জয়ন্ত মাধৱ বৰা
৷৷ পাঁচ ৷৷
বাৰে বাৰে ঐশ্বৰ্যময় ভৱিষ্যতৰ সপোন দেখিও বাৰে
বাৰে হতাশ হয় গণেশ৷ পুতলা থিয়েটাৰ কৰোঁতে ভাবিছিল,তাৰ পাৰ্টীটো ডাঙৰ হ’ব, মানুহবোৰে আদৰি লৈ থাকিব পুতলা থিয়েটাৰক৷ নহ’ল৷ বিপৰীতে উপলুঙাহে কৰিলে–‘ধেই এইগিলা কায়
চায়? হাতদি পুতুলাগিলা জাকাৰাই থাকে৷ হাঁহা ওলায়’৷ আন্দোলন
কৰোঁতে ভাবিছিল, এইবাৰ সকলোৰে ভাল
হ’ব৷ আকৌ ৰামৰাজ্য ঘূৰি আহিব৷ একো নহ’ল৷ আন্দোলনৰ নেতাকেইটা এম এল এ, মিনিষ্টাৰ হ’ল৷ বাকীবোৰৰ একোৱেই নহ’ল৷ তাৰ দৰে
কিছুমান মানুহ চিৰদিনৰ বাবে ঘূণীয়া হ’ল৷ এইবাৰো সি আশা কৰিছিল, চব্জিৰ দোকানখন দি জীৱনটো নতুনকৈ আকৌ আৰম্ভ
কৰিব৷ আশা কৰা মতে নহ’ল৷ টকাও আশা কৰা মতে নাপালে আৰু আটাইতকৈ সমস্যা আহি
পৰিল ঠাইক লৈ৷ যিখিনি ঠাইত চব্জিৰ
দোকান কেইখনমান আছে, তাত তাক বহিবলৈ
নিদিয়ে৷ সিহঁতৰ ইউনিয়ন আছে, ইউনিয়নে কিছুমান
নিয়ম কৰি লৈছে৷ চাৰিআলিটোৰ চুক এটাত বহিব খুজিছিল, পুলিচে নিদিলে৷ উপায়হীন হৈ সি আকৌ চন্দ্ৰ ৰাভাৰ
কাষ চাপিল৷ চন্দ্ৰ ৰাভাই বজাৰখনৰ কাষতে বহুদিনৰ পৰা চাহ-তামোলৰ দোকান দি আছে৷
আদব-কায়দাবোৰ তাৰ জনা হৈ গৈছে৷
: এটা কাম কৰ, মোৰ ওচৰতে বহ৷ কাবায় সুধিলি মোৰে দোকান ক’ম দে৷
আগতে ঠিক কৰ কুনখান কুনখান গাঙৰ পাৰা বস্তুগিলা আনবি৷ আজিকালি চবতে গুৱাহাটী বেপাৰী
সুমছে৷ গাঙত বস্তু বিচিৰায় গিলিও নাপাবাও পাৰা৷ বেপাৰীয়ে আগতে অলপ পুইচা দি ৰাখি
থয়৷
গণেশ বিমোৰত পৰিল৷ এইবোৰ কথা দেখোন সি ভবাই নাছিল৷ সকলোতে ইমান জটিলতা! সি ভাবিছিল এইটো একেবাৰে সহজ ব্যৱসায় হ’ব৷ বালি-চাপৰিবোৰত কিছু লোকে বহুত খেতি কৰে৷ তালৈ গৈ সস্তাতে পাচলিবোৰ আনি অধিক দামত ধূপধৰা বজাৰত বিক্ৰী কৰিব পৰা যাব৷ গাঁৱলৈ গৈহে সি গম পালে যে ভবাৰ দৰে কথাবোৰ ইমান সহজ নহয়৷ গাঁৱত থলুৱা খিলঞ্জীয়াসকলে খেতি নকৰে৷ বাৰীখন হাবি-জংঘলেৰে ভৰি থাকে, তথাপি খেতিৰ নামত কূটা এগছো নকৰে৷ জিভাৰ আগত থাকে সহজ অজুহাত– ‘মাটিগিলা বেয়া হৈ গেল৷ কিবা এটা কুৰলিও একো নোহায়৷’ ... ‘এ সমযে নাপাং৷’... ‘এ সিগিলা কুৰলি যিমান খৰচ হয়, তাৰকুৰি কিনি আনা ভাল৷’ মুঠতে কাম নকৰাৰ অলেখ অজুহাত৷ সকলোকে চৰকাৰী চাকৰি একোটা লাগে৷ লাগিলে পিয়নৰ চাকৰিয়েই হওক৷ মাজতে ইয়াত চাকৰিৰ বজাৰ এখনেই হৈছিল৷ চাকৰি দিয়াৰ নামত টকা লোৱা দালাল কেইটামান ওলাইছিল৷ বহুতে টকা দিলে৷ তাকো দুটামানে উচটাইছিল–‘আন্দোলন কৰি লেংৰা হ’লি, অলপ পইচা দি চাক্ৰি পাবি৷ যা৷’ গৈছিলো সি৷ দালালকেইটাই তাক গুৰুত্বই নিদিলে৷ গম পালে সি টকা দিব নোৱাৰে বুলি৷ যিসোপাই টকা দিছিল তাৰো সৰহ সংখ্যকেই চাকৰি নাপালে৷ টকাসোপা পানীত পেলোৱাৰ নিচিনা হ’ল৷ চাকৰি নোপোৱাসোপাই দালালকেইটাৰ ঘৰলৈ আহি টকা বিচাৰি প্ৰায়ে হাল্লা কৰিছিল৷ প্ৰায়ে উত্তপ্ত হৈছিল পৰিস্থিতি৷ দুবাৰমান দালাল দুটামানক পুলিচে ধৰিও নিছিল৷ জে’লতো সুমুৱাই থৈছিল৷ সকলোৱে ভাবিছিল, দালালকেইটাৰ কাহিনী সমাপ্ত৷ ইয়াৰ পাছত আৰু দালালি কৰি মানুহক ঠগিবলৈ সিহঁতকেইটাই সাহস নকৰিব৷ পিছে সকলো ধাৰণা অসত্য বুলি প্ৰমাণ কৰি দালালকেইটাই দুগুণ উৎসাহেৰে আকৌ ঠগ-প্ৰৱঞ্চনাৰ নতুন নতুন জাল পাতিবলৈ আৰম্ভ কৰিলে অকণো লাজ নকৰাকৈ৷ আজিকালি মানুহৰ লাজটোও হেনো কমি গৈছে৷ অপৰাধ আৰু অমানৱীয় কামবোৰ কৰিবলৈ অকণো লাজ আৰু ভয় নকৰে৷ ভয়নো কিয় কৰিব? লাজনো কিয় কৰিব? অপৰাধ কৰি, অমানৱীয় কামবোৰ কৰি জে’ললৈ গ’লেও জে’লৰ পৰা ওলোৱাৰ পাছতে তেওঁক দুজনমানে ডিঙিত গামোচাখন পিন্ধায়েই নহয়৷ তেওঁ হাঁহি হাঁহি গামোচা পিন্ধা দৃশ্যটো টিভিত দেখুৱায়, ছ’চিয়েল মিডিয়াত প্ৰচাৰ হয়৷ ভৰ্ৎসনা কৰাৰ সলনি মানুহজনক ওলোটাই নায়কলৈহে ৰূপান্তৰিত কৰা হয়৷ দুদিনমানৰ পাছত দেখিবা তেওঁ ৰাজনীতিত যোগ দিছে৷ এইবোৰৰ মাজত গণেশে পাত্তা পায় ক’ত?
চাপৰিৰ ফালে গৈ সি হতাশ হ’ল৷ তাৰ খেতিয়কসকলে আগতীয়াকৈ বেপাৰীৰ লগত চুক্তি কৰি থৈছে৷ তাতো
ছিণ্ডিকেট৷ ৰাজনৈতিক নেতাৰ আশিসধন্য কেইটামান ডেকাই এই ছিণ্ডিকেট নিয়ন্ত্ৰণ কৰে৷
খেতিয়কসকলে শাক-পাচলিবোৰ এঠাইত জমা দিয়ে৷ দিয়ে মানে দিবই লাগিব৷ নিদিলে কথাবোৰ
বেলেগ হৈ যায়৷ সেই অঞ্চলৰ একো একোজন মাতব্বৰে সেই দায়িত্ব লয়৷ তাৰ বাবে তেৱোঁ এটা
শকত পৰিমাণৰ কমিছন পায়৷ কষ্ট কৰে খেতিয়কসকলে, কষ্ট নকৰাকৈয়ে এসোপা মুনাফা লুটে, খেতিয়কতকৈও বেছি টকা ঘটে মাতব্বৰ আৰু সেই
ছিণ্ডিকেট চলোৱা মানুহকেইটাই৷ দুটকাৰ বস্তুটো বজাৰত হয়গৈ ত্ৰিছ টকা৷ খেতিয়কবোৰৰো ভয়৷ সিহঁতক বিপদৰ মাজলৈ
ঠেলি পঠিয়াবলৈ এই ছিণ্ডিকেট বাহিনীৰ বেছি সময় নালাগে৷ সিহঁতৰ হাতত ক্ষমতা আছে,
টকা আছে৷ খেতিয়কবোৰে ভয় কৰে৷
অনাহকত ঝামেলাত সোমাবলৈ ইচ্ছা নকৰে৷ কাৰোবাকতো পাচলিখিনি বিক্ৰী কৰিবই লাগিব৷ ইমান দিনে যেনেদৰে চলি আহিছে,
তেনেকৈয়ে চলি থাকক৷ ইয়াৰ
মাজত গণেশে তাৰ ব্যৱসায়ৰ বাবে পাচলি দিয়া এজনো খেতিয়ক নাপালে৷ নিজৰ বাৰীতে অকণমান
খেতি কৰা দুই-এজনে দিব, দাম বেছি৷ ইফালে পৰিমাণ কম৷ তাৰে ব্যৱসায় কৰিলে লাভতকৈ লোকচানহে বেছি হ’ব৷ হতাশ হৈ গণেশ ঘূৰি আহিল৷ বেংডোবাৰ পাৰত বহি সি আকৌ অনুভৱ কৰিলে নিৰ্মম
নিঃসংগতা আৰু বিষাদৰ তীক্ষ্ণ দংশন৷ কোনো কামতে সি কৃতকাৰ্য হ’ব নোৱাৰে কিয়?
সি আকৌ চন্দ্ৰ ৰাভাৰ কাষ
পালেগৈ৷
: কি হ’ল?
: নহাবো৷ সিগিলা আগতে থিক হৈ থাকে৷
: দেচুন, চেষ্টা কৰি থাক৷ কিবা এটা উপায় ওলাব দে৷ মই
ইয়াত আগতে তামোল-পাণৰ দোকানহে দিছিলোঁ৷ দিনটাত কিতিয়াবা দছ টাকাও ইনকাম হোৱা
নাছিল৷ লাহে লাহে ইতিয়াহে অলপ হৈছে৷
চন্দ্ৰৰ কথাই তাক চিন্তাতহে পেলালে– সঁচাকৈ তাৰ
ধৈৰ্যৰ অভাৱ নেকি? একো এটা কামৰ
বাবেই সি উপযুক্ত নহয় নেকি? তাৰ নিজৰ সীমাৱদ্ধতাই তাকেই হেঁচা মাৰি ধৰিলে৷ ঘৰলৈ আহিও শান্তি নাপালে৷ সীমাহীন অস্বস্তি,
বিৰক্তি৷ ঘৈণীয়েকজনী
এতিয়াও অহা নাই৷ কাৰ লগত ক’ত বা তাই ঘূৰি ফুৰিছেগৈ সি নাজানে৷ এইখননো ঘৰ হ’লনে? এইখনকনো ঘৰ বুলি ক’ব পাৰিনে? আগতে ঘৰখন ধৰি ৰাখিবলৈ মাকে কিমান কষ্ট কৰিছিল৷
ৰাতিপুৱাৰ পৰা ৰাতি দুপৰলৈকে মানুহজনীয়ে ৰ’বলৈ সময় নাপাইছিল৷ ঘৰখনত অভাৱ আছিল,
অশান্তি আছিল, কিন্তু ঘৰখন ঘৰ হৈ আছিল৷ ৰ’দ বৰষুণৰ পৰা ৰক্ষা
পাবলৈ আশ্ৰয় অকন আছে বুলি স্বস্তি অনুভৱ কৰিছিল৷ দুখে-ভাগৰে আহি ঘৰখনত সোমোৱাৰ
পাছত ক্লান্তি আঁতৰিছিল৷ এতিয়া এইখন ঘৰত সোমাবলৈকে মন নাযায়৷
দুদিনমান সি ঘৰতে সোমাই থাকিল৷ হতাশা, নৈৰাশ্য আৰু অসহায়বোধে তাক এনেদৰে হেঁচা মাৰি ধৰিছে, উঠিবলৈ চেষ্টা কৰিও সি উঠিব পৰা নাই৷ সি আটাইতকৈ বেছিকৈ ভাগি পৰে হীৰামণিৰ কথা মনলৈ আহিলে৷ এই মানুহজনীয়ে তাৰ জীৱনটো নৰককুণ্ড কৰি তুলিলে৷ প্ৰেম আৰু ভালপোৱাবোৰে বুকুত বাহ লোৱা দিনতে সি কল্পনা কৰিছিল বায়খো পূজাতে সি মনৰ মানুহজনী বিচাৰি ল’ব৷ তাৰ আগতে ছোৱালীজনী মাতৃ-বংশীয় নেকি খোজ-খবৰ কৰি ল’ব৷ কাৰণ মাতৃ-বংশীয় বাৰায়-হুৰি মানেই একে গোত্ৰৰ আৰু একে গোত্ৰৰ মানেই একে পৰিয়ালৰ৷ ভাই-ভনী৷ ভাই-ভনীৰ মাজততো আৰু বিয়া হ’ব নোৱাৰে৷ সি সেইবোৰ কল্পনা কৰিছিল৷ নিজৰ বাৰায়-হুৰি নোহোৱা এজনী ধুনীয়া ছোৱালীৰ লগত ছাথাৰ নাচিব৷ উলাহতে গাব– ‘আতো তেমো আতো বোবায় নোয মনি ৰিবাচাৰে মনি ৰিবাচা, নাৰং পাকে ছাথাৰ থৗমা ছালেয মনি ৰিবাচাৰে মনি ৰিবাচা’৷ ‘কি ক’ম কি নক’ম, তোমাক ক’বলৈ কথাবোৰ মনলৈ নাহে আৰু তোমাৰ লগত গীত গাবলৈ গীতবোৰ মনলৈ নাহে৷’ সি কল্পনা কৰিছিল এইবোৰ৷ কল্পনা কৰি কৰি সপোন দেখিছিল৷ সপোনহে দেখিলে, এটাও নফলিয়ালে৷ এটাৰ পাছত আন এটা সমস্যাই তাক এনেদৰে মেৰিয়াই ধৰিলে যে বায়খো পূজাত তাৰ ছাথাৰ গীত গোৱা নহ’ল কোনোদিন৷ আজিকালি বায়খো পূজাত ছাথাৰ নৃত্য-গীত কৰি কোনেও ছোৱালী ঠিক নকৰে৷ ম’বাইলতে প্ৰেম হয়৷ বাইক এখন যেনে তেনে গোটাব পাৰিলেই ছোৱালী পলুৱাই নিয়েই৷ এনেয়েও মাক-দেউতাকে ছোৱালীবোৰ কম বয়সতে বিয়া দিয়েই৷ পঢ়া-শুনা নাই যেতিয়া ঘৰত সুমুৱাই ৰাখি কি কৰিব? সিহঁতৰ গাঁওখনত উচ্চশিক্ষিত ছোৱালী নাই বুলিয়েই ক’ব পাৰি৷ বহু ছোৱালী হাইস্কুলৰ ডেওনাখনেই পাৰ নহয়৷ ল’ৰাবোৰে দুশ্ৰেণীমান পঢ়ে৷ কিছুমান কলেজো পায়গৈ৷ তাৰ পাছতেই পঢ়া শেষ৷ সি জনাত ৰমেন মাষ্টৰৰ ছোৱালীজনীয়েহে গুৱাহাটীৰ ইউনিভাৰছিটিত পঢ়ি আহি ইয়াৰ কলেজ এখনত প্ৰফেছৰৰ চাকৰি কৰি আছে৷ ছোৱালীবোৰৰ কথা বাদেই, ল’ৰাবোৰেনো কিমান পঢ়া-শুনা কৰে? দুই-এটাৰ বাহিৰে বেছিভাগ ল’ৰা কলেজ পোৱাৰ পাছতে বেয়াৰ ফালেহে বেছিকৈ যায়৷ অৱশ্যে বহুত মাক-দেউতাকৰ নিজৰ ল’ৰা-ছোৱালীক ভালকৈ পঢ়া-শুনা কৰোৱাবলৈ সামৰ্থ্যও নাথাকে৷ যেনেদৰে সিহঁতৰ নাছিল৷
কেইদিনমান ঘৰতে সোমাই থকাৰ পাছত এদিন সি আকৌ
ওলাই গ’ল৷ ঘৰতে সোমাই থাকিলে খাব কি? চৰকাৰে কিছুমান সুবিধা দিছে, সেইবিলাক ল’ব
পাৰি নেকি চাব লাগিব৷ কিবা আত্মসহায়ক গোট খোলাৰ কথা কৈছে, সেইবোৰ সি ভালকৈ নাজানে৷ চন্দ্ৰক সুধিব লাগিব৷
চাৰিআলিটো পোৱাৰ পাছত দূৰৈৰ পৰাই সি দেখিলে চন্দ্ৰ খুব ব্যস্ত৷ দোকানৰ সামগ্ৰীবোৰ
খৰধৰকৈ বেগত ভৰাইছে৷ গণেশৰ গাটো জিকাৰ খাই উঠিল৷ ইয়াকো আকৌ কোনোবাই দোকান উঠাই
নিবলৈ ধমকি দিছে নেকি? উত্তেজিত আৰু
উৎকণ্ঠিত হৈ সি দৌৰি যোৱাদি চন্দ্ৰৰ কাষ পালেগৈ৷
: আজি চুন দৰংগিৰিত বাজাৰ৷ তাতে যাং৷ তাতে ভাল
বিক্ৰী হয়৷ – বস্তুবোৰ বেগত ভৰাই থাকিয়েই উৎসাহত ক’লে চন্দ্ৰই৷ গণেশে উপলব্ধি কৰিলে চন্দ্ৰ যে জীৱনত সফল হৈছে এইটোৱেই কাৰণ– কষ্ট কৰে৷ সময়ৰ সুযোগ
গ্ৰহণ কৰে৷ সেই কাৰণেই পুতলা থিয়েটাৰত তাৰ তলত কাম কৰাৰ পৰা সি ইমানখিনি উন্নতি
কৰিব পাৰিছে৷ গণেশে অনুভৱ কৰিলে তাৰ সেই দৃষ্টি নাই৷ সময়ৰ সি
হিচাপ নাৰাখে৷ সময়ৰ সৈতে উটিহে যায়৷ নহ’লে পুতলা থিয়েটাৰখনত ভেজা দিয়েই সি বেলেগ
কিবা এটা কৰিব পাৰিলেহেঁতেন৷ আকাশখনতো ইমান সৰু নহয় যে তাৰ উৰিবলৈ ঠাই নোহোৱা হৈ
গ’ল৷ এঠাইত উৰিবলৈ ঠাই নাপালে বেলেগ ফালে উৰিবলৈ চেষ্টা কৰিব লাগিছিল৷
: যাবি নাকি? – চন্দ্ৰৰ মাতত সি উচপ্ খাই উঠিল৷
: ‘চ যোৱা যদি৷ মোকো অলপ সহায় কুৰি দিবি৷
কেতিয়াবা মেল্লা মানু হয়৷ একেলায় দিগদাৰ হয়৷ চিন্তা নকৰবি, ভাত-পানী চব খুৱাম৷
গণেশৰ বুকুখনত কিবা এটাই খুন্দিয়াই যোৱা যেন লাগিল৷ আগতে সিয়ো চন্দ্ৰক তেনেদৰেই কৈছিল– ‘আহিবিনাকি মোৰ থিয়েটাৰত কাম কুৰবা? চিন্তা নুকুৰবি, ভাত-পানী চব খুৱাম৷ অলপ পইচাও দিম৷’ আজি চন্দ্ৰই তাক কৈছে– ‘চিন্তা নকৰবি, ভাত-পানী চব খুৱাম৷’ সি একো নক’লে৷ মাত্ৰ চন্দ্ৰই দোকানৰ সামগ্ৰী ভৰোৱা বেগ এটা দাঙি ল’লে৷
দৰংগিৰিত বাছৰ পৰা নামি গণেশ অবাক হৈ গ’ল৷ ইমান
মানুহ! দৰংগিৰিৰ কলৰ
বজাৰ৷ পুতলা থিয়েটাৰ কৰি থাকোঁতেই কোনোবাই কোৱা তাৰ মনত আছে– এইখন হেনো এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ কলৰ বজাৰ৷ ভাৰত স্বাধীন হোৱাই
নাছিল তেতিয়া, তেতিয়াই এই
বজাৰখন আৰম্ভ হৈছিল৷ বজাৰখনত কেৱল কলহে পোৱা যায়৷ বিভিন্ন জাতৰ কল৷ মালভোগ,
চেনীচম্পা, জাহাজী, বৰতমণি, ভীম, আঠিয়া, কাচকল, মনোহৰ, বিভিন্ন জাতৰ কল৷ দৰংগিৰি অঞ্চলক আৱৰি থকা উন্চল্লিছখন গাঁৱক সামৰি গঠিত হোৱা
দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে এই বজাৰখন পৰিচালনা কৰে৷ আউল নলগাকৈ বজাৰখন যাতে
চলি থাকে তাৰবাবে দুজন পিয়ন, এজন চকিদাৰ,
দুজন চাফাই কৰ্মী আৰু
খাজনা সংগ্ৰহৰ বাবে তেৰজন স্থানীয় ডেকাক দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে
কৰ্ম-সংস্থাপন দিছে৷
গণেশে বহু সময় অবাক হৈ বজাৰখনলৈকে
চাই থাকিল– ইমান ডাঙৰ কলৰ বজাৰ! চাৰিওফালে কেৱল কলেই কল৷ বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পৰা বেপাৰীবোৰ ট্ৰাক লৈ আহিছে কল
কিনিবলৈ৷
: ‘তুই বাজাৰৰ মানুহগিলাক চাই থাকবি না কাম কুৰবি?’– চন্দ্ৰৰ মাততহে তাৰ সম্বিত ঘূৰি আহিল৷ ‘মই পানী লৈ আহোঁ৷ তুই টেবুলত বস্তুগিলা থিক কৰ’৷ চন্দ্ৰ পানী আনিবলৈ গ’ল৷ লৰালৰিকৈ সি বেগৰ পৰা চাহৰ সৰঞ্জামবোৰ উলিয়াই টেবুলখনৰ ওপৰত থ’লে৷ চাহপাত, চেনী, বিস্কুটৰ টেমাবোৰ ভাগে ভাগে সজালে৷ আজিকালি মানুহে য’ৰ-ত’ৰ পানী নাখায়৷ চাহ খাবলৈ আহি সোধে–‘তহঁতে চাহ বনাবলৈ পানী ক’ৰপৰা আন? এই খালটোৰ পানী নেকি?’
: ‘অফিচত কমিটিয়ে পানী দে৷ মুই তাৰপৰা আনোং৷ তাৰ পৰা অনা পানীৰ বাল্টিটো নেদেখুৱালৈকে চাহ নাখায়৷’ সৰুতে সিহঁতে ফুটবল খেলি থাকোঁতে পিয়াহ লাগিলে পথাৰৰ ডোঙা বান্ধি থকা পানীকে খাইছিল৷ ঘৰত খাবলৈ আনিছিল মেটেকা, পুনিৰে ভৰি থকা বেংডোবাৰ পানী৷ আজিকালি মানুহে সেইবোৰ পানী খাবলৈ ইচ্ছা নকৰে৷ ধনী মানুহবোৰে ঘৰত টিউবৱেল বহুৱাই লয়৷ নোৱৰাবোৰে বাট-কুৰি বাই কলহ-বাল্টি লৈ চৰকাৰী আঁচনিৰ পানী আনেগৈ৷ কিছুমানে কিন্তু এতিয়াও পুখুৰীৰ পানীকে খায়৷ সিয়েই খায়৷ সিদিনা চন্দ্ৰৰ দোকানৰ কাষত ৰৈ থাকোঁতে দুজন মানুহে চাহ খাই খাই পাতি থকা কথাবোৰ সি শুনি আছিল৷ মানুহ দুজনৰ কথাবোৰ তাৰ এতিয়া মনত পৰি গ’ল৷ এজনে কৈছিল– ‘সলনি হৈছে, মানুহৰ জীৱনধাৰা সলনি হৈছে৷ ঘৰলৈ টি ভিটো অহাৰ পৰা, হাতলৈ ম’বাইলটো অহাৰ পৰা মানুহৰ জীৱনধাৰা সলনি হৈছে খুব দ্ৰুত গতিত৷’ আনজনে বিদ্ৰুপৰ হাঁহি বিৰিঙাই কৈছিল– ‘জীৱনধাৰাহে সলনি হৈছে৷ চিন্তাৰ সলনি হোৱা নাই৷ মানসিকতাৰ সলনি হোৱা নাই৷ এশ বছৰৰ আগৰ দৰেই আছে৷ এতিয়াও জাতি-ধৰ্ম লৈ কাজিয়া৷ হাতত দামী ম’বাইল, অথচ অন্ধবিশ্বাসী হৈ যা-তা কাম কৰে৷’ গণেশে মানুহ দুজনৰ কথাবোৰৰ অৰ্থ বুজি পোৱা নাছিল৷ এটাই সলনি হ’ল বুলি কয়, এটাই সলনি হোৱা নাই বুলি কয়৷ কথাবোৰ তাৰ নুবুজাকৈয়ে থাকি গ’ল৷ এতিয়া চন্দ্ৰই চাহৰ বাবে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ অফিচৰ টেপটোৰ পৰা পানী আনিবলৈ যোৱা দেখি কথাবোৰ তাৰ আকৌ মনত পৰি গ’ল৷
চন্দ্ৰই পানী আনি পোৱালে দুজনমান গ্ৰাহক আহিলেই চাহ খাবলৈ৷ ইমান দেৰিলৈকে চাহৰ ব্যৱস্থা নোহোৱাত গ্ৰাহককেইজনে বিৰক্তি প্ৰকাশ কৰিলে– ‘অসমীয়া মানুহে বিজনেছ নোৱাৰে৷ দেখিছা, এতিয়ালৈকে দোকান খোলাই নাই৷ মাৰোৱাৰীৰ দোকানবোৰ চাবা, ৰাতিপুৱা ছয়টাতে খুলি গ্ৰাহকলৈ ৰৈ থাকিব৷ আমাৰ ওলোটা৷ গ্ৰাহক ৰৈ থাকে৷ বিজনেছ কেনেকৈ কৰিব লাগে সিহঁতৰ পৰা শিকিব লাগে৷’ চাহ নোখোৱাকৈ মানুহ দুজন আঁতৰি গ’ল৷ তেওঁলোক আঁতৰি যোৱাৰ পাছত চন্দ্ৰই ভোৰভোৰালে–‘হু কথা ক’ব আহে৷ সেইবোৰে ইয়াত টকা ঘটিবলৈকে আহে৷ ইয়াত টকাখিনি ঘটি ৰাজস্থানলৈ লৈ যায়৷ ছটাতে দোকান নুখুলি কি কৰিব? আমি ব্যৱসায় কৰোঁ জীয়াই থাকিবলৈ৷ ঘৰখনৰ সকলো কাম কৰাৰ পাছতহে টকা ঘটাৰ কথা আহে৷ চাহকাপ খাবলৈ নাপালে বুলিয়েই ডাঙৰ ডাঙৰ কথা৷’
গণেশে একো নক’লে৷ চন্দ্ৰই অনা পানী অলপ কেট্লিটোত ভৰাই গৰম কৰিবলৈ ধৰিলে সি৷ চন্দ্ৰই পুৰি-চবজিখিনি ঠিক কৰাত লাগিল৷ চব্জিখিনি সি ঘৰতেই কৰি আনিছে৷ কাম কৰি থাকোঁতেও সি ভোৰভোৰাই থাকিল–‘এই মানুহগিলাই আমাক একেবাৰে বুৰ্বক বুলি ভাবে৷ ভাবে, আমি একো কাম কুৰবা নাজনা বুলি ভাবে৷ আৰে গাঁঙত যাই চাই আহক৷ আমাৰ ছলিগিলাই কি কুৰছে চাই আহিবা দে৷ আগৰ দিন নাই৷ আজিকালি আমাৰ ছলিগিলাই অলপ জানা বুজা হলিয়েই টাকা-পইচা কামাব ধৰে৷ আপামখাই টি ভি-চিভি, ম’বাইল-চোবাইল ভাল কুৰবা শিকছে, কাবাই কাবাই হোটেলো খুলছে আপীগিলাও কাপোৰ বেচোৱা, মেক-আপ চেক-আপ, কাপোৰ চিলোৱা, এইগিলা কাম কৰি আছে৷ গাঁঙলীয়া তিৰিগিলাও যে বেপাৰ-চেপাৰ কৰে সেইগিলা দেখা নাপায়৷ খালি একো নাজানা বুলি হাঁহে৷’ গণেশে গম পালে চন্দ্ৰৰ খং উঠিছে৷
লাহে লাহে গ্ৰাহক ইমান বাঢ়িবলৈ ধৰিলে সিহঁত
দুয়োটাৰে উশাহ ল’বলৈ সময় নোহোৱা হ’ল৷ পুৰি-চব্জি, চাহ, কাৰোবাক গাখীৰ দিয়া চাহ, কাৰোবাক লাল চাহ,
কাৰোবাক চেনী দিয়া,
কাৰোবাক নিদিয়া, উস্! প্ৰথমবাৰৰ কাৰণেই বোধহয়, কাক কি দিব লাগে সি কেতিয়াবা উৱাদিহ নোপোৱা হয়৷
খপজপাই থাকে৷ চন্দ্ৰ কিন্তু ওস্তাদ৷ গ্ৰাহকে খোজাৰ লগে লগে চাহ পুৰি যেনেকৈ দিছে,
টকাখিনিও সিমান তৎপৰতাৰে
লৈছে৷
: ‘বাপৰে, মেল্লা কল বিক্ৰী হয় দেই৷’– গণেশৰ মুখত আশ্চৰ্যৰ ভাৱ৷
: ‘চব সময়ে একে নাথাকে৷’ – পুৰি-ভাজি থকাৰ মাজতে চন্দ্ৰই ক’লে৷ ‘আগষ্টৰ পৰা ডিচেম্বৰ লাগি চব্জে বেছি কল বিক্ৰী হয়৷
সেই সময়তে ল’ৰাকেইটামান আহি চন্দ্ৰক টকা বিচাৰিলে৷ ‘মুই খাজনা দিলোংতো।’– চন্দ্ৰই অসন্তুষ্ট ভাবত ক’লে৷ ল’ৰাকেইটা জক্জকাই উঠিল– ‘আৰে সিটা কমিটিৰ৷ আমাৰতা বেলেগ৷ আমাক দিবাই লাগ্ব৷’ চন্দ্ৰই বিৰক্তিৰে টকা দহটা উলিয়াই দিলে৷ ল’ৰাকেইটা জাঙুৰ খাই উঠিল– ‘ধুই ভিক্ষাৰী পাইছ? ইয়াতে ইনকাম কৰা আৰু আমাকে পাট্টা নেদা? এক্শ দি, এক্শ দি৷’
: ‘চাহ বেচাই কি এক্শ টাকা ওলাই নাকি?’– চন্দ্ৰৰ মাতটো অলপ টানকৈ ওলাল৷ লগে লগে ল’ৰাকেইটাই এনেকুৱা কৰিলে যেন দোকানৰ বস্তুবোৰ দলিয়াইহে পেলাব৷ ‘আমাৰ ওপৰত দাদাগিৰি দেখাঅৱা, তৰ আজিৰ পাৰা বাজাৰত দোকান দেৱা বন্ধ৷ চিধা কথা৷’ উপায়হীন হৈ চন্দ্ৰই টকা এশ উলিয়াই দিলে৷ ল’ৰাকেইটাই থাপ মাৰি নিয়াদি এশ টকাৰ নোটখন লৈ আঁতৰি গ’ল৷ বিষণ্ণ হৈ পৰিল চন্দ্ৰৰ মুখমণ্ডল৷ ‘সোমবাৰ আৰো বিস্তিবাৰে বাজাৰখান বহে৷ এই আপাগিলাই এই দুই দিনতে বেপাৰীগিলাৰ পাৰা দম দি ইমান টাকা লয় আৰো বহি বহি খায়৷ আমি কষ্ট কৰং, আৰো তাহা উপৰতে খায়৷’ – ক্ষোভত, দুখত চন্দ্ৰই ক’লে৷
: ‘কমিটিয়ে ইগিলা বন্ধ কুৰবা লাগে৷
: ‘হু, এইমাখা ডাঙাৰ ডাঙাৰ মানুৰ পাছত ঘূৰা৷ কমিটিৰ মানুক ক’ত খাতিৰ কুৰব? পুলিচেও একো নকৰে৷
: ‘কমিটিৰ কুৰি ইহাই বেছি পুইচা লয়৷
: ‘কমিটিয়েতো পুইচাগিলা ভাল কামত লাগায়৷ গাঙৰ দুখীয়া মানুৰ বেমাৰ হলি কমিটিয়ে পুইচা-পাতি দি সহায় কৰে৷ পঢ়াবা পাৰা ছলিগিলাক পুইচা-পাতি দিয়ে৷ চবকে সহায় কৰে৷ কমিটিৰ মানুৰ এক্সিডেণ্ট হ’লি, লগে লগে দহ হাজাৰ টাকা দে৷ এই আপামখাৰতো একো নাই৷ পুইচা তুলে, মদ খায় আৰো উৎপাত কৰে৷ ধুই৷’
ৰাতিপুৱাৰ পৰা যি উৎসাহ উদ্দীপনাৰে কাম কৰি
আছিল, এই ল’ৰাকেইটাই নিমিষতে
শেষ কৰি থৈ গ’ল৷ পুৰি-চবজি চাহ খাবলৈ গ্ৰাহক আহে, চন্দ্ৰ আৰু গণেশ ব্যস্ত হৈ পৰে৷ এই ব্যস্ততাৰ
মাজত সিহঁতৰ ভাত খোৱাই নহ’ল৷ চন্দ্ৰই এবাৰ গণেশক কৈছিল–‘পুইচাখিনি ল আৰো হোটেলত
ভাত খাই আহ৷’ গণেশ নগ’ল৷ চন্দ্ৰক এৰি অকলে ভাত খাবলৈ মন নগ’ল তাৰ৷ গ্ৰাহক নথকাৰ
সুবিধা লৈ তাতে দুয়োটাই পুৰি-চব্জি খাই ল’লে৷ গধূলিলৈকে সিহঁতৰ হোটেলখন চলি
থাকিল৷ মাজতে ঘুগ্নি শেষ হৈছিল৷ চন্দ্ৰই সিজোৱা মটৰ লৈয়েই আহিছিল৷ সেইখিনিৰে আকৌ
প্ৰস্তুত কৰিলে৷ আন্ধাৰ নমাৰ আগেয়েই সেইখিনিও শেষ হ’ল৷ তাৰ পাছতো গ্ৰাহক আহিল৷ ‘নাই
নাই, খালি চাহ পাব৷
দোকানৰ সামগ্ৰবোৰ বেগত ভৰাই দুয়োটা আকৌ ধুপধৰা পালেহি৷ এৰা-এৰি হোৱাৰ সময়ত চন্দ্ৰই গণেশলৈ টকা দুশ আগবঢ়াই দিলে–‘হ ইটা ল৷ তুই থাকা কাৰণে আজি বহুত ভাল হ’ল৷ ভাত-চাত খুৱাবা নৰলোঁ৷ বেয়া নাপাবি৷’ গণেশে একো নক’লে৷ এই সময়ত দুশ টকা তাৰ কাৰণে কিমান প্ৰয়োজনীয়, সেইটো সিহে জানে৷
: ‘দিনততো ভাত খাৱা নহালেই৷ চ’ দুইজনেই ইয়াৰ হোটেলতে খাই লং৷ ৰাতি আৰু ঘৰত যাই ভাত ৰান্ধবা নালগে৷’ –চন্দ্ৰই ক’লে৷ দুশ টকা পোৱাৰ পাছত তাৰ ভোক, ভাগৰ সকলো দূৰ হৈছিলেই, এতিয়া ভাত খোৱাৰ কথা কোৱাত আনন্দতে তাৰ সুহুৰি বজাই দিবৰ মন গ’ল৷ আগতে পুতলা থিয়েটাৰ কৰোঁতে নাটকৰ মাজে মাজে সি সুহুৰি বজাইছিল৷ সি সুহুৰি ভালকৈ বজাব জানে৷ এতিয়াও সুহুৰিয়াবলৈ লৈ ৰৈ গ’ল৷ নিশা হেনো সুহুৰি বজাব নাপায়৷ নিশা সুহুৰি বজালে ভূত-প্ৰেত আহে বোলে?
হোটেলত ভাত খাই ঘৰ পোৱা মানে নিশা ভালেখিনি হ’ল৷ গাঁৱত মানুহবোৰ সোনকালে শোৱে৷ ধূপধৰাত সন্ধ্যা মানে গাঁৱৰ ভিতৰত দুপৰ নিশা৷ অৱশ্যে আজিকালি ঘৰে ঘৰে টিভি হোৱাৰ পৰা ৰাতি দুপৰলৈকে ধাৰাবাহিক চাই বহি থাকে গাঁৱৰ প্ৰায়বোৰেই৷ কিছুমান ফে’চবুকতো ব্যস্ত থাকে৷ ল’ৰা-ছোৱালীৰ হাতে হাতে ফোন৷ ৰাস্তাত হ’লে নৰ-মনিচ এটাও পোৱা নাযায়৷ সকলো নিজৰ মাজতে ব্যস্ত৷ আগতে গাঁওবোৰত তেনেকুৱা নাছিল৷ নিশা নমান বজালৈকে গাঁৱৰ প্ৰায়বোৰ ঘৰৰে আগফালৰ দুৱাৰখন জপাই থোৱাৰ নিয়ম নাছিল৷ সন্ধিয়া ইঘৰ-সিঘৰলৈ গৈ তামোলৰ জুতি লৈছিল, কথাৰ মহলা মাৰিছিল৷ জাৰকালি জুই একুৰা মাজত লৈ কিমানযে কথা! আজিকালি সেইবোৰ দৃশ্য বিৰল৷
জৰাজীৰ্ণ ঘৰটোৰ দুৱাৰ খুলি আনদিনাৰ দৰে আজি
গণেশৰ মন বিমৰ্ষ নহ’ল৷ বহুদিনৰ মূৰত যেন আজি যেন কিবা এটা পালে৷ বহুদিনৰ মূৰত যেন
জীৱনটো জীপাল হৈ উঠিল৷ তাৰ চকুত জিলিকি উঠিল কজলা দিগন্তত উৰন্ত মেঘৰ ছাঁ৷
বেংডোবাৰ পানীযুঁৱলিত
জঁপিয়াই উঠা ডৰিকনা মাছৰ দৰে তাৰো জঁপিয়াই জঁপিয়াই নাচিবলৈ মন গ’ল৷
(আগলৈ)