অন্যযুগ/


পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড


এখন জৰাজীৰ্ণ ছবি দুচকুত লৈ অম্লানহঁত ঘূৰি আহিছিল হিমানী আইতাৰ ওচৰৰ পৰা। বুকুৰ জুহালত কলিজা কেনেকৈ পুৰিছে সেই কথা ভালদৰে দেখি আহিছে সিহঁতে। প্ৰেম আৰু ভালপোৱাৰ অভয়বাণীৰে মিলিটেৰীয়ে হিমানীক আলপৈচান ধৰা দৃশ্যই মুক কৰি তুলিছিল সিহঁতক। শোৱাতে হগা-মুতা কৰা হিমানী আইতাৰ হটঙা মুখত যেতিয়া গিলাছেৰে পানী বাকি দিছিল আইতাই অস্পষ্ট ভাবে কিবা কৈছিল। হাতখন ডাঙিব খুজিছিল।

'কি কৈছে?' মৃগাংকই সুধিছিল।

"জয় আই অসম বুলি ক'ব খুজিছে। পৰা নাই।'' মিলিটেৰীয়ে হুমুনিয়াহ ছাৰি কৈছিল। বুকু ভাগি গৈছিল মিলিটেৰীৰ। জীৱনৰ জৰাগ্ৰস্ত আবেলি হিমানীৰ দৰে কিমান অসম আন্দোলনৰ নেতা-কৰ্মীয়ে বিদেশীমুক্ত অসম এখন চাই যাব বিচাৰিছিল; কিন্তু সেই একেখনেই যুঁজ। অসমীয়াৰ ৰাজহাড় নথকা নেতাই অসমক সুৰক্ষিত কৰাৰ সলনি নিজৰ মাটি-ভেঁটি, বংশ-পৰিয়ালৰ বাবেহে কাম কৰি ৰাইজখনক প্ৰতাৰণা কৰি ধনৰ দৌল সাজিলে। বান্দৰে ইটো ডালৰ পৰা সিটো ডাললৈ জঁপিয়াই জঁপিয়াই একোখন গাঁও, একোটা অঞ্চল ধ্বংস কৰি অনাৰ দৰে এটা দলৰ পৰা আন এটা দললৈ সুবিধাৰ খকত জঁপিয়াই জঁপিয়াই বান্দৰামিৰ সৃষ্টি কৰি জাতিটোক আনৰ চকুত হেয় কৰি তুলিলে। অসমৰ  সুৰক্ষিত ভৱিষ্যতৰ বাবে যিসকলে জীৱন জোৰা অধ্যয়ন, গৱেষণা আৰু অভিজ্ঞতাৰ দিহা-পৰামৰ্শ দিবলৈ চেষ্টা কৰিছিল সেইসকলক অৱজ্ঞাৰ চাবুকেৰে কোবাই কোবাই ডেকা-গাভৰুৰ সম্মুখত উলংগ কৰি পেলাব খোজা ছবিখন যেন হিমানীৰ মুখত জিলিকি আছে। অসম আন্দোলনৰ সকলো ছহিদৰ লোটক বাগৰি আহিছে হিমাহীৰে শেতা পৰা দুচকুৰে।

"মোক চিনি পাইছেনে?" অম্লানে সুধিছিল। হিমানী আইতাই দুচকু জপাই দিছিল। অসম চুক্তি, বিদেশী বহিস্কাৰ সকলো অসমীয়াই পাহৰিলে বুলি ফুটা-নুফুটাকৈ কৈ হিমানী আইতাই চকু জপোৱাৰ পাছতে মৃগাংহঁত গুচি আহিছিল অম্লানহঁতৰ ঘৰলৈ। ঘৰত আহি দেখিছিল ড্ৰইং ৰূমত বহি আছে দধি লেখাৰু। বিষয় সেই একেটাই। মৃগাংক আৰু অম্লানক একেলগে দেখি দধি ছাৰৰ মন বাজিল যদিও মনে মনে বহি থাকিল। মৃগাংক দধিৰ ওচৰতে বহিল অম্লান ভিতৰ সোমাই গ'ল। মাকে সৰগীৰ কথা কিবা কৈ আছে। সৰগী বন্ধ হৈ যোৱাৰ পাছৰ পৰা জৰিগুৰিত কোনো মানুহে মদ বিকিবলৈ সাহস নকৰা হ'ল যদিও লাইচেন্সখন দধি লেখাৰুৱে বিচাৰি আছে। শৰৎ শৰ্মাই নিদিয়ে। দধিয়ে কলেজত কাম কৰে যদিও সুৰাৰ লাইচেন্সো আছে। দধিয়ে মৃগাংকক ক'লে," গম পাইছা নহয়?"

"কিহৰ কথা কৈছে ছাৰ?"

"ইলেকশ্যন পালেহিয়ে নহয়।"

"পালেহিয়ে। জৰিগুৰিৰ টিকট কোনে পায় এতিয়া?"

"কোনে পায় নাজানো। যিদলেই বান্দৰজাকক নিয়ন্ত্ৰণ কৰিব সেই দলকে আমি ভোট দিয়াৰ কথা ভাবিছোঁ।

"যদিহে টিকট পাওঁ মোৰটো শ্লোগান সেইটোৱেই হ'ব।"

"আপুনি কোনটো দলৰ পৰা বিচাৰিছে ...?"

"আমি একেটা দলৰ পৰাই বিচাৰিছোঁঁ। দল বুলি কওঁতে নীলদালৈ মনত পৰিছে হে। আমি একেলগে অসম আন্দোলন কৰিছিলোঁ। পুলিচৰ কিমান লাঠিৰ কোব খালোঁ। জাতিৰ কাৰণে আমাৰ অৱদান আছে। আন্দোলনৰ পাছত গোলাঘাটত যেতিয়া দল গঠন হৈছিল, মহন্তৰ দিনত চৰকাৰ হ'ল তেতিয়াই ইচ্ছা কৰা হ'লে নিৰ্বাচন খেলিব পাৰিলোহেঁতেন। কিন্তু নেখেলিলোঁ।"

দধি ছাৰে নিৰ্বাচনী ভাষণ যেন আৰম্ভ কৰিলেই। মৃগাংকৰ তেনেকুৱাই লাগিছে। অসম আন্দোলনৰ কথা ওলোৱাত বাৰে বাৰে দেউতাকৰ মুখখনলৈ মনত পৰিছে। কম দুখ লৈ দেউতাক মৰিলনে? আপোচবিহীন মন এটা লৈয়ে মৰি গ'ল নীল। এই অঞ্চলৰ সকলোৱে জানে। ইচ্ছা কৰা হ'লে বিধায়কক খাতিৰ কৰিব পাৰিলেহেঁতেন। চিকিৎসাৰ বাবে আৰ্থিক অনুদানটো নিদিয়াৰ ক্ষোভত সকলোকে অভিযোগ দি থাকিব পাৰিলেহেঁতেন। প্লেঞ্জাৰ চিটৰ অস্ত্ৰপাত লৈ মাথোঁ তিল তিলকৈ মৃত্যুক আঁকোৱালি ল'লে।

দধি লেখাৰু আৰু মৃগাংকই কথা পাতি থকাৰ মাজতে শৰৎ শৰ্মা ওলাই আহিল। আজি কেইদিনমানৰ আগতেহে শৰ্মাই জিলা সভাপতিৰ পদ এৰিছে। দলৰ নীতি অনুসৰি এক ব্যক্তি এক পদ। বিধায়কৰ টিকট বিচৰাসকলে দলৰ বিষয় বাব এৰিব লাগিব। মুঠতে বিধানসভালৈ যাবলৈ শৰৎ শৰ্মা সাজু হৈ আছে। দলে যদি কিবা খেলিমেলি কৰে তেতিয়া নিৰ্দলীয়কৈ হ'লেও নিৰ্বাচন খেলিবই খেলিব।

"ভালে আছা?" শৰৎ শৰ্মাই মৃগাংকৰ ফালে চাই সুধিলে।

"আছোঁ খুড়া।"

হিমানীৰ বোলে গা একেবাৰে বেয়া।

"বেয়া । বৰ কষ্টত আছে। কেইবাদিনো খোৱা-বোৱাও কৰা নাই।"

" ৰখীয়া আছেনে নাই?"

"মিলিটেৰী খুড়া আহি গৈ আছে।"

"মিলিটেৰী আছে যেতিয়া চিন্তা নাই। মিলিটেৰী মানেই সমাজৰ সুৰক্ষা।" দধি লেখাৰুৱে ইতিকিং কৰি কোৱা কথাষাৰ একেবাৰে হজম নহ'ল মৃগাংকৰ। জীৱনত কাৰো অপকাৰ নকৰা, অন্যায় নকৰা মানুহজনক এনেকৈ ঠাট্টা কৰাটো সহ্য নহ'ল। সেয়ে মৃগাংকই সুধিলে

"আপুনি কোনটো দলত আছে?" মৃগাংকই সোধোঁ বুলিয়েই সুধিলে।

"কোনটো দলত মানে? মুখ্যমন্ত্ৰী যʼতেই থাকে তাতেই থাকোঁ আমি। মুখ্যমন্ত্ৰীয়ে কৈ থকা কথাবোৰেই আমাৰ কথা। মিঞাবোৰক খেদিব নোৱাৰিলে আমি অসমীয়াবোৰ  বাচিব নোৱাৰিম।"

"কিন্তু খেদিব কেতিয়া ?"

"মৃগাংকই উভতি ধৰিলে।"

"খেদিয়ে আছে দেখোন।"

"কেতিয়া, ʼৰ পৰা খেদিছে, খেদাবোৰ কʼলৈ গৈছে?"

"তোমালোকে ভালবোৰ নেদেখাঁ। ইমানবোৰ মিঞা খেদিলে....!"

দধি লেখাৰুৱে যুক্তিৰ বলিশালত মিছা আৰু সুৰক্ষিত ভৱিষ্যতক গজগজীয়া কৰিবলৈ মুখ চলাই থাকোঁতে শৰৎ শৰ্মা ওলাই আহিল। শৰ্মাৰ পিছে পিছে লেখাৰু ওলাই গ'ল। মৃগাংক আৰু অম্লানে বাৰাণ্ডাৰ পৰা চাই থাকিল।

                                                                  ০০০

সন্ধিয়া সময়। চাইকেল মাৰি কেইবাদিনৰ মূৰত মিলিটেৰী ঘৰলৈ আহিছে। হিমানী আইতাৰ জীয়েক আৰু জোঁৱায়েক অহা বাবে ঘৰলৈ আহিছে যদিও মনত সীমাহীন প্ৰশ্ন। মনত  অলপো শান্তি লগা নাই। আগতে যিবোৰ মানুহে মিলিটেৰী আৰু হিমানীৰ মাজৰ আন্তৰিকতাক লৈ নানান প্ৰশ্ন কৰিছিল সেইসকলক হিমানীৰ জীয়েকে এটাই উত্তৰ দিছিল, "মিলিটেৰী খুড়া আমাৰ ঘৰুৱা মানুহ। তাক লৈ আনে হৈ চৈ কৰি একো লাভ নাই। বেয়া দেখিলে আমি কʼম নহয়। আনে খুচৰি থাকি কি লাভ হ'ব।'' কেৱল সিমানেই নহয়, যেতিয়াই মাকৰ খবৰ ল'বলৈ আহিছিল তেতিয়াই মিলিটেৰীক ঈশ্বৰৰ ধৰে সেৱা কৰিছিল মাকক টোপ পৰিবলৈ নিদিয়াৰ বাবে। মিলিটেৰীৰো এইখিনি সময়ে জীৱনৰ সাৰ্থক সময় যেন লাগিছে। ভৱিষ্যতহীন মানুহ মিলিটেৰীৰ দৰেই হিমানী আইতাৰো এই পৃথিৱীত আৰু কোনো নাই। মিলিটেৰীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে ঘৰৰ চৌহদটো অঞ্চলবাসীৰ নামত উছৰ্গা কৰি দিব। মৃত্যুৰ পাছত যাতে সমাজে মাটিডোখৰ কামত লগাব পাৰে তাৰো ব্যৱস্থা কৰি থৈ যাব। হিমানী আইতায়ো তেনেদৰেই ভাবে। ঘৰ-মাটি সকলো ৰাইজকে চমজাই থৈ যাব। ৰত্ন ছাৰৰ নামত যাতে ৰাইজখনে কিবা এটা কৰে তাৰ বাবে সাঁচতীয়া টকাকেইটা, ৰূপৰ পইছাকেইটা মিলিটেৰীক চমজাই দিছিল যদিও মিলিটেৰীয়ে হাতেৰেও চোৱা নাই। যোৱা এসপ্তাহে বিছনাৰ পৰা উঠা নাছিল হিমানী। আত্মীয়সকলে ফোনতে খা-খবৰ লয়। সকলোৱে জানে মিলিটেৰীয়েই এতিয়া হিমানী আইতাৰ একমাত্ৰ সাৰথি। পিছে হিমানীৰ জীয়েকেৰ কথা-বতৰা একেবাৰে ভাল নালাগিল মিলিটেৰীৰ। সেই কাৰণে গোমোঠা মনেৰে ঘৰলৈ আহিছে।

পদূলিৰ জপনা খুলি চোতালত থিয় হৈয়ে উমান পালে বান্দৰে ঢমঢমাই আছে। দুৱাৰখন খুলি লাইটতো জ্বলাই দিলে। ভিতৰ সোমাই দেখিলে বান্দৰে গোটেইখন তহিলং কৰি থৈছে। চাউল, দাইলৰ টোপোলাবোৰ ফালি-ছিৰি গোটেইখন অৱস্থা নাইকিয়া কৰি থৈছে। ৰঙৰ টেবুলখন ফাঁ-ফাঁ কৰি কেইবাটাও টেমা মাটিত পেলাই থৈছে। ৰঙা টেমাটোৰ সাঁফৰখন খোল খাই গোটেই ৰংখিনি মাটিত পৰি আছে। ব্ৰাছ থোৱা টেমাটো মাটিত পৰি আছে। ৰান্ধনীঘৰটোত বান্দৰ তেতিয়াও সোমাই আছিল। মিলিটেৰীয়ে ধৰ-ধৰ বুলি চিঞৰিবলৈ ধৰিলে। মলুৱাটোৰ বাহিৰে বাকীবোৰ ওলাই গ'ল। অৱশ মনেৰে চকীখনত বহিল। বাৰে বাৰে হিমানীৰ জীয়েকৰ কথাকে মনলৈ আহি আছে। মানুহজনৰ সৈতে আবেলি পৰত সোমাইছিলহি হিমানীৰ জীয়েক। শিতানৰ ফালে ওখকৈ গাৰু এটাত পিঠি দি বহি আছিল হিমানী। চাহ খুৱাই আছিল মিলিটেৰীয়ে। মাজে মাজে দুচকু মুদি দিব খুজিছিল। ঘৰ সোমায়ে জীয়েকে মিলিটেৰীক মাত এটাও দিয়া নাছিল। আনকালে আহিলে পদূলিৰ পৰাই চিঞৰি আহে মিলিটেৰী খুড়া বুলি। ৰান্ধি-বাঢ়ি হিমানী আৰু মিলিটেৰীক হেঁপাহেৰে খুৱায়। যোৱাৰ সময়ত মিলিটেৰীক কৈ থৈ যায়- "আপুনি মানুহ নহয়, আপুনি দেৱতা।" মিলিটেৰীয়ে মাত্ৰ হাঁহে। সেইবোৰ কথা বুলিয়ে নাভাবে। ৰাতি এডোখৰলৈকে ফোন কৰি কোনে কি কৈছে সেইবোৰ কৈ থাকে। আজি পিছে আহিয়ে তাই হিমানীক 'মা' বুলি মাত দিয়ে কোঠাত সোমাল। মানুহজনেও মিলিটেৰীক মাত এষাৰ নিদিলে। আগতে আহিয়েই অসমৰ ক'ত কি হৈছে কথাবোৰ এফালৰ পৰা কৈ যায়। কোন মন্ত্ৰীয়ে ক'ত ক'ত মাটি লৈছে, বাগান খুলিছে,গীৰ গাই পুহিছে, মন্ত্ৰীৰ ঘৈণীয়েকবোৰ ক'ত ফুৰিবলৈ গৈছে সেইবোৰ এফালৰ পৰা কৈ কৈ অসম আন্দোলনৰ পৰা আলফালৈকে সকলো কৈ যায়। মিলিটেৰীয়ে হিমানীৰ কাষতে বহি শুনি থাকে। আজি কিন্তু মানুহজেও মিলিটেৰীক একো নকʼলে। প্ৰায় আধা ঘণ্টামান ঘৰৰ কোঠাবোৰ সাৰি-পুচি পাকঘৰটো ঠিক-ঠাক কৰি মাকক যেতিয়া 'চাহ খাবনেকি' বুলি সুধিছিল তেতিয়াই মিলিটেৰীৰ গা-বাজিছিল। হিমানীৰ সলনি মিলিটেৰীয়ে কৈছিল, "খাব খাব।"

 'আপোনাক সোধা নাই নহয়। মায়ে ক'ব নহয়।'

জীয়েকৰ কথাষাৰে হিমানীৰ কাণত ঠহৰকৈ মাৰিছিল। সেয়ে নাখাওঁ বুলি কৈছিল। হিমানীক শুৱাই গাত কাপোৰ-কানি দি বিছনাৰ পৰা উঠি আহিব খোজোঁতেই হিমানীৰ জীয়েকে কৈছিল, 'এতিয়াৰ পৰা আমি ইয়াত থাকিম। আপুনি কানি-কাপোৰ লৈ ঘৰলৈ যাও‍ঁকগৈ। মানুহে কথাবোৰ বৰ বেয়াকৈ উলিয়াইছে। মই আৰু সেইবোৰ শুনি থাকিব নোৱাৰোঁ।'

জীয়েকৰ কথা শুনি হিমানীয়ে যিমান পাৰে সিমান ডাঙৰকৈ চকু দুটা মেলিব খুজিছিল যদিও নোৱাৰিছিল। মিলিটেৰীয়ে হিমানীৰ মূৰত হাত ফুৰাই কিবা এটা ক'বলৈ লওঁতেই তাই আকৌ কৈছিল, ''মই সঁচাকৈয়ে কৈছোঁ খুড়া আপুনি নিজৰ ঘৰলৈ যাওকগৈ।"

"যামগৈ। তোমালোক আহিছা যেতিয়া মই কেইদিনমান শুব পাৰিম। এইকেইদিন শোৱাই হোৱা নাই।"

"মা, এয়া খাই লচোন। হৰলিক্সৰ সৈতে গাখীৰ মিহলাই দিছোঁ। উঠচোন, বহ অকণমান।''

মিলিটেৰীয়ে হিমানীক বহুৱাই দিব খুজিছিল যদিও জীয়েকে গিৰীয়েকহে মাকক বহুৱাই দিবলৈ মাতিলে। মিলিটেৰীক 'আপুনি উঠি দিয়কচোন' বুলি কৈ গিৰীয়েক আৰু তাই মাকক বহুৱাই দিছিল। কাষতে ৰৈ চাই আছিল মিলিটেৰীয়ে। জীয়েক-জোঁৱায়েকে হিমানীক হৰলিক্স খুৱাব বিচাৰিছিল যদিও হিমানীয়ে নাখাওঁ বুলি মুখ ঘূৰাইছিল।

"খা আকৌ। তোক প্ৰতিপাল কৰিম বুলিয়ে কেইদিনমান থকাকৈ আহিছোঁ। খাচোন..!"

"নাখাওঁ...!" হিমানীয়ে লোটক বাগৰি অহা চকুৰে মিলিটেৰীলৈ চাইছিল। মিলিটেৰী অপৰাধীৰ দৰে বহু সময় ঠিয় হৈ থকা দেখি হিমানীয়ে হাতখন কাপোৰৰ তলৰ পৰা উলিয়াই দিছিল। জীয়েকে খঙেৰে হাড়ে- ছালে লগা হাতখন কাপোৰৰ তললৈ সুমুৱাই দিছিল।

                                                                      ০০০

 

মাজৰাতি। কথাবোৰ ভাবি মিলিটেৰীৰ খুবেই দুখ লাগিছে। সমুলি টোপনি যোৱা নাই মিলিটেৰীৰ। বাৰে বাৰে হিমানীলৈ মনত পৰিছে। ৰাতি পৰে পৰে মুখখন চাই কেঁচুৱাৰ দৰে আবৰি ৰাখিছিল দেহৰ পৱিত্ৰতাৰে। কিছু দিনৰ আগতে দধি লেখাৰুৱে সাধাৰণ ঠোটা-মোজাৰ মাজতে কৈছিল- "আপোনাক চাই আছোঁ মই। ইচ্ছা কৰিলে আজিয়েই হিমানী আইতাৰ ঘৰৰ পৰা বাহিৰ কৰোৱাব পাৰোঁ।"

ডেমকেয়াৰ মিলিটেৰীয়ে 'লেকিন' বুলি কৈ এফালৰ পৰা ঢাহি-মুহি গালি পাৰিছিল দধি লেখাৰুক। মদৰ দোকান খুলি ল'ৰাবোৰৰ মূৰ খাইছে বুলিও ক'বলৈ এৰা নাছিল। কলেজৰ প্ৰিন্সিপাল হৈ সংবাদ মাধ্যমৰ চিণ্ডিকেট চলাই থকা লেখাৰুৱে তাৰ কেইদিনমানৰ পাছতে হিমানীৰ জীয়েকলৈ ফোন কৰি কৈছিল, "তোমালোকৰ ঘৰৰ মাটিখিনি কাৰ নামত আছে ?"

"কিয়? মাৰ নামতে আছে।"

"নাইনেকি, খবৰ লʼবাচোন।"

"মানে?"

"মানে কি আৰু সেই মিলিটেৰী বোলাটোৱে তোমালোকৰ ঘৰত কিবা আৰ্ট স্কুল নে কিবা এখন পতাৰ বাবে আলোচনা কৰি আছে বুলি শুনিছোঁ। আমি আকৌ ৰত্ন ছাৰৰ নামত ট্ৰাষ্ট এটা খোলাৰ কথাহে ভাবি আছিলোঁ। এতিয়া দেখিছোঁ মিলিটেৰীয়ে মাটিখিনি গ্ৰাসেই কৰিব এতিয়া।"

দধি লেখাৰুৰ কথা শুনি হিমানীৰ জীয়েক একেবাৰে থকাকৈয়ে গুচি আহিছে গাঁৱৰ ঘৰলৈ অথচ সহজ-সৰল মিলিটেৰীয়ে সপোনতো সেইবোৰ কথা ভবা নাই। মাটি-ভেঁটিৰ মোহত পৰি দিন-ৰাতি একাকাৰ কৰি হিমানীক প্ৰতিপাল কৰি থকা নাই। প্ৰতিপাল কৰি আছে মনৰ সুখ বিচাৰি।

বিছনাৰ পৰা উঠি আহি বাহিৰ পালেহি মিলিটেৰী। বাহিৰত অন্ধকাৰ। ছাটিফুটি লাগিছে। কি কৰিম কʼলৈ যাম লাগিছে। জীৱনত এনে অপমান কোনো দিনেই পোৱা নাছিল। হিমানীৰ ওচৰলৈ নাযায় আৰু কোনো দিন।

দুচকুৰে হৰহৰাই চকুলো বাগৰিছে। ফেকুৰি উঠিছে মিলিটেৰী। বুকখন পুৰিছে, অসহ্য লাগিছে।

 (আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ