ়িবলৈ দিয়াৰ পাছৰে পৰা কথাটো ৰজনজনাই গৈছিল৷ ছুটীত আহোঁতে হিমানীলৈ ভাগে ভাগে বস্তু লৈ আনিছিল মিলিটেৰীয়ে৷ জীয়েকে ভাত নোখোৱা দেখি মাকে কৈছিল, ‘অʼ আই মাইকীৰ পোৰা পেট৷ তই নোখোৱাকৈ থাকিলে মইনো কেনেকৈ খাওঁ৷ সি আহি-গৈ থকা দেখিয়েই মানুহৰ চকুৰ পোৰণি উঠিল৷ ঈশ্বৰে যিকৰে ভালেই কৰে দে৷ আলৈ-আথানি হোৱাৰ পৰা বাচিলি তই৷’

নোখোৱা-নোবোৱাকৈ থাকি হিমানী আইতাই খগেনৰ ঠিকনাত চিঠি পঠাইছিল যদিও উত্তৰ-পাতি হ’লে একো নাহিল৷ লুধুৰাম পিয়নে লগ পালেই কৈছিল ‘আহিলে সাউতকৈ গৈ দিম আহিমগৈ৷’ পিছে দুবছৰমানৰ পাছত বুকু পুৰি নিয়া কথাৰে চিঠি এখন আহিছিল যদিও তেতিয়ালৈ হিমানীয়ে ৰত্নককাৰ হাতত নিজকে সঁপি দিছিল৷ পিছে মিলিটেৰীয়ে দিয়া চিঠি দুখনমান এতিয়াও চাগৈ তেওঁৰ কাপোৰৰ জাপত খুঁচৰি চালে ওলাব৷ মিলিটেৰীৰ কি আখৰ, ভাষাৰ কি চমৎকাৰ ৰূপ! আনৰ দৰে গাঁৱৰ ভাল-বেয়া খেতি-পথাৰৰ কথা সুধিয়েই মিলিটেৰীয়ে হিমানীলৈ চিঠি লিখা নাছিল৷ পঞ্জাব, হাৰিয়ানা, ইউ. পি, য’তেই আছিল সেই ঠাইবোৰৰ বিৱৰণ লেখি চাবলগীয়া ঠাইবোৰ, মঠ- মন্দিৰবোৰৰ বিষয়ে লিখি পঠাইছিল৷ মাজে মাজে ফটো একোখনো চিঠিৰ মাজত ভৰাই দিছিল৷ পাওঁতে গাঁৱৰ বহুতেই কথাটো গম পাইছিল যদিও কথাটো আৰু আগ নাবাঢ়িল৷

ঘটিটোৰ পৰা পানী এঢোক খাওঁ বুলি কাঁচিখন মুঠি এটাতে থৈ গছজোপাৰ তললৈ যাওঁতে আইতাই দেখিলে গহীন-গম্ভীৰ খোজেৰে মিলিটেৰী আহি আছে৷ আজিকালি মিলিটেৰী সঘনাই আহে  হিমানী আইতাৰ ওচৰলৈ৷ ‘লেকিন’ বুলি কথাষাৰ আৰম্ভ কৰি ৰঙাপৰা চকুহাল মোহাৰি মোহাৰি চৌফলীয়া জীৱনৰ কথা উলিয়ায়৷ মিলিটেৰীক দেখি আইতাই বান্দৰজাক আকৌ খেদিবলৈ ধৰিলে৷ 

আইতাই মিলিটেৰীক বৰকৈ মাত-বোল নকৰে৷ মাতিবলৈ লাজ কৰে৷ অৱশ্যে লাজ কৰাৰে কথা৷ আইতাক দেখিলে মানুহটো কিবা পগলাৰ দৰে হয়৷ আঘোণ সোমোৱাৰ লগে লগে গাত জুই লগা মানুহৰ দৰে মিলিটেৰীয়ে ছাটিফুটি কৰি ফুৰে৷ উদঙীয়া ঘৰখনত ভতিজাক এটাৰ সৈতে থকা মিলিটেৰীয়ে আজি কিছুদিনৰ আগলৈকে ইটোৰ-পাছত সিটোকৈ চিগাৰেট হুঁপিছিল৷ হিমানী আইতাই চিগাৰেট খোৱা মানুহৰ সৈতে কথা নাপাতোঁ বুলি ওফোন ধৰাত একে আষাৰে মিলিটেৰীয়ে চিগাৰেট এৰিলে৷ এতিয়া কুটুৰ কুটুৰ কৈ লং নে ইলাছী কিবা এটা চোবাই চোবাই মুখখন ফৰফৰীয়া কৰি ৰাখে৷ মিলিটেৰীয়ে কালি নে পৰহি জুহালৰ ওচৰত  কৈছিল -

‘তুমি সেই আগৰজনীয়ে হৈ আছা হিমানী৷’

‘এনেবোৰ কথা নকবাচোন এতিয়া৷ ঘৰখনত মই জানো অকলে থকাৰ দৰেই নহয়৷’

‘হ’লে কি হ’ল? মই সেই চৌফলীয়া পথাৰত দেখা হিমানীজনীৰ দৰেই দেখোঁ তোমাক৷ অʼ হিমানী?’

‘কোৱাঁ৷’

হিমানী আইতাই আৰু একো ক’ব নোৱাৰে৷ মাথোঁ উচুপি থাকে। উমি উমি জ্বলি থকা জুইকুৰালৈ চায়৷

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ