জয়ন্ত মাধৱ বৰা
৷৷ ছয়৷৷
জীৱনৰ সকলো পথ বন্ধ হৈ পৰা বুলি ভাবি
মানসিকভাৱে ভাগি পৰাৰ সময়তে জীৱনে নিজেই নতুন এটা পথ উলিয়াই লয়৷ চিৰন্তন সত্যৰ
আঁৰত লুকাই থকা জীৱনৰ এইটো এটা গোপন ৰহস্য৷ নতুন পথেৰে বাট বোলোঁতে এৰি থৈ অহা
একা-বেঁকা বাটবোৰে জীৱনৰ স’তে খেলা কৰে মাজে-সময়ে৷ সেই খেলবোৰে কেতিয়াবা হহুৱায়,
কেতিয়াবা কন্দুৱায়৷ হাঁহি
কান্দোনৰ মাজত আত্ম-আৱিষ্কাৰ কৰিব পাৰিলেই জীৱনৰ নতুন পথত উজুটি নোখোৱাকৈ গৈ থাকিব
পাৰি৷ গণেশো জীৱনৰ এনেকুৱা এটা সন্ধিক্ষণত আজি উপস্থিত হৈছেহি৷ চন্দ্ৰক লগ লোৱাৰ
পাছৰে পৰা তাৰ জীৱনে যেন নতুন এটা বাটেৰে বাট বুলিবলৈ আৰম্ভ কৰিলে৷ তাৰ তেনেকুৱা
অনুভৱ হৈছে৷ সি বুজি পালে ব্যস্ততাহীন নিস্তৰংগ, নিৰুত্তাপ জীৱনে মনলৈ হতাশা আনে৷ সি আজিকালি সদায় আগবেলাই চন্দ্ৰৰ দোকান পায়গৈ৷
দিনটো তাক সহায় কৰি দিয়ে৷ সহায় মানে প্ৰায়খিনি কাম সিয়েই কৰে৷ তামোল-পাণ কটাৰ পৰা
গ্ৰাহকক চাহ-বিস্কুট দিয়ালৈকে, গ্ৰাহকে চাহ খোৱা
গিলাছকেইটা ধোৱালৈকে সকলোবোৰ কাম
সিয়েই কৰে৷ চন্দ্ৰই কেৱল টকাকেইটাহে লয়৷ দুপৰীয়া দুয়োটাই কাষৰ হোটেলখনতে ভাত খায়৷
গধূলি দোকান বন্ধ কৰাৰ পাছতহে সি ঘৰলৈ ঘূৰি আহে৷ কেতিয়াবা ৰাতি খাবৰ বাবেও চন্দ্ৰই
কিবা-কিবি দি পঠায়৷ সি যোৱা বাবে চন্দ্ৰয়ো
ভাল পাইছে৷ কেতিয়াবা দোকানখন তাৰ হাততে গটাই ঘৰৰ কাম কিছুমানো কৰি লয় সি৷
চন্দ্ৰৰ দোকানখনত ব্যস্ত হৈ থকা বাবে গণেশৰ
মনটো ফৰকাল হৈ থকা হ’ল৷ ঘৈণীয়েকৰ কথাবোৰেও তাক আজিকালি ব্যতিব্যস্ত নকৰে৷ সেই যে
ঘৰৰ পৰা তাক মাত এষাৰ নিদিয়াকৈ ওলাই গ’ল, আজিলৈকে ঘৈণীয়েকজনী ঘূৰি অহা নাই৷ বহুতে তাক কথাটো পুলিচক জনাই থ’বলৈ উপদেশ
দিছে– ‘তিৰিটা ইমান দিন নাই আৰো তুই মনে মনে বহি আছা? ক’তবা কিবা হ’ব, পুলিচে তোকহে ধৰ্ব’৷
: মই একো নাজানোঙে,
মোক কিয় ধুৰব? – গনেশ উত্তেজিত হৈ পৰে৷
: পুলিচক একবাৰ কথাটা কৈ থ’বি৷ তোক যাতে একো
ক’বা নোৰে৷
তেতিয়াহে কথাটো সি টং কৰিলে– ঘৈণীয়েকজনী যে ইমানদিন নাই সেইটো সিহে কৈ ফুৰিছে৷ কাইলৈ কিবা এটা ঘটনা ঘটিলে তাকেই প্ৰথমে সুধিব বোলে গিৰিয়েকটো হৈ ঘৈণীয়েকজনীক ঘূৰি ফুৰিবলৈ দিছ যে? মতলবটো কি? চন্দ্ৰয়ো ক’লে– ‘মানুগিলা ঠিকে কৈছে৷ পুলিচক কৈ থোৱা ভাল’ চন্দ্ৰক লগত লৈ গণেশ ধূপধৰা আৰক্ষী থানা পালেগৈ৷ থানাৰ সন্মুখত দুয়োটা বহ সময় চুচুক-চামাক কৰি থাকিল৷ থানালৈ সোমাবলৈ ভয়৷ কনিষ্টবল এজন ওলাই আহোঁতে ‘ছাৰ ছাৰ’ বুলি দুয়োটাই হাতে-ভৰিয়ে ধৰাদি ধৰি কথাবোৰ ক’লে৷ কনিষ্টবলজনে চকু ঘোপা কৰি সুধিলে– ‘তুহাঁ দুইজনেই মানুটাক মাৰি হাৰাইছে বুলি কোৱা নাইতো? য’, অ’ চি চাৰৰ ওচৰত য’৷’ কনিষ্টবলজনে দুয়োটাকে চোলাত ধৰি টানি নিয়াদি নি অ’ চি জনৰ কাষ পোৱালেগৈ৷ ‘চাৰ এই দুটাৰ কথা-বাৰ্তাবোৰ অলপ সন্দেহজনক’৷
অ’ চিজনে দুয়োটালৈ এনেদৰে চালে যে দুয়োটাই চকুৰে ধোঁৱা-কোঁৱা দেখিলে৷ গণেশে হাতযোৰ কৰি কন্দনামুৱা হৈ গোটেই কথাখিনি ক’লে৷ লগতে এইটোও ক’লে যে গাঁৱৰ মানুহে কোৱা কাৰণে দুয়োটাই থানাত কথাটো জনাই থ’বলৈ আহিছে৷ সিহঁতৰ অৱস্থা দেখি অ’ চিজনে হাঁহিলে– ‘তোৰ ঘৈণীয়েৰে কি পাৰ্টী কৰেনো?’
: নাজানং চাৰ৷
: ঘৈণীয়েৰ নাহিলে মানে ভালেই পাৱ?
: তাই মোৰ জীৱন পূৰা বৰবাদ কৰি দিলে৷
সুবিধা পাই গণেশে হীৰামণিক বিয়া কৰোৱাৰ পাছৰে তাৰ কিমান বিলাই-বিপত্তি হৈছে, গোটেইবোৰ ক’বলৈ আৰম্ভ কৰিলে৷ অ’ চি জনৰ খং উঠিল– ‘হ’ব হ’ব, ঘৈণীয়েৰজনীক চম্ভালিব নোৱাৰ, ইয়াত কান্দিবলৈ আহিছ’? তাৰ পাছত কনিষ্টবলৰ ফালে চাই অসন্তুষ্ট ভাৱত ক’লে– ‘এইবোৰক কিয় লৈ আহিবলৈ দিৱ? মিছামিছি সময় নষ্ট৷ যাবলে দে’৷ কনিষ্টবলজনে দুয়োটাকে ঠেলি নিয়াদি কোঠাটোৰ পৰা উলিয়াই একেবাৰে গেটৰ ওচৰ পোৱালেগৈ৷ দুয়োটাকে ফুচফুচাই কোৱাদি ক’লে– ‘চিন্তা কুৰবা নালগে, মুই চব ঠিক কুৰি দিম৷ চাহ-পানী খুৱালেই হ’ব’৷
গণেশে যেন হাতেৰে আকাশখনহে চুব পাৰিলে৷ উৎসাহত ক’লে– ‘ছাৰ, চ’ আদা, তেজপাত দেয়া স্পীচিয়েল চাহ খুৱাম’৷
: ধুই, চাহ খাবাকে তৰ দোকানত কাই যাব? পইচা দি, মুই খাই ল’ম৷
: টাকা? –গণেশ আৰু চন্দ্ৰই ইটোৱে সিটোৰ মুখলৈ চালে৷ ‘মোৰ
হাতত এক পইচাও নাই’–গণেশে অসহায়ভাৱে চন্দ্ৰলৈ চাই ক’লে৷ চন্দ্ৰই জেপ খুচৰিলে৷
দুটকীয়া আৰু পাঁচটকীয়া নোট দুখন হাতত উঠি আহিল৷ কনিষ্টবলজনে থাপ মাৰি নিয়াদি
চন্দ্ৰৰ হাতৰ পৰা নোট দুখন নি দুয়োটাকে ধমকি দিলে– ‘(অশ্লীল) ভিখাৰীৰো ত’ৰ কুৰি বেছি
পইচা থাকে৷ এনেয়ে ঘৈণীয়েৰে এৰি থৈ যোৱা নাই৷ ভাগ, ভাগ ইয়াৰ পৰা৷
দুয়োটাই দৌৰি পলোৱাদি থানাখনৰ সন্মুখৰ পৰা
আঁতৰি আহিল৷ মনে মনে দুয়োটাই প্ৰতিজ্ঞা কৰিলে, কোনো দিন আৰু থানালৈ নাহে৷ আহি থাকোঁতে খঙতে
চন্দ্ৰই ভোৰভোৰালে– ‘ত’ৰ তিৰীৰ কাৰ্ণে আজি ইমান লাজ পাবা লাগা হ’ল৷ এৰি দি তাক৷
: আৰে মইত’ কেতিয়াবাই বাদ দিছোঁ৷ কিবা এটা হলি
দিগদাৰ হ’ব বুলিহে আজি থানালৈ আহিলোং৷
: চবে জানে ত’ৰ ভুল নাই বুলি৷ জ্ঞাতিক মাত৷
কথাগিলা ক আৰো এৰা-মেলা কৰ৷ ঘৰত সুম্বা নিদিবি৷
চাৰিআলিটো পোৱালৈকে ইটোৱে সিটোক আৰু একো কথাই
নক’লে৷ এসোপা খং, ক্ষোভ, বিৰক্তি নিজৰ মাজতে লৈ দুয়োটা আহি চাৰিআলিটো
পালেহি আৰু দোকানখন খুলিলে৷ সি দোকানৰ বস্তুবোৰ টেবুলখনত ভাগে ভাগে থৈ গ্ৰাহক
আহিলেই যাতে চাহ-বিস্কুট দিব পাৰে, তাৰ ব্যৱস্থা কৰি
থাকোঁতেই চন্দ্ৰই ক’লে– ‘তুই আজি দোকানত থাক৷ মই ঘৰত যাং৷ তিৰীটাৰ কালিৰ পাৰা
বেমাৰ৷ পেটৰ বিহত থাক্বা পাৰা নাই’৷
গণেশে আচৰিত হৈ চন্দ্ৰৰ মুখলৈ চালে৷ ঘৈণীয়েকৰ
অসুখ, অথচ সি তাৰ লগত থানালৈ
আহিছে৷ মনটো কিমান বহল হ’লে এনেদৰে মানুহক
সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে? এইবোৰ মানুহৰ
বাবে চাগে পৃথিৱীখন এতিয়াও সুন্দৰ হৈ আছে৷ গণেশে খং কৰি কোৱাৰ দৰে ক’লে– ‘তিৰীটাক
ডাক্তৰখানাত নিবা এৰি থানাতহে গিছা৷ থানাততো পাছতো যাবা পাৰ্লো হৈ৷
: গাঁঙত মানুগিলা ভূতুনী পাৱা বুলি ক’ল৷
ডাক্তৰখানাত নিলে বেছি হ’ব বুলি নিয়া নাই৷
চন্দ্ৰৰ মুখত ডাইনীৰ কথা শুনি ভয় আৰু কিছু
সংশয়ত গণেশ অলপ সময় চিন্তিত হৈ ৰ’ল৷ সিহঁতৰ সমাজত ডাইনীৰ বিশ্বাস খুব বেছি৷ ডাইনীও
বহুত ধৰণৰ৷ সিহঁতৰ আচৰণ আৰু সিহঁতে সংঘটিত কৰা কাম অনুসৰি ডাইনীবোৰৰ নাম বেলেগ
বেলেগ৷ ফুজিং ছাকায় মানে ছাই খাইতী, ৰায়চাক ছেৰছেলক কায় বা কলপাত চেলেকী, ৰামিনি ৰায়, আলিবাটত যিজনীক
পূজা কৰা হয় আৰু যিজনীয়ে বাটে-পথে সকলোৰে গাত লম্ভে, মানে মানে বেলেগ বেলেগ ডাইনী৷ পঢ়া-শুনা কৰা
কিছুমানে কয় ডাইনী বুলি একো নাই৷ এইবোৰ অন্ধবিশ্বাস৷ মানুহক ভয় খুৱাবলৈ কিছুমান
মতলবী মানুহে এই কথাবোৰ সমাজত বিয়পায়৷ সৰহ সংখ্যকে কিন্তু ডাইনী আছে বুলিয়েই ভাবে৷
গাত ডাইনী লম্ভিলে পেটৰ বিষ, মূৰৰ কামোৰণি হয়
বুলি কয়৷ সন্তান জন্ম দিওঁতে মহিলাগৰাকীয়ে বেছি কষ্ট পায় বুলি কয়৷ প্ৰতি বছৰে তিনি
আলি বা চাৰি আলিৰ চকত বলিসহ পূজা-উপসনা আগবঢ়ালে গাঁৱত মাৰি-মৰক, ৰোগ-ব্যাধি নহয় বুলি বিশ্বাস কৰে৷ চন্দ্ৰৰ
ঘৈণীয়েকৰ গাতো ডাইনী লম্ভিছে বুলি চন্দ্ৰই বিশ্বাস কৰি আছে৷
: ইমান সোংকালে ভূতুনী পূজা পাত্বা পাৰ্বি না?
মেল্লা পইচা লাগ্ব৷
–গণেশে চিন্তিত হৈ ক’লে৷
: ‘চাংচোন, কি কুৰবা পাৰোঁ’৷ চন্দ্ৰ ঘৰৰ ফালে গুচি গ’ল৷
গোটেইদিনতো গণেশেই দোকানখন চলালে৷ গধূলি দিনটোৰ হিচাপ আৰু টকাখিনি দিওঁতে চন্দ্ৰৰ
কপাল সংকুচিত হৈ গ’ল– ‘ইমান বিক্ৰী হ’লনা? তুই ভাত-চাত নাখালি নাকি’?
: এনে চাহ-বিস্কুট খাইচোং৷ তোক পইচা লাগা হৈ
আছে৷ যা-তা খৰচ কৰা ভাল নোহায়৷
চন্দ্ৰই জোৰ কৰি তাৰ হাতত টকা কেইটামান গুজি দিব খুজিলে৷ সি নল’লে– ‘লাগা হ’লি খুজি ল’ম দে৷ তোকহে পইচাৰ দৰ্কাৰ হৈ আছে৷ তিৰীটাৰ কেনকা?
: নাই৷ মাজে মাজে বিহত তেতাই থাকে৷
: ইতিয়া কি কৰিম বুলি ভাবছা?
: কালু ওজাৰ পাৰা জাৰা-পানী আনি খুৱাইছোঁ৷ খাই
হেনা বমিহে কুৰিল৷ মানুগিলা কয় পেটাত ডাইনী বাহা লৈছে৷
গণেশ যাবলৈ ওলাল৷ ‘তুই ইকেদিন দোকানখান চাবি’–চন্দ্ৰই
ক’লে৷ গণেশে দেখিলে চন্দ্ৰ কিছু চিন্তিত হৈ পৰিছে৷ দুখীয়া মানুহৰ বাবে পৰিয়ালৰ
কাৰোবাৰ বেমাৰ হোৱাটো এটা ডাঙৰ দুৰ্যোগ৷ চন্দ্ৰৰ অৱস্থাটোৰ কাৰণে গণেশৰ দুখ লাগিল৷
এটা কথা ভাবি অৱশ্যে ভাল লাগিল, বিপদৰ সময়ত সি
চন্দ্ৰক সহায় কৰিব পাৰিছে৷
ঘৰলৈ আহি থাকোঁতে বাটতে সি নিমাইক পালে৷ নিমাই এল পি স্কুল এখনৰ শিক্ষক৷ নিমায়ে নিজকে অঞ্চলটোৰ এজন জ্ঞানী মানুহ বুলি, ডাঙৰ মানুহ বুলি ভাবে৷ কথাবোৰ বাহাদুৰী মাৰি কয়৷ নিমাইৰ চাকৰিটো বহুদিন চৰকাৰীকৰণ হোৱা নাছিল৷ তেতিয়া তাক ‘বিকালী মৌজা উন্নয়ন সমিতি’য়ে দৰমহা বুলি আৰ্থিক সাহায্য দি আছিল৷ শেষ বয়সত তাৰ চাকৰিটো চৰকাৰীকৰণ হ’ল৷ সি হাঁহি হাঁহি কয়– ‘এই বুৰা বয়সত গোল্লা খাবা দিলি কি হ’ব? ছুগাৰ, প্ৰেছাৰ, হা হা হা৷ তথাপি দিবা লাগা হ’ল৷ নিদিলি ময়ো ঘটৰ-মটৰ কৰলোঁ হয়৷ মোক চিন পাৱা নাই৷ ইতিয়া ৰিটিয়াৰ হ’লিও পেন্সন পাম৷ আৰামত থাকিম৷’ নিমায়ে নিজকে সাহিত্যিক বুলিও ভাবে৷ দুখনমান সৰু সৰু পুস্তিকা আকাৰৰ কিতাপ নিজৰ টকাৰে প্ৰকাশ কৰিছে৷ সুবিধা পালেই সেইবোৰ কাৰোবাক কাৰোবাক দি নিজকে সাহিত্যিক বুলি জহায়৷ সভা-সমিতিত তাক কথা ক’বলৈ দিবই লাগিব৷ নিদিলে মুখ ফুলাই গুচি আহে আৰু পাছত বদনাম গায়– ‘এই মাখা মানু চিনি নাপায়৷ মানুক সন্মান কুৰবা নাজানে৷ সভাতো সদায় একেখিনি কথাকে কয়, লাগিলে সেইখন গৰু চোৰক শাস্তি দিয়াৰ সভাই হওক বা কোনোবা অনুষ্ঠানৰ সভাই হওক৷ ভাষণ দিবলৈ লৈয়ে সি আৰম্ভ কৰে এনেদৰে– ‘মহাদেৱ-পাৰ্বতীয়ে দেউশীলা নদীৰ আঠিয়াবাৰীৰ কোনোবাস্থানত জিৰণি লওঁতে মহাদেৱৰ জলঙাৰ পৰা জঙ্গলী ভাঙৰ গুটি পৰি নদীৰ দুয়ো পাৰে ভাঙৰ বাগান হৈ ভাঙৰ আমোল-মোল গোন্ধে ভঙুৱাসকলক আনন্দত ৰাখিছিল৷ মাদাং ধনুভাঙ্গা হৈ গাঠিয়াপাৰা, শাচিবাৰী, চাপলাইলৈকে এই গোন্ধ বিয়পি গৈছিল’৷ সভাত উপস্থিত থকা মানুহবোৰে হাঁহে৷ কোনোবা ডেকা ল’ৰাই টিপ্পনী কাটে– ‘আমিও গাঞ্জা বাগান কৰছোঁ৷ আহিবি৷ মস্তি কৰিম’৷ নিমাইৰ খং উঠে– ‘এই চেংৰাগিলাই লিখা-মেলা কৰা মানুক সন্মান কুৰবা নাজানে৷ মুয়েতো ইগিলা কথা লিখি লিখি জানাজাত কৰলোঁ৷’ সভাত আকৌ হাঁহিৰ ৰোল উঠে– ‘ডাঙাৰ মানু, ডাঙাৰ মানু৷’ সেই নিমাইকে ঘৰমুৱা গণেশে বাটতে পালে৷
: তুইচোন বাপেৰ নিচিনা হ’লি? আলচিয়া৷ মায়কেটা ইমান ভাল আছিল৷ মাক মৰাৰ পাছত
ঘৰখান কিন্তু ভালকে ৰাখবা নুৰলি৷ বাপেও মদ খাই খাই বেমাৰ হৈ মৰিল৷ বৈনীটা বদনামী
হৈ মৰিল৷ আৰু তুইও পাগলা নিচিনা ঘূৰি ফুৰা৷ কাম-বন কুৰবা নোৰা? – নিমায়ে উশাহ নসলোৱাকৈ ক’লে৷ গণেশৰ খং উঠি গ’ল৷
তাৰ কথা নুশুনাকৈ, তাক নুবুজাকৈ
একপক্ষীয়ভাৱে এনেদৰে কথা কয়? সি কিবা এটা
ক’বলৈ লওঁতেই নিমায়ে আকৌ ক’লে–‘তোৰ তিৰিটাও বেলে তোক এৰি গিছে? ভাতাৰটা আলচিয়া হলি কাই তিৰি থাকব’?
খং উঠাৰ পৰিৱৰ্তে গণেশৰ দুখ লাগিল৷ সকলোৱে
তাকেই দোষ দিয়ে? এনেকুৱা অৱস্থাতে
সি অসহায় হৈ পৰে৷ নিৰপত্তাহীনতাৰ শংকাত ভোগে৷ আজি যদি সি ধনী মানুহ এটা হ’লহেঁতেন,
সকলোৱে ঘৈণীয়েককহে দোষ
দিলেহেঁতেন৷ তাৰ লগত বিয়া হ’বলৈ দহজনী ছোৱালীয়ে ঠেং দাঙি থাকিলহেঁতেন৷ সমাজত এতিয়া
টকাৰ মূল্য বেছি, মানুহৰ মূল্য কম৷
নিমাইক একো উত্তৰ নিদিয়াকৈ সি যাবলৈ ওলাইছিল, নিমায়ে হুতা মাতেৰে সুধিলে– ‘ইতিয়া ক’ৰপৰা আহিলি?
ভাং খাবা গিছিলি না কবাত
লেক্চাৰ মাৰি আহিলি?’
: চন্দ্ৰৰ তিৰিটাৰ বেমাৰ৷ সি দোকানত থাকবা নোৰে
কাৰণে মুইয়ে তাৰ দোকান চলালোং৷ তাৰ পুইচাখিনি দি আহিলোং৷
: কি হৈছে চন্দ্ৰৰ তিৰিটাৰ?
: গাত ভুতুনী পাইছে৷
: ধুৰ, পঢ়া-শুনা নাই, সিগিলাকে বিশ্বাস
কুৰি থাক৷ চন্দ্ৰক কবি, ডাইনী ছাইনী একো
নাই৷ তিৰিটাক ডাক্তৰখানাত নিবা ক৷ চাল্লা বুবৰ্কগিলা৷
ভোৰভোৰাই ভোৰাই নিমাই নিজৰ ঘৰৰ ফালে গুচি গ’ল৷ গণেশে ভাবিলে, এইটোৱে দুশ্ৰেণীমান পঢ়িলেতো, নিজকে বৰ জ্ঞানী মানুহ বুলি ভাবে৷ নিমাইৰ কথা ভাবি ভাবিয়েই সি ঘৰ পালেহি৷ ঘৰটো একেবাৰে উৱঁলি গৈছে৷ ধুমুহা আহিলেই ভাগি যোৱাৰ সম্ভাৱনা খুবেই বেছি৷ ঘৰটো মেৰামতি কৰাব লাগিব– গণেশে ভাবিলে৷ সি অনুভৱ কৰিলে তাৰ ভোক লাগিছে৷ চন্দ্ৰৰ বাবে টকা বচাবলৈ গৈ দিনতো খোৱা নহ’ল৷ খাবলৈ কিবা এটা যোগাৰ কৰিবৰ বাবে সি চৌকাটোৰ ওচৰলৈ গ’ল৷ এটা এটাকৈ পুৰণা বৰ্ণহীন টেমাবোৰ খুলি চালে৷ চাউল দাইল একো নাই৷ এই কেইদিন চন্দ্ৰৰ সৈতে খাই খাই সি ঘৰৰ ফালে পিঠিয়েই দিছিল৷ এনেকুৱা সময়তে তাৰ মাকলৈ খুব মনত পৰে৷ অপসৃয়মান হৈ অহা দুচকুত হাউলি পৰে দূৰ অতীতৰ স্মৃতি আৰু সি কাতৰ হৈ পৰে৷ ভাগি পৰে৷ এনেকুৱা লাগে যেন সি লাহে লাহে বেংডোবাৰ পানীলৈ নামি গৈছে৷ তাক যেন কোনোবাই টানি লৈ গৈছে বেংডোবাৰ মাজলৈ৷ কোনে? তৰুলতাই? নে বায়েকে? তাৰ চকুত জিলিকি উঠে কজলা দিগন্তত উৰন্ত মেঘৰ ছাঁ আৰু পানীযুঁৱলিত জঁপিয়াই উঠা দৰিকনা মাছৰ চিক্মিকনি৷ তাৰ দুই কাণত প্ৰতিধ্বনিত হয় মাকৰ কাতৰ মাতষাৰ – ‘দেখায় পোৱা, বাইদু ইমান অকৰা৷ কায় নু বিয়া কৰাব তাক? তুইয়ে চাবা লাগ্বো, আলায়-বিলায় হবা নিদিবি দে...৷’ বেংডোবাৰ মাজত সি কান্দিছে৷ সি কাৰো কাৰণে একো কৰিব নোৱাৰিলে৷ নিজৰ কাৰণেও একো কৰিব নোৱাৰিলে৷ লাহে লাহে যেন সি বেংডোবাৰ মাজত হেৰাই যায়৷ বেংডোবাৰ ঘাটে এটাৰ পিছত এটা কাহিনী সাঁচি ৰাখে৷ তাৰ পাছত? বেংডোবাৰ ঘাটত অপূৰ্ব লয়ত বৈ থাকে বিদায় বেলাৰ সন্ধ্যাৰাগ৷ বেংডোবা... বেংডোবা...
ৰাতি কিমান হৈছিল সি ধৰিব পৰা নাছিল৷ তাৰ নাম
ধৰি কোনোবাই বেৰত ঢকিয়াই ঢকিয়াই মতাত সি সাৰ পাই গ’ল৷ এই ৰাতিখন কোনে মাতিছে?
ভূত-পিশাঁচ নহয়তো?
অলপ সময় সি তভক মাৰি ৰ’ল৷
এটা সময়ত ধৰিব পাৰিলে সেইটো চন্দ্ৰৰ মাত৷ সি জাঁপ মাৰি উঠাদি উঠিল আৰু দৌৰি অহাদি
আহি দুৱাৰখন খুলি দিলে৷
: কি হ’ল? –অস্থিৰ হৈ সি সুধিলে৷
: ঘৈণীটোৱে বিষত গগন ফালিছে৷
: কালু বেজে জাৰিবলৈ আহিব বুলি কৈছিলি৷
: বেজে জৰাৰ পাছত বেছি হ’ল৷ ডাইনীৰ খং উঠিল নেকি?
হঠাৎ তাৰ নিমাইৰ কথালৈ মনত পৰিল– ‘ধুৰ, পঢ়া-শুনা নাই, সিগিলাকে বিশ্বাস কুৰি থাক৷ চন্দ্ৰক কবি,
ডাইনী ছাইনী একো নাই৷
তিৰিটাক ডাক্তৰখানাত নিবা ক৷ চাল্লা বুবৰ্কগিলা৷
সি চন্দ্ৰক ক’লে–
: ডাক্তৰখানাত লৈ যাং চ’
: ভুতুনীৰ যদি খং উঠে?
: সিগিলা পাছত দেখা যাব৷ মানুটাযে বিষত টেটাাই আছে, চাই থাকব নোৰা৷ তেতিয়াই নিমায়েও ডাক্তৰখানাত নিয়াৰ কথা কৈছে৷ ওৱান জিৰ’
এইটক ফোন কৰ৷
: মুই মোবাইল আনা নাই৷ ঘৰতে থাকিল৷
: চ’
লৰালৰিকৈ দুয়োটা চন্দ্ৰৰ ঘৰ পালেগৈ৷ পেটৰ বিষত মানুহজনীয়ে কান্দি কান্দি চিঞৰি আছে৷ গণেশৰ বেয়া লাগিল৷ ডাইনীক বিশ্বাস কৰিলেও এই সময়ত যে মানুহজনীক ডাক্তৰ এজনৰহে প্ৰয়োজন, সেইটো সি উপলব্ধি কৰিলে৷ চন্দ্ৰক সিয়েই জোৰ দিলে– ‘ওৱান জিৰ’ এইটক মাত, ওৱান জিৰ’ এইটক মাত৷’ কৰোঁ নকৰোঁকৈ চন্দ্ৰই নিজৰ ফোনটোৰ পৰাই ডায়েল কৰিলে৷ বহুত দেৰি ৰিং হৈ থকাৰ পাছতো কিন্তু সিফালৰ পৰা সঁহাৰি নাহিল৷ ইপিনে মানুহজনীয়ে চিঞৰত গগন ফালিছে৷ কেতিয়াবা উশাহ ল’ব নোৱৰা অৱস্থা হয়৷ ওচৰত থকা তিৰোতাকেইজনীয়ে কাপোৰ গৰম কৰি সেক দি আছে৷ এজনীয়ে ডাইনীক স্মৰণ কৰি চকু মুদি হাতযোৰ কৰি আছে৷
: ওৱান জিৰ’ এইটে ফোন ৰিচিভ নকৰে৷ ঠেলাতে লৈ যাং চ’
: ঠেলাত? – চন্দ্ৰ আচৰিত হৈ গ’ল৷
: নহ’লে এই ৰাতিকালা ক’ত গাড়ী পাম?
মূৰে-কপালে হাত চন্দ্ৰ মাটিতে বহি দিলে৷ গণেশে
বুজালে– ‘দেখা পাইছানা নাই তিৰিটা কিমান
কষ্ট পাই আছে’৷
: পোহৰ হলি লৈ যাম নাকি, তিতিয়া গাড়ী পাম৷ – বিবুদ্ধিত পৰাৰ দৰে চন্দ্ৰই
ক’লে৷
: ইমান সময় এনকাই চাই থাকবি নাকি? –গণেশৰ খং উঠি গ’ল৷
: এই ৰাতিকালা ঠেলা ক’ত পাম?
: ধূপধৰাৰ পাৰা বস্তু আনবা হীৰা দোকানীৰ ঘৰত
ঠেলা এখান দেখা পাং৷ খুজিলি নিদিবনা? –চন্দ্ৰক প্ৰশ্নটো কৰি তাৰ উত্তৰলৈ গণেশ নৰলেই, হীৰা দোকানীৰ ঘৰৰ ফালে সি দৌৰ মাৰিলে৷ হীৰা
দোকানীৰ ঘৰৰ সন্মুখত ৰৈ বহুবাৰ মতাৰ পাছতো যেতিয়া সঁহাৰি নাপালে, ভুল-শুদ্ধ বিচাৰ নকৰি গণেশে চোতালৰ এমূৰত থৈ
দিয়া ঠেলাখন লৈ গুচি আহিল৷ ঠেলাখনত বিছনাৰ কাপোৰবোৰ পাৰি চন্দ্ৰ আৰু গণেশে দাংকোলা
কৰি অনাদি মানুহজনীক আনি ঠেলাখনত শুৱাই দিলে৷
তাৰ পাছত ঠেলাখন এটাই টানি এটাই ঠেলি ধূপধৰাৰ ফালে বেগাই লৈ গ’ল৷ মাজনিশাৰ
ৰহস্যময় নিস্তব্ধতাৰ মাজেৰে হচপিটাল পোৱাৰ
লগে লগেই এই ধুমুহাৰ ৰাতি শেষ হোৱাৰ আশাত দুয়োটাই প্ৰাণ-পনে ঠেলাখন ঠেলি নিছে৷
কেতিয়াবা গাঁতত পৰি ঠেলাখন জঁপিয়াই উঠে৷ মানুহজনীৰ মুখৰ পৰা ক্ষীণ কেঁকনি এটা ওলাই
আহে৷
গাঁৱৰ মাজত ৰাস্তাৰ গাঁতবোৰৰ বাদে বেলেগ
অসুবিধা একো নাছিল, কিন্তু মূল
ৰাস্তাটো পোৱাৰ লগে লগে বাৰে বাৰে ৰৈ দিব লগা হ’ল৷ ইমান জোৰত গাড়ীবোৰ আহে৷
ৰংজুলিৰ ওচৰত সপ্তাহত এটা নহয় এটা দূৰ্ঘটনা হয়েই৷ এবাৰ দুখন বাছৰ মুখামুখি সংঘৰ্ষ
হৈছিল৷ সাত নে আঁঠজনৰ থিতাতে মৃত্যু হৈছিল৷ দুয়োখন বাছৰ প্ৰায়বোৰ যাত্ৰীয়েই আহত
হৈছিল৷ উস, কি মৰণকাতৰ
চিৎকাৰ৷ ধূপধৰাৰ বজাৰৰ ওচৰতো প্ৰায়ে দূৰ্ঘটনা হয়৷ এদিন নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ
এখনে তিনি চাৰিখন দোকান মহতিয়াই নিছিল৷ আগতে গাড়ী কম আছিল, দূৰ্ঘটনাও কম হৈছিল৷ আজিকালি ঘৰে ঘৰে গাড়ী৷
আৰু গাড়ীবোৰো বতাহৰ বেগত চলায়৷ বাইক চলোৱা ল’ৰাবোৰৰ উৎপাত বেছি৷ ষ্টাণ্ট দেখুৱাবলৈ গৈ কিমান যে মৰিছে৷
বহু কষ্টৰ মূৰত সিহঁত ৰংজুলিৰ চিকিৎসালয়খন
পালেগৈ৷ সিহঁতে ভাবিছিল চিকিৎসালয় যেতিয়া ডাক্তৰ বহি থাকিব, লগে লগে মানুহজনীৰ চিকিৎসা আৰম্ভ হ’ব৷ তাত গৈ
দেখিলে পৰিস্থিতি ওলোটা৷ ডাক্তৰটো নায়েই, বাৰান্দাত নৰ-মনিচ এটাও নাই৷ ইলেক্ট্ৰিক লাইটবোৰে শূন্য বাৰান্দাবোৰ পোহৰ কৰি
আছে৷ কোনোবা এখন বাৰান্দা ছাঁ-পোহৰৰ মাজত৷ হয়তো তাৰ বাল্বটো ফিউজ হৈ আছে৷ কাষৰ
বাৰান্দাখনৰ পৰা অহা পোহৰে সেইখন বাৰান্দাত সামান্য পোহৰ ছটিয়াইছে৷ ঠেলাখন থৈ
চন্দ্ৰ আৰু গণেশ দুয়োটাই অস্থিৰ হৈ ‘ডাক্তৰ’ ‘ডাক্তৰ’ বুলি চিঞৰিবলৈ ধৰিলে৷ বহু
সময় চিঞৰাৰ পাছত চকু মোহাৰি মোহাৰি কোঠা এটাৰ পৰা মানুহ এজন ওলাই আহিল৷
: কি হ’ল?–মানুহজনে বিৰক্তিৰে টান মাতেৰে সুধিলে৷
: ডাক্তৰক মাতি দি৷ – চন্দ্ৰই হাতযোৰ কৰি কাকূতি
কৰাৰ দৰে কৰিলে৷
: এই ৰাতিকালা ডাক্তৰ ক’ত পাবি? ইয়াত ডাক্তৰ ৰাতি নাথাকে দিনতে আহিবি যা৷
: কিবা এটা কৰ৷ বহু দূৰৰ পৰা আহিছোঁং৷ – চন্দ্ৰ
অসহায় হৈ পৰিল৷
: মুই কি কৰিম? মুই
চকিদাৰহে৷
মূৰে-কপালে হাত দি চন্দ্ৰ আৰু গণেশ হচপিটালৰ
বাৰান্দাতে বহি দিলে৷ সন্মুখত ঠেলাখন৷ ঠেলাখনত চন্দ্ৰৰ ঘৈণীয়েকজনী৷ বিষটো
কমিছে নেকি, সাৰ-সুৰ নোহোৱাকৈ
পৰি আছে৷ চকিদাৰজনে নিজৰ ম’বাইল ফোনটোৰে কাৰোবাৰ লগত কথা পাতিবৰ চেষ্টা কৰিছে৷
কেইবাবাৰো ডায়েল কৰিছে, সিফালৰ পৰা
সঁহাৰি দিয়া নাই৷ এবাৰ বোধহয় ৰিচিভ কৰিলে৷ চকিদাৰজনে মাতটো যিমান পাৰে চেপি ধৰি
ক’লে– ‘ছাৰ, বেমাৰী
আহিছে’৷... নাজানোং চাৰ, ঠেলাত উঠাই আনছে ... হ’ব ছাৰ’৷ তাৰ পাছত গণেশ
আৰু চন্দ্ৰলৈ চাই ক’লে– ‘ফাৰ্মাচিষ্ট ছাৰ আহি আছে৷ বেমাৰীক ভিতৰত আন’৷ চন্দ্ৰ আৰু গণেশৰ মুখলৈ যেন পানী আহিল৷
খৰধৰকৈ দুয়োটাই দাঙি আনি মানুহজনীক ভিতৰৰ কোঠাটোৰ বিছনাখনত শুৱাই দিলে৷ মানুহজনীয়ে
দীঘলকৈ উশাহ এটা ল’লে, তাৰ পাছত ফোঁচকৈ
শব্দ এটা কৰি কাঠ এডালৰ দৰে পৰি থাকিল৷ এইবাৰ ফাৰ্মাচিষ্টজন অহালৈ অপেক্ষা৷
চকিদাৰটোৱে দীঘল বেঞ্চখনত বহি আকৌ কলমটিয়াবলৈ ধৰিলে৷ চন্দ্ৰ আৰু গণেশ কোঠাটোৰ
মজিয়াতে বহি পৰিল৷ শব্দ এটা হ’লেই ফাৰ্মাচিষ্টজন আহিছে নেকি ডিঙি মেলি চায়৷ ফোন কৰা
এঘণ্টাতকৈ বেছি হ’ল, গৈ আছোঁ বুলি কোৱা মানুহজন এতিয়ালৈকে আহি
পোৱাহি নাই৷
: ঘৰটা বহুত দূৰ নাকি? এলাও আহি পোৱা নাই৷ – চন্দ্ৰই অলপ বিৰক্তিৰে
সুধিলে৷ কলমটিয়াই থকাৰ পৰা খপজপাই উঠি সিমান বিৰক্তিৰে চকিদাৰজনে ক’লে– ‘হেই
ডাক্তৰখানাৰ কোৱাৰ্টাৰতে থাকে৷ আহিব ৰ’৷
: আকৌ ফোন এটা কৰকচোন৷
চকিদাৰজনে বহি থকা অৱস্থাতে বিৰক্তিৰে চকু দুটা
মুদি দিলে৷ সেই সময়তে বাৰান্দাত খোজৰ শব্দ শুনা গ’ল৷ তিনিওটা থিয় হ’ল৷
ফাৰ্মাচিষ্টজনৰ মুখতো বিৰক্তি ফুটি উঠিছে৷ কপাল সংকুচিত কৰি সুধিলে– ‘বেমাৰী ক’ত?
বেমাৰী তোৰ কি হয়?
কি হৈছে?’
: চাৰ মোৰে তিৰী৷ এসপ্তাহ হ’ল পেটৰ বিষত টেটাই
আছে ৷– চন্দ্ৰই কাতৰ হৈ ক’লে৷
: এসপ্তাহ পেটৰ বিষ, ঘৰত পেলাই থৈছ? আৰু আজি হচপিটাল লৈ আহিছ? –চন্দ্ৰক গালি পৰাৰ দৰে কথাখিনি কৈ
ফাৰ্মাচিষ্টজনে বিছনাত পৰি থকা চন্দ্ৰৰ ঘৈণীয়েকক পৰীক্ষা কৰিবলৈ ধৰিলে৷ লগে লগে
তেওঁৰ কপাল সংকুচিত হৈ পৰিল৷ চন্দ্ৰৰ ফালে চাই সুধিলে– ‘আহোতে মাত-কথা আছিলনে নাই?’
: সেংকা নাই৷ ইয়াত দীঘলা দীঘলা উশাহ লোৱা দেখা
পাইছিলোং৷– চন্দ্ৰই ভয়ত কোৱাৰ দৰে ক’লে৷ ফাৰ্মাচিষ্টজনে হাতেৰে নিজৰ মুখখন
মোহাৰিলে৷ অলপ সময় চন্দ্ৰৰ ঘৈণীয়েকৰ মুখৰ ফালে চাই থাকিল৷ তাৰ পাছত চন্দ্ৰৰ ফালে
চাই ক’লে– ‘বহুত দেৰি কৰিলি আনোতে৷ তোৰ ঘৈণীয়েৰ আৰু নাই৷ মৰিছে’৷
নিশাৰ ৰহস্যময় নিস্তব্ধতা ভেদি এটা চিঞৰে যেন
কোঠাটো কঁপাই গ’ল৷ বুজা-নুবুজাৰ দোমোজাত চন্দ্ৰ আৰু গণেশ তধা লাগিল৷ কথাষাৰ
বিশ্বাসেই হোৱা নাই সিহঁতৰ৷ মানুহজনে এনেয়ে কৈ দিয়া নাইতো?
(আগলৈ)