গোৱিন কুমাৰ
খাউণ্ড
জৰিগুৰিৰ মানুহৰ
বাবে আপদ হৈ পৰা সৰগী এতিয়া নৰকত পৰিণত হৈছে শৰৎ শৰ্মাৰ বাবে। অসুস্থ নীলৰ পুতেক
মৃগাংকক আছুৰ পৰা বহিষ্কাৰ কৰাৰ পাছত শৰ্মাই সৰগীতে সংস্থাপিত কৰিছিল। পিছে হিতে
বিপৰীত হৈছৈ। মিলিটেৰীৰ মহামন্ত্ৰ লৈ মৃগাংক এতিয়া সংকল্পবদ্ধ হৈছে শৰৎ শৰ্মাৰ
চোতাললৈ আঁউসী নমাবলৈ। যিজন মানুহে ধন-সম্পত্তিৰ লোভত জৰিগুৰিৰ নতুন প্ৰজন্মৰ জীৱনবোৰ
তিলে তিলে বিষাক্ত কৰি আনিছে, ঘৰে ঘৰে অশান্তিৰ বিষ বতাহ সিঁচি দি
নিজকে সমাজৰ বৰমূৰীয়া ৰূপত প্ৰতিষ্ঠা কৰিব খুজিছে সেইজন মানুহৰ জীৱন বিষাক্ত কৰি
তোলাৰ উদ্দেশ্যে বহুতেই কিবাকিবি কৰাৰ কথা কয় যদিও কোনেও একো কৰিব পৰা নাই। ধন
আৰু ক্ষমতাৰ জোৰত আইনক বহতীয়া গোলামত পৰিণত কৰিব খোজা শৰ্মা এতিয়া সকলোৰে বাবে
এজন শকুনি মামা। কেৱল সিমানেই নহয় এজন ঠগ, প্ৰৱঞ্চক, মিছলীয়া
আৰু ভয়-ভাবুকিৰে জৰিগুৰিবাসীক দমন কৰিব খোজা ভষ্মাসুৰ। মিলিটেৰীয়ে প্ৰায়ে কয়, '' লেকিন ইয়াক ক্ষমতাৰ পৰা আঁতৰাব নোৱাৰিলে
জৰিগুৰি নাথাকে। জৰিগুৰিৰ ইছলাম মানুহ কেইঘৰক শত্ৰু সজাই গোটেই অসমখন মিঞাই লʼলে বুলি প্ৰচাৰ কৰি বিহাৰী, বঙালী,
মাৰোৱাৰীবোৰক
অসমৰ ত্ৰাণকৰ্তাৰূপত প্ৰতিষ্ঠা কৰিবলৈ গৈ থলুৱাবোৰক হানি-খুচি মাৰিব খুজিছে
শৰ্মাহঁতে। তাৰ লগত হাত উজান দিছে ডলাৰ বগৰী সুবিধাবাদী নেতা কিছুমানে। সিহঁতৰ মতে
অসমীয়া গোড়া হিন্দু হৈহে জীয়াই থাকিব পাৰিব। নাম, ভাওনা, বিহু,
ৰাস,
শংকৰদেৱ,
মাধৱদেৱ,
জ্যোতি-
বিষ্ণুক লৈ বুকু ফিন্দাই থকা, উশাহ-নিশাহ লৈ থকা অসমীয়াক গেৰুৱা
কাপোৰেৰে ডিঙিত চেপি ধৰি হিন্দু কৰাই এতিয়া শৰ্মাহঁতৰ দৰে সুবিধাবাদীবোৰৰ লক্ষ্য।
হিমানীৰ মতে,
যুগ
যুগ ধৰি দুৰ্নীতি, ভ্ৰষ্টাচাৰ,
হত্যা,
লুণ্ঠন
আৰু দূষিত বাতাৱৰণ কঢ়িয়াই লৈ ফুৰা মানুহজনৰ নাম শৰৎ। ঘৰ-দুৱাৰ খেতি পথাৰ তহিলং
কৰি ফুৰা বান্দৰজাকৰ দৰেই জৰিগুৰি মানুহৰ মনৰ হাবিখন ধ্বংস কৰি অনা মানুহজনৰ নাম
শৰৎ শৰ্মা। হিমানীৰ কথা কৈ মিলিটেৰীয়ে সুধিছিল, ' হয়নে?'
নিচা ফটাৰ পাছত মৃগাংকই কৈছিল-হয়।
তেতিয়াহ'লে
তহঁত ডেকাবোৰে কি কৰিছ? এই মানুহটো ওফৰাই নিদিয় কিয়। ৰাজনীতিৰ নামত দিনটোৰ বেছিভাগ সময়
মিছা কথা কৈ কৈ জৰিগুৰিৰ মাটি-ভেঁটি থলুৱাৰ পৰা কাঢ়ি বহিৰাগত চমজাই দিয়াৰ পাচতো
তহঁত মুখা বোবা হৈ আছ যে।''
"বৰদেউতা
মৰি যোৱাই ভাল হ'ব।" মৃগাংক উচুপি উঠিছিল। অসহায় দৃষ্টিৰে মিলিটেৰীৰ ফালে চাই
থকাত মিলিটেৰীয়ে গহীনাই ক'লে," ''মৰিব নালাগে,
এফালৰ
পৰা মাৰি যা।''
''কাক?"- মৃগাংক কঁপি উঠিল।
" বান্দৰজাকক।
দেখিছনে আজিকালি স্কুলৰ ওচৰৰ পাৰ্কখনত আবেলি ল'ৰা-ছোৱালীয়ে
খেলিবলৈ নাহে। পুৱাৰ পৰা সন্ধিয়ালৈকে বান্দৰজাকে খেলি থাকে। ল'ৰা-ছোৱালীবোৰ
ওপৰৰ পৰা তললৈ চুচৰি অহাৰ দৰে বান্দৰৰ পোৱালিবোৰ চুঁচৰি চুঁচৰি অহা-যোৱা কৰি থাকে।''
''দেখিছোঁ বৰদেউতা।''
"তহঁত লʼৰাবোৰ গোট খাই নেখেদ কিয়?''
'' কʼলৈ খেদিব। সিহঁত বাংলাদেশীবোৰৰ দৰে।
এঠাইৰ পৰা খেদিলে আন ঠাইত ওলাইগৈ। বৰদেউতা শৰ্মাহঁতে বাংলাদেশী থাকিলেহে ভাল পায়।
যিমানে অসমলৈ বাংলাদেশৰ পৰা ভগনীয়া আহিব সিমানে সিহঁতৰ লাভ হ'ব।
এনেয়ে সাধাৰণ মানুহখিনিক ভয় দেখুৱাই আছে। শৰৎ শৰ্মাহঁত বাংলাদেশীতকৈও
ভয়ংকৰ।"
মিলিটেৰী মনে মনে
আছিল। তাৰ পাছত কৈছিল- এই দুইজাক বান্দৰে অসমখন শেষ কৰিলে বুজিছ! বনৰ জাকে বাৰী-ঘৰ
শেষ কৰিছে। ইফালে ঘৰৰজাকে জৰিগুৰি আৰু অসমখন শেষ কৰিছে। আৰু....!"
" আৰু কি বৰদেউতা?"
" নকওঁ
থাকক দে।"হেৰি অʼ
তই
পাৰিলে কিবা কাম এটাত সোমাই ল। কিমান আৰু মানুহক সংগঠন কৰোঁ সংগঠন কৰোঁ কৰি
থাকিবি। লাজ নালাগেনে মানুহক সংগঠন কৰোঁ বুলি জহাই থাকিবলৈ। তাতে আজিকালি সৎগঠন
বুলিলে দালালি কৰা বুলিহে ভাবে। লেকিন বাপেৰে চকু মেলি থাকোঁতেই ঘৰটোকে ঠিক কৰ।''
"হ'ব, মই এই
সপ্তাহতে কাম এটা চাম। কথা পাতি আছোঁ।"
"কথানো আৰু কিমান পাত? লোকৰ মুখলৈ চাই নাথাকিবি। যি পাৱ তাকে
কৰ। মোৰ হ'লে এইবাৰ সৰিয়হ আৰু মাটিমাহৰ খেতি কৰিবলৈহে মন গৈছে। লেকিন অমিতা
দহজোপা কৰিলেও তই সংগঠন কৰা পাপৰ পৰা মুক্তি পাবি।"
"হ'ব। মই
কথা পাতি আছোঁ। সংগঠন বাদ দিলোঁ। এইবোৰ কৰি মানুহৰ গালিহে খাব পাৰি, সুখেৰে
ভাত খাব নোৱাৰি।''
মিলিটেৰীক কথা দিয়া মতেই সৰগীতে জীৱিকাৰ বাট
উলিয়াই লৈছিল মৃগাংকই। লগৰীয়া অম্লানেই সেই সুযোগ দিছিল। পুৱা দহ বজাতে দেউতাকক
ভাত-পানী যোগান ধৰি সৰগীলৈ আহে। আবেলিৰ পৰা সৰগীলৈ ওচৰৰ ডেকাবোৰ আহে। আজিকালি দুই-এজনী
ছোৱালীও আহে। নিংসঃকোচে মদৰ জুতি লয়। হাঁহে, ফূৰ্তি কৰে। জীৱনৰ
মদিৰা পান কৰে প্ৰেমিক চৰাইৰ সৈতে। দেখি আচৰিত হয় মৃগাংক। কেছ কাউন্টাৰত টকা
লোৱাৰ সময়ত গ্ৰাহকৰ মুখবোৰ পঢ়ি চায় সি। মদৰ আড্ডাত চৰকাৰৰ বিপক্ষে ৰতনা আৰম্ভ
হয়। দধি লেখাৰু ছাৰ আহে। জৰিগুৰিৰ দুই-এজন সাংবাদিক আহে। দধি ছাৰে নিউজৰ এংগল
দেখুৱায়। কেনেকৈ শৰৎ শৰ্মাক জনসাধাৰণৰ দেৱতা সজাব পাৰি তাৰ অদৃশ্য ফৰ্মূলা বুজাই
দিয়ে। দামীৰো দামী মদ খাই সাংবাদিক গুচি যায়। মৃগাংকৰ বাবে এৰি যায় এখন
বিস্ময়কৰ পৃথিৱী। ঘৰলৈ গৈ বাপেকক অসম আন্দোলনৰ নেতাৰ বিষম ছবিৰ কথা কʼম বুলি ভাবে যদিও প্নেঞ্জাৰ শ্বিটৰ
অস্ত্ৰপাত লৈ উচুপি থাকে বাপেকে। কেতিয়াবা লঘোণীয়া পেটেৰে শুই থাকে মৃগাংক।
মাকলৈ মনত পৰে। নিজৰ ভৱিষ্যতক লৈ খং উঠে। দেউতাকৰ আপোচবিহীন মনোভাবলৈ ঘিণ লাগে।
সেয়ে উপায়হীন হৈ পৰে মৃগাংক।
এদিন সেই উপায়হীন
কথাটোকে কʼবলৈ
যাওঁ বুলি মিলিটেৰীৰ ঘৰ পালেগৈ যদিও মিলিটেৰী ঘৰত নাছিল। বিচাৰি গৈ হিমানীৰ ঘৰ
পালেগৈ। হিমানীয়ে নীলৰ খা-খবৰ লৈ শেষত মৃগাংক সুধিলে- আজিকালি কি কৰাঁ?
'' ই
আজিকালি শৰ্মাৰ মদৰ দোকানত কাম কৰে।'' -মিলিটেৰীয়ে
হাঁহি হাঁহি কৈছিল।
"কি
কাম কৰাঁ?'' -হিমানীয়ে ক্ষোভত
সুধিছিল।
" কৰোঁ
আৰু...।"-মৃগাংকই কৈছিল।
কথাটো শুনি
হিমানীৰ বুকুখন হমহমাই গৈছিল। অসম আন্দোলনৰ নেতাবোৰেই দেখোন এতিয়া মদৰ দোকানী,
বেপাৰী।
তাৰ যেন প্ৰতিকাৰ বিচাৰি হিমানীয়ে সুধিলে "তুমি এটা কাম কৰিব নোৱাৰানে?''
"কি
কাম?"
"শৰ্মাদাৰ
ল'ৰাটোৱে মদপানী খায়নে?"
"কেতিয়াবা
খায়।" মৃগাংকই তলৰমূৰকৈ ক'লে।
"তাক
মদ খুৱাই খুৱাই শেষ কৰি দিব পাৰিলেহে জৰিগুৰিৰ মানুহ ৰক্ষা পৰিব।"
মিলিটেৰীয়ে যেন
বিচাৰি ফুৰা বুদ্ধিটো সন্মুখত জিলিকি উঠিছিল। সেয়ে মৃগাংকৰ মুখলৈ একেথৰে চাই
আছিল।
***
ভীষণ আন্ধাৰ জানা।
কেনেকুৱা যে নিজান নহয়। কুকুৰবোৰৰ ভুকভুকনিৰ বাহিৰে কʼতো একো শব্দই শুনা নাই। বাট হেৰুওৱা
গাইকেইজনীক কুকুৰে আগচি ধৰে। কেতিয়াবা কোনোবাই টৰ্চ মাৰি দিয়ে। কিবাকৈ গৰুজনী ঘৰ
পালে মা ওলাই আহে। মাৰ শব্দত চুবুৰীয়াৰ কাণ থিয় হয়। বাৰাণ্ডালৈকে ময়ো ওলাই যাওঁ।
ইফালে সিফালে টৰ্চৰ পোহৰ। মেকুৰী এটা, জহামালটো, গুঁই এটা কেনেকৈ
যে দৌৰি যায়। ভয় লাগে। আকৌ ভিতৰ সোমাওঁ। সেইকণ সময়তে যে বনস্পতি কি সুবাস। ছেঃ,
কোনে
চিঞৰিছিল জানো? চিঞৰটো সৰু ল'ৰা-ছোৱালীৰ নহয় জানা। ভয় লাগিছে। কিবা
এটা কোৱাঁচোন। কোৱাঁ। নোকোৱাঁ?? আজিকালি তুমি একো কথাই নোকোৱাঁ।অথচ তুমি
জানা- অকলে থাকি নিজৰ স'তে কথা পাতি মই কিমান ভালপাওঁ। তথাপি তুমি মোক জোৰকৈ ঘাটলৈ পঠোৱাঁ -
নৈখন, বেলিটো মই কিমান ভালপাওঁ তুমি জানা, তুমি বুজাঁ।
এতিয়াও পঠাইছা অকলশৰে অচিনাকি ঘাট এটালৈ। কেনেকৈ যাম? আজি যে ধূলিৰ
ধুমুহা বলিছিল, এবাৰো মোৰ খবৰ নকৰিলা।এবাৰো নক'লা-মটৰ, ইনভাৰ্টাৰৰ
কানেকশ্বন কাটিবা। ঘৰৰ পৰা নোলাবা। তুমি তেতিয়া কি কৰিছিলা কোৱাঁ। নোকোৱাঁ!!
আজিকালি তুমি একো কথাই নোকোৱাঁ।...
মৃগাংকৰ কাষতে বহি অম্লানে সুভাসীয়ে পঠোৱা
মেছেজ পঢ়ি আছে। বিৰক্তি লাগিছে অম্লানৰ। আজি দুমাহেই হ'ল সুভাসী আৰু
অম্লানৰ মাজত যোগাযোগ নোহোৱাৰ দৰেই। সুভাসীয়ে কোৱাৰ দৰেই আজিকালি সিহঁতৰ মাজত
সম্পৰ্ক নাইকিয়া হৈছে। অম্লান বাহ্মণ, সুভাসী বাহ্মণ হ'ব নোৱাৰিলে। সেয়ে
শৰৎ শৰ্মাই অম্লান-সুভাসীৰ প্ৰেমক অস্বীকাৰ কৰি ম্লান কৰি পেলালে প্ৰেমৰ জেউতি।
তাৰ পাছৰ পৰাই সৰগীৰ মদৰ আড্ডাত অম্লান সম্ভ্ৰান্ত অতিথি হিচাপে ঠিয় দিলে।
মিলিটেৰীৰ দিহা অনুসৰিয়েই আজিকালি হোৱাই-নোহাৱাই মৃগাংকই সুভাসীৰ কথা উলিয়ায়।
সুভাসীৰ ফে'চবুকৰ পৰা নতুন নতুন ফ'টো আনি সুৰাৰ আড্ডাত জুম কৰি দেখুৱাই কয়, '' চকু দুটালৈ চাচোন। তই যে হাতকটা চোলা পিন্ধিবলৈ মানা কৰিছিলি তাই
কোনোদিনে পিন্ধা নাছিল। চাচোন কম ধুনীয়ানে বাৰু। তাই মনেৰেও ধুনীয়া, দেখিবলৈও
ধুনীয়া।''
" প্লিজ আৰু নকʼবি। সুভাসীক হেৰুৱাই মই কি হেৰুৱাইছোঁ
মোৰ বাহিৰে কোনেও বুজিব নোৱাৰিব। মই মৰি মৰি জীয়াই আছোঁ অ'।" মদৰ গিলাছটো
টেবুলত থৈ অম্লান উচুপি উঠিল। ফেঁকুৰি উঠিল। মগাংকৰ মনত পৰিল হিমানী আৰু
মিলিটেৰীয়ে কোৱা কথাবোৰ। 'শৰৎ শৰ্মাৰ পুতেকক মদৰ সাগৰত ডুবাই দিয়াঁ,
চেতনা
আহিব। জৰিগুৰিৰ ডেকাবোৰ ৰক্ষা পৰিব।' মিলিটেৰীয়ে গহীনাই কৈছিল। হিমানীয়ে
শলাগিছিল।
আৰু খাবি নেকি? অম্লানে চিকেন পকোৰা
এটা মুখত ভৰাই মদৰ গিলাছটো তুলি লৈছিল। মনত পৰিছিল তাৰ সুভাসীলৈ। তাৰ জীৱনৰ নিতোল
ছন্দ সুভাসী। ভাবনাৰ সমূদ্ৰত ঢৌ তুলি তুলি তাক যেন মানুহ হোৱাৰ পাঠ দিছিল
ছোৱালীজনীয়ে। অলপতে সুখী হ'ব পাৰিছিল। মনৰ জোখাৰে নিজকে সুখী কৰিছিল
কেৱল তাৰ মুখলৈ চাই। কিন্তু হেঙাৰ হৈ থিয় দিছিল জন্মসূত্ৰে লাভ কৰা পৰিচয়ে।
সুভাসী ব্ৰাহ্মণ হ'ব নোৱাৰিলে। শৰৎ শৰ্মাৰ দৃষ্টিত সেয়ে অপৰাধ। সেই অপৰাধৰ বলিশালত
সুভাসীক বলি দিব বিচাৰি অকথ্য মানসিক যন্ত্ৰণা দিছিল হোৱাই-নোহাৱাই। অৱশেষত নিজৰ
পথ বাছি লৈ সুভাসী আঁতৰি গ'ল অম্লানৰ জীৱনৰ পৰা। য'ৰ পৰা
আৰম্ভ হৈছে এই সুৰাময়ী জীৱনৰ ম্লান পৰা যাত্ৰা।
এসময়ত থৰক-বৰক কৈ সৰগীৰ পৰা ওলাই আহিল অম্লান।
মালিকৰ পুতেকৰ এই আচহুৱা আচৰণ দেখি কৰ্মচাৰীবোৰে মুখ টিপি হাঁহিলে যদিও মৃগাংক
স্থিৰ হৈ ৰʼল ভৱিষ্যতৰ
মুখলৈ চাই।
' পাৰিবা
চলাব?' -মৃগাংকই সুধিলে।
'' পাৰিম।''
-অম্লানে ক'লে।
তীব্ৰ বেগেৰে গাড়ী চলাই গুচি গল অম্লান। ভয়ত
বুকু কঁপি উঠিল মৃগাংকহঁতৰ। ভিতৰি ভালো লাগিল। এইখন সৰগীৰ পৰা ওলাই গৈ এদিন ৰাজপথত
পোনা গাড়ীৰ খুন্দাত ঢলি পৰিছিল। হিমানী আইতাই বুকু ভাঙি কান্দিছিল। সেই কান্দোনে
যেন অম্লানৰ গাড়ীৰ শব্দ তল পেলাইছিল ক্ষণিকতে।
(আগলৈ)
