অজিত ছিংনাৰ
দুই
ৰাতিপুৱা
দোকমোকালিতে উঠি তেমেকাই ভাত ৰান্ধিবলৈ ধৰিলে৷ কেৰ্পায়ে কালি
মদন আৰু গুপেশ্বৰৰ ঘৰৰ পৰা অনা চাউলবোৰ আৰু তেমেকাহঁতৰ ঘৰত থকা চাউলখিনি কাপোৰৰ
দুটা টোপোলাত বান্ধিছে৷ টোপোলা দুটা পিঠিত কঢ়িয়াই নিয়াৰ কথা চিন্তা কৰিছে সিহঁত
দুটাই৷ সিহঁতে যদি মানুহবোৰক লগ পাই যায় তেন্তে এই চাউলখিনি বহুত কামত আহিব৷ আজি
সোনকালেই সিহঁতে যাত্ৰা কৰিব পূবফালে থকা গভীৰ জংঘলৰ ভিতৰলৈ৷ এইফালেই হেনো সিহঁতৰ
গাঁৱৰ মানুহবোৰ গৈছে৷
কালি তেমেকা আৰু
কেৰ্পায়ে মদনৰ আফুখেতিত উপস্থিত হৈ বিচাৰিছিল মদনক৷ মদন কিন্তু তাৰ আফুখেতিত
নাছিল৷ কাষতে সাজি লোৱা জিৰণি ঘৰটোতো তাক পোৱা নগ’ল৷ তেমেকাই ভাবিছিল– এইফালেই
বাকীকেইটা কানিয়াৰো আফুখেতি থাকিব৷ কাৰণ এইফালে কানিখেতি সহজে হ’ব পৰা কলঙৰ পলস
পৰা সাৰুৱা মাটি আছে৷ সি কেৰ্পাইক লগত লৈ
কলঙৰ পাৰে পাৰে খোজ লৈছিল৷ কিছুদূৰ যোৱাৰ পাছতে সিহঁতে আন এখন আফুতলী পালে৷ এইখন
কাৰ তেমেকাহঁতে নাজানে৷ দুয়ো সিহঁতক দেখে নেকি বুলি ইফালে-সিফালে চালে৷ কিন্তু
সিহঁতৰ চকুত এজনো নপৰিল৷ চাৰিওফালে এটা নিৰ্জন পৰিৱেশেহে বিৰাজ কৰি আছে৷ তেমেকাই
কেৰ্পাইক ক’লে– “আমি বিচাঈ আহিম বুলি ভাবিয়েই ইন্তে আন ক’অবাতহে কানি খাই আছেগৈ
যেন পাং৷ কালি চু’ কঈবা আহি ধআ পঈ আমাক ভয় খাই আছে চাগে’৷ আহচোন এইফালে৷”
জংঘলৰ মাজেৰে
অলপ যোৱাৰ পাছতে তেমেকাৰ নাকত কানিৰ গোন্ধ লাগিল৷ সি কেৰ্পাইক ফুচফুচাই ক’লে–
“হিন্তে এইখিনিতে থাকিবা পাএ৷ কানি’ গন্ধ পাইছং৷”
“অঁ ময়ো পাইছং৷”
দুয়ো কানিৰ
গোন্ধ অহাৰ ফালে গৈ থাকিল৷ এঠাইত সিহঁতে জুইৰ ধোঁৱা দেখি নিশ্চিত হ’ল যে মদনহঁত তাতে আছে৷ সিহঁতে মনে মনে গৈ মদনহঁতৰ কাষত হাজিৰ হ’ল৷ সিহঁতক দেখিয়েই পলাবলৈ সাজু
হ’ল মদনহঁত৷ তেমেকাই সিহঁতক ধমক দিলে– “এই নপলাবি! বহি থাক৷ নহ’লে কাটিম৷”
দৌৰিবলৈ বহাৰ
পৰা থিয় হোৱা পাঁচোটা কানিয়াই পুনৰ বহি পৰিল৷ তেমেকাই সিহঁতক ক’লে– “তন্তে যি
কঈছিলি আৰু নকঈবি৷ বাউ হেইবো’ কথা বাদ দিলং৷ তন্তে কচোন গাঙ’ মানুহবো’ কোনফালে
গৈছে?”
“হিন্তে
এইফালেদিয়েই গৈছে৷”– মদনে পূবফাললৈ আঙুলিয়াই ক’লে৷ “ক’ত আছেগৈ হেইটোহে নাজানং৷”
“কানি খাই খাই
ইয়াতে থাকিলে কেনেকে জানিবি! মানুহবিলাক থাকংতে চিপাহী আহিছিল নাকি?”
“নাই আহা৷ আজিহে
আহিছিল৷”
“তন্তে দেখা
পাইছ?”
“আমি জংঘল’
ভিত’অ পআই হিন্তক আহা দেখিছিলং৷”
“বাউ ঠিকে আছে৷
তন্তে আমা’ লগত গাঙ’ মানুহবোঅক বিচাঈ যাবি না?”
“নাই, আমি
নাযাং৷”
“তেন্তে থাক
তন্তে ইয়াতে৷ ইয়াতে মঈবি৷”
তেমেকাহঁত ঘূৰি আহিছিল৷ তেমেকাই ভাবিলে– মানুহবোৰক যিহেতু চিপাহীয়ে পোৱা নাই, গতিকে মানুহবোৰ ভালে-কুশলে থাকিব পাৰে৷ গাঁৱত থাকোঁতে চিপাহীয়ে পোৱাহ’লে বহুতকে ধৰি নিলেহেঁতেন, বহুতকে পিটি আধামৰা কৰিলেহেঁতেন আৰু জীয়াৰী-বোৱাৰীক ধৰ্ষণ কৰিলেহেঁতেন৷ মানুহবোৰ আঁতৰি গৈ ভালেই কৰিলে৷ কিন্তু জংঘলত কি খাব? খাবলৈ নাপাই মানুহবোৰ মৰিব৷ তেমেকাহঁতে দুটোপোলা চাউলহে ভাৰ বৈ নিব? এই চাউলেৰে কেইজনলৈ জুৰিব? কিমান দিন বা জংঘলত থাকিবলগীয়া হ’ব পাৰে? মানুহবোৰে লগত চাউল-পাত সৰহকৈ নিব পাৰিছে নে নাই সেইটোও সন্দেহৰ বিষয়৷ আৰু মানুহবোৰকো সিহঁতে জংঘলত লগ পাব নে নাপায় সিও অনিশ্চিত৷
তেমেকাৰ ভাত
ৰন্ধা হৈ গ’ল৷ সি কেৰ্পাইক মাতি ভাতৰ পাতত বহিল৷ দুয়ো একো কথা-বতৰা নোকোৱাকৈ ভাত
খাবলৈ ধৰিলে৷ কেৰ্পায়ে এনেয়েও বেছি কথা নকয়৷ তেমেকাৰ মনলৈ মানুহবোৰৰ চিন্তা আহি আছে
বাবে সিও একো কোৱা নাই৷ সি একো কোৱা নাই বাবে কেৰ্পায়েও কিবা এটা কোৱাৰ কথা নাহে৷
একো কথা-বতৰা
নপতাকৈয়ে সিহঁতৰ ভাত খোৱা শেষ হ’ল৷ তেমেকাই কেৰ্পাইক ক’লে– “চউত ভাত আছে৷ ভাত’
দুটা টোপোলা বান্ধ৷”
কেৰ্পায়ে ভাতৰ
টোপোলা দুটা বন্ধাৰ পাছতে দুয়ো এটা এটা টোপোলা মোনাত ভৰাই ল’লে৷ তাৰ পাছতে চাউলৰ
টোপোলা দুটা পিঠিত ল’লে আৰু হাতত দা লৈ সিহঁতে যাত্ৰা আৰম্ভ কৰিলে৷ সিহঁতে পূবফালে
খোজ লৈ কিছু সময়ৰ পাছতে জংঘলৰ ভিতৰত সোমাই পৰিল৷ সিহঁত যিমানে আগ বাঢ়িল সিমানে
জংঘল ডাঠ হৈ আহিল৷ এটা কথা মনলৈ অহাত তেমেকাই কেৰ্পাইক ক’লে– “কালি চিপাহী পথম
আহিছিল৷ হিন্তে আচলতে মানুহ বিচাঈয়েই আহিছিল৷ ঘএ ঘএ হুমাই মানুহকে বিচাঈছিল৷ কাক’
নাপাই গুচি গ’ল৷ এইবা’ আহিলে জংঘলত বিচাঈব৷ ঠিক নাই আজিয়েই আহিবা পাএ৷”
“ঠিক কৈছ৷ গাঙত
নাপালে জংঘলত হুমাব৷ জংঘলত বিচাঈলে কানিয়াকেইটাক নাপাব না?”
“পাব পাব৷
হিন্তকে পথমে পাব৷”
“কি হ’ব
বেচেআকেইটা’?”
“পাওক মজা৷ কানি
খাই হিন্ত’ মাথাও নষ্ট হ’ল৷ চু’ কঈবা কাঅণে গাঙ’ মানুহ লগত নাহিল৷ চু’ কআ কথাটো
হিন্তে কেনেকে ভাবি পালে? মনেই হিন্ত’ বেয়া হৈ গৈছে৷ কিন্তু এটা
কথা হিন্ত’ পআ আমা’ মানুহবোঅও বিপদ হ’বা পাএ৷ হিন্তক হুধি মানুহবো’ কোনফালে গৈছে
জানি ল’বা পাএ৷ তেতিয়া এইফালে বিচাঈ আহিলে আমা’ মানুহবো’ বিপদত পঈব৷”
“হয় দেই কথাটো৷
আমা’ মানুহবোঅক পালে বহুদূঅলৈ লৈ যাবা লাগিব৷”
“অঁ ঠিক কৈছ৷”
এইবাৰ দুয়ো কথা
বন্ধ কৰি গৈ থাকিল৷
জংঘলৰ ভিতৰত থকা
হিংস্ৰ জন্তুবোৰৰ কথা তেমেকাৰ মনলৈ অহা নাই৷ তাৰ মনত খেলা কৰিছে গাঁৱৰ মানুহবোৰক লগ
পোৱাৰ চিন্তাই৷ জাক জাক ভাটৌৰ কোৰ্হাল, সিহঁতক দেখি বান্দৰবোৰে কৰা খেকখেক
শব্দই তেমেকাৰ মন কাঢ়ি নিব পৰা নাই৷ সিহঁত গৈ থাকিল৷
গাঁৱৰ পৰা
এমাইলমান যোৱাৰ পাছতে তেমেকাহঁতে ভদ্ৰেশ্বৰ আৰু বীৰেনক লগ পালে৷ সিহঁতক দেখি
তেমেকাৰ মনটো ভাল লাগি গ’ল৷ তেমেকাই সিহঁতক দেখি সুধিলে– “তন্তে ইয়াতে আছ?”
“অ৷ ভালেই হৈছে
তন্তে দুটা আহি পাইছ৷”– বীৰেনে মাত দিলে৷ “আমি এইফালে আহি হুমাই আছং৷”
“মানুহবোৰ ক’ত?”
“আছে অলপ
আঁতৰতে৷ আমি পহআ দি ইফালে আছং৷ আমি লুকাই আছিলং৷ তন্তক দেখা পাই ওলাই আহিছং৷”
“তেন্তে তন্তে
দুটা থাক৷ কিন্তু হাৱধান চিপাহী আজি এইফালে আহিবা পাএ৷ কালি আহি গাঙত মানুহ নাপাই
ঘূঈ গৈছে৷ আজি জংঘলত বিচাঈ আহিবা পাএ৷ মানুহবো’ কোনফালে আছে আমাক ক৷”
ভদ্ৰেশ্বৰে
দক্ষিণ দিশলৈ আঙুলিয়াই ক’লে– “এইফালে চিধা যা৷ মানুহবোঅক পাই যাবি৷”
তেমেকাহঁতে
সেইটো দিশত কিছুদূৰ গৈ মানুহবোৰক লগ পালে৷ মানুহখিনি একে ঠাইতে থুপ খাই বহি আছে৷
সিহঁতে নিজৰ নিজৰ বস্তুবোৰৰ টোপোলা কৰি ৰাখিছে যাতে চিপাহী অহা বুলি গম পালেই লগে
লগে পলাই যাব পাৰে৷ তেমেকাই দেখিলে মাক, ভনীয়েক মালতী আৰু ভায়েক দেউৰাম একেলগে
বহি আছে৷ সি কাষ গৈ পোৱাৰ লগে মাকে চকুপানী টুকিবলৈ ধৰিলে৷ সি মাকক সুধিলে–
“কাউবা’ কিবা হৈছে নাকি?”
“নাই, এতিয়ালৈকে
কাউ একো হোৱা নাই৷ কিন্তু ঘ’-বাঈ এঈ আহি জংঘল’ মাজত ব’ কষ্ট পাইছং৷ ঘঅলৈ ব’কে মনত
পঈছে৷”
“কি কঈবি! বেয়া
দিন আহিল৷ এতিয়া যেনেতেনে জীয়াই থকাটোৱেই ডাঙ’ কথা হৈছে৷ পিতাইক দেখা নাই যে?”
“দুপঈয়া খাবা
কাঅণে জংঘলত কাঠআলু বিচাঈ গৈছে৷ চাউল আছে৷ কিন্তু দুপঈয়া দুপঈয়া ভাত নাখাং,
আলুকে
খাবা লৈছং৷”
“ঠিকে কঈছ দে৷
আটকীয়া বস্তু চাই-চিতি খঅছ কঈবা লাগে৷”
হঠাতে পটেশ্বৰী আহি তেমেকাৰ কাষত হাজিৰ হ’ল৷ তেওঁ ৰহেমাইৰ কথা উলিয়ালে– “ত’ ভনীয়েআ’ অহেমাইহঁত’ কথা
কিবা গম পাইছ না?”
“একো গম পোৱা
নাই৷ হিন্তে গাঙতে আছে নাকি?”
“নাই, হুনিছং
হিন্তেও জংঘলত হুমাইছে৷”
“এতিয়া কাউ খব’
ল’বলৈ কাউ আহঈ নাই৷ নিজ’ জীৱটোক লৈয়ে টনাটনি৷ ভগৱানে যি কএ কঈব৷”
তেমেকাই দেউৰামৰ
মূৰত হাত ফুৰাই মৰম কৰি ফুটুকী ক’ত আছে জানিবলৈ চকু ফুৰালে৷ ফুটুকী মাকৰ লগত এটা
চুকত বহি আছে৷ সি আগ বাঢ়ি গৈ ফুটুকীৰ ওচৰ পালে৷ সি ফুটুকীক ক’লে– “আহচোন, অলপ
কথা পাতং৷”
দুয়ো ৰাইজৰ পৰা
অলপ আঁতৰলৈ গৈ এডাল পৰি থকা গছত বহিল৷ তেমেকাই তাইক সুধিলে– “কেনে আছ? ব’
কষ্ট পাইছ ন?”
“কষ্টতো হ’বই৷
কা’নো কষ্ট হোৱা নাই? চবেই কষ্ট পাইছে৷”
তেনেতে দেখিলে
কাঠআলু বিচাৰি যোৱা মানুহবোৰ আহি পাইছে৷ সকলোৰে হাতে হাতে কাঠ আলু আৰু শাক-পাচলি৷
লগে লগে গাভৰু আৰু তিৰোতা মানুহবোৰে হাতে-কামে লাগি গ’ল৷ ওচৰতে এটা জুৰি আছে৷
জুৰিটো জলাহখনত পৰিছেগৈ৷ কাঠআলু আৰু শাক-পাচলিবোৰ তাতে নি ধোৱা হ’ল৷ তাৰ পাছত আঠঘৰৰ
আঠটা চৰুত তিৰোতাবোৰে কাঠআলুবোৰ সিজাবলৈ ধৰিলে৷
“ত’ক কথা এটা
ক’বা লাগা আছে৷”– ফুটুকীয়ে তলমূৰ কৰিয়েই মাত দিলে৷ “আমি বহুত ভুল কাম কঈ পালং৷ মই
দুমাহ গা ধোৱা নাই৷”
“তই দুমাহ গা
ধোৱা নাই?”– তেমেকাই মিচিকিয়া হাঁহি মাৰি সুধিলে৷
“অঁ, হাঁহিছ
যে?”
“মই ভালেই
পাইছং৷ বিপদ নোহোৱা হ’লে এতিয়াই তোক বিয়া পাতিলংহেঁতেন৷ কিন্তু উপায় নাই৷ বিপদ
আঁতঈলেই ত’ক বিয়া পাতিম৷ কথাটো কাউবাক কৈছ?”
“কাক’ কোৱা নাই৷
আই-পিতায়ে গম পালে ব’ দুখ পাব৷”
“হ’বলগীয়া ঘটনা
হৈ গ’ল৷ এতিয়া তই ত’ আইক আউ¸ মালতীক কথাটো কৈ থ’বি৷ ত’ যত্ন ল’বা
পাইব’৷ একো নহয় কৈ দিয়াই ভাল৷”
“হমাজে বেয়া
নুবুলিব?”
“হমাজে বেয়া
বুলিলেও এই বিপদ’ হময়ত কি কঈবি?”
কাঠআলু সিজাৰ
পাছতে নিজৰ নিজৰ পৰিয়ালৰ মানুহবোৰ একেলগে বহিল৷ তেমেকা আৰু ফুটুকীয়েও নিজৰ পৰিয়ালৰ
মানুহৰ লগত বহি কাঠআলু খালে৷
পহৰা দি থকা
ভদ্ৰেশ্বৰ আৰু বীৰেন উধাতু খাই ওলালহি৷ সিহঁতে ফোপাই ফোপাই ক’লে– “চিপাহী আহিছে৷
হাবি ডাঠ বাবে হিন্তে জোএ আহিবা পাআ নাই৷ হিন্তে চিধা পূবফালে যাবলৈ লৈছে৷ এটা
চিপাহী’ পিছফালে মদনক ঘোঁআত উঠি আহা দেখিছং৷”
“ব’ল ব’ল৷ ঐ
থাকিবা নালাগে৷”– তেমেকাই সকলোকে ক’লে৷ “কিবাকে এইফালেও হিন্তে আহিবা পাএ৷ আউ এটা
কথা৷ যা যা কেঁচুৱা আছে কান্দিলে পিয়াহ মুখত দি দিবি৷ নহ’লে কাপোএএ মুখত হোপা দি
কান্দোনটো ডাঙ’কৈ ওলাব নিদিবি৷ নহ’লে কেঁচুৱা’ কান্দোন হুনি চিপাহী ওলাবহি৷”
দলটোত চাৰিটা
কেঁচুৱা আছে৷ তাৰে এটা বীৰেন আৰু মিনতিৰ৷ ধৰি অনাৰ পাছত উপায় নাপাই মিনতিয়ে বীৰেনৰ
লগত সংসাৰ কাৰিবলৈ বাধ্য হ’ল৷ আজিকালি সিহঁতৰ সংসাৰখন ভালকৈয়ে চলিছে৷ বীৰেনৰ
আদৰ-মৰমৰ বিনিময়ত মিনতিয়ে বীৰেনকো মৰম কৰিবলৈ লৈছে৷
সকলোৱে
টালি-টোপোলা লৈ দক্ষিণ দিশত খোজ ল’লে৷ মানুহবোৰৰ লগত বিশেষ মূল্যৱান বস্তু নাই৷
টোপোলাবোৰ সাধাৰণতে কাপোৰৰ৷ কাপোৰৰ মাজতে কাৰোবাৰ ৰূপৰ কাণফুলি, ডিঙিৰ
মণি, হাতৰ খাৰু হয়তো দুই-এপদ আছে৷ কিছুমানৰ টোপোলাত আছে দুপদমান কাঁহৰ
কাঁহী-বাটি৷ তেমেকাই ক’লে– “আমি জলাহ’ পাএ পাএ গধূলি নোহোৱালৈকে গৈ থাকিম৷ পূবফালে
গ’লে কামপু’ পামগৈ৷ হিফালেও চিপাহী’ অত্যাচা’ চলি আছে৷ আহ ম’ পিছে পিছে৷”
তেমেকা সকলোৰে
আগলৈ গৈ খোজ ল’লে৷ জলাহৰ পানী বাৰিষাৰ সময়তকৈ বহুত কমি গ’ল৷ জলাহখন সেয়ে সৰু হৈ
পৰিছে৷
জলাহৰ পাৰে পাৰে
আহি তেমেকাহঁত গধূলি সময়ত কপিলীৰ পাৰত উপস্থিত হ’ল৷ তেমেকাই ৰাইজক ক’লে– “আজি
আতিটো ইয়াতে কটাং৷ এইখিনিত কপিলীখন সিমান দ নহয়৷ তিয়নি লৈ খোজ কাঢ়ি পা’ হ’বা পাঈম
যেন পাং৷”
তেমেকাৰ কথা
শুনি সকলোৱে ভাত-তৰকাৰি ৰান্ধিবৰ বাবে সাজু হ’ল৷ মতা মানুহবোৰে ওচৰতে থকা শুকান
বাঁহ-কাঠ গোটালে আৰু কপিলীৰ পৰা পানী আনিলে৷ আনফালে তিৰোতাবোৰে চৌকাত জুই ধৰি
আৰম্ভ কৰিলে ৰন্ধনৰ কাম৷ ৰূপেশ্বৰ আৰু মহীধৰে দুজন ডেকাক লগত লৈ চাৰিওফালে ধোঁৱা
দিলে মহ-ডাঁহ খেদিবলৈ৷
ভাত হোৱাৰ পাছতে
সকলোৱে খাই-বৈ শুই থাকিল৷
পাছদিনা
ৰাতিপুৱা আন্ধাৰ হৈ থাকোঁতেই তেমেকাই সকলোকে টোপনিৰ পৰা উঠাই দিলে৷ কাৰণ সি জানে
যিমানে বেলিটো ওপৰলৈ উঠি আহে সিমানে বিপদ অহাৰ আশঙ্কা বাঢ়ি আহে আৰু যিমানে
বেলিটো পশ্চিম আকাশত নামি যায় সিমানে বিপদৰ সম্ভাৱনাও কমি যায়৷ দিনৰ পোহৰতহে
চিপাহীবোৰে মানুহ বিচাৰি ফুৰে৷
টোপনিৰ পৰা উঠি
সকলোৱে টালি-টোপোলা বান্ধিলে৷ তেমেকাই কেৰ্পাইক লগত লৈ কপিলীৰ পানীৰ জোখ ল’বলৈ খোজ
ল’লে৷ কাতিমাহৰ মাজভাগ৷ বাৰিষাৰ বহল কপিলীৰ পানী চাপি আহি মাজ ভাগতহে আছে৷
দুয়োফালে ডাঙৰ বালিচৰ৷ এটুকুৰা বহল পানী থকা ঠাইত উপস্থিত হৈ তেমেকাই তিয়নি পিন্ধি
পানীত নামিল৷ কাৰণ এনেকুৱা ঠাইত আনবোৰ ঠাইতকৈ গভীৰতা কম হোৱাৰ সম্ভাৱনা থাকে৷ সি
লাহে লাহে গৈ সিপাৰ পালেগৈ৷ এঠাইত তাৰ মূৰলৈকে পানী উঠিল৷ সি অলপ সাঁতুৰিবলগীয়া
হ’ল৷ এনে পানীত টালি-টোপোলা পাৰ কৰা আৰু তিৰোতা মানুহবোৰ পাৰ হোৱা কঠিন হ’ব৷ সি
কেৰ্পাইক ক’লে– “ব’ল ভু’ এখনকে হাজং৷ তেতিয়াহে বস্তু-বাহানি পা’ কঈবা পাআ যাব৷”
সিহঁতে ঘূৰি আহি
মানুহবোৰক ভুৰ এখন সজাৰ কথা ক’লে৷ লগে লগে মানুহবোৰে জংঘলত কলগছ বিচৰাত লাগিল৷ অলপ
পাছতে ভালেমান কলগছৰ টুকুৰা নদীৰ পাৰত গোট খালে৷ অলপ সময়ৰ ভিতৰতে মানুহবোৰে দুখন
ভুৰ সাজিলে আৰু ভুৰদুখনৰ দুয়ো মূৰে লতাৰ জৰী লগালে৷ নদীখন সাঁতুৰি বাপুকণ, বীৰেনকে
ধৰি পাঁচজন ডেকাই সিপাৰত গৈ ভুৰদুখনৰ আনটো মূৰত লগোৱা জৰীপাট ধৰি টানিবলৈ সাজু
হ’ল৷
তেমেকাহঁতে
প্ৰথমে তিৰোতা আৰু সৰু ল’ৰা-ছোৱালীবোৰক পাৰ কৰি দিলে৷ তাৰ পাছত টালি-টোপোলাবোৰ পাৰ
কৰি মতা মানুহবোৰ দুজন-তিনিজনকৈ ভুৰত উঠি সিপাৰ হ’ল৷ শেষত থাকিল তেমেকা আৰু
কেৰ্পাই৷ দুয়ো সাঁতুৰি আহি মানুহবোৰৰ লগ লাগিলহি৷ তেমেকাই ইপাৰ পায়েই ভুৰ দুখন
কপিলীৰ সোঁতত এৰি দিলে৷ সি ভুৰ দুখনলৈ চাই ক’লে– “তন্তক এনেই এঈ দিয়া নাই৷ কোনোবা
মানুহ’ উপকা’ কঈবি৷”
বেলিটো দিগন্ত
ৰেখাৰ ওপৰলৈ উঠি আহিছে৷ বেলিটোক দেখি তেমেকাৰ মনত খেলালে ইয়ে ভয়ংকৰ মুহূৰ্তবোৰ
কঢ়িয়াই আনে৷ সি বেলিটোলৈ চাই থাকিবলৈ ভাল নাপালে৷ সি মানুহবোৰলৈ চাই ক’লে– “ব’ল
এতিয়া গৈ থাকং৷”
মানুহবোৰক পাৰ
হৈ তেমেকা আগলৈ আহিল আৰু সকলোকে তাক অনুসৰণ কৰিবলৈ ক’লে৷ কপিলীৰ পাৰে পাৰে এইবাৰ
পশ্চিমলৈ তেমেকাই খোজ ধৰিলে৷ পশ্চিমলৈ কিছুদূৰ ভটিয়াই যাব পাৰিলে মানুহবোৰ নিৰাপদ
হৈ আহিব৷
কিছুদূৰ ভটিয়াই
অহাৰ পাছত তেমেকাই দক্ষিণ দিশত খোজ পেলালে৷ মানুহবোৰ তাৰ পিছে পিছে গৈ থাকিল৷
মানুহবোৰে দুখ-ভাগৰক কাতি কৰি অহৰহ খোজ চলাই থাকিল৷
দক্ষিণ দিশত
ভালেমান দূৰ যোৱাৰ পাছত তেমেকাই এঠাইত ৰৈ দিলে৷ সি মূৰৰ ওপৰৰ বেলিটোলৈ চাই
মানুহবোৰক ক’লে– “আমি এতিয়া নিআপদ ঠাই পালংহি৷ আতিপুৱা কোনেও একো খোৱা নাই৷ ইয়াতে
ভাত-পানী আন্ধি খোৱা যাক৷”
তেমেকাৰ মুখেৰে
নিৰাপদ ঠাইত উপস্থিত হোৱা বুলি জানি মানুহবোৰৰ মুখত হাঁহি বিৰিঙিল৷ সকলোৱে ভাগৰ
পলুৱাবলৈ ইফালে-সিফালে গছৰ ছাঁত বহিল৷ অলপ পাছতে মানুহবোৰে ভাত-তৰকাৰি ৰান্ধিবলৈ
সাজু হ’ল৷ কাষতে আছে এটা ডোঙা৷ ডোঙাটোক দেখিয়েই তেমেকাই ৰৈ দিছে৷ সিও এইফালে
কোনোদিনে আহি পোৱা নাই৷ আৰু আগুৱাই গ’লে বাটত জুৰি পাব নে নাই ঠিকনা নাই৷
গাভৰু-তিৰোতাবোৰে ডোঙাটোৰ পৰা পানী আনি ভাত-তৰকাৰি ৰান্ধিবলৈ ধৰিলে৷ তেমেকাই
সকলোকে ক’লে– “কোনেও এতিয়া মনত দুঃচিন্তা লৈ থাকিব নালাগে৷ মই আগতে আহা নাই যদিও
বুজি পাইছং আমি নিআপদ ঠাইত উপস্থিত হৈছং৷ ইফালে কোনো চিপাহী-তিপাহী নাই৷ কিন্তু
আমি আউ¸ আগুৱাই যাম, যাতে কোনোদিনে আমাক ইংআজ’ চিপাহীয়ে
নাপায়৷”
ভাত-তৰকাৰি
হোৱাৰ পাছত মানুহবোৰে হাঁহি-মাতি ভাত খালে৷ তাৰ পাছত তেমেকাই মানুহবোৰক অলপ জিৰণি
ল’বলৈ ক’লে৷ সি কেৰ্পাইক ক’লে– “মই কোৱা নাছিলং না এই কানিয়াকেইটাই আমা’ বিপদ ঘটাব
পাএ বুলি৷ হিন্তে আইজ’ লগত নাহি আমাকো বিপদত পেলাইছিল৷ চিপাহীয়ে হিন্তক পাই গাঙ’
মানুহবো’ কোনফালে গ’ল বুলি হুধিছিল হ’বলা৷ হিন্তে দেখুৱাই দিয়াত হিন্তকো ঘোঁআত
উঠাই আমাক বিচাঈ আহিছিল৷ ভাগ্যে আমা’ ফালে নাহিল৷ নহ’লে আমা’ গতি কি হ’লহেঁতেন
ক’বা নোৱাঈ৷”
মদন-হাবাংহঁতৰ পৰিয়ালৰ মানুহবোৰ তেমেকাহঁতৰ কাষতে আছে৷ তেমেকাৰ কথা শুনি সিহঁতৰ পৰিয়ালৰ মানুহবোৰে চকুলো টুকিবলৈ ধৰিলে৷ সি মাত দিলে– “নাকান্দিবি, হিন্তে তাতে থাকি ভুল কঈছে৷ আহিম বুলি ভাবাহ’লে আমা’ লগতে আহিবা পাঈলেহেঁতেন৷ মই হিন্তক কৈছিলঙো আমা’ লগতে আহিবা৷ কিন্তু হিন্তে নাহিল৷ চিপাহীয়ে এতিয়া হিন্তক কি কঈছে নাজানং৷ এইকেইটা ঘো’ কানিয়া, ইন্ত’ কাম নাই বুলি এঈও দিবা পাএ৷ তাতে ইন্তে ধেৱা কামত এদিনহে গৈছিল৷”
“গাং এঈ আহিম
বুলি দুদিন’ আগতে মিটিং কআ হৈছিল৷”– মনেশ্বৰে মাত দিলে৷ “হকলোকে চাউল-পাত যিমান
পাএ জোগা’ কঈ লগত নিবা লাগে বুলি কোৱা হৈছিল৷ কিন্তু হিন্তে কাণহায়েই নকঈলে৷ আহা’
হময়ত লগ ধঅংতেও নাহং বুলি ক’লে৷ ঘঅ মানুহখিনিয়েও আনিবা নোৱাঈলে৷ আমি কি কঅং
এতিয়া!”
তেমেকা আৰু
মনেশ্বৰৰ কথা শুনি মদনহঁতৰ পৰিয়ালৰ মানুহবোৰৰ কান্দোন বন্ধ হ’ল৷ তেমেকাই পুনৰ
ক’লে– “যি হ’ল হ’ল৷ এতিয়া ভগৱানে ভালে-কুশলে আখিলেই হ’ল৷ আইজ, আমি গৈ থাকং নাকি?”
তেমেকাৰ কথা
শুনি মানুহবোৰ যাবলৈ সাজু হ’ল৷ তেমেকাই আগৰ দৰেই আগলৈ গৈ খোজ পেলালে৷ মানুহবোৰ তাৰ
পিছে পিছে গৈ থাকিল৷
কিছু দূৰত
বান্দৰ কিছুমানে খেকখেকাই উৰুমি কৰি থকা শুনা গ’ল৷ ৰূপেশ্বৰে মাত দিলে– “আগত বিপদ
আছে যেন পাইছং৷ বান্দ’বোএ এনেই চিঞঈ থাকা নাই৷ বাঘ আছে চাগে’৷
“হ’বা পাএ৷”–
মহীধৰে ক’লে৷ “হাৱধান হোৱা ভাল৷ হকলোৱে হাতত বাঁহ’ জোং লোৱা ভাল৷ বাঁহ জোঙেএহে
বাঘ’ লগত যুঁজিবা ভাল৷ জাঁপ মাঈ আহিলে পেটত ভআই দিবা পাআ যাব৷”
ৰূপেশ্বৰ,
মহীধৰ
আদিকে ধৰি কেইবাজনৰো হাতত যাঠিৰ দৰে বাঁহৰ জোং আছেই, তেমেকাকে ধৰি
ডেকাবোৰৰ হাতত নাই৷ তেমেকাই বাঁহ এডাল কাটি জোঙা কৰি যাঠিৰ দৰে কৰি ল’লে৷ আন
ডেকাবোৰেও তাৰ দৰে বাঁহৰ জোং কাটি হাতত ল’লে৷ মহীধৰে ক’লে– “এইখিনি ব’ হাৱধানে
যাবা লাগিব৷”
ৰূপেশ্বৰৰ
পৰিকল্পনা অনুসৰি সৰু ল’ৰা-ছোৱালী আৰু তিৰোতা মানুহবোৰক মাজত লৈ চাৰিওফালে
তেমেকাহঁতে তীক্ষ্ণ দৃষ্টি ৰাখি আগ বাঢ়িল৷ সিহঁতৰ হাতত যাঠিৰ দৰে বাঁহৰ জোং৷
বান্দৰে উৰুমি
কৰি থকা ঠাইখিনি পোৱাৰ লগে লগে তেমেকাহঁত এহাল বাঘৰ মুখামুখি হ’ল৷ বাঘ দুটা গুজৰি
উঠিল৷ লগে লগে ৰূপেশ্বৰে ডেকাবোৰক ক’লে– “ভয় কঈবা নালাগে৷ তন্তে হাতত বাঁহ’ যাঠি
আগফালে লৈ দুটা হাঈ হৈ আগ বাঢ়৷ আমিও বাঁহ’ যাঠি লৈ পিছফালে আছং৷ হিন্তে জাঁপ মাঈ
আক’মণ কঈলে এই তিনিটা হাঈ পা’ হ’বা নোৱাএ৷ ইয়াতে মঈব৷ ভয় নকঈবি আগ বাঢ়৷ আমি হাহখ
দেখুৱালে হিন্তে ভয় কঈব৷”
ৰূপেশ্বৰৰ কথা মতে ডেকাবোৰে দুটা শাৰী হৈ আৰু হাতত বাঁহৰ
যাঠি লৈ লাহে লাহে বাঘ দুটাৰ ফালে সন্তৰ্পণে আগুৱাই গ’ল৷ ৰূপেশ্বৰহঁতে বাকী
মানুহবোৰক পিছফালে বহুৱাই ৰাখি সাৱধান হৈ ৰ’ল৷ তেমেকাহঁত আগুৱাই গৈ থাকিল৷ সিহঁতক
ভয় নকৰি সিহঁতৰ ফালেই গৈ থকা বাবে বাঘ দুটাই হয়তো ভয় খালে৷ সিহঁতে দীঘল দীঘল জাঁপ
মাৰি জংঘলৰ মাজলৈ গুচি গ’ল৷
মানুহবোৰৰ
যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ বাঘ দুটা গুচি যোৱাৰ পাছতো তেমেকাহঁত কিছুদূৰ বৰ সাৱধানে
আহি থাকিল৷
কোনো বিপদৰ
সংকেত নাপাই তেমেকাহঁত লাহে লাহে সহজ হৈ আহিল৷
বেলি মাৰ যাবৰ
সময়ত এটা ডোঙৰ পাৰত তেমেকাহঁত উপস্থিত হ’ল৷ ডোংটোৰ কি নাম কোনেও নাজানে৷ তেমেকাই
ৰাইজক ক’লে– “বেলি পঈ আহিল৷ আজি এই ডোঙ’ পাঅতে থাকাই ভাল৷ কালিলৈ ডোংটো পা’ হৈ
হিফালে গুচি যাম৷”
ডোংটোৰ পাৰত
হঠাতে এজাক হৰিণা দেখা গ’ল৷ সিহঁতে শাৰী পাতি ডোঙৰ পানী খাইছে৷ তেমেকাই মাত দিলে–
“এইখিনি বাটত হৰিণা লগ পোৱা নাছিলং৷ ইয়াতহে দেখিলং৷”
ৰাইজে ৰাতিটো
কটাবৰ বাবে ঠাই ঠিক কৰিলে৷ কেইটামান পৰিয়ালৰ লগত থকা চাউল প্ৰায় শেষ হৈ আহিছে৷
তেমেকাই সি কঢিয়াই অনা চাউলখিনিকে সেইকেইটা পৰিয়ালক ভগাই দিলে৷ ৰাতিৰ আহাৰ তৈয়াৰৰ
জা-যোগাৰ চলিল৷ লাহে লাহে চাৰিওফাল আন্ধাৰে আৱৰি ধৰিছে৷ মহ-ডাঁহ খেদিবলৈ তেমেকাই
বীৰেনক লগত লৈ চাৰিওফালে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিলে৷
হঠাতে কান্দিবলৈ
ধৰিলে মিনতিৰ কোলাৰ কেঁচুৱাটোৱে৷ মিনতিয়ে তাৰ মুখত কাপোৰৰ সোপা দি কান্দোনৰ শব্দ
কমাবলৈ চেষ্টা কৰিলে৷ তেমেকাই মিনতিক ক’লে– “এতিয়া চিন্তা কঈবলগীয়া একো নাই৷ তাক
তা’ ইচ্ছা মতে কান্দিবলৈ দে৷ মুখত হোপা দিবা নালাগে৷”
ভাত-তৰকাৰি
হোৱাৰ পাছতে জুইৰ পোহৰত ভাত খাই মানুহবোৰ শুই পৰিল৷
পাছদিনা ৰাতিপুৱা বেলি ওলোৱাৰ সময়তহে তেমেকা টোপনিৰ পৰা উঠিল৷ দোকমোকালিতে সাৰ পাইছিল যদিও সি এনেই বাগৰ মাৰি থাকিল৷ ৰূপেশ্বৰ, মনেশ্বৰ আৰু মহীধৰে ডোঙৰ পানীৰ জোখ লৈ আহি মানুহবোৰক কৈছে– “ভু’ নাহাজিলেও হ’ব৷ ডোঙ’ পানী এআঁঠুলৈকে পআ৷ ধুনীয়াকে পা হৈ যাবা পাঈম৷”
তেমেকাই বাগৰ দি
থকাৰ পৰা উঠি ডোংটোলৈ গৈ মুখ-হাত ধুলে৷ ডোঙৰ পানী পৰিষ্কাৰ৷ কিছুমান মাছ পানীত
ঘূৰি ফুৰা তাৰ চকুত পৰিল৷
অলপ পাছতে
টালি-টোপোলা লৈ সকলোবোৰ মানুহ ডোংটো পাৰ হৈ ইপাৰত উপস্থিত হ’ল৷ তেমেকাহঁতৰ যাত্ৰা
পুনৰ আৰম্ভ হ’ল৷ তেমেকাই চিন্তা কৰিছে এখন গাঁৱত উপস্থিত হ’ব পাৰিলেই সি যাত্ৰাৰ
সামৰণি মাৰিব পাৰে৷ কিন্তু সিহঁতে গাঁও এখন নাপায়হে নাপায়৷
দুপৰীয়া সময়ত
এঠাইত ৰৈ ভাত খোৱাৰ পাছতে তেমেকাহঁতৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ তাৰ পৰা দুমাইলমান
যোৱাৰ পাছতে তেমেকাই এখন বাৰী দেখিলে৷ তাৰ মনত আনন্দ লাগিল৷ এখন বাৰী পোৱা মানে
এখন গাঁও পোৱা৷ সি মানুহবোৰলৈ ঘূৰি চাই ক’লে– “আমি এখন গাঁও পাম এতিয়া৷ গাঁৱ’
মানুহবোএ আমাক ঠাই দিলেই আমি বাচি যাম৷”
ভালেমান দূৰত
থকা পাহাৰ কিছুমান ৰিণিকি ৰিণিকি তেমেকাৰ চকুত পৰিল৷ সি ভাবিলে এইবোৰকে নি(য়
মিকিৰ পাহাৰ বুলি কয়৷
তেমেকাই ধৰিব
পাৰিলে মানুহবোৰৰ মনত ৰং লাগিছে৷ বাৰীখন পাৰ হৈয়েই তেমেকাই এখন ঘৰ দেখিলে, তাৰ পাছত
আন এখন ঘৰ৷ সি মানুহঘৰৰ পদূলিমুখত উপস্থিত হ’ল৷ মানুহবোৰক পদূলিতে ৰ’বলৈ কৈ সি
মানুহঘৰৰ চোতালত প্ৰৱেশ কৰি মাত দিলে– “ঘঅত কোনোবা আছে না?”
এজন মানুহ ঘৰৰ
ভিতৰৰ পৰা ওলাই আহি অলপ সময় তেমেকালৈ আচৰিত হৈ চাই ৰ’ল৷ তাৰ পাছত তেওঁ সুধিলে– “তই
কোন আছে? কিবা কাম আছে?”
তেমেকাই
মানুহজনক নিজৰ দুখৰ কথাখিনি যিমান পাৰে বুজাই দিবলৈ চেষ্টা কৰিলে৷ মানুহজনে শেষত
ক’লে– “গাংবুৰা ঘৰ তাকে আহিবি৷”
মানুহজনে
গাঁওবুঢ়াৰ ঘৰলৈ খোজ ল’লে৷ তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে তেমেকা আৰু বাকী মানুহবোৰ৷
গাঁওবুঢ়াৰ ঘৰ
পাই মানুহজন ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷ ভাগৰুৱা মানুহবোৰ গাঁওবুঢ়াৰ চোতালতে বহি পৰিল৷
অলপ পাছত গাঁওবুঢ়াৰ লগত মানুহজন ওলাই আহিল৷ গাঁওবুঢ়াই তেমেকাক সুধিলে– “তহঁত ক’ৰ
পৰা আহিছে? পলাই আহিছে?”
“অঁ পলাই আহিছং৷
গাং এঈ আহিছং৷ আমা’ তাত চিপাহীয়ে বহুত মানুহ মাঈছে৷ অত্যাচা’ কঈছে৷ এইফালে পলাই
আহিছং৷”
“গণ্ডগোলৰ কথাটো
অলপ অলপ হুনিছে৷ কিছুমান মানুহ আমাৰ ইফালে পলাই আহিছে বুলি হুনিছে৷ হেইবোৰ মানুহৰ
পৰা ইয়াৰ মানুহে ঘটনাটো গম পাইছে৷ বৰ দুখ পাইছে না! চিন্তা নকৰিবি আমি হহায় কৰিব৷”
গাঁওবুঢ়াৰ কথা
শুনি সকলোৰে মনবোৰ ভাল লাগি গ’ল৷ গাঁওবুঢ়াই কিছুমান মানুহ মতাই আনি আঠটা পৰিয়ালক
আঠ ঘৰত ৰখাৰ ব্যৱস্থা কৰি দিলে৷
তেমেকাহঁতৰ
পৰিয়ালটোক হেমাৰি ৰংফাৰ নামৰ মানুহ এজনৰ ঘৰত ৰখা হ’ল৷ তেমেকাই হেমাৰিৰ লগত কথা
পাতি গম পালে তেওঁলোক মিকিৰ মানুহ৷ সি আৰু গম পালে এই বৃহৎ সমভূমি অঞ্চলটোত
কেইখনমানহে মিকিৰ গাঁও আছে৷ ডিমাছা মানুহৰ গাঁও দুখনমানো আছে৷ বৃহৎ অঞ্চলটোত জনবসতি একেবাৰে সেৰেঙা৷ তেওঁলোকৰ
গাঁওখনৰ নাম কাংবুৰা তিমুং গাঁও৷ গাঁওবুঢ়াৰ নাম কাংবুৰা তিমুং৷ তেওঁৰ নাম
অনুসৰিয়েই গাঁওখনৰ নামো দিয়া হৈছে৷
তিনি
তিনিদিন জিৰণি
লোৱাৰ পাছত তেমেকাই নিজৰ গাঁৱৰ মানুহবোৰৰ লগত দুপৰীয়া সময়ত আলোচনাত বহি এটা
সিদ্ধান্তলৈ আহিল৷ কথাটো আগ বঢ়াই নিবলৈ ৰাইজে তাকে দায়িত্ব দিলে৷ গধূলি সময়ত
হংজাইত বহি ঢাৰি বৈ থকা হেমাৰিক কাষতে বহি সি সুধিলে– “কাকা! আমি এনেকে নাথাকং
বুলি ভাবিছং৷ ঘ’ হাজি গাং পাতিম বুলি ভাবিছং৷ ইয়াত খেতি কঈবা পাআ বহুত মাটি আছে৷”
“হয় নাকি?”– হেমাৰিয়ে ঢাৰি ব’বলৈ এৰি মাত দিছিল৷ “এইবোৰ মাটি আমাৰ গাঁৱৰ৷ বেলেগ গাঁও পাতিব নোৱাৰিবি৷ একে ঠাইতে ঘৰ পাতিলেও আমাৰ গাঁৱৰ মানুহেই হ’বি আৰ’ গাংবুৰা কাংবুৰা তিমুঙেই হ’ব৷ মানে তহঁতৰ ঘৰ থাকা ঠাইখনো কাংবুৰা তিমুং গাঁৱতে পৰিব৷ মাটি ল’ব খুজিলে গাংবুৰাক ক’বি৷ এনেই ক’লে নহ’ব৷ মান দি ক’ব লাগিব৷ তেতিয়াহে পাবি৷ নতুন গাঁও পাতিব খুজিলে কোনো গাঁৱত নপৰা মাটিত পাতিবা লাগিব৷”
“হ’ব কাকা৷ আমি
বেলেগ গাং নকৰং৷ তন্ত’ গাঙ’ মানুহেই হৈ থাকিম৷ গাংবুআ কাংবুআ তিমুঙেই হৈ থাকিব৷
আমাক ঘ’ হাজিবা মাটি দিলেই হ’ল৷ মানে আমি থাকা ঠাইখিনি কাংবুআ তিমুং গাঙ’ এটা
চুবুঈ হ’ব৷”
“অঁ হেইটোৱেই৷
এটা চুবুৰী হ’ব৷”
হেমাৰীৰ পৰা
পোৱা উপায়টো তেমেকাই নিজৰ মানুহখিনিৰ লগত আলোচনা কৰিলে৷ সকলোৱে মানি ল’লে গাঁৱৰ
নিয়মটো৷ সেই মতে এদিন মানুহবোৰে নিয়ম অনুসৰি গাঁওবুঢ়াক মান ধৰি ঘৰ বান্ধিবলৈ মাটি
বিচাৰিলে৷ তেমেকাই মন কৰিলে মান পাই গাঁওবুঢ়া সন্তুষ্ট হৈছে৷ গাঁওবুঢ়াই ক’লে–
“ইয়াৰ পৰা অলপ ওচৰতে এটা আটী আছে৷ তাতে ঘৰ হাজিবি৷ তাৰ লগতে থাকা জংঘল কাটি খেতি
কৰিবি৷ হেই জাগাখিনি তহঁতক দিছে৷”
গাঁওবুঢ়াৰ কথা
শুনি তেমেকাহঁতৰ মনত আনন্দ লাগিল৷ তেমেকাই
গাঁওবুঢ়াক ক’লে– “ঠাইখিনি দেখুৱাই দিলে ভাল পালংহেঁতেন৷ তেতিয়া আমি ঠাই মুকলি
কঈবা পাঈলংহেঁতেন৷”
“কালি ৰাতিপুৱা
ওলাবি৷ ম’ৰ দেখুৱাই দিব৷”
গাঁওবুঢ়াক
ধন্যবাদ দি সকলোৱে নিজে থকা ঘৰলৈ ঘূৰি আহিল৷
পাছদিনা
ৰাতিপুৱা গাঁওবুঢ়াই তেমেকাহঁতক নি ঘৰ বন্ধা আৰু খেতি কৰাৰ মাটিবোৰ দেখুৱাই দিলে৷
তেমেকাই ঠাইখিনি চাই দেখিলে পানীখেতিৰ বাবে বৰ উপযুক্ত ঠাই৷ আটীটোও ডাঙৰ৷
মানুহবোৰে ধুনীয়াকৈ ঘৰ-বাৰী সাজি থাকিব পাৰিব৷ ঠাইখিনি কাংবুৰা তিমুং গাঁৱৰ কাষতে৷
তেমেকাই নিজৰ
গাঁৱৰ মানুহবোৰৰ লগত কথা পাতি নিজাকৈ ৰান্ধি খোৱাৰ ব্যৱস্থা কৰিলে৷ সকলোৱে এখন এখন
চালি দি একোটাকৈ ৰান্ধনি ঘৰ সাজি ল’লে৷ চৰু-হাড়ী সিহঁতে লগতে লৈ আনিছেই৷ সিহঁতে
শাক-পাচলি জংঘলৰ পৰাই গোটাব পাৰিব, চাউল-পাতৰহে প্ৰয়োজন৷ তেমেকাহঁতে
গাঁওবুঢ়াৰ লগত আলোচনা কৰি ধান ধাৰ লোৱাৰ ব্যৱস্থা কৰিলে৷ গাঁওবুঢ়াই নিজেই
দুমোনকৈ ধান আঠঘৰ মানুহক ধাৰ হিচাপে দিলে৷ তদুপৰি গাঁৱৰ আন মানুহবোৰকো মাজে মাজে
ধান ধাৰলৈ দিবলৈ তেওঁ কৈ থ’লে৷ তেমেকাহঁতে প্ৰতিশ্ৰুতি দিলে যে এবাৰ খেতি উঠাব
পাৰিলেই ধাৰলৈ লোৱা ধানবোৰ ঘূৰাই দিবলৈ চেষ্টা কৰিব৷
ফুটুকীৰ
কথা তেমেকাৰ মনলৈ আহিল৷ সি চিন্তা কৰিলে ফুটুকীক মাক-বাপেকৰ লগতে এনেদৰে ৰাখি
থোৱাটো উচিত হোৱা নাই৷ তাই মাক হ’বলৈ ওলাইছে৷ তাইক আনি নিজৰ ঘৰত সি চপাই লোৱাটো
তাৰ বাবে অতিকে প্ৰয়োজন৷ সি ডেকা কেইজনমানৰ সহায় লৈ পাকঘৰটোৰ লগতে এটা সৰু কোঠা
সাজিলে৷ তাৰ পাছতে গধূলি সময়ত ফুটুকীক আিন সি ঘৰ সুমুৱালেহি৷ ফুটুকীক নিজৰ কোঠাত
সুমুৱাই থৈ আহিয়েই সি মাক-দেউতাকক ক’লে– “মই জগ’ এটা কঈছং৷ ফুটুকীক আনি ঘ’
হুমুৱালং৷ এতিয়া দায়-জগ’ মাঈবলৈ ধন-ধান নাই৷ পাছত হেইবো’ কঈম৷”
তেমেকাৰ বাপেক
ৰূপেশ্বৰে অলপ আপত্তি কৰিছিল৷ কিন্তু সৰুমাই আৰু মালতীয়ে বুজাই মেলি তেওঁক শান্ত
কৰিলে৷ তেমেকা আৰু ফুটুকীৰ কথাবোৰ আগৰে পৰা গাঁৱৰ মানুহৰ মুখে
মুখে আছিল৷ এতিয়া সি ফুটুকীক আনি ঘৰ সুমুওৱাটো গাঁৱৰ মানুহবোৰে একো আচৰিত কথা বুলি
নাভাবিলে৷
আটীটোত জংঘল
চাফা কৰাৰ কাম আৰম্ভ হ’ল৷ ৰাতিপুৱা সোনকালেই ভাত-পানী খাই একোটাকৈ ভাতৰ টোপোলা লৈ
মতা মানুহবোৰ জংঘল কাটিবলৈ দিনটোলৈ ওলাই যায়৷ কেইজনীমান গাভৰুও নিজৰ পৰিয়ালৰ
মানুহখিনিক সহায় কৰিবলৈ যাবলৈ লৈছে৷ তাৰ মাজতে জংঘলৰ মাজলৈ গৈ কাঠআলু আৰু
শাক-পাচলি গোটোৱাৰ কামো চলি থাকিল৷ কাষতে এটা ডাঙৰ জুৰি আছে৷ জুৰিটোত বিধে বিধে
মাছ বিচৰণ কৰে আৰু তাৰ পৰাই মানুহবোৰে মাছো বিচাৰি আনে৷
দিন বাগৰিল৷
তেমেকাৰ মাজে
মাজে মনত পৰিছে লক্ষণসিংহঁতলৈ৷ কিন্তু গাঁৱৰ মানুহবোৰৰ গতি নলগোৱাকৈ কেনেকৈনো সি
লক্ষণসিংহঁতৰ ওচৰলৈ যায়? এই সৰ্বস্বান্ত মানুহবোৰ সি যোৱাৰ পাছত
কেনেকৈ চলিব? গ’লেও মানুহবোৰক বাচি থাকিবলৈ বাট এটা দেখুওৱাৰ
পাছতহে সি যাব পাৰিব৷ নহ’লে ইয়াৰ পৰা যাবলৈ তাক তাৰ মনে নকয়৷
এদিন ঘৰ সজাৰ
বাবে মাটি মুকলি কৰা হৈ গ’ল৷ তাৰ পাছতে মানুহবোৰে ঘৰ সজাৰ কাম আৰম্ভ কৰিলে৷
তেমেকায়েও পৰিয়ালৰ মানুহখিনিক লৈ ঘৰ সাজিবলৈ ধৰিলে৷ কাঠ-বাঁহ-খেৰৰ অভাৱ নাই৷ ওচৰতে
সকলোবোৰ আছে৷ মাত্ৰ সেইবোৰ সংগ্ৰহ কৰি কামবোৰ কৰি গ’লেই হ’ল৷ ঘৰৰ বেৰাৰ বাবে
ইকৰা-বতা আিদৰো অভাৱ নাই৷ মাত্ৰ সেইবোৰক শুকুৱাই বেৰাৰ উপযোগী কৰোঁতে কিছু দেৰি
লাগিছে৷
লাহে লাহে ঘৰবোৰ
হৈ উঠিলত কাংবুৰা তিমুং গাঁৱৰ এটা নতুন চুবুৰীৰ সৃষ্টি হ’ল৷ মানুহবোৰে অলপ
নিয়ম-নীতি কৰি নতুন ঘৰত সোমাল৷ নতুন চুবুৰীত নতুন ঘৰত সোমোৱাৰ এটা উৎসৱেই হ’ব
লাগিছিল৷ কিন্তু অভাৱ-অনাটনে আগুৰি ৰখা মানুহবোৰে সেইবোৰ একো কৰিব নোৱাৰিলে৷
মানুহবোৰে নতুন খেতিৰ মাটি মোকলোৱাতহে গুৰুত্ব দিছে৷
লাহে লাহে
পুহমাহটো যাবৰ হ’ল৷ মাঘৰ বিহুটো তেমেকাহঁতে আগতে কিমান যে আনন্দৰে নাপাতিছিল!
তেমেকাৰ মনটো পুৰণি দিনলৈ ঘূৰি যোৱাত তাৰ বৰ দুখ লাগিল৷ কিন্তু মানুহবোৰে মাঘবিহুৰ
নিয়মটো কৰিবলৈ মন কৰি পুহৰ শেষৰ দিনটোত ওচৰৰে বৈ যোৱা ডোঙটোৰ পাৰত মেজি কেইটামান
সাজিলে৷ তাতে মেজিত জুই দি সকলোৱে মাঘবিহুটো অনুষ্টুপীয়াকৈ পাতি আনন্দ কৰিলে৷
তেমেকাই ভাবিলে মানুহবোৰৰ গতি লাগিছে, এৰি থৈ কেইদিনমানৰ বাবে সি ওলাই যাব পাৰিব৷ সি কেৰ্পাইৰ লগত কথাটো আলোচনা কৰিলে৷ খেতিৰ মাটি মোকলোৱাৰ কামৰ পৰা আহি এদিন সন্ধিয়া তেমেকাই ৰূপেশ্বৰক ক’লে– “পিতাই, তই এতিয়া হকলোবো’ চম্ভালিবি৷ কামবোঅ’ গতি লাগিছে৷ এতিয়া খেতিমাটি মোকলোৱা কামখিনি কঈ যাবি৷ মই আক’ লক্ষণসিং হেনাপতি’ ওচঅলৈ যাবা লাগিব৷ তাত কি হৈ আছে একো গম পোৱা নাই৷ তিনিমাহ পা’ হৈ গ’ল৷ হেনাপতিয়ে চাগে’ ম’ক বিচাঈয়েই আছে৷”
“তই নগ’লে নহ’ব
না? হেইখন নঅকলৈ আউ যাবা নালাগে৷”
“আইজ’ কাম৷ আমাক
দায়িত্ব দি থোৱা আছে৷ মই আউ কেপাই যাবাই লাগিব৷ নহ’লে হেনাপতিহঁতে আমাক হমা নকঈব৷
বহুত বেয়া পাব৷ ইমান দিন পা’ হৈ গ’ল৷ গণ্ডগোলবো’ নাইকিয়া হৈ যাবাও পাএ৷ গতিকে এপাক
গৈ খব’ এটা কঈ আহিবা লাগিব৷”
“কেতিয়া যাবি?”
“কালিলৈয়ে যাম
বুলি কেপাই লগত কথা হৈছং৷”
তেমেকাই বাপেকৰ
লগত পাতি থকা কথাবোৰ সৰুমায়ে শুনি আছিল৷ তেওঁ তেমেকাৰ সম্মুখলৈ আহি ক’লে– “তালৈ আউ
কিয়া যাবা লাগে? মঈব খুজিছ? যেনেতেনে পলাই
আহি জীৱটো বচালং৷ এতিয়া আক’ যমকেইটা’ মুখলৈ যাবা বিচাঈছ৷ ইমানখিনি কষ্ট পায়ো
হিক্ষা নহ’ল৷”
“নাই আই,
মই
যাবা লাগিব৷ দুদিনমানতে ঘূঈ আহিম বুলি হেনাপতি পআ অনুমতি লৈ আিহছিলং৷ কিন্তু এতিয়া
বহুত দিন পা’ হৈ গ’ল৷ হেনাপতি ব’ ভাল মানুহ৷ আমাক কিমান মঅম কএ৷ হেই মানুহক ঠগিলে
ব’ ডাঙ’ পাপে চুব৷ দেঈ হ’লেও মই যাবা লাগিব৷ পাঈলে হেনাপতিহঁতকো এইফালেই পলুৱাই
আনিবা লাগিব৷ তেতিয়া হিন্তেও নিআপদে থাকিবা পাঈব৷ ইফালে আনিলে চিপাহীয়ে কেতিয়াও
বিচাঈ নাপাব৷”
“ক’বা নোৱাঈ৷
হিন্তে আহিলে চিপাহীয়েও পিছে পিছে আহি ওলাব৷”
“হ’ব বাউ৷
হিন্তক আনিলে বেলেগ ফালে নি লুকুৱাই আখিম৷ আমা’ ইফালে নানং৷”
তেমেকাৰ যোৱাটো
খাটাং হ’ল৷ সি ঘৰৰ পৰা ওলাই কেৰ্পাইৰ ওচৰত গৈ ওলাল৷ সি তাক ক’লে– “মই ঘঅ মানুহক
যেনেতেনে মান্তি কঈছং৷ তন্ত’ ঘঅ মানুহ মান্তি হৈছে না?”
“ঘঅত বহুত
আপত্তি৷ তথাপি মান্তি হৈছে৷”
“তেন্তে কালিলৈ
আতিপুৱা যোৱাটো খাটাং?”
“অঁ খাটাং৷”
তেমেকাই
কেৰ্পাইৰ ওচৰৰ পৰা আহি নিজৰ কোঠাত সোমাল৷ তাক দেখিয়েই ফুটুকীয়ে জোৰেৰে কান্দিবলৈ
ধৰিলে৷ সি তাইক ক’লে– ‘এই! ইমানকৈ কান্দিছ কেলেই?”
“মই গম পাইছং,
তই
ফুলগুঈ ফালে যাবা ওলাইছ৷ কিয়া যাবা লাগে? ইমান বিপদ যেনেতেনে পা’ কঈ আহিলং৷
এতিয়া আক’ যাবা লাগে কিয়া?”
“তই কথাবো’
বুজিবলৈ চাবি৷ ময়ো জানং ফুলগুঈ ফালে যোৱাটো ভাল নহয় বুলি৷ চিপাহী হাতত ধআ পঈলে
কিমান হাস্তি পাম ক’বা নোৱাঈ৷ হেইবুলি নাজাম না? কথাবো’ বুজিবলৈ
চেষ্টা কঈবি৷...”
তেমেকাই তাইক
সাবটি ধৰি কথাবোৰ বুজাবলৈ ধৰিলে৷ তাই এটা সময়ত শান্ত হ’ল৷
ৰাতি ভাত খোৱাৰ
পাছতে সকলোৱে বিছনা ল’লে৷ ফুটুকী তেমেকাৰ বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই গ’ল৷
তাইৰ চকুত চকুলো৷ তাইৰ মানুহটো আকৌ ভয়ংকৰ বিপদৰ মাজলৈ যাব৷ তালৈ গৈ সি পুনৰ ঘূৰি
আহিব পাৰিব নে নোৱাৰে তাৰ ঠিকনা নাই৷ তাইৰ বৰ ভয় লাগিছে৷ সেই নিষ্ঠুৰ চিপাহীবোৰে
পালেই তাৰ মৰমৰ মানুহটোক মাৰি পেলাব৷ তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে৷ তেমেকাই
তাইক বুজনি দিলে– “নাকান্দিবি৷ কপালত যি আছে হেয়াই হ’ব৷ আমা’ দায়িত্ব আছে৷ এই
দায়িত্ব পালন নকঈলে মানুহে আমাক হাঁহিব৷ তন্তক নিআপদ ঠাইলৈ অনাটো যেনেকে ম’
দায়িত্ব আছিল তেনেকে আইজে দিয়া কামবো’ কআও ম’ দায়িত্ব৷ নাকান্দিবি৷ চাং ম’ হোণজনী’
মুখখন৷”
তেমেকাই বুকুৰ
মাজৰ পৰা ফুটুকীৰ মুখখন উলিয়াই আনি চুমা খাবলৈ ধৰিলে৷ ফুটুকীয়ে তাক বাধা নিদি
নীৰৱে ৰ’ল৷ সি ‘চাং যোৱা’ আগতে এবা’ বুলি তাইক জোৰেৰে সাবটি ধৰিলে৷ লগে লগে দুয়োৰে
দেহা দুটাই ইটোৱে সিটোক লৈ ব্যস্ত হৈ পৰিল৷ এটা সময়ত দুয়ো আদিম প্ৰবৃত্তিটোত লিপ্ত
হ’ল৷
কিছু সময়ৰ পাছত
তেমেকা আৰু ফুটুকীৰ দেহা দুটা শান্ত হ’ল৷ তেমেকাই ফুটুকীক সাবটি ধৰি টোপনি যাবলৈ চেষ্টা কৰিলে৷ লাহে লাহে সিহঁতৰ চকুলৈ টোপনি নামি আহিল আৰু দুয়ো নিদ্ৰাদেৱীৰ কোলাত
ঢলি পৰিল৷
পাছদিনা সৰুমাই
আৰু ফুটুকীয়ে আন্ধাৰ হৈ থাকোঁতেই ভাত-তৰকাৰি ৰান্ধিবলৈ ধৰিলে৷ তেমেকায়েও
দোকমোকালিতে উঠি মুখ-হাত ধুই তাৰ দাখন ধাৰ দি ল’লে৷ মাকে ভাত খাবলৈ মতাত সি ভাত
খালে আৰু যাবলৈ সাজু হ’ল৷ ফুটুকীয়ে তাৰ মোনাটোত ভাতৰ টোপোলা আৰু নিমখ-জলকীয়াৰে
সৈতে চাউল অলপ ভৰাই দিলে৷ মাঘমাহ৷ এতিয়াও ৰাতি কাপোৰ ল’ব লগা হয়৷ বতৰ ঠাণ্ডা থাকিলে
দিনতো কাপোৰৰ প্ৰয়োজন হয়þ৷ অৱশ্যে এতিয়া লাহে লাহে ঠাণ্ডা আঁতৰি
যাবলৈ আৰম্ভ কৰিছে৷ এখন এৰী চাদৰ তেমেকাই কান্ধত পেলাই ল’লে, দৰকাৰ
হ’লে গাত মেৰিয়াই ল’ব৷ সি মোনাটো কান্ধত লৈ দাখন হাতত ল’লে৷ তেনেতে পতেশ্বৰী আহি
ওলাল৷ তেওঁ তেমেকাক ক’লে– “গৈছ যেতিয়া অহেমাই’ খব’ এটা কঈ চাবি৷”
“হ’ব, মই
তা’ খব’ ল’ম৷”
তেমেকাই ঘৰৰ
সকলোকে মাত লগাই খোজ ল’লে কেৰ্পাইৰ লগ
ল’বলৈ৷ ফুটুকী আৰু সৰুমায়ে সি যোৱাৰ ফালে চাই চাই চকুলো টুকি থাকিল৷
তেমেকা আহি
কেৰ্পাইৰ ঘৰত সোমাই খবৰ কৰিলে সি সাজু হৈছে নে নাই বুলি৷ কেৰ্পায়ে তেমেকালৈকে ৰৈ
আছিল৷ সি আহি তেমেকাৰ লগ ল’লে আৰু দুয়ো আগতে যিফালেদি আহিছিল সেইফালেই খোজ ল’লে৷
সিহঁত আহি আহি
আগতে পাৰ হোৱা ডোংটোৰ পাৰত উপস্থিত হ’ল৷ ডোংটোত এতিয়া আৰু পানী কমিল৷
কলাফুললৈকে পানী পৰা ডোংটো দুয়ো খোজ কাঢ়ি
পাৰ হ’ল৷
সিহঁত গৈ থাকিল৷
তেমেকাই অনুমান কৰিলে, অন্ততঃ দুৰাতি জংঘলৰ মাজত কটাই গ’লেহে সিহঁত লক্ষণসিংহঁত থকা
ঠাইত উপস্থিত হ’বগৈ পাৰিব৷ তাতে এতিয়াও দিনবোৰ চুটি হৈয়ে আছে৷
সিহঁত গৈ থাকিল৷
মাজতে সিহঁতে ভাতৰ টোপোলা খুলি ভাত খালে৷ তাৰ পাছত পুনৰ গৈ থাকিল জংঘল ফালি ফালি৷
ডাঠ জংঘল আৰু বনৰীয়া জীৱ-জন্তুৰে ভৰি থকা বাট৷ আচলতে বাট বুলিবলৈ নায়েই৷ সিহঁতে
হাবি ফালিহে গৈ আছে৷ ডাঠ জংঘল পালে সিহঁতৰ খোজ ধীৰ হয় আৰু পাতল জংঘল পালে সিহঁতৰ
খোজ খৰ হয়৷
বেলি মাৰ যাবৰ
পৰত সিহঁত এটা জুৰিৰ পাৰত উপস্থিত হ’ল৷ তেমেকাই কেৰ্পাইক ক’লে– “আজি আতিটো ইয়াতে
কটোৱা যাক৷ বেলি মা’ যাবা হ’লেই৷ আতিটো থাকিবা কাঅণে ব্যৱস্থা কঈবা লাগে৷”
“অ ঠিকেই কৈছ৷
জুঈ এটাও আছে৷ ইয়াতে থাকিবলৈ ভাল হ’ব৷ বাঁহগছ আউ কলগছো আছে৷”
দুয়ো এটুকুৰা
ঠাই নিৰ্বাচন কৰি চাফা কৰিবলৈ লাগি গ’ল৷ ঠাই টুকুৰা চাফা হোৱাৰ পাছতে কেৰ্পায়ে
বাঁহ কাটি বাঁহৰ চুঙা লৈ আহিল৷ তেমেকাই কলপাত কাটি আনিলে৷ কাষতে থকা শুকান বাঁহ
কাটি সি খৰিও অলপ গোটালে৷ আন্ধাৰ হোৱাৰ আগে আগে সিহঁতৰ ভাত ৰন্ধাৰ কাম আৰম্ভ হ’ল৷
তেমেকাই মহ-ডাঁহ খেদিবলৈ চাৰিওফালে ধোঁৱা দিলে৷
ভাত খোৱাৰ পাছতে
শুকান গছৰ পাত পাৰি দুয়োটা শুই পৰিল৷ সিহঁতৰ কাষতে কাঠৰ খৰিৰ জুই একুৰা ওৰে ৰাতি
জ্বলাই থোৱা হ’ল৷ সিহঁতৰ বিশ্বাস, জুই জ্বলি থাকিলে মহ-ডাঁহৰ উপৰি বনৰীয়া
জাৱ-জন্তুও কাষলৈ নাহে৷
পাছদিনা
দোকমোকালিতে উঠি নিজৰ নিজৰ বস্তু লগত লৈ তেমেকাহঁতে পুনৰ খোজ ধৰিলে৷
সিহঁতে বাটত এটা
হাতীৰ জাক লগ পালে৷ গছৰ ডাল-পাত খাই থকা হাতীবোৰক এৰি তেমেকাহঁতে অলপ ঘূৰি সিহঁতক
পাৰ হৈ আহিল৷ কিছুদূৰ অহাৰ পাছত সিহঁত দুটা ভালুকৰো মুখামুখি হ’ল৷ ভালুক দুটাই
এডাল শুকান গছ খুঁচৰি কিবা খাই আছিল৷ তেমেকা আৰু কেৰ্পায়ে সিহঁতৰ পৰাও ফালৰি কাটি
পাৰ হৈ আহিল৷
সিহঁত গৈ থাকিল৷
মাজত এৰাতি কটাই
পাছদিনা আগবেলাতে সিহঁত কপিলীৰ পাৰত উপস্থিত হ’ল৷ সিহঁতে আগতে পাৰ হোৱা ঠাই এইখিনি
নহয়৷ জংঘলৰ মাজেৰে আহি আগৰ বাট হেৰুৱাই সিহঁত এইখিনিত ওলাইছে৷ সি যি কি নহওক সিহঁত
কপিলীৰ পাৰত উপস্থিত হৈছে৷ সেয়াই সিহঁতৰ বাবে আনন্দৰ কথা৷ তেমেকাই অনুমান কৰিলে কপিলীৰ
পাৰে পাৰে সিহঁত পশ্চিমলৈ যাব লাগিব আৰু শিমলুগুৰি গাঁওখন পাবলৈ এতিয়াও ভালেখিনি
বাট আছে৷ সিহঁত কপিলীৰ পাৰে পাৰে পশ্চিমলৈ ভটিয়নী দিশত খোজ ল’লে৷
এঠাইত ৰৈ সিহঁতে
মোনাৰ পৰা ভাতৰ টোপোলা উলিয়াই ভাত খালে৷ তাৰ পাছত পুনৰ খোজ দিলে৷
দুয়োৰে লাহে
লাহে ভাগৰ লাগি আহিল৷ সিহঁতে এঠাইত ভাগৰ মাৰিবৰ বাবে ৰৈ দিলে৷ তেমেকাই অনুমান
কৰিলে কপিলী নদীখন পাৰ হৈ পশ্চিমলৈ আৰু কিছুদূৰ গ’লেই সিহঁতে লক্ষণসিংহঁত থকা
ঠাইখিনি পাবগৈ৷ দীঘলকৈ উশাহ এটা টানি তেমেকা কপিলীৰ পাৰত বহিল৷ কেৰ্পায়েও আহি তাৰ
কাষত বহি ল’লে৷ সিহঁতে নিজৰ গাকেইটা জংঘলত লুকুৱাই ৰাখিয়েই বহিছে৷ পানীৰ কাষলৈ গৈ
মুকলি ঠাইত বহাটো নিজলৈকে বিপদ বুলি তেমেকাই ধৰিব পাৰিছে৷ তেনে ঠাইত থাকিলে ইপাৰ
বা সিপাৰৰ পৰা কোনোবাই দেখা পোৱাৰ সম্ভাৱনা থাকে৷ চিপাহীয়ে দেখিলেতো কথা ডাঙৰেই
হ’ব৷
দুয়ো কপিলীৰ
সিপাৰলৈ চাই ৰ’ল৷ হঠাতে তেমেকাই দেখিলে কপিলীৰ সিপাৰত জংঘলৰ মাজত চিপাহী কিছুমান
ঘূৰা-ফিৰা কৰিছে৷ তেমেকাৰ বুকু কঁপি উঠিল৷ তাৰ মানে চিপাহীবোৰ আহি আহি এইফালো পাইছেহি৷
তেমেকাই ফুচফুচাই কেৰ্পাইক সুধিলে– “হিপাঅত কিবা দেখিছ না?”
“দেখিছং দেখিছং৷
চিপাহী ঘূঈ ফুঈছে৷”
“আমি ঘপহকৈ পা’
হৈ নগৈ ভালেই কঈলং৷ নহ’লে হিন্ত’ মুখতে পঈলং হয়৷ কিন্তু লক্ষণসিংহঁত এইফালেই আছিল৷
হিন্তক ধঈলে যেন পাইছং৷ আউ হিমলুগুঈ গাংখন? মানুহবোঅক চাগে’
ধঈ নি ব’ অত্যাচা’ কঈছে৷”
“পেহা-পেহীহঁতক
যদি ধঈছে৷ ব’ ডাঙ’ কথা হৈছে৷”– কেৰ্পায়ে কন্দনামুৱা হৈ মাত দিলে৷ “হিন্তক চাগে’
ব’ হাস্তি দিছে৷ কাঅণ হিন্তেই লক্ষণছিংহঁতক খুৱাই-বুৱাই আখিছিল৷ হিন্তক হেই অপআধত
জেলত নি ভআঈছে চাগে’৷”
“ইমান চিন্তা নকঈবি অ’৷ আগতে কি কথা জানি লচোন৷”
সিহঁতে দেখিলে
চিপাহীবোৰ লাহে লাহে চাপৰমুখৰ দিশলৈ যাবলৈ লৈছে৷ তেমেকাৰ মনত আনন্দ লাগিল৷ সিহঁত
চাপৰমুখৰ দিশত গৈছে যেতিয়া শিমলুগুৰি গাঁৱৰ ফালে চিপাহী নাথাকিব৷ তেমেকাই কেৰ্পাইক
ক’লে– “হিন্তে এইফালে গৈছে যেতিয়া ভালেই হৈছে৷ হিন্তে চাগে’ থেকেআগুঈ পআ
চাপ’মুখলৈকে মানুহ বিচাঈছে৷ কিন্তু ভাল’ কথাটো হ’ল হিন্ত’ লগত কাক’ ধঈ নিয়া মানুহ
নাই৷”
“তেন্তে ইন্তে
হিমলুগুঈ গাংখন পাই আহিছে৷”
“অঁ পাবা লাগিব৷
মানুহবোঅক আউ লক্ষণসিংহঁতক আগতেই ধঈ নিলে নাকি? এতিয়া জংঘলত
লুকাই থাকা মানুহকহে বিচাঈ ফুঈছে৷”
“হ’বা পাএ৷”
“আহ আমি লাহে
লাহে পশ্চিমলৈ ভটিয়াই গৈ থাকং৷”
দুয়ো বহাৰ পৰা
উঠিল আৰু লাহে লাহে ভটিয়াই যাবলৈ ধৰিলে৷ তেমেকাই ক’লে– “আমি হাৱধানে গৈ থাকা
ভাল৷ এইটো পাঅতো চিপাহী ঘূঈবা পাএ৷”
এটুকুৰা ঠাইত
উপস্থিত হৈ তেমেকা থমকি ৰ’ল৷ সি কেৰ্পাইক ক’লে– “আমি এবা’ কপিলী পা’ হৈ এইফালেদিয়ে
চহঈলৈ গৈছিলং৷ নহয় না? তা’মানে আমি হিমলুগুঈ পাইছংহি৷ হিপাএই গাংখন
আছে৷”
“হয় হয়৷ ঠিক
কৈছ৷ ব’লচোন ইপাঅ পআ গাংখন চাং৷”
দুয়ো কপিলীৰ পাৰলৈ আহি জংঘলৰ মাজৰ পৰাই সিপাৰলৈ চাবলৈ ধৰিলে৷ গাঁওখন সিহঁতৰ চকুত পৰা নাই৷ তেমেকাই মাটিত বহি লৈ কেৰ্পাইকো বহিবলৈ দিলে৷ সি ক’লে– “চিপাহী আছে না নাই চাই লং৷ নাই যেন পালে হাতুঈ গাংখনলৈ যাম৷”
দুয়ো গাঁওখন
থকাফালে একেৰাহে চাই ৰ’ল৷
কপিলী নদীখনত
চলি আছে শিহুবোৰৰ নাচোন-কাচোন৷ সিহঁতে মাজে মাজে মূৰটো উলিয়াই তললৈ সোমাই যায়
ফিচাখন দেখুৱাই৷ চাবলৈকো বৰ ভাল৷ জাক জাক শিহুৰ খেলাই তেমেকাৰ মনত আনন্দ দিছে৷
কিন্তু সি পানীত নামিলে শিহুবোৰে বিপদ ঘটাব পাৰে বুলি ভয় এটাও কৰিলে৷ সি আগতে শিহু
থকা নদীত নামি পোৱা নাই৷ সি কেৰ্পাইক সুধিলে– “আমি নদীত হাতুঈ গ’লে হিহুবোএ আক’মণ
কঈব নাকি?”
“নাই নকএ৷
হিহুৱে মানুহক একো নকএ৷ হিন্তে মানুহক ভয় কএ৷ কেৱল ঘঁঈয়াললৈহে ভয়৷ এইখিনিত ঘঁঈয়াল
নাই৷”
বহুত সময় চাই
থকাৰ পাছতো তেমেকাহঁতে কোনো চিপাহী নেদেখিলে৷ কোনো এজন গাঁৱৰ মানুহো সিহঁতৰ চকুত
পৰা নাই৷ তেমেকাই ক’লে– “চিপাহী নাই৷ হিন্তে এইফাল’ পআই চাপ’মুখ’ ফালে গৈছে৷ ব’ল
কপিলীখন পা’ হৈ যাং৷”
তেমেকাহঁতৰ
মোনাত অলপ অলপহে চাউল আছে৷ মোনাকেইটাৰ মুখ ভালদৰে মাৰি সিহঁতে মূৰত এনেদৰে
বান্ধিলে যাতে চাউলখিনি পানীত নিতিতে৷ তাৰ পাছত তিয়নি পিন্ধি চুৰিয়া এৰী ছাদৰকেইখন
পাগুৰি মৰা দি মাৰিলে৷ সিহঁত পানীত নামিল আৰু সাঁতুৰি অলপ সময়ৰ ভিতৰতে ইপাৰ
পালেহি৷ দুয়ো পাৰৰ জংঘলত সোমাই চুৰিয়া পিন্ধিলে আৰু মোনাকেইটা আগৰ দৰে কান্ধত
ল’লে৷ কাপোৰবোৰ ঠিক কৰি লৈ সিহঁতে লাহে লাহে খোজ ল’লে শিমলুগুৰি গাঁৱলৈ৷
তেমেকাহঁতে
শিমলুগুৰিত উপস্থিত হৈ দেখিলে– গোটেই গাঁওখন নিমাওমাও হৈ আছে৷ মানুহ এজনৰো উম-ঘাম
নাই৷ তেমেকাই অনুমান কৰিলে মানুহবোৰে গাঁও এৰি গুচি গৈছে৷ সিহঁত নোমলৰ ঘৰত সোমাল৷
ঘৰৰ কিছুমান বস্তু লক্ষ্য কৰি তেমেকাই ক’লে– “পেহাহঁতে গাঁও এৰি যোৱা ভালেমান দিন
হ’ল৷ কপিলী পা’ হৈ হিন্তে পাহাঅ ফালে গুচি গৈছে যেন পাং৷”
“গুচি গৈ
ভালে-কুশলে আছে যদি ভালএ কথা৷”
তেমেকাহঁতক বৰ
দৰকাৰ হৈছে চাউলৰ৷ তেমেকাই পাকঘৰত সোমাই চাউল আছে নে নাই চালে৷ এটা কলহৰ তলত সি
চাউল অলপ পালে৷ সি চাউলখিনি মোনাত ভৰাই কেৰ্পাইক ক’লে– “আমি চাউল’ আটকত পঈছং৷ বাকী
কেইঘঅতো চাংগৈ ব’লচোন পাং নাকি! মোনাকেইটা ভআই ল’বা পাঈলে ভালেই হ’ব৷”
“ব’ল৷ হিন্তেতো
গুচি গ’লেই৷ থাকা চাউলখিনি আমিয়েই খাবা লাগিব৷ নহ’লে এনেই নষ্ট হ’ব৷”
দুয়ো ঘৰে ঘৰে গৈ
চাউলৰ সন্ধান কৰিলে৷ অলপ অলপকৈ পোৱা চাউলৰে সিহঁতৰ মোনাকেইটা ভৰিল৷ ৰাতিটো কটোৱাৰ
চিন্তা মনলৈ আহিলত তেমেকাই ক’লে– ‘ক’ব নোৱাঈ চিপাহীবোঅ কথা৷ এতিয়াও বেলি মা’ যোৱা
নাই৷ ঠিক নাই এইফালে আক’ ঘূঈ আহিবা পাএ৷ আমি জংঘলতে থাকিমগৈ৷ তা’ আগতে লক্ষণসিংহঁত
থাকা জাগাটো চাংগৈ ব’ল ৷”
“অঁ ব’ল ৷”
দুয়ো গৈ
লক্ষণসিংহঁত আগতে থকা ঠাইত উপস্থিত হ’ল৷ মানুহকেইজন নাই৷ এটা কোঠালিৰ ঘৰটোক জ্বলাই
দিয়া হৈছে৷ এয়া চিপাহীৰ কাম বুলি তেমেকাৰ অনুমান হ’ল৷ কিন্তু তাৰ মনত প্ৰশ্ন উদয়
হ’ল– “লক্ষণসিংহঁতক ধৰি নিয়া নাইতো! নিব লাগিলে বৰ বেয়া কথা হ’ব৷ সি আঁতৰত থাকি
সঁচাকৈযে অপৰাধেই কৰি পাইছে৷ কেৰ্পায়ে
তাক সুধিলে– “হেনাপতিহঁতক ধঈ নিলে নাকি বাউ?”
“নাজানং৷ ধঈ
নিবাও পাএ৷ যদি ধঈ নিছে এঈ থৈ যোৱা বাবে আমি অপআধী৷ আমি এঈ থৈ যাবা নালাগিছিল৷
কালিলৈ দেওবঅক হুধিবা লাগিব৷ তা’ পআ খব’ পাম৷ ব’ল এতিয়া জংঘল’ মাজলৈ৷”
সিহঁত কপিলী
পাৰৰ পৰা ভালেখিনি দূৰ আঁতৰি গৈ এঠাইত ৰাতিটো কটোৱাৰ ব্যৱস্থা কৰিলে৷ ভাত-পানী
ৰান্ধি খাই সিহঁত শুই থাকিল৷
পাছদিনা
ৰাতিপুৱা শুই উঠি দুয়ো ভাত ৰান্ধি খালে আৰু একোটাকৈ ভাতৰ টোপোলা মোনাত ভৰাই দেওবৰক
লগ কৰিবলৈ খোজ ল’লে৷ জংঘল ফালি আহি আহি সিহঁত উপস্থিত হ’ল বহল মুকলি ঠাই এটুকুৰাত৷
তেমেকাই কেৰ্পাইক সুধিলে– “এয়া হিমলুগুঈ মানুহ’ খেতিপথা’ নহয় না?”
“হয়, এইবো’
হিন্তএই পথা’৷ মই আগতে এবা’ আহি পাইছং৷ ব’ ভাল খেতি হয়৷”
পথাৰখনৰ মাজে
মাজে ধান কটা হৈছিল৷ নৰাবোৰ এতিয়াও থিয় হৈ আছে৷ কিন্তু বেছিভাগ ধানেই মানুহবোৰে
নকটাকৈ এৰি থৈ গৈছে৷ ধানগছবোৰ মাটিত বাগৰি পৰিছে আৰু ধানবোৰ সৰি গৈ মাটিত সিঁচৰতি
হৈ পৰিছে৷ ভাল দিন হোৱা হ’লে এই পথাৰত ধানবোৰৰ আলাই-আথানি নহ’লহেঁতেন আৰু এতিয়া
গৰখীয়া ল’ৰাবোৰে নানা ধৰণৰ খেল খেলি থাকিলেহেঁতেন৷ তেমেকাৰ নিজৰ খেতিপথাৰখনৰ কথা
মনলৈ আহিল– সেইবোৰো চাগে’ জহি-খহি গৈছে৷ বনৰীয়া চৰাই আৰু জীৱজন্তুৱে ধানবোৰ খাই
নষ্ট কৰি পেলাইছে৷ তাৰ মনটো বৰ বেয়া লাগিল৷
তেমেকা আৰু
কেৰ্পাই গৈ গৈ মাজবড়িৰ দেওবৰৰ ঘৰত উপস্থিত হ’ল৷ দেওবৰক সিহঁতে ঘৰতে পালে৷ দেওবৰে
লগে লগে সিহঁতক এটা দিশলৈ আঙুলিয়াই ক’লে– “তন্তে এইফালে জংঘল’ মাজলৈ যা৷ মই গৈ
আছং৷”
তেমেকাহঁতে কথা
ভালৰ ফালে যোৱা নাই বুলি অনুমান কৰি জংঘলৰ মাজলৈ খোজ ল’লে৷
জংঘলৰ এঠাইত
তেমেকাহঁত ৰৈ থাকিল৷ অলপ পাছতে তাত দেওবৰ আহি ওলাল৷ সি তেমেকাহঁতক পৰি থকা গছৰ ডাল
এটাত বহিবলৈ দিলে আৰু সি নিজেও বহি সুধিলে– “তন্তে ক’ক গৈছিলি? ইমান
দিন দেখা নাই৷”
তেমেকাই সকলোবোৰ
কথা বিৱৰি ক’লে৷ তাৰ পাছত সি সুধিলে– “তই যে আমাক এইফালে গুচি আহিবলৈ ক’লি? কিবা
ভয়’ কথা আছিল নাকি?”
“এইকেইদিন’
ভিতঅতে চিপাহীয়ে খোআকি নিবা আহিব৷ ঠিক নাই হঠাতে আহি পালে তন্তে বিপদত পঈবি বুলি
এইফালে আহিবা কলং৷”
“হয় নাকি?”
তেমেকাৰ মনত
লক্ষণসিংহঁতৰ কথাই খেলি আছে৷ সি সুধিলে– “আমা’ হেনাপতিহঁত ক’লৈ গ’ল? চিপাহীয়ে
ধঈ নিলে নাকি?”
“নাই নাই,
মই
পলুৱাই পঠাইছং৷ চিপাহীবোএ অহা, ফুলগুঈ, বাঅপূজীয়া,
কটহগুঈ,
ঘগুৱা,
বঘআ
আদিকে ধঈ ঠাইবো’ আউ জংঘলবোঅত ঘূঈ হেনাপতিহঁতক বিচাঈ মানুহবোঅক বহুত অত্যাচা’ কঈলে৷
কিন্তু এইটো অঞ্চলত হুমুৱাহি নাছিল৷ ম’ মনে গোন্ধাইছিল এইবা’ হিন্তে এইফালে বিচাঈ
আহিব৷ তাতে মই খব’ও পালং চিপাহী এইফালে ঘূঈব বুলি৷ মই কথাটো চাংবঅক জনালং৷ ইয়া’ পআ
বেলেগ ফালে আঁতঈ যাবা লাগে বুলিও ক’লং৷ মই নিজে গৈ হেনাপতিক লগ কঈ শিমলুগুঈ টুলুঙা
নাওখনেএ পা’ কঈলং৷ হিমলুগুঈ মানুহবোঅকো ক’লং এইফালে চিপাহী আহিব বুলি৷ মই
হেনাপতিহঁতক কপিলী দক্ষিণ পাএএ নি ধঅমতুল পা’ কঈ বালিগাং পালংগৈ৷ তাতে চমজালং
বাঈকা ভৱক৷ হিফালে ভৱই জাগীলৈকে নিয়া কথা৷ ভৱই নি হেনাপতিক ক’ত আখিছেগৈ মই
নাজানং৷”
“কালি আমি
চাপ’মুখ’ ফালে চিপাহী গৈ থাকা দেখিছিলং৷”
“দেখিবি৷
চাঈওফালে বিচাঈও নাপাই হেনাপতিহঁত এইফালেই লুকাই আছে বুলি হয়তো হিন্তে হন্দেহ
কঈছে৷ হেই কাঅণে এইফালে বিচাঈ আছে৷”
“হিমলুগুঈ
গাংখন’ মানুহবোঅ কি হ’ল?”– কেৰ্পায়ে হঠাতে সুধিলে৷
“নাজানং,
মইতো
খব’ দিছিলঙেই৷ হিন্ত’ নাও এখনো আছে৷ হিন্তে চাগে’ কপিলী পা’ হৈ পাহাঅ ফালে গুচি
গৈছে৷ কাঅণ তা’ পআ কোনো মানুহকে চিপাহীয়ে ধঈ আনা খব’ মই পোৱা নাই৷”
দেওবৰৰ কথা শুনি
কেৰ্পাইৰ মুখখন উজ্জ্বল হৈ পৰিল৷ তেমেকাই সুধিলে– “তন্ত’ গাঙত চিপাহী কেতিয়া
আিহছিল?”
“আহিছিল৷ হ’ল
ভালেমান দিন৷ পিতায়ে খোআকি যোগান দিয়া কথা কোৱাত হিন্তে একো নকঈলে৷ আমা’ গাঙত
যিবিলাক মানুহ আছে হকলোৱে এতিয়া চিপাহীবোঅক খোআকি যোগান দি আছে৷ ম’ক হয়তো বাঈকা
বুলি ধঈবা পাআ নাই৷ নহ’লে ম’ক বিচাঈলেহেঁতেন৷”
“তন্ত’ গাঙ’
কিছুমান মানুহো পলাই গৈছে নাকি?”
“অঁ অঁ, পলাই
গৈছে৷ কিছুমান মানুহ গুচি গৈ ক’ত আছেগৈ নাজানং৷”
“হেনাপতিক এতিয়া
ক’ত লগ পাম জানিবা পাঈলে ভাল আছিল৷”– তেমেকাৰ মনত অনবৰতে লক্ষণসিংহঁতৰ কথাই ক্ৰিয়া
কৰি আছে৷
“তন্তে বালি
গাঙ’ বাঈকা ভৱক লগ কঈলেই হেনাপতি’ খব’ পাই যাবি৷ কিন্তু তন্তে কিবা খাই আহিছ না
নাই?”
“আমি আতিপুৱা
ভাত খাই আহিছং৷ লগত ভাত’ টোপোলাও আছে৷ ভোক লাগিলে খাই ল’ম৷ চিপাহীবোএ আমা’ মুখিয়াল
মানুহ কাক কাক ধঈলে?”
“বহুতকে ধঈলে৷
উপসিং লালুং, চিবচিং লালুং, নঅচিং লালুং,
হেবেআ
লালুং, বাহু ডোম, বনমালী ডোম, অম্বা লালুং,
জৱ
লালুং, কাতিয়া লালুং আদিকে ধঈ বহুত মানুহক ধঈ জেলত ভআইছে৷ এতিয়া হেনাপতি
লক্ষণসিং, অংব’ ডেকা, মহী কোঁচ, কলি ডেকা আউ
চাংব’হে আছেগৈ৷ এইকেইজনক এতিয়াও ধঈবা পাআ নাই৷ এইকেইজনকে এতিয়া মূলতে চিপাহীহঁতে
বিচাঈ আছে৷ আমি হেনাপতিহঁতক যেনেদএ আখিছিলং ধৰিব পাআ নাছিল৷ আনকি চিপাহী আহিবা পাএ
বুলি আগতীয়াকৈ পলুৱাই পঠাইছং৷ হঁচাকে হেনাপতিক পলুৱাই পঠোৱা তিনিদিন পাছতে হেইফালে
চিপাহী হুমাইছিল৷ এতিয়া ভৱহঁতে কেনেকে আাখিছে নাজানং৷”
“তই ব’
বুদ্ধিমান মানুহ৷ আমা’ অজাবিলাকক কিবা কঈছে নাকি?”
“আদালতত বিচা’
চলি আছে৷ পথমে অজাবিলাককো গ্ৰেপ্তা কআ কথা ওলাইছিল৷ অজাবিলাকক গ্ৰেপ্তা’ কঈলে
বিদোহ আউ¸ ডাঙ’ হৈ যাব বুলি হয়তো ইংআজে ভয় কঈলে৷ হেয়ে নকঈলে৷ কিন্তু হাক্ষী
দিবা বাবে অজাবো’ বাএ বাএ আদালতত হাজি হ’বা লাগা হৈছে৷ অহিয়াল বউৱা, জাগীয়াল
গোহাঁই আউ¸ চহঈ, গোভা, উত্ত’খোলা অজা’
কটকীও আদালতত হাজি হৈ হাক্ষী দিবালগীয়া হৈছে৷ তেতেলীয়া অজাই এবা’ হাক্ষী দিয়েই
বাচি গৈছে৷”
“হেনাপতিহঁতক
বিচাঈ আছে বাউ ঠিকে আছে৷ কিন্তু এতিয়ালৈ মানুহবোঅক অত্যাচা’ কঈবলৈ এআ নাই৷ নহয় না?”
“হয় এআ নাই৷
এতিয়াও লক্ষণসিংহঁতক বিচ’আ নামত মানুহবোঅক ব’ হাআহাস্তি কঈ আছে৷ কাউবা পআ
হেনাপতিহঁত’ কিবা খব’ উলিয়াবা পাএ নাকি তাএ চেষ্টা কঈ আছে৷ হিন্ত’ অত্যাচাঅত আউ
বেমাঅত পঈ বহুত মানুহ মঈছে৷ জংঘলত থাকা মানুহবোঅ অৱস্থা আউ¸ দুখলাগা৷
মানুহবোঅ মাজত খোৱাবস্তু অভাৱ হৈছে৷ লগত নিয়া বস্তু কিমান দিন থাকিবনো? বনঈয়া
বস্তু খোৱা আউ¸ মহ-ডাঁহ’ মাজত থাকা বাবে মানুহবোঅ’ বেমা’ হৈছে৷
বহুত মানুহ জংঘল’ ভিতঅতে মঈছে বুলি হুনিছং৷ তন্ত’ গাঙ’ মানুহবোঅক বহুত দূঅত থৈ আহি
ভাল কঈলি৷ এতিয়া অন্ততঃ হান্তিএ খাই-বৈ থাকিবা পাঈব৷ কিন্তু কিছুমান মানুহে নিজ’
ঘঅ মোহ এঈব নোৱাঈ দূঅলৈ আঁতঈ নগৈ ওচ’অ জংঘলবোঅতে ঘূঈ ফুঈছে৷ এইবো’ মানুহ চিপাহী
হাতত ধআ পঈলে ভীষণ অত্যাচাঅ’ হন্মুখীন হৈছে৷”
“ব’ বেয়া কথা হৈ
আছে৷”
দেওবৰে অলপ সময়
টলকা মাৰি থাকি সুধিলে– “তন্তে এতিয়া ক’লৈ যাবি বুলি ভাবিছ?”
“হেনাপতিহঁতকে
বিচাঈ যাম৷”
“তেন্তে তন্তে
গৈ পথমে ভৱক লগ ক’৷ তা’ পআই হেনাপতিহঁত’ বাতঈ পাই যাবি৷”
“নহ’লে আমি গৈ
থাকং৷”– তেমেকাই যাব বিচাৰিলে৷
“বেলি মূঅ ওপ’
পালেহি৷ যাৱ যদি গৈ থাক৷ হিফালে দূ’ বাবে চিপাহী হতকাই নাযায়৷ তা’ ঘঅতে দুদিনমান
থাকিবা পাঈবি৷”
“বাউ, এতিয়া
আমি গৈ থাকং৷”
“অঁ যা৷”
তেমেকা আৰু
কেৰ্পায়ে কপিলীৰ পাৰে পাৰে ভটিয়নী দিশত বালিগাঁৱলৈ বুলি খোজ ল’লে৷
চাৰি
লাহে লাহে
বেলিটো পশ্চিম আকাশত মাৰ গ’ল৷ গৰখীয়া ল’ৰাবোৰে উদঙীয়া গৰুবোৰ বিচাৰি ঘৰলৈ নিবলৈ
ধৰিছে৷ গৰুৰ খোজত ধূলিয়ৰি বাটটোৰ বতাহো ধূসৰ হৈ পৰিছে৷
ধূলিয়ৰি বাটটোৰে
গৈ তেমেকা আৰু কেৰ্পাই ভৱৰ ঘৰত উপস্থিত হ’ল৷ এইফালৰ বাৰিকাবোৰৰ ভিতৰত ভৱৰ লগতহে
তেমেকা আৰু কেৰ্পাইৰ চিনাকি আছে৷ সিহঁতে বাৰিকা হিচাপে এই অঞ্চলত বেছিকৈ ঘূৰা-ফিৰা
কৰা নাই, ঠাইবোৰো সিহঁতে চিনি নাপায়৷ গতিকে ভৱই যি বাট দেখুৱাব সেই বাটেৰেই
সিহঁতে বাট বুলিব লাগিব৷
ভৱই তেমেকা আৰু
কেৰ্পাইক দেখি ঘৰৰ ভিতৰলৈ লৈ গ’ল আৰু বহিবলৈ ঢাৰি পাৰি দিলে৷ দুয়ো বহিল৷ ভৱই
সিহঁতৰ কাষতে বহি ক’লে– “তন্তক নেদেখা বহুত দিন হ’ল৷ তন্তে এইফালে বহুদিন আহা নাই৷
হিফালেই কামত লাগি আছিলি হ’বলা?”
“পথমতে হিফালেই
কামত লাগি আছিলং৷”– “তেমেকাই উত্তৰ দিলে৷ “পাছত আমা’ গাঙ’ মানুহবো’ পলাই যোৱাত
হিন্তক জংঘলত বিচাঈ গৈছিলং৷ তা’পাছত...”
তেমেকাই নিজৰ
গাঁৱৰ মানুহবোৰৰ কথাবোৰ ভৱৰ আগত ভাঙি-পাতি ক’লে৷ কথাবোৰ জানি ভৱই মাত দিলে– “এই
ধেৱাখন’ বাবে ক’ মানুহ ক’লৈ গুচি যাবালগীয়া হৈছে ঠিকনা নাই৷”
“পিছে, চিপাহী
এইফালেও বেছিকৈ আহে নাকি?”
“এইফালেও
কেতিয়াবা আহে৷ বেচিকৈ নাহে৷ হিন্ত’ কেম্প অহা আউ¸ ফুলগুঈত৷ ইমান
দূঅ পআ বেছিকৈ আহিবা নোৱাএ৷”
“আহিলে মানুহবোএ
কি কএ?”
“জংঘলত হুমাই
থাকে৷ ঘঅত হুমাই চিপাহীবোএ মূল্যৱান বস্তু পালে লৈ যায়৷ মানুহবোএ হেইবাবে মূল্যৱান
বস্তুবো’ জংঘলত পুতি থৈছে৷”
তেমেকাৰ মনত
লক্ষণসিংহঁতৰ কথাটো বাৰে বাৰে আহি আছে৷ সি হঠাতে কথা সলালে– “কাকা! আমা’
হেনাপতিহঁত ক’ত আছে? কিবা গম পাৱ নাকি?”
“হিদিনা দেওবএ
ম’ হাতত গতাই থৈ যোৱা পাছত মঅ ঘঅতে তিনিদিন আখিলং৷ অংব’ আগ’এ পআ এইফালেই আছিল৷ হি
আহি হেনাপতিহঁত’ লগ লাগিল৷ হেনাপতিয়েহে ক’লে বোলে ইমান দিন ইয়াত থাকা উচিত নহ’ব৷
গতিকে ইয়া’ পআ আউ¸ নিআপদ ঠাইলৈ যাবা লাগে৷ মই তেতেলীয়া ফালে লৈ গৈ
অজা ঘঅলৈ নিলং৷ কিন্তু কলিমন হেনাপতিহঁত’ লগত নগৈ মথৌবড়ি বাঈকা লগত হিফালে গুচি
গ’ল৷ তেতেলীয়া আজ্যত চিপাহী পথমে ঘূঈছিল, অজাএ এবা’ গৈ হাক্ষীও হ’বা গৈছিল যদিও
এতিয়া একেবাএ নাই বুলিবা পাঈ৷ চোআংচোৱা কিছুমানহে ঘূএ বুলি হুনিছং৷ হিন্তক তাতে
আখি আহিছিলং৷ নাজানং এতিয়াও তাতে আছে না নাই৷ এইফালে আছেহি যেতিয়া বিহেখ¸ ভয়
খাবালগীয়া নাই৷ অজাই বাঈকাবোঅক অঞ্চলটোত হচেতন কঈ আখিছে৷ চিপাহী আহিলেই খব’ পাব৷
লুকাই আঁতঈ যাবা ওচঅত জংঘলো আছে৷ অজাই
ভালদএই আখিছে চাগে’৷”
“তেন্তে কাইলৈকে
গৈ তাতে লগ কঅং৷ ম’ কিছুমান কথা ক’বা লাগা আছে৷ নিজকে ব’ অপআধী অপআধী লাগি আছে৷”
“কালিলৈ যাবা
নালাগে৷ ম’ কাম এটাও আছে আউ¸ বহুত দূঅ পআ আহিছ, তন্তেও
দুটা দিন জিঅণি ল৷ কাইলৈ ঘঅত এটা পূজা পাতিম৷”
“হ’ব নহ’লে৷
দুদিন ঐ দেং৷”
ৰাতি ভাত-পানী
খাই তেমেকা আৰু কেৰ্পায়ে ভৱৰ ঘৰত শুই থাকিল৷
পাছদিনা
ৰাতিপুৱাতে ভৱ পদলমাজি পূজাৰ বাবে সাজু হ’ল৷ তেমেকাহঁতেও তেওঁক পূজাৰ কামত সহায়
কৰিবলৈ আগ বাঢ়ি আহিল৷ কালিয়েই মাতি থৈ অহা গাঁৱৰ জেলা আৰু পূজাৰীৰ লগতে গাঁৱৰ
কেইবাজনো মানুহ ভৱৰ ঘৰত গোট খাই ইটো-সিটো কামত লাগিল৷ পূজা পাতিবৰ বাবে ঠিক কৰা
বাৰীৰ ভিতৰৰ ঠাইখিনি দুজন ডেকাই চাফা কৰিলে৷ তাৰপাছতে পূজাৰীয়ে দেখুৱাই যোৱা মতে
ভৱই সাজিলে পূজাৰ বেদীটো৷ পূজাৰীয়ে বেদীত সাতডাল ওৱাৰাং পুতি প্ৰতি ডালতে কপাহী
সূতা আৰু কপাহৰ পাতেৰে গঁথা মালা আঁৰি দিলে৷ বেদীত যুৰীয়া আগপাত পাৰি ওৱাখাপ আৰু
ওৱাকচাই পুতি দিলে৷ বেদীত তামোল-পাণ, পিঠাগুৰি দি ধূনা ফুৰোৱাৰ পাছত
পূজাৰীয়ে মন্ত্ৰ গাবলৈ ধৰিলে–
‘দে গুণুং এঠা
চাগ’ খুুম চাগ’ চুঙুঅং
আখন্দা তাখন্দা
জ’আখা মা-আখা
জেলা আখা মালি
আখা
হাঈ আখা বাঈ আখা
নালী আখা ফুলী
আখা
পিথা আখা পাউ¸
আখা
ফা কুউ¸ পদলমাজি...’
পূজাৰীয়ে মন্ত্ৰ
মাতি মাতি বেদীত লাওপানী ঢালি থাকিল৷ পূজাত বলি দিবলৈ ৰাতিপুৱাতে বগা ছাগলী এটা গা
ধুৱাই সেন্দূৰ দি থোৱা আছে৷ এটা সময়ত পূজাৰীয়ে ভৱক পূজাৰ বেদীৰ কাষলৈ ছাগলীটো
আনিবলৈ দিলে৷ ছাগলীটো অনাৰ পাছতে পদলমাজি দেৱতালৈ উছৰ্গা কৰি পূজাৰীয়ে বলি দি পুনৰ
মন্ত্ৰ গাবলৈ ধৰিলে৷
কিছুমান
নিয়ম-নীতি কৰাৰ পাছত পূজাৰীয়ে ভৱৰ পৰিয়ালৰ সকলোকে মাতি বেদীৰ সন্মুখত আঁঠু লোৱালে
আৰু পদলমাজি দেৱতাৰ কৰুণা ভিক্ষা কৰি প্ৰাৰ্থনা কৰিলে৷
পূজাৰ কাম শেষ
হ’ল৷ ডেকা দুজনমানে ছাগলীটো পুৰিবলৈ লৈ গ’ল৷ তেমেকা আৰু কেৰ্পায়েও ছাগলীটো পোৰাত
সহায় কৰিবলৈ আগ বাঢ়িল৷
ছাগলীটো পুৰি
হোৱাৰ পাছতে তেমেকা আৰু কেৰ্পাইক ভৱই ঘৰৰ ভিতৰলৈ মাতি আনিলে৷ ভিতৰত লাওপানী খোৱাৰ
যো-জা চলিছে৷ তেমেকাহঁত বহাৰ পাছতে ৰাইজৰ মাজলৈ লাওপানী আহিল৷ ভৱৰ ঘৈণীয়েকে সকলোৰে
সম্মখত দিয়া চুঙাত ডাৰাণৰে লাওপানী দি গ’ল৷ চুঙাত লাওপানী পৰাৰ পাছতে পদলমাজি
দেৱতাক স্মৰণ কৰি সকলোৱে খাবলৈ ধৰিলে৷
ৰাইজৰ মাজত থকা
জেলাই লাওপানী এঢোক খাই মাত দিলে– “এই হময়খিনিত আমিহে অলপ হান্তিত আছং৷ ভাগ্যে
ফুলগুঈখন আমাৰ পআ দূ’ হ’ল৷ তা’ মানুহক ইমান দিন ধঈ চিপাহীয়ে কম কষ্টখন দিছে না!
আমি ধান কাটিবা পালং৷ হিফাল’ মানুহে ধান কটা দূঅ’ কথা পলাই ফুঅংতেই গ’ল৷”
“মই হুনিছং
খোআকি দিয়া মানুহবোএ ধান কাটিবা পাইছে৷”– পূজাৰীয়ে ক’লে৷ “কিন্তু বাকীবোএ পাআ নাই৷
কিন্তু হেনাপতিহঁতক ধঈবা নোৱাআলৈকে চিপাহী অত্যাচা’ চলিয়েই থাকিব যেন পাং৷
হেনাপতিহঁতে ধআ দিবা লাগিব৷ তেতিয়া চিপাহী অত্যাচা’ নোহোৱা হ’ব৷”
“ময়ো হেইটোকে
ভাবিছং৷ কিন্তু হেনাপতিহঁতেনো কেনেকে ধআ দিয়ে? ধআ দিলেই দেখোন
ফাঁচি দিব৷ হেই কাঅণে হেনাপতিহঁতে ধআ নিদিয়ে৷ ধআ দি মঈব’ কিয়া?”
জেলাৰ কথা শুনি
তেমেকাৰ গাটো জিকাৰ খাই গ’ল৷ লক্ষণসিংহঁতক ফাঁচি দিয়াৰ কথাটোৱে তাক কঁপাই তুলিলে৷
সি কথাবোৰ ভাবি চালে যে লক্ষণসিং গোটেই ধেৱাখনৰ সেনাপতি৷ সৈন্যবাহিনী গঠন তেৱেঁই
টোপাকুছি ৰজাৰ নিৰ্দেশত কৰিছিল৷ তেৱেঁই সৈনিকসকলক প্ৰশিক্ষণ দিছিল আৰু ধেৱাৰ সময়ত
ইংৰাজৰ লগত সৈনিকবোৰে তাৰ পৰিচালনাতে যুঁজিছিল৷ গতিকে তাৰ অপৰাধ ডাঙৰ৷ চাংবৰ আৰু
ৰংবৰেই চিংগাৰ চাহাবক টঙনীয়াই মাৰি কলঙত উটুৱাই দিছিল৷ এই কথা ইংৰাজে নিশ্চয় গম
পাইছে৷ এই তিনিজন সিহঁতৰ দৃষ্টিত আটাইতকৈ ডাঙৰ অপৰাধী৷ গতিকে তেওঁলোকক ইংৰাজৰ
আদালতে ফাঁচি দিয়াটো একো ডাঙৰ কথা নহয়৷
তেমেকাৰ মনটো
দুখেৰে ভৰি পৰিল৷ তাৰ বৰ আপোন হৈ পৰা সিহঁতৰ সেনাপতিৰ এনে মৃত্যু সি কেতিয়াও কামনা
নকৰে৷ সি ভগৱানক মনতে স্মৰণ কৰি সেনাপতিক ধৰা নপৰাকৈ ৰাখিবলৈ প্ৰাৰ্থনা কৰিলে৷
ৰাইজৰ মাজলৈ
লাওপানীৰ লগত খাবলৈ খাজি আহিল৷ ডেকা ল’ৰা দুটাই কলপাতত খাজি বিতৰণ কৰিলে৷ ছাগলীৰ
পেটুৰে ৰন্ধা খাজি খাই খাই ৰাইজে কথা পাতি থাকিল৷ জেলাই পুনৰ ক’লে– “এতিয়া মাঘ মাহ
যাবাএ হ’ল৷ আউ¸ কেইদিনমান পাছত ফাগুন হোমাব৷ ফাগুন হোমাব মানে
বাওতলি পথাঅত হাল নমাবলৈ হ’বই দেখোন৷ পানী হোৱা আগতে মানে ফাগুনত চহাই চ’ত মানত দ
পথাঅত বাওধান পেলাবা লাগিব৷ তেতিয়াহে ডাঙ’ হৈ পানী হোৱালৈ হিন্তে যুঁজ দি বাচি
থাকিবা পাঈব৷ গতিকে হাল মাআ দিন আহিলেই৷ আমি ইফালে বাউ পাঈম৷ কিন্তু হিফাল’ মানুহে
পকা ধান কাটিবলৈতো নাপালেই এইবা’ খেতিও কঈব নাপাব৷”
“ভাল কথা কৈছে
দিয়ক৷”– ভৱই মাত দিলে৷ “তেনেকুৱা হ’বলৈকে গৈ আছে৷ আইজ’ দুখ’ হময় চিপাহী আঁতঈলেও
বহুদিনলৈকে থাকি যাব৷”
“হয় হয়, খেতি
কঈবা নাপালে কি খাই থাকিব মানুহবোএ! অহময়ততো খেতি নহয়৷”
তেমেকাই একো নকৈ
ৰাইজৰ কথাকে শুনি থাকিল৷
ৰাইজৰ মাজলৈ ভাত
আহিল৷
তেমেকাই পাতত
দিয়া তৰকাৰিলৈ চাই ধৰিব পাৰিলে ছাগলী মাংস ডিমৰু পাতৰ লগত খাৰ-পিঠাগুৰি দি ৰন্ধা
হৈছে৷ এই তৰকাৰি সি মাজে মাজে খায়৷ পূজাবোৰত এনে তৰকাৰিকে সাধাৰণতে ৰন্ধা হয়৷
তেমেকাহঁতে
ৰাইজৰ লগত একেলগে বহি ভাত খাবলৈ ধৰিলে৷
ভাত খোৱাৰ পাছতে
ৰাইজৰ সকলোৱে তামোল-পাণ খাই ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে৷ তেমেকা আৰু কেৰ্পায়েও তামোল
খাই সিহঁতক থাকিবলৈ দিয়া কোঠাটোলৈ গৈ বহিল৷ ৰাইজক বিদায় দিয়াৰ পাছতে ভৱই তেমেকাহঁতক
জিৰণি ল’বলৈ কৈ নিজেও নিজৰ কোঠাত জিৰণি ল’বলৈ গ’ল৷
তেমেকাই বিছনাত
বাগৰ মৰাৰ পাছত জেলাই কোৱা কথাখিনিয়ে তাৰ মনত পাক-ঘূৰণি মাৰিবলৈ ধৰিলে৷
সেনাপতিহঁতে কি ভাবিছে সি ক’ব নোৱাৰে৷ কিন্তু জেলাই একেবাৰে মিছা কথা কোৱা নাই৷
সেনাপতিহঁতক ধৰিব নোৱাৰাটো চিপাহীহঁতৰ বাবে অপমানৰ কথা, ইংৰাজ শাসকৰ
অসন্মানৰ কথা৷ নিজৰ সন্মান বচাবলৈ সিহঁতে সেনাপতিহঁতক ধৰিবই৷ যেতিয়ালৈকে ধৰিব
নোৱাৰিব তেতিয়ালৈকে চিপাহীবোৰ ইয়াৰ পৰা নাযায় আৰু সেনাপতিহঁতক বিচৰাৰ নামত ৰাইজক
হাৰাশাস্তি কৰি থাকিব৷
পশ্চিম আকাশত
বেলি ভালেখিনি নামিল বুলি ধৰিব পাৰি তেমেকা বিছনাৰ পৰা উঠিল৷ কেৰ্পায়ে টোপনি মাৰি
আছে৷ সি বাহিৰলৈ আহিল আৰু ভৱৰ পদূলিমুখলৈ আহি ইফালে সিফালে চালে৷ সি দেখিলে এজন
মানুহে ৰাস্তাৰ লগতে থকা গছৰ তলত নাঙল এটা চাঁচি আছে৷ সি মানুহজনৰ কাষলৈ আগুৱাই গৈ
সুধিলে– “কি কঈছে কাকা?”
“দেখিছই নহয় কি
কঈছং? যোৱাবাঅ নাঙলটো বেয়া হ’ল৷ গতিকে নতুন নাঙল এটা হাজিছং৷ ফাগুন হুমাবই
নহয়! ম’ বাওতলি মাটিয়েই বেছি৷ ফাগুনতে মাটি চহাই চ’তমাহ’ আগভাগতে ধান পেলাব
নোৱাঈলে কথা ডাঙএই হ’ব৷ ব’হাগত বঅষুণ পঈব আউ¸ দ ঠাইবোঅত অলপ
অলপ পানী জমা হ’ব৷ তেতিয়ালৈ ধানে পানী ওপঅলৈ উঠা হমান দীঘল হ’বা লাগিব৷”
“আপুনি ভাল কথাই
চিন্তা কঈছে৷ কিন্তু নাঙলটো’ এইফালে আউ অলপ চাঁচি দিলে ভাল হ’ব নাকি?”
“ইয়াকে কয় ‘আন’
কথা নুহুনিবি, বাটত নাঙল নাচাঁচিবি’৷ বহুতে বহুত কথা ক’ব৷
হকলোএ কথা হুনিলে পাছত নাঙল নহৈ কিবা এটাহে হ’বগৈ৷ মই কাও কথা নুহুনং৷ মই ম’ মতেহে
কঈম৷”
“ঠিকে আছে,
কঅক৷”
তেমেকাৰ মনত
পৰিল মিকিৰ পাহাৰৰ কাষত এৰি থৈ অহা নিজৰ মানুহখিনিলৈ৷ মানুহবোৰেবা কিমান মাটি
মোকলাব পাৰিছে? নাঙল সাজিব পাৰিছে নে নাই? সেইবোৰ
অৱশ্যে বাওতলি মাটি নহয়৷ এতিয়াৰ পৰা সাজু হৈ ব’হাগৰ পৰা হাল মাৰিলেই হ’ল৷ কিন্তু
মানুহবোৰে হাল বাবলৈ ক’ত গৰু পাব? মানুহবোৰে গৰু, কোৰ, কঠিয়া
আদি কাৰোবাৰ পৰা ধাৰ কৰিব লাগিব৷ সিফালে থকা গাঁওবোৰৰ মানুহবোৰৰ পৰা ধাৰ বিচাৰিলে
পাব নে নাই সিও চিন্তাৰ বিষয়৷ কাৰণ ধাৰ দিব পৰাকৈ গৰু, কোৰ আদি
মানুহবোৰৰ আছে নে নাই? তেমেকাই মানুহজনক ক’লে– “কাকা, আপুনি
নাঙল চাঁচি থাকক৷ মই যাং৷”
“অঁ যা৷”
তেমেকা ঘূৰি আহি
দেখিলে ভৱৰ পদূলিমুখত কেৰ্পাই ৰৈ আছে৷ কেৰ্পায়ে ক’লে– “ব’ল গাঙ’ হিটো মূঅ পআ আহং৷”
“অঁ ব’ল৷”
তেমেকাহঁত লাহে
লাহে খোজ দি গাঁৱৰ ইটো মূৰ পালে৷ গাঁওখন শেষ হোৱাৰ পাছতে আৰম্ভ হৈছে এখন ডাঙৰ
খেতিপথাৰ৷ পথাৰখনত কিছুমান নৰা এতিয়াও থিয় হৈ আছে৷ নৰাবোৰ দেখিলেই ধৰিব পাৰি খেতি
ভাল হৈছিল বুলি৷ তেমেকাৰ নিজৰ পথাৰখনলৈ মনত পৰাত কেৰ্পাইক সুধিলে– “ত’ আমা’ পুঅণি
গাংখন মনত পএ না?”
“পএ৷ মাজে মাজে
পএ৷ মনত পঈলে ব’ দুখ লাগে৷”
“ইয়া’ মানুহে
ধান কাটিবা পাইছে৷ আমিবোএ নাপালং৷ আমা’ পথাবো’ কেনেকুৱা হৈ আছে বাউ?”
“এতিয়া চাগে’ চব
মঅহি গ’ল৷ চআই-গাহঈয়ে খাই তহিলং কঈলে৷ ধানবো’ মাটিত পঈ আছে চাগে’৷ এইবা’ বাঈখাত
কঠিয়া গজা দি গজিব৷”
“ঠিকে কৈছ৷ এই
গাঙলৈ আউ ঘূঈ আহা নহয়৷ এতিয়া য’ত নতুনকে গাং পাতিছং তাতহে কেনেকে খেতি কঈম চিন্তা
লাগিছে৷ গউ নাই, নাঙল-কো-কোদালী নাই, কঠিয়া নাই৷ খেতি
কেনেকৈ কআ হ’ব, চিন্তা’ কথা৷ ওচঅ গাঙ’ মানুহে হহায় নকঈলে একো
কঈবা নোৱাঈম৷”
“হয় কথাটো৷ ওচঅ
মানুহে হহায় কঈলে অক্ষা পাম৷”
বেলি মাৰ গৈছে৷
বেলি মাৰ যোৱাৰ ফালে কিছু সময় চাই থাকি তেমেকাই কেৰ্পাইক ক’লে– “ব’ল ঘূঈ যাং৷”
দুয়ো ঘূৰি আহি
ভৱৰ ঘৰত উপস্থিত হ’ল৷
ভৱৰ ঘৰত দুদিন
থকাৰ পাছত তেমেকাহঁতে লক্ষণসিংহঁতক বিচাৰি ওলাল৷ তেমেকাহঁতৰ লগত ওলাইছে ভৱ৷ সিয়েই
সিহঁতক বাট দেখুৱাই তেতেলীয়ালৈ লৈ যাবলৈ ধৰিলে৷ সেই তেতিয়া লক্ষণসিংহঁতক সি আৰু
ইয়াৰ বাৰিকা মধুৰামে ৰজাৰ ঘৰতে ৰাখি থৈ আহিছিল৷ এতিয়াও যদি ক’লৈকো যোৱা নাই তেন্তে
তেওঁলোকক তাতে পোৱা যাব৷ যদি নাপায় খবৰ কৰিলে ক’ত আছে গম পোৱা যাব৷
ভৱৰ কথা মতে
তেমেকাহঁত কপিলীৰ পাৰে পাৰে গৈ থাকিল৷ তেমেকাৰ মনলৈ হিংস্ৰজন্তুৰ ভয় অহা নাই৷
সিহঁতে মাজে মাজে হৰিণা, গাহৰি, বান্দৰ আদি লগ
পাইছে৷ নানা বিধৰ চৰায়ো সিহঁতে লগ পাইছে৷ জাক পাতি উৰি ফুৰা ভাটৌবোৰৰ কোৰ্হালে
জংঘলৰ নীৰৱতা মাজে মাজে ভাঙি আছে৷
সিহঁত গৈ থাকিল৷
দুপৰীয়াৰ সময়ত সিহঁত এখন গাঁৱত উপস্থিত হ’ল৷ গাঁওখন পাই তেমেকাই সুধিলে– “এইখনেই
নাকি তেতেলীয়া অজা’ গাঁও?”
“এইখন নহয়৷ আমি
কপিলীখন পা’ হৈ আউ¸ কিছুদূ’ নামনি ফালে যাবা লাগিব৷ এইখন গাঙত এখন
নাও আছে৷ হেইখনেএ কপিলীখন পা’ হ’ম৷”
গাঁওখন পাই এখন
ঘৰলৈ ভৱ সোমাই গ’ল৷ তেমেকাহঁত পদূলিতে ৰৈ থাকিল৷ অলপ পাছত এজন ডেকাল’ৰাক লগত লৈ ভৱ
তেমেকাহঁতৰ কাষত উপস্থিত হ’ল৷ ভৱই চিনাকি কৰি দিয়া অনুসৰি ডেকাজনৰ নাম ডিম্ব৷
ডিম্ব এজন বাৰিকা৷ ধেৱাৰ কামৰ বাবে তেতেলীয়াৰ ৰজাই নিযুক্তি দিছিল৷
ডেকাজন আগ
বাঢ়িল৷ তাৰ পিছে পিছে গৈ তেমেকাহঁত কপিলীৰ পাৰত উপস্থিত হ’ল৷ কপিলীৰ পাৰত এখন নাও
বান্ধি থোৱা আছে৷ ডেকাজনে ব’ঠাপাট লৈ তেমেকাহঁতক নাৱত উঠিবলৈ দিলে৷ মাঘ মাহতো
কপিলীৰ এই অংশত পানীৰ গভীৰতা বেছি৷ এডাল
ডাঙৰ গছ কাটি নাওখন সজা হৈছে৷ সিহঁত আটাইকেইজন এবাৰতে পাৰ হ’ব পাৰিব৷
ডেকাজনে নাও এৰি
দিলে আৰু কিছু সময়ৰ পাছতে তেমেকাহঁতক পাৰত উঠালে৷ সি সিহঁতক পাৰ কৰিয়েই বিদায় লৈ
সিপাৰলৈ বুলি নাও এৰি দিলে৷
তেমেকাহঁত থিয়
গঁৰাইদি উঠি আহি কপিলীৰ পাৰৰ সমান ঠাইত উপস্থিত হ’ল আৰু সিহঁতে কপিলীৰ পাৰে পাৰে
ভটিয়নী দিশত খোজ ল’লে৷ কিছুদূৰ যোৱাৰ পাছতে সিহঁত এটা সৰু জুৰিৰ কাষত উপস্থিত হ’ল৷
জুৰিটো ক’ৰবাৰ পৰা বৈ আহি এইখিনিতে কপিলীত পৰিছে৷ ভৱই তেমেকাহঁতক ক’লে– “বেলি ভাটি
দিলে৷ ভোক লাগিছে৷ ইয়াতে ভাত খাই লং৷ তন্ত’ ভোক লাগা নাই নাকি?”
“লাগিছে
লাগিছে৷”– তেমেকা আৰু কেৰ্পায়ে লগে লগে উত্তৰ দিলে৷
কেৰ্পায়ে ওচৰতে
থকা বাঁহ এডাল কাটি তিনিটা চুঙা কৰি উলিয়ালে আৰু জুৰিটোৰ পৰা পানী নি এটা নিজলৈ
ৰাখিলে আৰু বাকী দুটা ভৱ আৰু তেমেকাক দিলে৷ সিহঁতে পৰি থকা গছৰ ডাল এটাত বহি ভাত
খাবলৈ ধৰিলে৷
দূৰত বাঘৰ
গোজৰণি শুনা গ’ল৷ লগতে হাতীৰ চিঞৰো বতাহত ভাহি আহিল৷ ভাত খাই খাই ভৱই ক’লে– ‘বাঘ
আউ হাতী মুখামুখি হৈছে চাগে’৷”
“হ’বা পাএ৷”–
তেমেকাই চমুতে উত্তৰ দিলে৷ “বাঘে গুজঈছে আউ হাতীয়ে চিঞঈছে৷”
ভাত খোৱাৰ পাছতে
সিহঁতৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ ভালেমান দূৰ যোৱাৰ পাছতে সিহঁতে বাওঁফালৰ পৰা অহা
এটা লুংলুঙীয়া বাট পালে৷ ভৱই সেই বাটটোৰে খোজ ল’লে৷ তেমেকাহঁত তাৰ পিছে পিছে গৈ
থাকিল৷ কিছুদূৰ যোৱাৰ পাছতে সিহঁতে ডাঙৰ মুকলি পথাৰ এখন পালে৷ তাৰ পৰাই এখন গাঁও
তেমেকাৰ চকুত পৰিল৷ সি ভৱক সুধিলে– “এইখনেই নাকি অজা গাং?”
“অঁ এইখনেই অজা
গাং৷”
আহি আহি
তেমেকাহঁত গাঁওখনত প্ৰৱেশ কৰিলে৷ এডাল গছৰ তলত কিছুমান ল’ৰা-ছোৱালীয়ে ধৰাগুদু খেলি
আছে৷ তেমেকাহঁত সিহঁতৰ কাষেৰেই পাৰ হৈ ৰজাৰ ঘৰলৈ গৈ থাকিল৷
ভৱৰ পিছে পিছে
গৈ তেমেকাহঁত ৰজাৰ ঘৰত উপস্থিত হ’ল৷ তেমেকাই বেলিটোলৈ চাই পঠিয়ালে– বেলি মাৰ যাবৰ
হৈছেহি৷ ঠিক সময়তে সিহঁত ৰজাৰ ঘৰত আিহ পোৱা বুলি তাৰ অনুভৱ হ’ল৷ ভৱই মাত দিলে–
“দামু, ঐ দামু! ঘঅত আছ না?”
ভৱৰ মাত শুনি
ল’ৰা এটা ঘৰৰ ভিতৰৰ পৰা আহি সিহঁতৰ কাষত হাজিৰ হ’ল৷ চ’ৰাঘৰত ৰজাই কাৰোবাৰ লগত কথা
পাতি থকা বাবে সি তেমেকাহঁতক মাতি নি আন এটা কোঠাত বহিবলৈ দিলে৷ ভৱই তাক সুধিলে–
“হেনাপতিহঁত ইয়াতে আছে না? না কোনোবাফালে গুচি গ’ল?”
“নাই, ইয়াতে
আছে৷ অলপ পাছত আহি পাব৷”
দামু কোঠাটোৰ
পৰা ওলাই গ’ল৷
বেলি মাৰ গ’ল৷
এনেতে ৰজাৰ চোতালত লক্ষণসিং, ৰংবৰ আৰু চাংবৰক দেখা গ’ল৷ তেওঁলাকক
দেখিয়েই তেমেকা চোতালত উপস্থিত হ’ল৷ তাৰ পিছে পিছে ভৱ আৰু কেৰ্পায়ো চোতাল পালেহি৷
তেমেকাই তেওঁলোকক সেৱা জনালত লক্ষণসিঙে সুধিলে– “তোমালোক কোনফালৰ পৰা আহি ওলালা?
আহাঁ চ’ৰাঘৰলৈকে৷”
লক্ষণসিঙৰ পিছে
পিছে গৈ তেমেকাহঁত ৰজাৰ চ’ৰাঘৰত বহিল৷ চ’ৰা ঘৰটোত এতিয়া কোনো মানুহ নাই৷ অলপ আগতে
কথা পাতি থকা মানুহকেইজন গুচি গৈছে৷ লক্ষণসিঙে তেমেকাক সুধিলে– “তোমালোক ক’ৰবালৈ
গৈছিলা নেকি?”
তেমেকাই সকলোবোৰ
কথা বিৱৰি কৈ তাৰ পাছত ক’লে–“দুদিনমানতে ঘূঈ আহিম বুলি আমি আপোনাক কৈছিলং৷ কিন্তু
কথা দিয়া মতে আহিব নোৱাঈ নিজকে ব’ অপআধী অপআধী লাগি আছে৷”
“সেইবোৰ কথা
মনলৈ নানিবা৷ তোমালোকে একো অপৰাধ কৰা নাই৷ বিপদৰ দিন, কোন মানুহ ক’লৈ
যাবলগীয়া হৈছে তাৰ ঠিকনা নাই৷ সকলোৱে জীৱটো যেনেতেনে বান্ধি ঘূৰি ফুৰিবলগা হৈছে৷
ভালেই কৰিলা তোমাৰ গাঁৱৰ মানুহখিনিক মিকিৰ পাহাৰৰ কাষত থৈ আহি৷ এতিয়া মানুহবোৰে
অন্ততঃ নিশ্চিন্ত মনেৰে কাম-বন কৰি খাব পাৰিব৷”
“হয় হেনাপতি
মহাহয়৷”
“আৰম্ভণিতে
তোমালোকৰ মানুহখিনিৰ কষ্ট হ’ব৷ পাছলৈ চব ঠিক হৈ যাব৷”
“হয় মহাহয়৷
এতিয়া আমা’ গউ¸ নাই হাল বাবলৈ, কো’ নাই পথাঅত
আলি দিবলৈ৷ মুঠতে খেতি কঈবলৈ একোৱেই নাই৷”
“লাহে লাহে চব
যোগাৰ হৈ যাব৷ চিন্তা নকৰিবা৷”
ৰজা চ’ৰাঘৰটোলৈ
সোমাই আহিল৷ সকলোৱে থিয় হৈ তেওঁক নমস্কাৰ জনালে৷ লক্ষণসিঙে তেমেকা আৰু কেৰ্পাইক
চিনাকি কৰি দিলে৷ ভৱক ৰজাই আগৰে পৰা চিনি পায়৷
এটা ল’ৰাই
মাটিচাকি এটা জ্বলাই ৰজাৰ সন্মুখত দি গ’ল৷
ৰজাই তেমেকাক
সুধিলে– “কিবা বাতৰি লৈ আহিছা নেকি?”
“বাতঈ বিশেষ
নাই৷ মাজবঈ বাঈকা দেওবঅ মুখে গম পোৱা মতে আমা’ মুখিয়াল মানুহ বহুতকে ধঈলে৷ উপছিং
লালুং, চিবচিং লালুং, নঅচিং লালুং, হেবেআ লালুং,
বাহু
ডোম, বনমালী ডোম, কাতি লালুং, অম্বা লালুং,
জৱ
লালুং, কাটিয়া লালুং আদিকে ধঈ বহুত মানুহক ধঈ জেলত ভআইছে৷ এতিয়া হেনাপতিকে
ধঈ এই তিনিজন আউ মহী কোঁচ আউ কলি ডেকাক ধঈবা পাআ নাই৷ ধআবিলাক’ আদালতত বিচা’ চলি
আছে৷”
“মানুহবোৰক
চিপাহীবোৰে অত্যাচাৰ কৰি আছে নেকি?”
“হিন্ত’
অত্যাচা’ কমা নাই৷ হিন্ত’ ভয়ত কোনোবা জংঘলত লুকাই থাকিলে ধঈব পাঈলেই বহুত অত্যচা’
কএ৷ হিন্তে বহুত মানুহক মাঈলে আউ বহুতক ঘূণীয়া কঈলে৷”
“চিপাহীহঁতৰ
অত্যাচাৰ নকমিব যেন পাইছোঁ৷”
“কমিব৷”–
লক্ষণসিঙে মাত দিলে৷ “আমি ধৰা দিব লাগিব৷ সিহঁতে আমাক বিচাৰিহে ৰাইজক অত্যাচাৰ কৰি
আছে৷ মই সিদ্ধান্ত লৈছোঁ আিম ধৰা দিম৷ ৰংবৰ আৰু চাংবৰেও তাকে ভাবিছে৷ ইমানদিন হৈ
গ’ল৷ মানুহবোৰে আৰু কিমান অত্যাচাৰ সহ্য কৰিব/”
“নাই নাই৷”–
ৰজাই বাধা দিলে৷ “তেনেকুৱা নকৰিব৷ চাওকচোন বতাহ কোনফালে বলে৷ আপোনালোকক নোপোৱা
বাবেই কিমান দিন সিহঁত ইয়াত থাকিব? পিছত হয়তো ডিচিকে আপোনালোকক ধৰাৰ
দায়িত্ব দি তেজপুৰ আৰু গুৱাহাটীৰ পৰা অহা চিপাহীবোৰক ঘূৰাই লৈ যাব পাৰে৷”
লক্ষণিসঙে ধৰা
দিয়াৰ কথা কওঁতে তেমেকাৰ গাটো জিকাৰ খাই উঠিছিল৷ তাৰ বুকুখন চিৰিংকৈ গৈছিল৷ ৰজাৰ
কথা শুনি সি বৰ ভাল পালে৷ সি লগে লগে ক’লে– “হয় দেওঅজা মহাহয়৷ হিন্তে আপুনি
কোৱাটোকে কঈবা পাএ৷”
“হয়, সেইটোওতো
হ’ব পাৰে৷ ডিচিক গতাই থৈ গ’লে ইমান চিপাহী নাথাকিব৷ সিহঁতৰ চোৰাংচোৱাবোৰহে বেচিকৈ
ঘূৰিব, খবৰ সংগ্ৰহ কৰিব আৰু সেইমতে বিচাৰিব৷ ৰাইজৰ ওপৰত অত্যাচাৰ হ’লেও
অলপহে হ’ব৷ এতিয়া ধৰা দিলে কিন্তু ডাঙৰ বিপদত পৰিব৷”
ৰজাৰ কথা শুনি
লক্ষণসিং মনে মনে থাকিল৷
বিশেষ কথা
পাতিবলৈ নথকাত তেমেকাহঁত চ’ৰাঘৰৰ বাহিৰলৈ ওলাই আহিল৷
বাহিৰত আন্ধাৰে
ভালদৰে খোপনি পুতিছে৷ তেমেকাই কেৰ্পাইৰ লগত চ’ৰাঘৰৰ বাৰান্দাত ঢাৰি পাৰি বহিল আৰু
আন্ধাৰৰ ফালে চাই থাকিল৷
ৰজাৰ ঘৰত ৰাতিৰ
সাঁজটো হোৱাৰ পাছতে সকলোৱে ভাত খালে৷ তেমেকা, কেৰ্পাই আৰু ভৱক
ৰজাই নিজৰ ঘৰতে ৰাতিটো থাকিবলৈ ক’লে৷ লক্ষণসিংহঁতৰ শোৱা ঠাই বেলেগত৷ তেওঁলোক
তালৈকে খোজ ল’লে৷
পিছদিনা
ৰাতিপুৱা ভাত খোৱাৰ পাছতে ভৱই ঘৰলৈ ঘূৰি যাবলৈ সাজু হ’ল৷ তেমেকাই তাক সুধিলে– “তই
অকলে যাবা পাঈবি?”
“কেলেই নোৱাঈম৷
মই অকলেই অহাযোৱা কঈ থাকং৷”
ভৱই ৰজাক আৰু
তেমেকাহঁতক মাত লগাই ঘৰলৈ বুলি খোজ ল’লে৷ ৰজাই তেমেকা আৰু কেৰ্পাইক ক’লে–
“তোমালোকনো এতিয়া ক’লৈ যাবা? মোৰ ঘৰতে থাকা৷ যেতিয়া যাবলগীয়া হয়
তেতিয়া যাবা৷ বুজিছা নে?”
“হ’ব দিয়ক৷ আমি
ইয়াতে থাকিম৷ হেনাপতিহঁত ইয়াতে আছে যেতিয়া আমিও ইয়াতে থকাই ভাল৷”
“ঠিকে আছে৷”
ৰজাই কথাষাৰ কৈ
ঘৰৰ ভিতৰলৈ গ’ল৷
লক্ষণসিংহঁতনো
ক’ত থাকে জানিবলৈ মন গ’ল তেমেকাৰ৷ সি ৰজাৰ লগুৱা দামুক কথাটো সুধিলে৷ কাৰণ
কেতিয়াবা খবৰ দিবৰ বাবে দৰকাৰ হ’ব পাৰে৷ লগুৱাটো ঠাইখিনি দেখুৱাই দিবৰ বাবে মান্তি
হ’ল৷ কিন্তু ইয়াত ৰজাৰ অনুমতিৰ প্ৰয়োজন৷ সি ৰজাক কৈ অনুমতি ল’লে আৰু তেমেকাহঁতক
লগত লৈ খোজ ল’লে লক্ষণসিংহঁতৰ গুৰিলৈ৷
অলপ বাট মুকলি
ঠাইৰে অহাৰ পাছত লগুৱাটো জংঘলৰ মাজেৰে আগ বাঢ়িল৷ তাৰ পিছে পিছে তেমেকাহঁত গৈ
থাকিল৷ সিহঁত গৈ এখন চালিৰ ঘৰ এটা পালে৷ লগুৱাটোৱে ক’লে– “হেনাপতিহঁত এই ঘৰটোতে
থাকে৷”
দামুৱে ‘ৰ’টো
উচ্ছাৰণ কৰি কথা ক’ব পাৰে৷
তেমেকাহঁত ঘৰটোৰ
দুৱাৰমুখত হাজিৰ হোৱাৰ লগে লগে চাংবৰ বাহিৰলৈ ওলাই আহিল৷ সি বাহিৰলৈ আহিয়েই মাত
দিলে– “অ তন্তে আহিছ৷ আহ ভিতঅলৈকে৷”
তেমেকাহঁত ঘৰটোৰ
ভিতৰলৈ সোমাই গ’ল৷ ভিতৰত লক্ষণসিং আৰু ৰংবৰ বিছনা পাৰি বাগৰ দি আছিল৷ তেমেকাহঁত
সোমাই যোৱাৰ লগে লগে তেওঁলোক উঠি বহিল৷ ৰংবৰে সুধিলে– “ক’লৈ আহিলি তহঁত?”
“আপোনালোককে
চাবলৈ আহিলং৷”– তেমেকাই মাত দিলে৷ “আপোনালোক থকা ঠাইখন চাই গ’লেহে কিবা জউঈ খব’
থাকিলে দিবা আহিবা পাঈম৷”
“ঠিকে কৰিছ৷
তহঁত অহাত আহিলি৷ কিন্তু যাবি ক’লৈ? থাকিবি ক’ত?”
“দেওৰজাই তেওঁ’
ঘঅতে থাকিবা দিছে৷”
“ভাল কথা৷ ইয়াতে
থাক৷”
তেমেকাই মন
কৰিলে ঘৰটো কপিলীৰ পাৰৰ জংঘলতে সজা হৈছে৷ চিপাহী আহিলে নদীখন সাঁতুৰি পাৰ হৈ গ’লেই
ৰক্ষা পৰিব৷ সি লক্ষণসিংহঁতক ক’লে– “আমি এতিয়া যাং৷ দেওঅজা ঘঅত কিবা কাম থাকিলে
কঅংগৈ৷ এতিয়া আমি দেওঅজা লগুৱা হিচাপে থাকিম৷”
লক্ষণিসঙে ক’লে–
“তেনেকে থকাই ভাল৷ এতিয়া তহঁত গৈ থাক৷”
তেমেকাহঁতে উভতি
ৰজাৰ ঘৰলৈ খোজ ল’লে৷
(আগলৈ)